Thursday, 30 October 2014

    -----দীঘলীয়া ৰেলযাত্ৰা--- কিছুদিন বিৰতিৰ পিছে পিছে কৰা দীঘলীয়া ৰেলযাত্ৰা বৰ ভাল লাগে । একঘেয়ামী দৈনন্দিন জীৱনৰ পৰা কিছুদিনৰ বিৰতি । এখন মনপুত কিতাপ বা আলোচনী পঢ়া , অথবা বহি-শুই আৰামত পাৰ কৰা কিছু অলস মুহুৰ্ত্ত সচাঁকৈয়ে উপভোগ্য । যিমানলৈ দৃষ্টি যায় খিৰিকিৰে বাহিৰলৈ চাই যোৱাটোতো আছে এক সুকীয়া আমেজ । মাজে মাজে আহি থকা ঝালমুড়ি , টাইমপাছ মুম্ফলি(Mungaphali/বাদাম)য়ে যাত্ৰাৰ মজা দুগুণ কৰি তোলে ।
    -----ৰেলযাত্ৰাত লগ পোৱা কিছুমান সহযাত্ৰীৰ লগত চিনাকী হৈ ,কথা বতৰা পাতি দুদিনতে বৰ আপোন... যেন লগা হয় । তেতিয়া ভাব হয় দুদিন পিছত যেতিয়া এই সহযাত্ৰীবোৰৰ লগ এৰা-এৰি হম তেতিয়া চাগে বৰ বেয়া লাগিব, দুখ লাগিব । নলগাও নহয়, লাগে । কিন্তু ভবাৰ সমান বিচ্ছেদৰ দুখ সিমান তীব্র নহবও পাৰে । হয়তোবা মোৰ ভাবটো অকমান হাস্যকৰ হব পাৰে তথাপি নকৈ বা নাভাবি নোৱাৰো যে এই হঠাতে লগ পাই যোৱা মানুহবোৰোকো জানো জীৱন নামৰ দীঘলীয়া যাত্ৰাটোৰ এক ধৰণৰ "টাইমপাছ মুম্ফলি" লগত ৰিজাব নোৱাৰিনে ?! লগ পালো , দুদিন একেলগে হাঁহি-মাতি কিছু ভাল লগা মুহুৰ্ত্ত পাৰ কৰিলোঁ । তাৰ পিছত জীৱন আকৌ নিজস্ব গতিত গতানুগতিকতাৰেই পাৰ হ'ব । তাৰ পিছত আকৌ অপেক্ষা অন্য এক নতুন ৰেলযাত্ৰাৰ, নতুন মুখ , নতুন সহযাত্ৰীৰ, কিছু নতুন সুন্দৰ মুহুৰ্ত্তৰ ---- নতুন কিছু "টাইমপাছ মুম্ফলি"ৰ । আমি নিজেওতো কাৰোবাৰ জীৱন নামৰ যাত্ৰাৰ "টাইমপাছ মুম্ফলি"হে মাত্ৰ ।
    ( বি: দ্ৰ:--- মাত্ৰ কিছু মনৰ ভাব । )
    গল্প নহয় , সঁচা কাহিনী
    -------: সমাজ আৰু মানসিকতা :-----
    ...
    -------নাজানো তাইৰ নাম কি । নুসুধিলোঁ । আচলতে সুধিব মন নগ'ল । গাওঁৰ সাধাৰণ ছোৱালী এজনী । নৱম-দশম মানলৈ পঢ়া ১৭/১৮ বছৰীয়া বিবাহিতা ছোৱালী । বিয়াৰ কিছুদিন পিছত কিবা কথাত গিৰিয়েক আৰু ঘৰ পৰিয়ালৰ লগত কিবা মনোমালিন্য হোৱাত একেবাৰে নোযোৱাৰ সিদ্ধান্ত লৈ মাকৰ ঘৰলৈ গুচি আহিল । কিছুদিন পিছত গিৰিয়েকে অইন এজনী ছোৱালীক বিয়া কৰালে ।

    -------যিহেতু তাই গিৰিয়েকৰ ঘৰত ঘুৰি নোযোৱাৰ সিদ্ধান্ত লৈছিল আৰু তাতে তাইৰ গিৰিয়েকেও অইন এজনীক ইতিমধ্যেই বিয়া পাতিছিল সেয়ে এদিন তাই নদীত গৈ শাখা (শঙ্খৰ খাৰু) ভাঙি সেন্দুৰ ধুই আহিল । ইয়াৰ কিছুদিনৰ পিছত দুৰ্ভাগ্যজনকভাবে তাইৰ গিৰিয়েকজন ঢুকাই থাকিল । তাৰ পিছত আৰম্ভ হ'ল আচল পৰ্ব । ল'ৰাজনৰ সেই মৃত্যুৰ বাবে হেনো ছোৱালীজনীহে দায়ী । যিহেতু তাই গিৰিয়েকৰ দীৰ্ঘজীৱন আৰু সধবা হোৱাৰ প্ৰতীক শাখা আৰু সেন্দুৰ নিজে গৈ নদীত বিসৰ্জন দি আহিছে সেইবাবেহে হেনো তাইৰ গিৰিয়েকজন ঢুকাই থাকিল ।

    -------গাওঁৰ অইন এজনী ছোৱালীৰ কাহিনী । ছোৱালী নহয় বোৱাৰীৰ কাহিনী । কাহিনী বুলিছো যদিও এয়া কোনো কল্পনাপ্ৰসূত ঘটনা নহয় । জীয়া মানুহৰ সঁচা কথা । এজনী ১৭/১৮ বছৰীয়া ছোৱালী । বিয়া হোৱাৰ পিছত চিৰাচৰিত প্ৰাকৃতিক নিয়ম মতেই সন্তানসম্ভৱা হয় । কিবা বিসঙ্গতিৰ বাবে সময়তকে আগতে গৰ্ভৰ পানী ভগা আৰম্ভ কৰে । যিহেতু প্ৰসৱ বেদনা আৰম্ভ হোৱা নাই সেয়ে ঘৰ পৰিয়ালেও ছোৱালীজনীক চিকিৎসালয়ত নিয়াৰ কথা ভবা নাই । দ্বিতীয়দিনাখন ছোৱালীজনীৰ শেঁতা পৰা ৰূপ দেখি গাওঁৰে কোনোবা এগৰাকীয়ে জোৰ দি কোৱাত তাইক লৈ গল ওচৰৰে চিকিৎসালয়ত । চিকিৎসকে পৰীক্ষা কৰি কলে যে গৰ্ভত থকা পানীৰ পৰিমান বহুত কমি গৈছে গতিকে অনতিপলমে তাইক চহৰৰ চিকিৎসালয়ত নি অস্ত্ৰপচাৰ কৰি প্ৰসৱ কৰোৱাব লাগে । অন্যথা মাক আৰু কেঁচুৱা কাৰো বচাৰ সম্ভাৱনা নাই । অল্পশিক্ষিত ঘৰৰ মানুহে কলে যে তেওঁলোকৰ বংশ পৰিয়ালত 'পেট কাটি' কেঁচুৱা জন্মোৱাৰ পৰম্পৰা নাই । সেয়ে যি হয় এনেকৈয়ে হ'ব । অবধাৰিতভাবে যি হ'বলগীয়া আছিল সেয়ে হ'ল । মাক আৰু কেঁচুৱা কোনো এটাও নাবাচিল ।
    -------দুখ কৰিলে সকলোৱে । মৃতদেহ সৎকাৰৰ সময়ত মাকৰ শৰীৰৰ পৰা কেঁচুৱাক পৃথক কৰাৰ পিছত গৰ্ভস্থ কেঁচুৱাটো ল'ৰা আছিল বুলি গম পাই বেছি দুখ কৰিলে । এই জীয়া গাভৰুজনীৰ মৃত্যুৰ বাবে কিন্তু কোনেও কাকো দোষাৰোপ নকৰিলে । কাৰণ তাইৰ যে আয়ুসেই ইমানখিনি আছিল গতিকে কোনে কি কৰিব পাৰে । আৰু সমাজত এষাৰ প্ৰচলিত কথা আছে--- " তিৰী মৰে বিয়নে , পুৰুষ মৰে ৰণে ।" গতিকে এজনী তিৰোতা "বিয়নত''( প্ৰসৱকালত) মৰাটোত একো অস্বাভাৱিকতা নাই ।

Monday, 11 August 2014

কিছু স্মৃতি: হোষ্টেলীয়া জীবন, বাছ যাত্রা, পুলিচ চেকিং.......ইত্যাদি...

---যোৱা দেওবাৰে ল'ৰা দুটাক 'আৰ্ট স্কুল'ৰ পৰা লৈ অনাৰ সময়ত ৰাস্তাত পুলিচে গাড়ীবোৰ ৰখাই ৰখাই পৰীক্ষা কৰা দেখিবলৈ পালো । প্ৰতিবছৰে ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীৰ আগে আগে দেখিবলৈ পোৱা সাধাৰণ দৃশ্য । আমি সকলোৱে জানো যে এই কামত পুলিচৰ লগত সহযোগ কৰিব লাগে । কিন্তু তথাপি কিয় জানো ভাল নালাগে । এই বেগ খুলি-মেলি পৰীক্ষা কৰা কামটোৱে এটা সময়ত আমাক বৰ জ্বলা-কলা দেখুৱাই থৈছে । আমি বুলি মই মোৰ লগত পঢ়া বান্ধৱীবোৰৰ কথাও কৈছোঁ । 

----মই গোৱালপাৰা কলেজত স্নাতক মহলাত পঢ়ি থকা সময়ৰ কথা । তেতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত নৰনাৰায়ণ সেতু বনোৱা সম্পূৰ্ণ হোৱাই নাছিল । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ যাবৰ বাবে ( যোগিঘোপাৰ পৰা পঞ্চৰত্ন ) নাও নহলে জাহাজত যাব লাগিছিল । সেই সময়ত কলেজ খুলিলে বা বন্ধ হলে আমি লগত এটা 'এটাচি'(VIP বুলিহে কৈছিলোঁ) আৰু দুখন বেগ লৈ ঘৰৰ পৰা হোষ্টেল/হোষ্টেলৰ পৰা ঘৰ গৈছিলো । এখন বেগ পিঠিত আৰু বাকী হাতত । ঘৰত পঢ়োঁ বা নপঢ়োঁ প্ৰায় সকলো কিতাপ লগত ভাৰ বৈ নিয়াটো নিয়মৰ দৰে আছিল । (কেতিয়া বা কি পঢ়িব মন যায় কবতো নোৱাৰি । পঢ়িব মন অৱশ্যে কেতিয়াও নগৈছিল ।) 'VIP'টোত কাপোৰে কিতাপে হেঁচি ঠেলি সোমোৱাই দিওঁ । নিজে বন্ধ কৰিব নোৱাৰিলে লগৰ কোনোবাজনীয়ে আঁঠুৰে হেঁচি ধৰি  বন্ধ কৰাত সহায় কৰি দিয়ে । 

---এনেকে হেঁচি হেঁচি বস্তু সোমোৱাই অনা বেগবোৰ যেতিয়া জাহাজ ঘাটত, বাছৰ ভিতৰত 'চেকিঙৰ' নামত খুলি খুলি দেখুৱাবলগীয়া হয় তেতিয়া কেনেকুৱা লাগে ভুক্তভোগীয়েহে জানিব । হোষ্টেলৰ পৰা ঘৰত যাওঁতে লগৰ কোনোবা কোনোবা থাকে সহায় কৰি দিবলে । কিন্তু যেতিয়া ঘৰৰ পৰা  হোষ্টেল যাওঁ তেতিয়াহে মজাটো বাহিৰ হয় । মোক আকৌ মা-দেউতায় বেছিভাগে ঘৰৰ পৰা অকলে হোষ্টেল যাব দিছিল সাহসী হ'বৰ বাবে । 

----আমি পঢ়ি থকা সময়ত বাছে-জাহাজে, বেগে-বেডিঙে 'আলফা' বিচৰাৰ 'চিজন'(season) চলি আছিল । গতিকে বাৰুকৈয়ে ভুগিছো সেই দিনবোৰত । তেনে দিনবোৰতে এবাৰ বাছত আৰ্মি উঠিল পৰীক্ষা কৰাৰ বাবে । মই ঘৰৰ পৰা হোষ্টেল গৈ আছিলো । আৰ্মি এজনে মোৰ বেগ দুটা চাই উঠি  'VIP'টোও খুলিব কলে । কিতাপহে আছে বুলি কওঁতেও নামানিলে । মই কলো বহুত কিতাপ আছে গতিকে খুলিলে অকলে বন্ধ কৰিব নোৱাৰিম । মোক বন্ধ কৰাত সহায় কৰি দিব লাগিব । আৰ্মিজনে হ'ব বুলি কলে । 'VIP'টো চাই উঠি তেওঁ যাব ওলাল । ময়ো পিছ পিনৰ পৰা কলো---" ভাইয়া আপনে বলা থা না হেল্প কৰ দোগে । অভি এইচে কেইচে যা ৰহে হেই ? "মোৰ কথা শুনি বাছৰ মানুহবোৰে এবাৰ মোৰ পিনে আৰু এবাৰ ইজনে সিজনৰ মুখৰ পিনে  চায় । মোৰ মাত শুনি আৰ্মিজনে কিন্তু ঘুৰি আহি 'VIP'টো বন্ধ কৰি দিছিল আৰু "আচ্ছে চে পঢ়াই কৰনা" বুলি কৈ বাছৰ পৰা নামি গৈছিল । 

---আন এবাৰ ঘৰৰ পৰা অহাৰ সময়ত বাছত উঠি বেগ আৰু 'VIP'টো বাছৰ ডিকিত দি পিঠিত লোৱা বেগটো বাছৰ ভিতৰত আনি কণ্ডাক্টৰক বাছৰ ভিতৰত থকা বাংকাৰত(?) ৰাখি দিব কলো । কণ্ডাক্টৰে তলত ৰাখিলেও হ’ব বুলি কলে । ময়ো বেগ লেতেৰা হলে তেওঁৰ দোষ হ’ব বুলি কৈ ভৰিৰ কাষত ৰাখি থলোঁ । মোৰো যে সিদিনাখন কি দুৰ্ভাগ্য আছিল নাজানো বাছ চলাৰ পিছত মোৰ ঠিক পিছৰ চটিত বহা এজনে বমি কৰা আৰম্ভ কৰিলে । বমি কৰা শব্দ শুনিলে মোৰ বৰ ঘিণ লাগে আৰু মোৰো বমি ওলাব খোজে । বমিৰ শব্দ শুনি মই চকু মুদি অলপ কায়দাৰে কাণ বন্ধ কৰি ভাবিছোঁ—“ মই একো শুনা নাই । মোৰ ঘিণো লাগি নাই । বমিও ওলাব বিচৰা নাই ।“ লগত থকা বেগৰ কথা একেবাৰে মনত নাই ।বাছৰ পৰা নামিব লওঁতেহে দেখোঁ বেগটোত বমিৰ চিটিকণি । মোৰ দুখে, ঘিণে অবস্থা নাই । কি কৰোঁ কি নকৰোঁ ভাবি ৰৈ আছো ।কণ্ডাক্টৰজনে “ভণ্টি কি হল” বুলি সোধাত কলোঁ “আপোনাৰ বাবে মোৰ বেগটো লেতেৰা হল । মোৰ বেগটো চাফা কৰি দিওক ।“ তেওঁও বেচেৰা বেগটো নমাই আনি ওপৰে ওপৰে পানী মাৰি চাফা কৰি দিলে । ভাগ্য বেগটো পানী নসৰকা (ৱাটাৰ প্ৰুফ) আছিল বাবে কাপোৰ নিতিতিল । তথাপি ঘিণতে বেগটো নিজে নাদাঙি কুলিৰ সহায়ত জাহাজ ঘাটলৈ নিছিলো । গোটেই কলেজীয়া জীবনত সেইবাৰেই প্ৰথম আৰু শেষবাৰৰ বাবে কাৰোবাৰ হতুৱাই নিজৰ বেগ দাঙোৱাই পাইছো । বৰ বেয়া লাগিছিল মনে মনে । আমি কাৰোবাৰ হতুৱাই নিজৰ বেগ দাঙোৱাটো নিজৰ বাবে অপমানজনক যেন পাইছিলো । কিছু পৰিমানে সেইটো ভাব এতিয়াও নিজৰ মাজত কৰোবাত ৰৈ গৈছে যেন ভাব হয় । 


-----টিকট কাটি জাহাজত উঠাৰ সময়ত মহিলা পুলিচে বেগ চাব লওঁতে কলোঁ দুটা বেগ বাৰু মই খুলি দিম কিন্তু তৃতীয় বেগটোৰ ওপৰত কোনোবাই বাছত বমি কৰিছে বাবে খুলিব ভাল নাপাম । বেগটোত অকল কাপোৰহে আছে বুলিও কলোঁ । তেওঁলোকে মোৰ এটাও বেগ পৰীক্ষা নকৰিলে আৰু যাব দিলে । হোষ্টেলত কটোৱা সেই দিনবোৰ নানান ভাল লগা, বেয়া লগা সৰু-সুৰা ঘটনা, অভিজ্ঞতাৰে পৰিপূৰ্ণ আছিল । হোষ্টেলত কটোৱা সেই বছৰকেইটায় পিছৰ জীবনত সহায় হোৱাকে বহু কথায় শিকাইছে ।
------------------------------------------------------------------------------------ 


Friday, 18 July 2014

-----: সপোন :-----

-----: সপোন :-----

----- কৃষ্ণচূড়াৰ প্ৰেমত পৰাৰ বয়সৰ পৰাই প্ৰেমত পৰিছিলোঁ জালুকবাৰীৰ । সপোন দেখিছিলোঁ জালুকবাৰীৰ । হাজাৰ জনৰ দৰে মোৰো স্বপ্ন গুৱাহাটী বিশ্ববিদ্যালয় । গল্প, কবিতা, উপন্যাস সকলোৱে মোৰ সপোনৰ জালুকবাৰীক কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙাই তুলিছিল । আসঃ, কিমান  সুন্দৰ এই ৰঙীন সপোন ! 

----- জালুকবাৰীক দুভাগ কৰা পথটোৰে সপোনত খোজ কাঢ়িছো অজস্ৰবাৰ । দুয়োকাষ মোৰ প্ৰিয় গছে শাৰী পতা এই পথ সচাঁকৈয়ে খুব ধুনীয়া । যিমানেই ভাবোঁ, যিমানেই দেখোঁ বেছিহে নিমজ্জিত হওঁ গভীৰ প্ৰেমত । কেনেকৈ হ'ব পাৰে কোনো ঠাই ইমান আকৰ্ষণীয় ! 

----- সপোন দেখাৰ মূহুৰ্ত্তবোৰত তুমিওতো আছিলা মোৰ সতেই । তুমিওতো মোৰ সপোনৰে অংশ । সপোনবোৰ বৰ ভাল লগা নহয়নে ? সোণাৰুবুলীয়া হাঁহি, এজাৰফুলীয়া স্বপ্ন, সকলোবোৰ কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন । 

----- বৰ ভাল লাগে মোৰ সোণাৰু ফুল । ইমান উজ্বল । ৰঙেৰে যেন কৈ যায় --"হাঁহি থাকা । সদায়ে হাঁহি থাকা । হাঁহি হাঁহি পাৰ কৰা জীৱনৰ সকলো জটিলতা ।" সোণাৰুৰ থোপাত ওলমি থকা বৰষুণৰ মুকুতা যেন সোনত সুৱগা চৰোৱা । প্ৰেৰণাময় এই ৰঙৰ উজ্বলতা, স্নিগ্ধ এই বৰষুণৰ মুকুতা । এজাৰফুলীয়া সপোন, কৃষ্ণচূড়াৰ বৰষুণ ! কি সুন্দৰ এই সপোন ! তেতিয়া তুমিওতো আছিলা মোৰ সতে । মনত পৰেনে (!)? কিমান দিন যে খোজ কাঢ়িলোঁ হাতত হাত থৈ । অন্তহীন কথা আৰু ক'ত মান অভিমান । 

----- সপোনবোৰ যেন ভাঙিবৰ বাবেই । সাৰ পালেই সপোনে লগ এৰা দিয়ে । সাৰ পাবই খোজা নাছিলোঁ মই । জানিছিলো এই ঠুনুকা সপোনবোৰৰ কথা । 

----- এতিয়াও পাৰ হওঁ এই সপোন যেন লগা সোণাৰু, এজাৰ, কৃষ্ণচূড়াৰে ঢকা পথটোৰে । তাত তুমিও নাথাকা, ময়ো নাথাকোঁ । আমাৰ অস্তিত্ব সপোনতহে । কিন্তু তথাপি কৃষ্ণচূড়াৰ বৰষুণত হাতত হাত থৈ তিতি থকা হাজাৰজনৰ  মাজত আমাক দুয়োকো দেখোঁ । কিছুমান ঠাই চাগে সদায়ে সপোনেৰে আৱৰা ! সপোনবোৰ বাৰু ভাঙে নে ইজনৰ পৰা সিজনলৈ বাগৰে !! 

---------------------------------------------------------------------------------------
                                                                    চন্দামিতা দেবী 

Tuesday, 15 July 2014

---: আশীৰ্বাদ :---

জুলাই মাহৰ অনুৰাগত (www.onurag.org) প্ৰকাশ হোৱা মোৰ গল্প----
(7 july)
আশীৰ্বাদ [চন্দামিতা দেৱী]

: আই, অ’ আই। ঘৰত কোনোবা আছেনে?
: বা কোনোবা আহিছে বাহিৰত। মই চাই আহোঁ ৰ’বা।
: কোন আহিছে মাইনা?
: বা ভিক্ষাৰী।
: ইমান জোৰে ভিক্ষাৰী বুলি কয় নেকি!
: কিয় নকয়? হয়েই চোন ভিক্ষাৰী।
: আই মই ভিক্ষাৰীয়েই হয়। দিয়া আই কিবা এটা।
: ৰ’বা মই আনি আছোঁ।
: মাইনা ইমান এটেমা চাউল ভিক্ষাৰীক নিদিয়ে নহয়।
: কিয়?
: তোমাৰ মায়ে আহি গম পালে মোকহে গালি দিব। সৌ প্লেটখনেৰেহে দিব দিয়ে ভিক্ষা।
: মাক নক’বা আকৌ তুমি। ময়ো নকওঁ। দেখা নাই ভিক্ষাৰীজন কিমান বুঢ়া হৈছে।
: তেনেকৈ বাৰে বাৰে ভিক্ষাৰী ভিক্ষাৰী কৈ নাথাকে নহয়! বেয়া কথা।
: কি ক’ম তেন্তে?
: এনেয়ে একো ক’ব নালাগে, কিন্তু কথা ক’লে কিবা এটা বুলি মাতিবা আৰু।
: হ’ব দিয়া। দি আহোঁ ৰ’বা চাউলখিনি।
: আই পানী এগিলাচ দিবানে? বৰ পিয়াহ লাগিছে।
: ৰ’বা দি আছোঁ।
: মাইনা তুমি নালাগে। ময়ে আনি দিওঁ।
: তুমিনো মাটিত কিয় বহিছা? মই মুঢ়াটো আনি দিওঁ ৰ’বা।
: নালাগে অ’ আইজনী। ঈশ্বৰে তোমালোকক কুশলে ৰাখক।
: অ’ বা, এই ভিক্ষাৰীজনৰ ঘৰ ক’ত বাৰু? কাপোৰবোৰ একদম ফটা-চিটা ন! আৰু চেণ্ডেলযোৰো ছিঙা।
: দুখীয়া যে সেইবাবে এনেকুৱা। তুমি এতিয়া অকলে অকলে খেলা। মই কাম কৰোঁ।
‘‘মানুহবোৰযে কিয় দুখীয়া হয়! আমিতো দুখীয়া নহয়। আমি ফটা কাপোৰো নিপিন্ধোঁ। ভাল চেণ্ডেল পিন্ধোঁ। মোৰতো জোতাও আছে দুযোৰ।
ভিক্ষাৰীজন; অ, বায়ে মানা কৰিছে ভিক্ষাৰী ক’ব। কি ক’ম? কিবা এটা! কিবা এটা মানে কি কিবা এটা ক’ম? চুলি পকিছে, দাঁত এটাও ভাগিছে, ককা বুলি মাতিলেই ভাল হ’ব চাগে’। বাক সুধি লওঁচোন। বায়ে যে বহুকথায় জানে।’’
: বা, অ’ বা, মই বাৰু ভিক্ষাৰীজনক ককা বুলি মাতিম নে?
: ভিক্ষাৰী মানুহ, এদিন আহিছে, আৰু বা আহে নে নাই, ককা মাতিবলৈ আকৌ ক’তনো লগ পাবা। তুমি পুতলাবোৰ লৈ খেলাচোন দেই। মোৰ কাম আছে। আৰু নহ’লে ছবিত ৰং কৰা।
: নহয়, মানে আৰু আহিলে মাতিব লাগিব যে সেইবাবে হে সুধিছোঁ।

ছমাহমান পিছৰ কথা:
: আই, অ’ আই। ঘৰত কোনোবা আছেনে? কিবা এটা দিয়ক।
: অ’ ককা তুমি আহিছা? ৰ’বা মই মুঢ়াটো দিওঁ। বহা।
: মাইনা কোন আহিছে নো?
: বা সেই ককাজন। যোৱা তুমি চাউল আনা। আৰু পানীও আনিবা। ককা তুমি বাৰু বহু দূৰৈত থাকা নেকি?
: কিয় আইজনী?
: নহয়, মানে তুমি বহুদিন অহাই নাছিলা যে সেইবাবে সুধিছোঁ। মই বাক সোধোতে বায়ে তোমাৰ ঘৰ বহু দূৰত বুলি ক’লে আৰু সেইবাবে ঘনকৈ আহিব নোৱাৰা। তোমাৰ ঘৰত কোনো নাই নেকি?
: মোৰ ঘৰ অলপ দূৰতে দিয়া আইজনী। ঘৰত বুঢ়ী, মানে তোমাৰ আইতাজনী আছে।
: আৰু কোনো নাই?
: আমাৰ ল’ৰা এটা আছে। তোমাৰ সমান নাতি ল’ৰা এটিও আছে। সিহঁত আজিকালি ইয়াত নাথাকে। মেঘালয়ত গৈছে কাম কৰিব। তাতে থাকে। বহুদিনেই হ’ল ঘৰলৈ নহা।
: আইতাজনীয়ে তোমাক ইমান ৰ’দত ঘূৰি ফুৰিব দিয়ে? তোমাৰে ভাল। মোক যে কোনেও ৰ’দত ওলাবই নিদিয়ে। তুমি কিয় ভিক্ষা কৰানো?
: আগতে তোমাৰ আইতা আৰু মই দুয়ো কাম কৰিয়েই খাইছিলো। এতিয়া বুঢ়া হ’লো বাবে কাম কৰিব নোৱৰা হ’লো। ল’ৰাটো যিমান দিন ঘৰত আছিল সিয়ে কৰি খুৱাইছিল। ময়ো বেমাৰী, তোমাৰ আইতাজনীও বেমাৰী। সেয়ে খুজি-মাগি কোনোমতে খাই জীয়াই আছোঁ।
: তোমাৰ দুপৰীয়া ভোক নালাগে নেকি? দিনত ক’ত ভাত খোৱা তুমি?
: আইজনী ক’তনো ভাত পাম? কেতিয়াবা কোনোবাই কিবা দিলে খাওঁ। নহ’লে ৰাতি ঘৰত গৈ বুঢ়ীজনীৰ লগতে কিবা এটা বনাই খাওঁ।
: অ’, তাৰমানে তুমি একো নোখোৱাকৈ থাকা! আমাৰ ঘৰত বায়ে চাহ বনাই দিলে খাবানে? আলহী আহিলে বায়ে চাহ বনাই দিয়েতো! ৰ’বা মই বাক কৈ আহোঁ চাহ বনাই দিবলে’।
মাইনাই ভিতৰলৈ দৌৰ মাৰি গৈ বায়েকক ক’লে—
: বা, অ’ বা, তুমি ককাজনক চাহ বনাই দিয়ানা।
: তোমাৰ মাই এনেকে অচিনাকি ভিক্ষাৰীক চাহ বনাই দিয়া জানিলে মোকহে গালি দিব। আজি নিদিওঁ দিয়া মাইনা। মা থকাত আহিলে মাক সুধি বনাই দিম দেই।
: দিয়ানা বা। মাক নক’বা না। তুমিচোন মই দুষ্টামি কৰিলেও মাক কৈ নিদিয়া। এইটোও নক’বা। মাই গমেই নাপাব।
: গাখীৰ দেখিলে গম পাই যাব।
: তুমি মোৰ গাখীৰখিনিৰে বনাই দিয়া।
: তুমি বৰ জেদি অ’ মাইনা। মই বনাই দি আছোঁ যোৱা।
: ককা তুমি বহাচোঁন দেই। বায়ে চাহ বনাই আনিব এতিয়াই।
: ঈশ্বৰে তোমাক কুশলে ৰাখক আইজনী।
: তুমি মাজে মাজে আহি থাকিবা দেই ককা।
: আহিম আইজনী।

এনেকৈয়ে প্ৰতি মাহে দুমাহে আহি থকা মাইনা আৰু ককাৰ বন্ধুত্ব আৰু মৰমবোৰ আগুৱাই গৈ থাকে। এবছৰ পিছৰ কথা—
: ককা তুমি আজি আহিলা ভালেই হ’ল। কেইদিনমান পিছত আহিলে আমাক লগেই নাপালাহেঁতেন।
: কিয় অ’ আইজনী?
: আমি ইয়াত আৰু বেছিদিন নাথাকোঁ নহয়। দেউতাই গুৱাহাটীত এটা ডাঙৰ ঘৰ বনাইছে। আমি তাতে যাম। আৰু নাহোঁ ইয়ালৈ।
: হয় নেকি আইজনী! বৰ ভাল কথা। গুৱাহাটী বহুত ডাঙৰ ঠাই।
: তুমি কেতিয়াবা যাবা নেকি তাত?
: নাযাওঁ অ’ আইজনী।
: তোমাকচোন মই আৰু লগেই নাপাম তেতিয়াহ’লে?
: একো নহয় আইজনী। তুমি তাত গৈ ভালদৰে পঢ়া-শুনা কৰিবা। মা-দেউতাৰ কথা শুনি ভাল ছোৱালী হ’বা। আশীৰ্বাদ কৰিছোঁ ঈশ্বৰে তোমাক সদায় কুশলে ৰাখক। জীবনত সুখী হোৱা, সফল হোৱা। যাওঁদেই আইজনী। সদায়ে ভালে থাকিবা।
: ককা তুমি কান্দিছা? নাকান্দিবা না। মোৰো কান্দোন ওলাব।
: নাই কন্দা আইজনী। বুঢ়া হৈছোঁ যে এনেয়ে চকুপানী ওলাইছে আই।
: অ’ বা, ককাক আৰু কেতিয়াও লগ নাপাম ন? মোক যে ইমান মৰম কৰে ককায়ে। বা, তুমিওচোন কান্দিছা? মোৰো ইমান কান্দিব মন গৈছে।

প্ৰায় সাতাইস বছৰ পিছৰ কথা—
: বাপধন বাক চাবলৈ কোৱাচোন বাহিৰত কোন আহিছে?
: মা ভিক্ষাৰী এজন আহিছে।
: ববিতা, আমাৰ শোৱা ৰুমৰ টেবুলত দুটকা থোৱা আছে। তুমি দি আহাচোন মানুহজনক।
: মা মই দিওঁনে?
: তুমি দিবা? বাৰু দি আহাগৈ যোৱা।
: মা মানুহজনে কৈছে তেওঁৰ পানী পিয়াহ লাগিছে হেনো।
: ৰ’বা, বায়ে দি আহিব।
: অ’ মা, মই তেওঁ কি খাইছে বুলি সোধোঁতে একো খোৱা নাই বুলি কৈছে। তুমি তেওঁক আলহীক দিয়াৰ দৰে চাহ খাবলৈ দিবানে?
বাপধনৰ কথাই মাকক আজি সাতাইস বছৰ আগৰ আইজনীলৈ মনত পেলাই দিলে। মূৰত অনুভৱ কৰিলে শোটোৰাপৰা এখন হাতৰ মৰমৰ স্পৰ্শ। দূৰৈৰ পৰা ভাহি অহা আশীৰ্বাদ— “ঈশ্বৰে তোমাক সদায় কুশলে ৰাখক। জীৱনত সুখী হোৱা, সফল হোৱা” আশীৰ্বাদ ফলিয়ায়। অন্তৰৰ পৰা কৰা আশীৰ্বাদ সঁচাকৈয়ে ফলিয়ায়।
: মা তুমি একো নক’লা যে? বেয়া পাইছা মোক?
: নাই পোৱা সোণটো। তুমি মুঢ়াটো লৈ ককাজনক বহিব দিয়াচোঁন। মই চাহ লৈ গৈ আছোঁ।

Saturday, 12 July 2014

     ------: বৰষুণৰ সতে :------

ৰিমঝিম বৰষুণজাকে লৈ যায় মোক সপোনৰ দেশলৈ ।
দূৰৈৰ পৰাই দেখোঁ অপেক্ষাৰত তোমাক ।

তিতোঁ আহা সপোনৰ বৰষুণজাকত ।
হাতত হাত থৈ খোজ কাঢ়ো বৰষুণৰ সতে ।

আজি কথা নাপাতো দিয়া ।
আহা শুনো বৰষুণে গোৱা প্ৰেমৰ গান ।
ইমান মধুৰ,
ইমান আবেগিক ।
ঠিক যেন তোমাৰ ওঁঠৰ প্ৰথম স্পৰ্শ মোৰ ওঁঠত ।
শিহৰিত হওঁ,
কঁপি যাওঁ আভ্যন্তৰলৈ ।

চোৱাচোন ৰাস্তাৰ কাষৰ শেৱালি জোপালৈ ।
শেৱালিৰ আগমণ শৰততহে !
তেন্তে এই দুপাহ !!
প্ৰকৃতিয়েও জানে শেৱালি মোৰ প্ৰিয় বুলি  ।
তোমাক দিবলৈকে চাগে এই দুপাহ  বৃষ্টিস্নাতা ।

হাতখন ধৰিবা ভালকৈ,
উজুটি খাব নিদিবা মোক ।
স্বপ্নলোকৰ সহচৰ,
বলা সপোনৰ দেশলৈ আগুৱাও
সপোনৰ অন্তহীন বাটেৰে । 

-----: খেলৰ অন্য এক অধ্যায় :---

------: খেলৰ অন্য এক অধ্যায় :---
(6 july)

চাৰিওপিনে কেবল বিশ্বকাপ ফুটবলৰ কথা । আজি কাৰ কাৰ মাজত খেল, কোন জিকিব কোন হাৰিব, কোন মাৰিব বিজয়ৰ শেষ হাঁহি-- কি এক উৎকণ্ঠা ভৰা বাতাবৰণ । ফুটবল পিছে ময়ো একেবাৰে নেখেলাকৈ থকা নাই । কিন্তু খেলৰ নিয়মবোৰ আয়ত্ত কৰিব পৰা হোৱাৰ আগতে ফুটবল খেলুৱৈ হোৱাৰ চিন্তা বাদ দিলো । সেয়া এক অন্য ইতিহাস । এই ফুটবল খেলৰ প্ৰতিযোগিতাময় পৰিবেশত মোৰ জীৱনৰ অন্য এক খেল প্ৰতিযোগিতাৰ কথা মনত পৰিছে ।

মই তেতিয়া সপ্তম শ্ৰেণীত পঢ়ো । 'হেড চাৰে' এদিন কলে যে আমাৰ অঞ্চলৰ সকলো মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কাবাডী খেলৰ প্ৰতিযোগিতা হব আৰু যিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী চুড়ান্ত বিজয়ী হ'ব সিহঁত জিলা ভিত্তিত হবলগীয়া প্ৰতিযোগিতাত যোগদান কৰিব পাৰিব । আমিও আমাৰ মাজৰ পৰা ছোৱালী বাচি বিচাৰি দল এটা বনালোঁ । সেই দলটোৰ ময়ো এজনী উল্লেখযোগ্য খেলুবৈ । নিৰ্দিষ্ট দিনত ৰাতিপুৱাই সকলো চাৰ-বাইদেউৰ লগত আমি ল'ৰা ছোৱালীবোৰো গলো খেলিবলৈ । প্ৰথমখন খেলত কেনেকে জিকিলোঁ গমেই নাপালো । আচল খেল আৰম্ভ হ'ল দ্বিতীয়খনতহে । আমাৰ দলটোত থকা ছোৱালীবোৰৰ চেহেৰাৰ তুলনাত বিপক্ষৰ দলৰ দুজনীমানৰ চেহেৰা বেচ মজবুত বুলিয়েই কব লাগিব । দুয়ো দলৰ মাজত আৰম্ভণিতে খেলখন বেচ ৰোমাঞ্চকৰেই আছিল । এবাৰ যদি আমাৰ এজনী মৰিছে ('আউট' হোৱাটোক আমি মৰা বুলি কৈছিলোঁ ), এবাৰ সিহঁতৰ । তেনেকে আমাৰ এজনী উঠিছে , আনবাৰ সিহঁতৰ । বিপক্ষৰ এজনী আমাৰ কোৰ্টত কাবাডী কাবাডী বুলি আহোতে সকলোৱে মিলি মৰণ পণ কৰি হেঁচি-পোটকি মাৰিছোঁ, তেনেকে আমাৰ কোনোবাজনীক সিহঁতৰ কোৰ্টত মাজৰ আঁচডাল পোৱাৰ আগতে চোঁচৰাই নি মাৰিছে । মুঠতে বেচ ভাল খেল । শেষৰ পিনে কেনেকে কি হ'ল আমাৰ দলত মই আৰু লগতে আৰু এজনী সহ মাত্ৰ দুজনী ৰলোগৈ আৰু বিপক্ষৰ দলত তিনিজনী । আমাৰ যোৱাৰ পাল পৰাত লগৰজনী গলগৈ কাবাডী কাবাডীকে । তাই গল যি গলেই । তিনিজনীয়ে মিলি এনেকে হেঁচুকি ধৰিলে যে তাই কোৰ্টৰ বাহিৰতহে ৰলগে আৰু । এইবাৰ পৰিল মোৰ পাল । বিপক্ষৰ পৰা আটাইতকৈ যিজনী মজবুত, তেতিয়াৰ মোৰ তুলনাত প্ৰকান্ড, তাই আহিল কাবাডী কাবাডী বুলি । মই তেতিয়া ইমানেই ক্ষীণ-মীণ আছিলো যে তাইৰ ওচৰত মোৰ চেহেৰাটো "ৎ" যেন দেখা গৈছিল । সেই মূহুৰ্তত মোৰ বা কি মুৰত খেলিল মই সিদ্ধান্ত ললোঁ যে পাৰো বা নোৱাৰোঁ এইক গবা মাৰি ধৰিবই লাগিব । এই যদি মৰে তেতিয়া আমাৰ এজনী উঠিব আৰু তেতিয়া আমি আৰু খেলিব পাৰিম । যেনে ভাব তেনে কাম । তাই কোৰ্টত অহাৰ লগে লগে বেছি ভবা গুণা নকৰি ধৰিলোঁ গবা মাৰি । ক'ত ধৰিম ভাবিছিলোঁ কব নোৱাৰো কিন্তু ককালতে ধৰি পালো । মই ভাবিছো তাইৰ নিস্তাৰ নাই এইবাৰ মোৰ হাতৰ পৰা । কিন্তু পিছ মূহুৰ্ত্ততে মন কৰিলো তাইতো ৰোৱা নাই । তাই বেচ গহীন গহীন খোজত কাবাডী কাবাডীকে নিজৰ কোৰ্টৰ পিনে গৈ আছে আৰু মই তাইৰ ককালত ধৰি চুচৰি চুচৰি গৈ আছো । চাৰিওপিনে খেল চোৱা মানুহবোৰৰ গিৰ্জনি মৰা হাঁহি । বৰ লাজ লাগিছিল জানে । দুখো লাগিছিল । মানুহবোৰে কৈ আছিল হাতীৰ গাত মাখি উঠিছে । ভাবিলে এতিয়াও লাজ লাগে । মোক কিহে পাইছিল সেই মস্তজনীক ধৰিবলৈ বুলি এতিয়া হাঁহিও উঠে নিজৰ ওপৰত । লগৰবোৰে যে বহুদিন জোঁকাইছিল মোক ।

----: অস্ত্র : অৰ্থৰ সন্ধানত :---

----: অস্ত্র : অৰ্থৰ সন্ধানত :---

: মা, অস্ত্র মানে কি ?

পঢ়াত বহিছিলহে মাত্র । চতুৰ্থ শ্রেণীত পঢ়া নুমলীয়া পো'টোৱে সুধিলে । সি ইংৰাজী মাধ্যমৰ 'কনভেণ্ট স্কুলত' পঢ়ে । অসমীয়া তৃতীয় ভাষা ।

পটককে অৰ্থটো মনলৈ নাহিল, আহিল উদাহৰণহে---- বন্দুক, বোমা ইত্যাদি । ঠিক অৰ্থটো মই ভাবি নাপালোঁ ।
: অভিধানখন আনচোন ।

ডাঙৰটো ল'ৰা উঠি গৈ ইংৰাজী অভিধানখন লৈ আহিল । পঢ়া টেবুলৰ পৰা উঠিব পৰা সুবৰ্ণ সুযোগ গ্রহন নকৰাৰ কথায় নাহে ।
: অভিধানখন আন, 'ডিকছনেৰী'খন নহয় ।
: মানে মা শব্দকোষ ?

''অসমীয়া তৃতীয় ভাষাৰ মৰ্যদা যথাৰ্থ" মনে মনে ভাবিলো । এনেও চুবুৰীটোত কোনো ল'ৰা-ছোৱালীয়ে অসমীয়াত কথা নাপাতে । দাবি ধমকী দিলে বৰ বেছি সন্মুখত থকা সময়খিনি অসমীয়াত কথা পাতিব তাৰ পিছত পিছমুৱা হোৱাৰ লগে লগে আকৌ নিজৰ মতে হিন্দীতে কথা পতা আৰম্ভ কৰি দিয়ে ।

: অসমীয়া 'ডিকছনেৰি' অ’ ।

এইবাৰ সি ৰুমৰ পৰা ওলাই গল । মোৰ সন্মুখত অসমীয়া কথা বতৰাৰ লিখা এটা আছে । লিখাটোত ‘লাইক, কমেণ্টৰ” দীঘলীয়া শাৰী । ময়ো ‘লাইক’ত ‘ক্লিক’ কৰি দিলো । পঢ়িবৰ নহল পিছে । পিছত সময় পালে পঢ়িম ।

পুনৰ অস্ত্রৰ অৰ্থৰ জগতলৈ সোমাই যাবলৈ চেষ্টা কৰিলোঁ । মনত ভাহি আহিল বিভিন্ন ধৰণৰ অস্ত্র ---যাদুঘৰৰ পিয়লি ফুকনৰ বন্দুক, আহোম ৰজাৰ হিলৈ ,হেংদাং ইত্যাদি । নাই বেছি পিছলৈ গৈছো । নতুনকৈ চিন্তা কৰিলোঁ --- এ কে ৪৭, মেচিনগান,----। নাই, বেয়া কথা । এইবোৰৰ নাম ওলালে ভয়হে লাগে কিবা । এইবোৰে কত কাৰ ঘৰ উচন কৰে ঠিকনা নাই ।

এইবাৰ অলপ বেলেগ ধৰণে ভাবিব ধৰিলোঁ । মানুহ নামাৰিলে অস্ত্র নহয় নেকি ? নাৰীৰ চকুপানী হেনো অব্যৰ্থ অস্ত্র ! 'ইউৰেকা' ! বিৰাট কিবা এটা উদ্ধাৰ কৰা যেন লাগিল । নিজৰ পৰাই ভবা আৰম্ভ কৰিলোঁ । 'নিজ' মানে মই আৰু মোৰ মানুহজন । শেহতীয়াকৈ কি অস্ত্র প্ৰয়োগ হৈছিল এওঁৰ ওপৰত ? ---মনত পৰিল । যোৱা পিকখিনিত স্ফুৰ্তি পানীবিধ ধৰিবলৈ এজনে মাতিছিল । ময়ো লগে লগে যাওক বুলি কলো । তেখেত কিন্তু নগল । মোৰ চকুত হেনো ভয়ঙ্কৰ কিবা দেখা পাইছিল । মানে ঘৰত অহাৰ পিছত নিৰ্ঘাত বিস্ফোৰণ হোৱাৰ সংকেত । মোৰ চকুযোৰ তাৰমানে অস্ত্র !! আৰু কিবা আছে নেকি ---নিজৰ অস্ত্র ভাণ্ডাৰৰ 'অডিট' লব মন গ'ল । মোৰ এজনী বান্ধবী আছে । বিয়া হোৱা নাই । দেখিবলৈও ধুনীয়া । ইয়াতে কিবা 'প্ৰাইভেট কোম্পানিত' চাকৰি কৰে । আমাৰ ঘৰত অহা যোৱাও সঘন । এওঁৰ লগৰবোৰে এওঁক 'লাকী' বুলি কয়---- "বোলো তোৰ খুলশালি নাই যদিও খুলশালিৰ অভাব অনুভব কৰিবলগীয়া হোৱা নাই দে । তোৰ 'লাক' মানিছোঁ দেই 'দোস্ত' ।" কথাবোৰ মোৰ কাণত পৰি মনত লাগি থাকে আকৌ । সিদিনা তাই আহিছিল । বাইকৰ পিছফালে । মানে মানুহজনৰ বাইক । একো নকলোঁ । দুদিন । মৌনব্ৰত । সাংঘাতিক অস্ত্র । মহাত্মা গান্ধীৰ 'চইচ' ভাল আছিল । একো নোকোৱাকৈ বহুত কিবা কিবি কাম হৈ যায় ।

মানুহজনৰ কথাই আকৌ ভাবিলোঁ । বৰ অদ্ভুতভাবে অস্ত্রৰ চক্রবেহুত ঘেৰা ---মৌনব্ৰতৰ পৰা শব্দৰ সুসংযত প্রয়োগলৈকে । প্ৰতিবিধেই মাৰাত্মকভাবে কাৰ্য্যকৰী । মুঠতে অস্ত্রৰ ঝনঝননিত তেখেতৰ অবস্থা যুদ্ধত পৰাভূত হোৱা আত্মসমৰ্পণকাৰী বন্দীৰ দৰে । নিজকে কিবা বিখ্যাত পৰাক্ৰমী সেনাপতি যেন লাগি যায় দেই । বিশেষকৈ 'পাৰ্টি', বিয়া সবাহ আদিত যোৱাৰ সময়ত । 'এটিকেট' ৰক্ষা কৰি চলা তেখেত যেন এজন দেহৰক্ষী ।

অৱশ্যে কেতিয়াবা প্ৰত্যাক্ৰমণ নচলাও নহয় --চলে । মোৰ ভাইটিৰ বিয়া উপলক্ষে দহ দিন আগতে মাৰ ঘৰত গৈছিলোঁ । কৈ যোৱা আছিল এওঁ বিয়াৰ কমেও পাঁচদিনৰ আগতে যাব । পিছে তেখেতে এবিধ অস্ত্র প্রয়োগ কৰিলে মবাইলত--"অফিচত ছুটি নিদিয়ে । এদিন আগতে আহিম ।" মহাভাৰতৰ যুদ্ধলৈ মনত পৰিল---এজনে শৰ এৰে আনজনে কাটি পেলায় । ময়ো মবাইলত 'টাইপ' কৰিলো--"দৰাৰ ভিনিয়েক হ'বলৈ অইন কাৰোবাক কম । ভোজৰ দিন আহিলেও হ'ব ।" নকলেও হ'ব --ছুটি নোপোৱা মানুহজন মই ধৰি দিয়া সময়তেই আহি ওলাইছিল ।

কিন্তু মইচোন এতিয়াও অস্ত্রৰ প্রকাৰতে ব্যস্ত ! অৰ্থ বহু দূৰত । কি হ'ব পাৰে---মানুহক মাৰিব পৰা যন্ত্র নে মানুহক ভয় দেখুৱাব পৰা যন্ত্র । হাতৰ কিতাপখন---! বহুবাৰ পঢ়াৰ টেবুলত প্রয়োগ কৰি পাইছো । হয়-- কিতাপো অস্ত্র হ'ব পাৰে । গণতন্ত্ৰত হেনো কলমেই আটাইতকৈ শক্তিশালী অস্ত্র ।

পুৰণি ঘটনা এটা মনত পৰিল । এজন নামজ্বলা ডাক্তৰ--পেছত, নিচাত--লেখক । ভাল লিখে । আলোচনীবোৰত প্রায়েই তেখেতৰ লিখনি প্রকাশ পায় । ৰোগী পিছে তেখেতৰ ভয়ত থৰহৰি কম্পমান । কেতিয়া কিহত বিতুষ্ট হয় কব নোৱৰি । গালি নামৰ অস্ত্রবিধৰ প্রয়োগত তেখেতে অকণো কৃপাণালী নকৰে । দুৰ্কপাল, ময়ো যাব লগা হ'ল তেখেতৰ 'চেম্বাৰত' । প্রথমবাৰ ঠিকেই গল । দ্বিতীয়বাৰতহে লেঠা লাগিল । নিৰ্ধাৰিত দিনতকৈ দুদিন পিছত যোৱা হ'ল । লগে লগেই সুমধুৰ(!?) শব্দেৰে কোঠালীটো ভৰি পৰিল । এনে ধৰণৰ এটা শব্দও মোৰ মানুহজনে মোৰ ওপৰত প্রয়োগ কৰিলে কি হ'ব সেয়া কোৱা টান যদিও অচিন দেশত নিজৰ শত্রুক বশ কৰাৰ পন্থা বিচাৰি নিশ্চুপ হৈ ৰলোঁ । বৰ্ষণমূখৰ সম্পূৰ্ণ পাঁচটা মিনিটৰ পিছত ডাক্টৰচাহাব অকণমান ৰ'ল । ইতিমধ্যে ময়ো প্ৰত্যাক্ৰমণ বাট বিচাৰি পাইছিলোঁ ।
: ছাৰ আপোনাৰ লিখা বহুদিন পোৱা নাই অসমীয়া কথা বতৰাত ।
: তুমি পঢ়া নেকি ?
: পঢ়ো । বৰ ভাল পাওঁ পঢ়ি । বিশেষকে আপোনাৰ লিখনি মোৰ বৰ ভাল লাগে । "অনামিকাৰ চকুলো”ৰ নাৰী চৰিত্রটোৱে পঢ়ি থাকোতে উশাহ চুটি কৰি দিয়ে ।

ৰুমৰ পৰিবেশ তেতিয়া শান্ত । অলপ আগৰ ধুমুহা-ঢেৰেকনিৰ অকণো চিন-চাব নাই । আধা ঘণ্টামানৰ সাহিত্য চৰ্চাৰ পিছত চাহ আৰু বিনামূলীয়া 'প্ৰেছ্ক্ৰিপছন্' লাভ ।

নাই, এনেকে নহব । অস্ত্রৰ অৰ্থ পোৱা নাই এতিয়াও । অভিধানখন ? সৰু সুপুত্র ইতিমধ্যে পঢ়া টেবুল এৰি টিভিৰ সন্মুখত । বৰপুত্রও অভধানেই বিচাৰি আছে ---টিভিৰ সন্মুখত বহি । টিভিৰ ৰুমৰ পৰা ভাহি আহিছে---" ভীম, ভীম, ভীম চোটা ভীম----"।
-------------------------------------------------------------------------------------------

---------: আলহী :--------

Chandamita Devi
June 15
---------: আলহী :--------

: অনিমা, বাহিৰত কোনে কলিংবেল বজাইছে চাচোন ।
: বা, দুজন মানুহ আহিছে । মই চিনি নাপাওঁ । গ্রীল'ৰ দুৱাৰ খুলি দিয়া নাই । তুমি গৈ সুধি আহা ।
: হেই, কোন আহিল নো এই দুপৰীয়াখন । শান্তিত শুবও নোৱাৰি । ক'ত গল মোৰ দুপাত্তাখন ?

বিচনা এৰিবলগীয়া হোৱাৰ বাবে অশান্তিত মূখখন ফুলাই দুপাত্তাখন গাত ঠিককে লৈ বাৰান্দাত গৈ গ্রীল খুলি আগন্তুকক সুধিলে—
: নমস্কাৰ । কাক বিচাৰিছে আপোনালোকে ?
: এইটো বিজয় বৰ্মনৰ ঘৰ হয়নে ?
: হয় । দেউতা এতিয়া ঘৰত নাই । কৰ পৰা আহিছিল আপোনালোক ?
: বঙাইগাঁওৰ পৰা আহিছিলোঁ আমি ।

বিজয় বৰ্মনৰ ডাঙৰ আৰু একমাত্র ছোৱালী প্রণামিকা লগে লগে উৎফুল্লিত হৈ কলে--
: আপোনালোক আহিব পাৰে বুলি দেউতায় কৈছিল । কিন্তু আপোনালোকে অহা দেওবাৰ মানেহে অহাৰ কথা আছিল চাগে ? আহক ভিতৰত বহিব ।
--এইবুলি কৈ আথে বেথে তেওঁলোকক ভিতৰত মাতি বহিব দিলে ।
: আমি ওচৰতে চিনাকী মানুহ এজনৰ ঘৰত আহিছিলোঁ । সেইবাবে ভাবিলোঁ আপোনাৰ মা-দেউতাৰ লগতো চিনাকী হৈ যাওঁ ।
: মা-দেউতা দুয়ো অফিচত গৈছে । আহোঁতে পলম হ'ব । মা-দেউতাক আপোনালোক অহাৰ কথা কম বাৰু মই । তেওঁলোকে শুনি বৰ ভাল পাব । বহকচোন অকণমান । মই পানী আনি আছোঁ ৰব ।

প্রণামিকা পানী আনিব ভিতৰলৈ যোৱাত সিহঁতৰ ঘৰত কাম কৰা ছোৱালী অনিমায় কোন মানুহ বুলি সুধিলে ।

----তাই কলে বগা ধুনীয়াকে ল'ৰাজন দেউতাকৰ চিনাকী মানুহ এজনৰ ল'ৰা । যোৱাটো দেওবাৰে দেউতাৰ চিনাকী মানুহজনে তাইৰ বান্ধবী মামণিক নিজৰ ল'ৰাৰ বাবে চাব আহিছিল । আৰু অহা দেওবাৰ মানে ল'ৰাজনেও তাইক চাব আহিব পাৰে বুলি কৈছিল ।

অনিমাই আকৌ সুধিলে--
: বা, তুমি কেনেকে চিনি পোৱা ? আৰু লগৰজন কোন হয় ?
: মই ল'ৰাজনক চিনি নাপাওঁ । তেওঁৰ সৰু ভাইটিহে মোৰ লগত পঢ়ে । দেখাত মিল আছে দুই ভেয়েকৰ বুজিলি । লগৰজন বন্ধু হ'ব নিশ্চয় । আৰু একো সুধি থাকিব নালাগে । বাকীবোৰ পিছত কম । এতিয়া ভাল কাঁচৰ গিলাচ দুটাত পানী দুগিলাচ দে । নতুন ট্রে'খনত দিবি গিলাচ দুটা । আৰু শুন, পিছপিনেদি মনে মনে গৈ অপূৰ্বক মই মাতিছোঁ বুলি কৈ মাতি লৈ আহ । দোকানত যাব দিম তাক । যা সোনকালে ।

প্রণামিকায় আলহীক পানী দি অলপ আঁতৰত থকা ডিভানখনত বহি ললে । ধুনীয়া দাদাজনে তাইৰ নাম, তাই কত পঢ়ে, কি পঢ়ে, কোন হোষ্টেলত থাকে সকলো সুধিলে । লগৰজনে মুখেৰে একো নামাতি বাৰে বাৰে ইফালে সিফালে চাই আছে । মাজতে এবাৰ মাত্র কলে--
: আমি আজি উঠো নেকি । দেৰি নকৰোঁ আৰু । ঘৰতো কোনো নাই ।

তাই লগে লগে দৌৰা দৌৰিকে কলে--
: দাদা বহক । চাহ খাই যাব ।

তাই মনে মনে ভাবিব ধৰিলে--" কি যে অদ্ভুত বন্ধু লগত লৈ আহিছে এই দাদাজনে । একেবাৰে 'বেল' যেন দেখি । 'পেণ্ট-চাৰ্টৰো' যি হে 'চইচ' । দেখিলেই গম পায় 'আনৰ্স্মাট' বুলি । ইফালে সিফালে, দুৱাৰে বেৰে কি চাই আছে মানুহজনে ? জেঠী নে মকৰাৰ জাল বিচাৰি আছে ? হাঁহি উঠি যায় । বাদ দে ; মামণিৰতো এই 'বেল'টোৰ লগত বিয়া নহয় না । দাদাজন কিন্তু বেচ ধুনীয়া দেই । মামণিৰ লগত বিৰাট শুৱাব । দাদায় অকল মোৰ কথাহে সুধি আছে । মামণিৰ কথা কেতিয়া সুধিব ? বোধহয় অসুবিধা পাই আছে সুধিব । সোনকালে সুধিলেই হয় । মই যে তাইৰ কথা কব ৰৈ আছোঁ । ইমান ফূৰ্তি লাগিব তাইৰ বিয়া হলে । ভাইটি স্কুলৰ পৰা আহিলে তাৰ লগত আজি আবেলিয়ে তাইৰ ঘৰত যাম । তাইক জকাই মজা লাগিব । লগতে ল'ৰায় চাব আহিলে কেনেকুৱা লাগে তাকো সুধিব লাগিব । কেনেকুৱা লাগিব পাৰে বাৰু ?! অপূৰ্ব আহিল কিযানি । যাওঁ চাহ আনোগৈ । নহলে আৰু যাওঁ যাওঁ লগাব 'বেল'টোৱে । মই বাৰু আজি এই কলা ফুল থকা কাপোযোৰহে পিন্ধি থাকিব লাগেনে ? মায়ে খং কৰিব গম পালে । কলা ৰং হেনো শুভ কামত বেয়া । দোপাত্তাখনো কলাহে লৈ পালো । ইস ৰাম ! মোৰ চুলিখিনিও মেলি থোৱা আছে । মুৰ ধুই চুলিখিনি আচোঁৰাও নাই । মামণিক চাব অহা ল'ৰাৰ আগত এনেকে ভূতূনীৰ দৰে আছিলো বুলি জানিলে মায় নেৰে মোক । চুলি মেলি থাকিলে মায় এনেয়েও বেয়ায় পায় ।

তাই দুয়ো আলহীকে পেপাৰ আৰু আলোচনী কিছুমান চাব দি অলপ বহিব কৈ ভিতৰত গল । অপূৰ্বক আলহীক দিবৰ বাবে 'দুলাল খুৰাৰ' দোকানৰ পৰা ভাল মিঠাই, সন্দেশ আৰু ৰাজুৰ দোকানৰ পৰা 'ক্রীম বিস্কুট' আৰু ভুজিয়া আনিব দিলে । কোনোবা বিশেষ আলহী আহিলে যাতে ভালদৰে চাহ পানী দিব অসুবিধা নহয় তাৰ বাবে এই দোকান দুখনৰ পৰা যেতিয়াই যি লাগে লৈ আহিলেই হ'ল । কৈ থোৱা আছে । পইচা পিছত প্রণামিকাৰ দেউতাকে দিয়ে । ভায়েক ঘৰত নাথাকিলে ওচৰৰ কাকতিৰ ঘৰৰ কামকৰা লৰা অপূৰ্বক পথিয়াই তাই যি লাগে অনাই লয় ।

আলহীক দিবৰ বাবে চাহ তাই নিজে গাখীৰ বেছি দি লগতে ইলাচি দি বঢ়িয়াকে বনালে । যিমান যি হলেও আটাইতকে ভাল বান্ধবীক চাব অহা ল'ৰাজনক চাহ দিয়াৰ কথা অলপ 'স্পেচিয়েল'কেতো বনাবই লাগিব ।

আলহীক চাহ খাব দি তাই পুনৰ ডিভানখনত বহি ললে । দাদাজনৰ লগত অহা বন্ধুজনে বাৰে বাৰে ৰুমালেৰে মুখ মচি থকা দেখি তাইৰ খঙে চুলিৰ আগ পাইছিল । তাই মনে মনে ভাবে---" ইমান গৰম নথকা অবস্থাতো মানুহজনে ৰুমালেৰে কি বাৰে বাৰে ঘাম মচি থাকে । বিৰক্তিকৰ মানুহ দেই এইজন । যি মন যায় মচি থাক । মোৰ কি আহি যায় । কিন্তু মানুহজনে পিটিক পাটাককে মোৰ পিনে কিয় চায় ? দিম বাপ্পেকে চকু ফুটাই । দাদায় এইপাতক কিয় ডিঙিত ওলোমাই লৈ আহিছিল বাৰু ? অইন কোনো বন্ধু নাপালে আৰু লগত আনিবলে । এইপাতৰ পিনে নাচালেনো মোৰ কি যাব । 'বেল' যি 'বেলেই' আৰু ।"
এইবাৰ তাই মুখ ঘূৰাই দাদাজনক সুধিলে----
: দাদা প্রাঞ্জল ঘৰত আছে নে কৰবাত ফুৰিব গৈছে ? তাকো লৈ আহিলে ভাল লাগিলহেঁতেন ।
: প্রাঞ্জল ! কোন প্রাঞ্জল ?
: আপোনাৰ ভাইটি । আমি একেলগে পঢ়ো । সি মোৰ ভাল বন্ধু । আপোনাক কোৱা নাই নেকি প্রাঞ্জলে ?
: মোৰতো কোনো ভাইটি নাই ।
: ভাইটি নাই ? আপুনি প্রাঞ্জলৰ দাদা নহয় ? আপোনালোক জানো মামণিহঁতৰ ঘৰত অহা নাই আজি ?
: মইতো প্রাঞ্জলৰ দাদা নহয় । কোন প্রাঞ্জল মই চিনিয়ে নাপাওঁ । আমি ইয়াত দীপক দাসৰ ঘৰতহে আহিছিলোঁ । তেখেত মোৰ লগত একেলগে ব্যবসায় কৰে ।

তেতিয়ালৈকে তেওঁলোকৰ চাহ খোৱা শেষেই হৈছিল ।

তাই আচৰিত হৈ সুধিলে--
: প্রাঞ্জলৰ দাদা নহয় যদি কোন হয় আপুনি ? মইতো আপোনাক প্রাঞ্জলৰ দাদা বুলিয়েই ভাবি আছোঁ ।
: মোৰ নাম অবিনাশ মেধি । এখেত মোৰ বন্ধু । এখেত বঙাইগাঁও কলেজৰ অৰ্থনীতিৰ অধ্যাপক,--

এনেতে বন্ধুজনে পুনৰ কলে--
: মেধি, আমি উঠোৱেই নেকি ? বহু দেৰি হ'ল । বাছ নাপাম নহলে যাবলৈ ।

তাই ভাবিব ধৰিলে "বঙাইগাঁও কলেজৰ অৰ্থনীতিৰ অধ্যাপক" এইবোৰ কথা তাই আগতেও শুনিছে কৰবাত । তাই সুধিলে--
: এখেত কোন বুলি কলে ?
: এখেত বঙাইগাঁও কলেজৰ অৰ্থনীতিৰ অধ্যাপক সুধীৰ ৰায় ।

নাম শুনাৰ লাগে লগে চক খাই উঠা যেন হৈ তাই কোনোমতে নিজক চম্ভালি "আহি আছো ৰব" বুলি কৈ ভিতৰলৈ গল ।

প্রণামিকাৰ মনত পৰি গল কেইদিনমান আগতে মাকৰ বান্ধবী ববিতা মাহীয়ে তাইৰ ওচৰৰ ৰূমটোত সৰু সৰু মাতেৰে মাকৰ লগত বঙাইগাঁও কলেজৰ অৰ্থনীতিৰ অধ্যাপক আৰু সুধীৰ ৰায় নামটো কৈ কিবা কথা পাতি আছিল । লগতে তাইৰ নামটোও মাহীয়েকে কৈ আছিল । সেইদিনেই তাই ভাবিছিল মাহীয়েকে প্রায়ে কোনোবা নহয় কোনোবা ল'ৰাৰ খবৰ আনি মাকৰ মুৰত তাইৰ বিয়াৰ পোক সোমোৱাই দিয়াৰ দৰেই কিবা এটা কৰি আছে বুলি । তাই এইবোৰ এনেয়ে মুখেৰে কৈ থকা কথা বুলি কোনো পাত্তা দিয়া নাছিল । কিন্তু কোনে জানিছিল যে মুখৰ কথায় এনেকে মানুহ ৰুপ লৈও আহি যাব পাৰে বুলি ।

নিজৰ ৰূমত সোমাই বিচনাৰ ষ্টেণ্ডডালত ধৰি ভাবিব ধৰিলে--" আগতে যদি জানিলোঁহেতেন এই বদমাচ মানুহ দুটায় মামণিক নহয় মোকহে চাব আহিছে সিহঁতক মই চাহ দিয়া তো দূৰত থকক দুৱাৰেই খুলি নিদিলোহেঁতেন । কলা ফুল থকা কাপোৰ পিন্ধি নহয় গোটেই গাতে কাজল সানি ওলালোঁহেঁতেন । বেয়া মানুহ কৰবাৰ । আহিয়ে নিজৰ নাম কব নোৱাৰে নেকি ? লাজ নালাগে অচিনাকি মানুহৰ ঘৰত বহি চাহে মিঠাইয়ে খাব । মিছাতে অনোৱালো অতসোপা বস্তু । মইয়ে এক নম্বৰ মূৰ্খ হয় । সেই পিটিক পাটাককে চাই থকাটোৰ চকু দুটা ফুটাই টেটু চেপি মাৰি পেলাব পোৱা হ'লে শান্তি পালোহয় । আজি মা'কো মজা দিম । যাৰে তাৰে আগত মোৰ বিয়াৰ কথা কব আৰু কৰ কৰ পৰা এইসোপা আহিব । নহওঁ মই বিয়া-চিয়া । এই মাহীকো যদি মই আজিৰ পৰা চাহ বনাই খুৱাও মোৰ নিজৰ নাম ওলোটাই থম । "

অনিমায় তাইৰ ওচৰত আহি তাইৰ মূৰ্তি দেখি ভয়ে ভয়ে সুধিল--
: অ' বা, কি হৈছে তোমাৰ ? মূখখন ইমান ৰঙা কিয় পৰিছে তোমাৰ ? বা, তোমাৰ বন্ধুৰ দাদা যাব ওলাইছে । তোমাক মাতি আছে ।
: চুপ থাক । কোনে কৈছে সেইবোৰ মোৰ বন্ধুৰ দাদা বুলি ? কৰ কৰ পৰা আহে যা তা মানুহ । যাওক যত যায় । ক'ত মৰে মৰকগৈ ।- - -ৰবি, মই গৈ আছো । মইতো আৰু সিহঁতৰ দৰে ভদ্রতা নজনা হ'ব নোৱাৰো না । যা কাপ-প্লেট'বোৰ লৈ আহ । আৰু শুন, মাজৰ প্লেটত ৰোৱা বিস্কুটবোৰ থব নালাগে । দূৰত পেলাই দিবি । বিস্কুটবোৰ কুকুৰটোকো খাব নিদিবি বুজিলি । কাপ-প্লেট'বোৰ বেছিকে চাবন দি ঘঁহি ঘঁহি ধুই পেলাবি ।

----:ব্যক্তিগত অনুভব মাত্র :---

Chandamita Devi ( চন্দামিতা দেৱী )
June 3 · Edited
----:ব্যক্তিগত অনুভব মাত্র :---

গোৱালপাৰা জিলাৰ যোগীঘোপাৰ ওচৰৰ কাবাইটাৰী এটুকুৰা সৰু অথচ খুবেই ব্যস্ততাপূৰ্ণ ঠাই । মেঘালয়ৰ পৰা ট্রাকে ট্রাকে আনি দমাই থোৱা কয়লাৰ স্তুপ, বিশৃংখলভাবে ৰৈ থকা আৰু একেই বিশৃংখলভাবে অগা-পিচা কৰি থকা কিছুসংখ্যক ট্রাক, খিচিৰি মাত কথাৰে ট্রাকবোৰ খালী আৰু ভৰ্তি কৰি থকা সদাব্যস্ত কিছু মানুহ--- যেতিয়াই এই ৰাস্তাটোৰে পাৰ হৈছো প্ৰত্যেকবাৰেই দেখিবলৈ পোৱা এই ঠাইটুকুৰাৰ এটা স্বাভাৱিক ৰূপ । কেতিয়াবা কেতিয়াবা এই বিশৃংখলভাবে ৰখাই থোৱা ট্রাকৰ বাবে সৃষ্টি হোৱা যান-জঁটৰ বাবে দহ মিনিটত পাৰ হ'বলগীয়া ৰাস্তা ডেৰ-দুঘণ্টাত পাৰ হ'বলগীয়াত পৰিছোঁ । এনে পৰিস্তিতিত পৰি কেতিয়াবা খং আৰু লগতে বিৰক্তিও উপজিছিল । কিন্তু তাত একো অস্বাভাৱিকতা অনুভব হোৱা নাছিল ।

কিছুদিন আগতে সেই একেটা ৰাস্তাৰে যাওঁতে ঠাইটুকুৰা আচৰিতভাবে নিস্তদ্ধ হৈ পৰা যেন অনুভৱ হ'ল । মেঘালয়ত কয়লা কটা আৰু সৰবৰাহ বন্ধ হৈ যোৱাৰ বাবে তাত নাই কোনো মানুহৰ হাই-উৰুমি আৰু নাই কোনো মানুহৰ ব্যস্ততাপূৰ্ণ চলাচল । যত তত দমাই থোৱা কয়লাৰ স্তুপবোৰো নাই । কয়লা দমাই ৰখাৰ চিন হিচাপে মাত্র ঠাইবোৰহে কয়লাৰ দাগ লাগি কলা পৰি আছে । বহুত বেছি নহয় যদিও বেচ কিছুসংখ্যক ট্রাক শাৰী শাৰীকে ৰাস্তাৰ পৰা কিছু নিলগত মুকলি ঠাইত থিয় কৰাই থোৱা আছে । 


সদায় একো ঝামেলা নোপোৱাকে, গাড়ীৰ গতিবেগ নকমোৱাকে পাৰ হ'বলৈ আশা কৰি থকা ঠাইটুকুৰা যেতিয়া সচাঁকৈয়ে তেনেকে পাৰ হলোঁ মনটো কিন্তু আনন্দত ভৰি নুঠিল । কিবা এক খালী খালী আৰু অদ্ভুত বিষাদেহে চানি ধৰিল । সদাচঞ্চল, সদাব্যস্ত, জীৱন্ত ঠাইটুকুৰা যেন মৃত হৈ পৰিছে । মনটোৱে কৰবাত যেন কৈ উঠিল ইমান নিস্তদ্ধ এই পৰিবেশতকে আগৰ বিশৃংখলতাৰে জীৱন্ত হৈ থকা ঠাইটুকুৰাহে বেছি ভাল আছিল ।

Wednesday, 28 May 2014



---------: পুৱাৰ অপেক্ষাত :-------

----তোমাৰ চিঠি এখন আহিছে অফিচৰ ঠিকনাত । এইখন লোৱা ।"
----"চিঠি ? কোনে দিছে ?"
----"তোমাৰ চিঠি । কোনে দিছে চাই লোৱা ।"এইবুলি কৈ চিঠিখন ডাইনিং টেবুলত থৈ এওঁ গা ধুবলৈ গ'ল ।
    কাৰ চিঠি হ'ব পাৰে ? খুলি চাওচোন এতিয়াও কোন পাগল আছে  এই  পৃথিৱীত চিঠি লিখিব পৰাকে । আৰে ! এইখন চোন অঞ্জনাৰ চিঠি । অত বছৰৰ পিছত কেনেকে মনত পেলালে তাই !!
----"কোনে দিলে নো পিছে চিঠিখন ?" মই চিঠিখন পঢ়ি উঠাৰ পিছতে এওঁ বাথৰুমৰ পৰা আহি সুধিলে ।
----"অঞ্জনাৰ চিঠি । মোৰ কলেজত পঢ়া দিনৰে বান্ধবী । আমি একেখন 'হোষ্টেলতে' আছিলো । তাই এই মাহৰ ৩০ তাৰিখে আহিব আমাৰ ঘৰত । বৰ ভাল ছোৱালী জানা । তুমি তাইক লগ পাই ভাল পাবা ।"
----"জানো দিয়া তাইক ।"
----"কেনেকৈ জানা তাইক ? তাইকতো তুমি কেতিয়াও লগেই পোৱা নাই ।"
----"তোমাৰ লগৰ কাকনো নজনাকে থাকিব দিছা এতিয়ালৈকে ? এই পোন্ধৰ বছৰত প্রায় সকলোৰে নাম, ধাম, স্বভাৱ, গাৰ ৰং আদি কৰি কোনটো কথা মুখস্থ নোহোৱাকৈ এৰিছা । মই বুলিহে পাৰিছোঁ বুজিছা । অইন কোনোবা হোৱা হ'লে কেতিয়াবাই পগলা ফাটেক পালেগৈহেঁতেন ।"
----"হ'ব দিয়া । তুমি অলপ বেছিয়ে কৰা ।"
----"সঁচা কৈছোঁ তো মই । তোমাৰ বন্ধু-বান্ধবী কাৰোবাক বাটে-ঘাটে দেখিলেও মই কব পাৰিম-- আপুনি অমুক নহয় ? আপোনাৰ চুলিখিনি সৰি তপা হ'ল । আৰু আপুনি অমুকী নহয়নে ? আগতকে বহুত শকত হ'ল আপুনি । মোৰ শ্ৰীমতীৰ বৰ্ণনাত আপোনাৰ মুৰত ঘন কলা চুলি আৰু আপোনাক 'শ্লিম' দেখিছিলো ।"
----"বৰ একেবাৰে । সুবিধা এটা পাইছা বুলি কথা শুনাই থাকিব নালাগে । আজিৰ পৰা কথা কবই এৰি দিম তোমাৰ লগত । আইনাখন আগত লৈ  নিজৰ লগতে কথা পাতি থাকিবা ।"
----"হেৰি নহয়, কি বুলি কয়, তোমাৰ আগতনো ক'ত কেতিয়া কথা কব মুখ মেলিব সুবিধা পাওঁ সোনজনী । চকু দুটা ট ট কে মেলি তোমাৰ কথা শুনি থাকোতে নিজে কিবা কম বুলি ভাবি থাকিলেও পিছত মনতেই পেলাব নোৱাৰো । হাজাৰ হওক মানুহৰহে মগজু ; যিমানবোৰ নতুন নতুন 'ডাটা' দিয়া সেইবোৰ লওঁতে লওঁতে নিজৰ পুৰণিবোৰ নিজে নিজে 'ডিলিট' হৈ যায় ।"
----“হ'ব । বহুত কলা আৰু আজি । অফিচৰ পৰা আহি আহিয়েই মোৰ লগত লাগি লব নালাগে । চাহ খোৱা আৰু টি, ভি, খুলি দিনৰ দিনটো ‘নিউজ চেনেল’বোৰে ফেনেকি থকা বাতৰিবোৰকে চাই থাকাগে । কোনেও মোৰ লগত কথা কবও নালাগে আৰু শুনিবও নালাগে । বৰ একেবাৰে । হুহ । আহি আছে মোৰো বান্ধবী । তাইৰ লগতে কথা পাতিম । কাকো ইমান খাতিৰ নকৰোঁ ।“

  এই মানুহজনৰ লগত নোৱাৰি আৰু । অঞ্জনা বাৰু হঠাতে কিয় আহি আছে ? চিঠিখনতো বিশেষ একো লিখা নাই । মই তাইৰ মাকৰ ঘৰৰ ঠিকনাত চাৰি বছৰমান আগতে মোৰ ঠিকনা জনাই দিয়া চিঠিখনৰ তাই কোনো উত্তৰ দিয়া নাছিল । মইতো চিঠিখন নোপোৱা বুলিহে ভাবি আছিলো । মোৰ ঠিকনা জনাৰ পিছতো তাই কিয় মোৰ লগত কোন যোগাযোগ ৰখা নাছিল ? বৰ আচৰিত কথা ! তাই আহিলেহে যদি সকলো গম পাম ।

  মোৰ বিয়াৰ দুবছৰৰ পিছতে তাইৰ বিয়া হৈছিল । মাজনী সৰু হৈ থকা বাবে মই যাব পৰা নাছিলো বিয়াত । মানুহজন তাইতকে দহ বছৰমান ডাঙৰ যদিও খুব ভাল মানুহ বুলি শুনিছিলোঁ । কেন্দ্রীয় চৰকাৰৰ উচ্চপদস্থ বিষয়া হেনো । বিয়াৰ পিছৰে পৰা অসমৰ বাহিৰতে থাকে । সেয়ে লগো পোৱা নাই ইমান বছৰে । লগৰ এজনৰ মুখত তাইৰ লৰা হোৱা বুলি শুনিছিলোঁ । পঢ়ি থাকোতে ইমান ভাল বান্ধবী আছিলো । এটা কথাও নুলুকুৱাইছিলোঁ ইজনীয়ে সিজনীৰ পৰা । কিমান যে কথা পাতিছিলোঁ ৰাতি ৰাতি । সেই দিনবোৰ ভাবিলে এতিয়াও দুখ লাগে । বিয়াৰ পিছত যে ছোৱালীৰ গোটেই জীৱনটোৱেই সলনি হৈ যায় । নতুন বহুত কিবা কিবি পোৱা যায় যদিও মনটোৱে তথাপি আগৰ দিনবোৰলৈ ঢাপলি মেলে ।

    চাওঁতে চাওঁতেই তাই অহাৰ দিনটো আহি পালেহি । তাইৰ পচন্দৰ খাৰ দিয়া মাটিমাহৰ ডাইল আৰু পায়স বনাই থৈছো । তাই শুবলগীয়া বিচনাখনত তাই ভাল পোৱা ধৰণৰ বগাত সৰু সৰু নীলা ফুলৰ বিচনাচাদৰ পাৰিছোঁ । অট'খনৰ পৰা নামিয়েই মোক সাবটি ধৰি কলে--"বহুদিনৰ পিছত লগ পালো ন ! ভালে আছ তই ?" তেতিয়ালৈ দুয়োজনীৰে চকুত চকুপানী আহিয়েই গৈছিল । মাজনীয়ে স্কুলৰ পৰা আহি মাহী মাহীকে তাইৰ লগেই নেৰে । ইমান যে কথা পাতে এই ছোৱালীজনীয়ে । এওঁৰ লগতো অফিচৰ পৰা অহাৰ পিছত সন্ধিয়াহে চিনাকী হৈ কথা বতৰা পাতিছে । ৰাতি অঞ্জনা আৰু মই একেলগে শুলো কথা পাতিবলৈ । আগতেও কথা পাতিবলৈ আমি একেলগে শুইছিলো ।

     মই কলো---"ক' এতিয়া তোৰ খবৰ বাতৰি । দিনতটো কথা পাতিবলৈকে নহ'ল । ইমান বছৰ একো খ-খবৰ নাই আৰু আজি হঠাতে আহি ওলালি, তাকো অকলে । ল'ৰাটোক কাৰ লগত এৰি আহিছ ? "
-----"সকলো কম লাহে লাহে । কম বুলিয়েইতো আহিছো । তোৰ কথা কচোন শুনো ।"
-----"মোৰনো কি বিশেষ খবৰ আছে । যি দেখিছ সেয়াই । ছোৱালী আৰু বাপেকৰ আগে-পিছে ঘুৰোতে, চিঞৰতে দিনবোৰ পাৰ হৈ যায় ।"
-----"ভালেই দে । তোক দেখিলেই গম পোৱা যায় সুখী গৃহিণী বুলি । তোৰ ছোৱালীজনীও বৰ মৰমলগা আৰু মানুহৰ লগত মিলাবিধৰ হৈছে । তোৰ মানুহজনৰ দৰেই হৈছে ন তাই ?"
-----"নকবি আৰু, তাই একেবাৰে বাপেকৰ জীয়েক হৈছে । বাপেকেও তাইক এনেকে মূৰত উঠাই ৰাখে যেন সদায় কেঁচুৱাজনী বনায়ে ৰাখিব । কচোন এতিয়া তোৰ খবৰ ? তোৰ মানুহজনৰ, লৰাটোৰ, তোৰ সংসাৰৰ কথা ক ? তোক দেখিলেই কিন্তু ধৰিব পাৰি দেই তই যে একদম 'হাই-ফাই চচাইটিট হাই-ফাই লাইফষ্টাইল মেইনটেইন' ক'ৰ । তোৰ সেই আগৰ দীঘল চুলিটাৰিও নাই । চুটি চুলিৰেও তোক ধুনীয়ায় লাগিছে আৰু চুলিৰ ৰংটোৱেও গাৰ ৰংৰ লগত বৰকে শুৱাইছে । হলেও তোৰ দীঘল চুলিখিনি মই বৰ ভাল পাইছিলো । সদায়ে আশা কৰিছিলোঁ তোৰ দৰে দীঘল চুলি পাবলৈ ।"
-----"ভালে হৈছে তই মোৰ দৰে একো পোৱা নাই । নহলে কষ্টখিনিও যদি মোৰ দৰে পালিহেঁতেন ভাল নালাগিল হেঁতেন । তোক সুখী দেখিয়েই ভাল লাগিছে অ' । অন্ততঃ মোৰ দৰে কৃত্ৰিম একো নাই তোৰ জীৱনত ।"
-----"কি হৈছে অ' অঞ্জনা তোৰ কচোন খুলি ? অহাৰ পৰাই তোক মন কৰিছোঁ তই যেন কিবা কষ্টত চেপা খাই আছ । কি হৈছে তোৰ ক না মোক ? একো কৰিব নোৱাৰিলেও শুনিবতো পাৰিম, বুজিতো পাম তোৰ কষ্টখিনি । মইতো তোক ইমানদিনে এখন সুন্দৰ, সুখী সংসাৰৰ গৰাকীনী বুলিহে ভাবি আছিলো ।"
-----"কম, কম । তোক সকলো কম বুলিয়েইতো তোৰ ঘৰত আহিছোঁ । কাকো মোৰ দুখৰ ছবিখন নেদেখুৱাম বুলিয়েই সকলোৰে পৰা আঁতৰি আছিলো । সেইবাবে তোৰ লগতো কোনো যোগাযোগ ৰখা নাছিলো । আৰু সহ্য কৰিব নোৱাৰা হৈছো । ঘৰৰ মানুহে ঠিক কৰি দিয়া ভাল মানুহজনৰ লগতেই বিয়া হলোঁ । বিয়াৰ পিছত ফুলশয্যাৰ নিশাতেই গম পালো সপোন ভোগাৰ যন্ত্ৰণা কি আৰু কেনেকুৱা হ'ব পাৰে ।"
-----" তাৰ মানে ?"
-----"তাৰ মানে আৰু কি হ'ব ! সকলো ছোৱালীৰ দৰে ময়ো এজন মৰমীয়াল, কথা-বতৰা খুলি কোৱা স্বামী আশা কৰিছিলোঁ । বিয়াৰ প্রথম নিশাটিক লৈ মোৰো আছিল কিছুমান ভাল লগা সপোন, কল্পনা । কিন্তু বাস্তৱত যেতিয়া ৰূমত সোমোৱাৰ লগে লগে একো কথা বতৰাৰ অৱতাৰণা নকৰাকে মানুহজনে অকল --"তুমি বৰ ধুনীয়া। 'ইউ আৰ হেভিং এন এপিলিং ফিগাৰ' " বুলি গাৰ কাপোৰ আজুৰি খুলি ধৰ্ষিতা হোৱাৰ অনুভব কৰাই দিয়ে তাৰ পিছতো জানো কিবা সপোন জীয়াই থাকে ? সেই নিশাটোত মোৰ হঁহা-কন্দা সকলো শক্তিয়েই যেন শেষ হৈ গৈছিল । কাকো একো নোকোৱাকৈ তেনেকৈয়ে এটা মাহ শহুৰৰ ঘৰত কটাই মানুহজনৰ লগত পুনেত গৈছিলো ।

    টকা-পইচা একোৰে অভাৱ নাছিল মোৰ । তেওঁৰ লগতে 'জইণ্ট একাউণ্ট" খুলি দিছিল । লগতে বজাৰ কৰিবৰ সুবিধাৰ বাবে 'ক্রেডিট কাৰ্ড', ঘুৰা-ফিৰাৰ বাবে মোৰ নিজাকে গাড়ী, ড্রাইভাৰ সকলো সুবিধা কৰি দিছিল । আমাৰ দুজনীয়া সংসাৰত এজনী 'পাৰ্ট-টাইম' কৰা বাই, ৰান্ধনী, মালী সকলো আছিল । নাছিল মাত্র মই বিচৰা মানুহজন । বিয়াৰ এবছৰ পিছতে বাবাটো আমাৰ মাজত আহিল । তেওঁ বিচৰা নাছিল ইমান সোনকালে আমাৰ মাজত তৃতীয়জনক । মই অলপ জোৰকৈয়ে আনিলো তাক । তাৰ বাবে মই মোৰ শাহুৰ সহায় লৈছিলো । শহুৰ-শাহুৱে মোক বৰ মৰম কৰে । তেওঁলোক লগত থকা হ'লে হয়তো জীৱনটো অলপ বেলেগ হ'লহেঁতেন । তেখেতে বিচৰা ধৰণে মই তেওঁলোকৰ 'অফিচাৰ চচাইটিত ফিট' হোৱাকে সলাই পেলালোঁ । চুটি চুলি, অত্যাধুনিক পোচাক কৰি আখৈফুটাদি 'ষ্টাইলত' ইংৰাজী কোৱা সকলো শিকিলো । 'পাৰ্লাৰ'ত গৈ 'ফেচিয়েল, পেডিকিওৰ, মেনিকিওৰ' আৰু যত যি আছে সকলো কৰোৱাব শিকিলো । বেলেগ কামতো নাছিলেই, আনকি নিজৰ হাত-ভৰিৰ নখ কেইটাও নিজে কাটিব নালাগে । যিমানেই মই সেইখন সমাজৰ লগত খাপ খোৱাকে আধুনিক হলো সিমানেই ভিতৰি নিসঙ্গ হৈ গলো । তেখেতৰ সঘনাই 'ট্ৰেন্সফাৰ' হৈ থাকে বাবে দুবছৰৰ আগতে 'ক্লাচ ফাইভ'ত বাবাটোকো দিল্লীৰ 'বৰ্ডিং স্কুল' এখনত থলে । মই কিমান বাধা দিছিলো বাবাক 'বৰ্ডিং'ত নথবৰ বাবে, কিন্তু তেখেতে নামানিলে । এওঁৰো 'প্রমোচন' হোৱাত কাম আৰু 'টুৰৰ' পৰিমাণ বাঢ়ি গল । ঘৰত কম আৰু অফিচৰ কামত বাহিৰতেই বেচিকৈ থকা হ'ল । অকলশৰীয়া ঘৰটোত থাকি ভাল নলগা হোৱাত 'এন জি অ' এটাতে সোমাই ললোঁ । 'এন জি অ'টোত সোমাইহে মই ভালকৈ উশাহ লব পৰা যেন হলো ।"
-----"আৰু তই 'এন জি অ'ৰ কামতেই ইয়াত আহিছ তাৰ মানে ?"
-----"'এন জি অ'ৰ কামতেই আহিছো । কিন্তু এইবাৰ নিজৰ পৰা পলাবৰ বাবেহে আহিছোঁ ।"
-----"নুবুজিলো ।"
-----"কৈ আছো । কলেই সকলো বুজি পাবি । যোৱা বছৰৰ কথা , 'এন জি অ'ৰ কিবা এটা 'প্রজেক্ট'ৰ ওপৰত আমি তিনিজন, মই, লীনা নামৰ এজনী ছোৱলী আৰু অৰ্ণিবানে এটা 'টিম' হিচাবে কাম কৰা আৰম্ভ কৰিছিলোঁ । অৰ্ণিবান মুম্বাইৰ পৰা বিশেষকৈ সেই  'প্রজেক্ট'ৰ ওপৰত কাম কৰাৰ বাবেই আহিছিল । দুয়ো মোতকে সৰু আছিল । লীনাৰ গা বেয়া বেয়া হোৱা বাবে মাজতে বেচ কিছুদিন চুটিত আছিল । তাইৰ ভাগৰ কামবোৰ আমি, বেছিকে অৰ্ণিবানে চাইছিল । মাৰ্জিত কথা বতৰাৰ লৰাজন কামত বৰ ভাল আছিল । লাহে লাহে আমাৰ মাজত বেচ বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা হ'ল । বয়সত সৰু আছিল যদিও সি সদায় সমান সমনীয়াৰ দৰেই ব্যৱহাৰ কৰিছিল । লাহে লাহে মোৰ ভাব হোৱা হ'ল সি যেন মোৰ ভাল লগা, বেয়া লগা সকলো লৈ বেছ সজাগ আৰু যত্নপৰ হৈ উঠিল । ভিতৰি যথেষ্ট সংবেদনশীল লৰাটোৱে এদিন হঠাতে কলে--"আপোনাৰ চকুদুটি ইমান বিষন্ন কিয় ? কিহৰ ইমান কষ্ট কঢ়িয়াই লৈ ফুৰে মনত ? ইমান ধুনীয়া চকুদুটিক কষ্টৰ বোজা বোৱা দেখিলে দুখ লাগে । আপোনাৰ চকুদুটি দেখিলে মোৰ সদায়ে ভাব হয় আপোনাৰ নাম 'অঞ্জনা' নহয় 'নীলাঞ্জনা'হে হ'ব লাগিছিল ।" তাৰ কথা শুনি মই বৰ আচৰিত হৈছিলো । কি কয় লৰাটোৱে । মইতো কেতিয়াও কাৰো লগতে মোৰ ব্যক্তিগত কথা পতা নাই, তেন্তে কিয় কলে তেনেকে । অফিচত মোক কোনেও মন মাৰি থকাও নেদেখে । বেচ ভালদৰেই হাঁহি মাতি থাকো । মই তাক মাত্র কলো যে তেনেকুৱা একো নাই আৰু সি এনেয়ে বেচি ভাবিছে ।

   তাৰ পিছত আৰু সেই সম্পৰ্কে কোনো কথা পতা নাছিলো । কিন্তু তাৰ মাজত ক্রমাত কিবা যেন এক পৰিবৰ্তন অনুভৱ কৰিছিলোঁ । একো নোকোৱাকৈ বহু কথায় কৈ গৈছিল তাৰ অভিব্যক্তিয়ে । ময়ো যেন ভিতৰি এক অদ্ভুত অনুভূতি অনুভৱ কৰিছিলো নিজৰ মাজত । কি সেই অনুভৱ তাৰ কোনো সঠিক বাখ্যা নাছিল মোৰ লগত । আমাৰ এবছৰীয়া 'প্রজেক্টৰ' কাম শেষ হ'বলৈ তেতিয়াও প্রায় চাৰিমাহ মান বাকী আছিল ।  'প্রজেক্টৰ' কামত আমি কৰবাত কৰবাত যাবও লাগিছিল । যদিও গাড়ী আৰু 'ড্রাইভাৰ' অফিচৰে আছিল তথাপি সি সদায় মোক আৰু লীনাক নিজৰ নিজৰ ঘৰত থৈহে তাৰ ৰূমলৈ গৈছিল । কেতিয়াবা লীনা নগলে আমি দুয়ো গৈছিলো এই কামবোৰত । তেতিয়া যেন সি অধিক যত্নপৰ হৈছিল মোৰ বাবে । তোৰ আগত মিছা নকওঁ, মোৰো কৰবাত ভাল লাগিছিল এই যত্ন, এই গুৰুত্ব । যেন বহুদিনৰ পৰা মনে বিচাৰি থকা পৰম আকাঙ্খীত কিবা এটা পাইছো । প্রতি মূহুৰ্ত্ততে বিবেক সকীয়াই থাকে--"তাক ৰখাই দে ইমানতে", কিন্তু মনে কয়--"একো নহয় । ইমানকে নাভাবিবি । সিতো কেতিয়াও তোৰ শৰীৰ স্পৰ্শ কৰা নাই।" প্রতিটো মূহুৰ্ততে মই মোৰ মনটোত তাৰ স্পৰ্শ অনুভৱ কৰি আছিলো । সি মোক বন্ধুত্ব দিছে, মই বিচৰা সহচাৰ্য্য দিছে । তিলে তিলে শুকাই মৰুভুমি হ'ব ধৰা মোৰ ভিতৰখনক সি জীয়াই তুলিছে । লগে লগে বাঢ়ি আহিছিল এক অনামী ভয় । মই প্রতিমাহে যেতিয়া বাবাক লগ কৰিব দিল্লীলৈ যাব ওলাওঁ সিও যাব বিচাৰে মোৰ লগত । মই  প্রতিবাৰেই তাক কওঁ--"এইবাৰ নালাগে, অহাবাৰ যাবা ।" মই তাক নহয়, নিজকে ভয় কৰা হৈছিলো ।

      'প্রজেক্টৰ' কাম শেষৰ পিনে অহাত আমি তিনিওজনে অফিচত প্রায়ে ৰাতি নটা মানলৈকে কাম কৰিবলগীয়া হৈছিল । ''প্রজেক্ট ৰিপোৰ্ট'বোৰ জমা দিবলে মাত্র এসপ্তাহ মানহে আছে তেনাকুৱাতে এদিন লীনা তাইৰ স্বামীৰ লগত সাতটা মানত অফিচৰ পৰা গৈছিল । আমি তিনিও সিদিনাখন এসপ্তাহ পিছত যে লগ এৰা এৰি হ'ম সেই বিষয়ে কথা পাতিছিলোঁ আৰু স্বভাবিকতেই আমাৰ মনবোৰ বিষন্ন হৈ আছিল । নমান বজাত মই আৰু অণিৰ্বান যেতিয়া ঘৰত যাব ওলাইছিলোঁ তেতিয়া হঠাতে সি মোৰ হাতত ধৰি তাৰ ওচৰ চপাই কলে---"নীলাঞ্জনা, মই তোমাক এৰি থাকিব নোৱাৰিম । মই আৰু মুম্বাইলৈ ঘুৰি নাযাও । আমি আৰু কিবা 'প্রজেক্টৰ' ওপৰত এনেকৈয়ে একেলগে কাম কৰি থাকিম । 'প্লিজ' মোক না নকবা ।" ইয়াৰ আগতে সি কেতিয়াও মোক নীলাঞ্জনা বা তুমি বুলি মতা নাছিল । মোৰো জানো কি হ'ল কব নোৱাৰো তাৰ আৰু ওচৰ চাপি গৈ কলো---"নালাগে যাব কতো । আকৌ অকলশৰীয়া হৈ যাম মই । থাকা সদায় এনেকৈয়েই মোৰ লগত ।" আৰু তাৰ বুকুত মুখ গুজি চকুপানীৰে তিয়াই দিলো তাৰ চাৰ্ট । হয়তোবা বহুদিনৰ পৰা ওলাব বাট বিচাৰি থকা চকুপানীবোৰে নিৰ্ভৰযোগ্য বুকু এখনৰ অপেক্ষাতেই আছিল । পিছ মূহুৰ্ততে মোৰ বিবেকে সাৰ পাই মোক জোকাৰি কলে---- "তই নীলাঞ্জনা নহয়, তই অঞ্জনাহে । এজনৰ বিবাহিতা স্ত্রী । এটা সন্তানৰ মাতৃ । অইনৰ বুকুত আশ্রয় বিচৰাৰ অধিকাৰ তোৰ নাই ।" অণিৰ্বানৰ পৰা আঁতৰি আহি মাত্র কলো---"বলা যাওঁ । বহু ৰাতি হ'ল । মই মোৰ ঘৰত যাব লাগে ।" পিছত আৰু 'প্রজেক্ট' জমা দিবৰ বাবে মই অফিচ নগলো । লীনাক মাতি আনি বাকীথকা কামবোৰ বুজাই দি দুয়োকে জমা দিবলৈ কৈ অসুখ বুলি চুটি ল'লো । কিছুদিন পিছত অফিচ গৈ গম পালো অণিৰ্বানে হেনো জয়পুৰতে থাকিব বুলি মুম্বাইৰ অফিচত দৰ্খাস্ত দিব গৈছে । এই খবৰ পোৱা মাত্রকে ময়ো 'এন জি অ'টোৰ মাজুলীত আৰম্ভ হ'বলগীয়া নতুন  'প্রজেক্ট' এটাত কাম কৰিবৰ বাবে দৰ্খাস্ত দিলো । আৰু সি আহি পোৱাৰ আগতে হাতে হাতে অফিচৰ পৰা 'অৰ্ডাৰ' লৈ অসম পালোহি । অহাকালি ইয়াৰে 'হেড অফিচত জইন' কৰি মাজুলীলৈ যাম । মই এবছৰৰ বাবে আহিছো । আশাকৰোঁ এই এবছৰত মোৰ মনৰ পৰা অণিৰ্বান গুচাব পাৰিম । মই যে পাৰিবই লাগিব । আশাকৰোঁ মাজুলীয়ে মোক সহায় কৰিব ।"

    ইমান পৰে মই যেন কোনোবা এক বেলেগ গ্রহত দূৰৈৰ পৰা ভাহি অহা কথা কিছুমানৰ মাজতহে আছিলো । বেচেৰী মোৰ মৰমৰ বান্ধবীজনী ইমান বছৰৰ পৰা অত কষ্টৰ বোজা বুকুত লৈ আছিল আৰু মই তাইক সুখী জীবন কটোৱা বুলি ভাবি আছিলো । এই মূহুৰ্তত তাইক কবৰ বাবে একোৱেই বিচাৰি পোৱা নাই । তাইৰো চাগে নিজক খালী কৰিবলে আৰু একো বাকী নাই । কথাবোৰ তাই মোক কৈ নিজক পাতলালে নে নিজেই নিজৰ ওচৰত স্বীকাৰোক্তি দিলে ! ওচৰতে নিঃশব্দে পৰি থকা মবাইলটো চালো । ৰাতি তেতিয়া তিনি বাজি চল্লিচ মিনিট । মই তাই কলো---"ৰাতিটো শেষ হ'বলৈ আৰু বেছি সময় নাই । শুই লওঁ দিয়া অকণমান ।"
 ----" অ' শুবই লাগিব । ৰাতিটো শেষ হলেহে ৰাতিপুৱাটো দেখিবলৈ পাম । ৰাতিটোক যে বিদায় দিবই লাগিব ।"

   ইশ্বৰৰ ওচৰত প্রাৰ্থনা কৰিলোঁ---- "মোৰ বান্ধবীজনীক এটা সুন্দৰ পুৱা এটা উপহাৰ দিয়া প্রভূ । তাই বিচৰা ধৰণৰ পুৱা ।"

---------------------------------------------------------------------------------------------

Friday, 23 May 2014



     ------:পৰিবৰ্তিত শৈশব:------


  : অ' মালতী বাই চুলিখিনি টানকৈ বেণী গুঠি দিয়ানা ।
  : চুলিত ইমানকৈ তেল কিয় লগাইছা এই আবেলি ?
  :এনেই লগাইছো ।  সোনকালে দিয়ানা , খেলিব যাওঁ । শুনা নাই বিভাহতে মাতি আছে ।
  :মাহী অফিচৰ পৰা আহি তোমাক ঘৰত নেদেখিলে খং কৰিব ।
  :মা অহাৰ আগতে আহি পাম দিয়া ।
  :হ'ব যোৱা । বেছি দেৰি নকৰিবা আৰু দৌৰি নাযাবা ।
  :'অই ৰীণা, এত দেৰি কেনে লাগাইলি ?'
  :'স্কুলেৰ থাকি আহি ভাত খাইত্তে দেৰি হইল ৰে ।'
  :'তুই কি গাওটাও ধুইলী ? মাথাতা গটায় ভিজা ?'
  :'নাই ধুঙ । তেল দিছুঙ । পাৰুল, আজি অজিত নাই আহে খেলাবা? অইদিন অয় কৈছিল না মোৰ চুলিত লাৰি 'আউট' কৰছে ।আজি দেখিম কেমনে আপায় মিছা কাথা কয় ।'
  :'অ' অইবাদে এত তেল মাথাত ! তৰো যে কাম না ! আয় এলা খেলাং ।'
  :'অ' চুটুপি, আজি কি তুইও খেলাবি না কি ?'
  :'নাখেলাং ৰে মাই ।ছাগল নিবা আইছুং । তুমাক গটায় খানকে দেখিলুং যে অইবাদে আহিলুং ।'
  :'দে । তুই দেখেক ,আমি খেলাং ।'
  :'হো মাই, তোৰ মাক অনেকদিন নাইদেখুং । আহিবা কইছতো একদিন আমাৰ ঘৰত বেৰাবা।'
  :'দে হব, কম । তুইওতো কুনবাবেলা যাবা পাইছ ।'
  :'অই ৰীণা, ক'তয় ৰাও কাৰিস ৰে ? আয় না খেলাং ।বেলাটা গটায় গেইল ।'
  :'তোৰ খানিক বেসি বেতাল ৰে মামনি । বাপন আয় । দে দে আৰম্ভ কৰ ।'
  :মা, অ' মা ; দাদাক চোৱাহি চোন । দাদাৰ 'গেইমৰ টাইম' শেষ হৈছে ,তথাপি মোক খেলিব দিয়া নাই ।
  :'গেইম' ! কি 'গেইম'?
  :কি ভাবি আছা তুমি ? 'কম্পিউটাৰ গেইম' আকৌ । তুমিয়েইচোন দুঘণ্টাকৈ খেলিব দিছিলা , মনত নাই ? দাদাৰ 'টাইম' শেষ হৈছে তথাপি মোক দিয়া নাই । মা তুমি দাদাক কোৱানা 'প্লিজ' ।
  :ৰবা, মই গৈ আছো । কাজিয়া নকৰিবা দুয়ো ।
   
   মই ইমান দেৰি ক'ত আছিলো মই ! পঁচিশ বছৰত পৃথিৱীখন বহুত সলনি হ'ল । পথাৰত অমলা শৈশব আহি বাকচৰ আগত বন্দী হ'ল । 

   ---------------------------------------------february--2014------------------------------


    -----:বসন্তৰ গান :-----

নকলা কিয় এবাৰো আহিম বুলি,
আদৰিলোহেঁতেন দুৱৰীৰ দলিচাত
শেৱালিৰ ফুল বাচি ।
ৰলোহেতেন নিশ্বাসত সুবাস সাবটি
তোমাক দিবলে ।

তুমি পচোৱা নে ধুমুহা ?
ইমান অপ্ৰত্যাশিত,
ইমান অবাধ্য ।
স্তব্ধ হৈ যায় মোৰ উশাহ ।
আবেগেও ভেটা ভাঙিব খোজে ।

ধুমুহালৈ মোৰ বৰ ভয় জানানে !
মূহুৰ্ত্ততে আহি মূহুৰ্ত্ততে গুচি যায় ।
জোৱাৰৰ দৰে নাচে আবেগে মূহুৰ্ত্তলে,
আৰু ৰৈ যায় বিধ্বস্ততা ।

তুমি বহাগ হোৱানা ।
প্রকৃতিৰ সতে প্রস্তুতি চলাম
তোমাক আদৰাৰ ।
চকুত লাজ, মনত অযুত হেপাহ লৈ
বাট চাম তোমালৈ ।

নাচনী হ'বৰ বৰ হেপাঁহ মোৰ ৷
ৰঙিলী কপৌপাহি খোপাত সজাই দিবানে !
গাবানে মোৰ সতে বসন্তৰ গান !!


                      27/03/14
------------------------

 : ঠিকনা :                                                                                                                   ১৮/০৫/১৪

  মৰমৰ, 
        মৰম লবা । আশাকৰোঁ ভালে আছা । জানো এয়া অবান্তৰ আশা । কিন্তু চিঠিৰ আৰম্ভণি যে এনেকুৱায় হয় সদায় । আজি চিঠি এখন লিখিবলৈ  বৰ মন গৈ আছে । বহুদিন, নহয় বহুবছৰ হ'ল কাকো চিঠিৰ নামত এটা শব্দও নিলিখা । কালৈনো লিখিম চিঠি ? ঠিকনাবোৰেই যে হেৰাই গল । ক'ত হেৰাল বাৰু এই ঠিকনাবোৰ ? 

      আগতে যে লিখিছিলো সেই চিঠিবোৰৰ কথা মনত পৰে । তেতিয়া ঠিকনা আছিল বহুত, কিন্তু কথা আছিল কম । 'হোষ্টেল' বন্ধ হলেই ঘৰৰ পৰা লগৰ কেইজনীক যে কিমান চিঠি দিছিলোঁ । এতিয়াও মনত পৰে । ----" অই কি কৰি আছ ঘৰত ? ঠিকছে পঢ়িছা ন ? তই এইবাৰ কিজানি বেলেগ ৰিজাল্ট কৰিবি দেই ! মোৰ জানা পঢ়াত একেবাৰেই মন নবহা হৈছে । কিতাপ মেলি ললেই টোপনিয়ে হেঁচা মাৰি ধৰে । 'মেজৰ'তেই 'বেক' লাগিব কিজানি ভাই । কি যে হ'ব মোৰ ?" তেতিয়া সেই সৰু সৰু কথাবোৰেই ইমান ডাঙৰ যেন ভাব হৈছিল । নকলেই নহ'ব যেন লাগিছিলচোন । চিঠি দিবলে ঠিকনাওতো আছিল । আজিকালি সকলোৱে ইমান ব্যস্ত । কাৰ সময় আছে লিখিবলৈ আৰু কাৰ সময় আছে পঢ়িবলৈ । ঠিকনাবোৰ যে এতিয়া সলনি হৈ "@ ডট কম" হ'ল আৰু 'মেছেজ' দিবলে কিছুমান নম্বৰ । ব্যস্ততা আৰু আধুনিকতাৰ প্র্তিক । হয়তোবা ভালেই ! ঠিক নাজানো । 
  
    মোৰ যে এই "@ ডট কম"বোৰ একদমেই ভাল নালাগে । ----" হেল্ল । হাউ আৰ ইউ ? আই এম ফাইন । হ'প ইউ আৰ অলছো এনজইং ইয়ৰ লাইফ ।" অসহ্যকৰ । ইমান উপৰুৱা কথা বতৰা ! 

    ভিতৰখন কথাৰে ঠাহ খাই আছে জানানে ! অকল কথাই নে ! নহয় । এবুকু অব্যক্ত যন্ত্রনা । হাঁহিৰ আৰত, দায়িত্ব কৰ্তব্যৰ আৰত লুকাই থকা একাকিত্ব । মইজনীক হেৰুৱাই পেলোৱাৰ যন্ত্রনা । কেতিয়াবা বুকুখন গধুৰ গধুৰ লাগি বিষাই যায় । ঠিকনা এটা বিচাৰোঁ নিজক পাতলাবলৈ । পাম জানো ? নাপাওঁ । মই জানো ।সকলো জানো, সকলো বুজো । তথাপিও কিয় যে অবুজনৰ দৰে আচৰন কৰো । ঠিকনা এটা পোৱাৰ হাবিয়াস অহৰহ মনত কঢ়িয়াই লৈ ফুৰো ? বৰ আচৰিত মই আৰু মোৰ এই মনটো ।

   "ডট কম" হৈ নোযৱা ঠিকনা এটাৰ অভাব বৰকৈ অনুভব কৰো । কেতিয়াবা ভাব হয় পালো চাগে বিচৰা ঠিকনাটো ।কিন্তু ভালকে চালে তাতো কেবল শূণ্যতাহে পাওঁ ।মিছা, সকলো মিছা, সকলো মনৰ ভ্রম মাত্র । ভ্রম এটাৰ আগত পাৰিনে নিজক উদঙাব ? নোৱাৰি । এয়া সম্ভব নহয় । নিজকে নিজে কও --"বাদ দিয়া মিছাৰ আগত নিজক ডাঙি ধৰাৰ চেষ্টা কৰা । অনুভব, অনুভতিবোৰে দুগুণ কষ্ট পাব । 

   তুমিতো আছা সদায় মোৰ লগত মোৰ চিৰ লগৰী হৈ ।মোৰ সুখ-দুখ, হাঁহি-কান্দোনৰ সমভাগী । তোমাৰ আগততো একো গোপনতা নাই । নাই একো লুক ঢাক । তুমিয়েই মোৰ একমাত্র বিশ্বস্ত সহচৰী । জানো কাকো নকবা বুলি, তথাপি কওঁ, কাকো ভাগ নিদিবা মোৰ এই ব্যথাবোৰৰ । তোমাৰ আৰু মোৰ মাজতেই সীমাবদ্ধ থাকক দিয়া ফল্গুধাৰা । 
  
    আজি আৰু নিলিখো দিয়া । ৰাতিও বহুত হ'ল । চিঠিখন বাৰু লিখিলোঁ । এতিয়া কোন ঠিকনাত দিওঁ ? ঠিকনা জানো অকল নাম, জিলা, ডাকঘৰতেই সীমাবদ্ধ ? ঠিকনা যে মনৰো থাকে । মোৰ ঠিকনাচোন কেতিয়াবাই হেৰাল । ঠিকনাবিহীন, অস্তিত্ববিহীন মই । হাঃ হাঃ ; হাঁহি উঠি যায় অ' । পাগলী হোৱা নাই মই । এনেই আৰু । চাগে এনেই হাঁহি থকাটো এটা মুদ্রাদোষ হ'ল । থাকক দিয়া । নুগুচাও এই মুদ্রাদোষটো । ভাল লাগে । নিজক আৰ কৰি ৰাখিব পাৰি যে এইটোৰে । আজিলৈ বিশেষ নাই । ইতি-- 
                                                                         "মই"

    বি: দ্র:--চিঠিৰ আৰম্ভনিতে অকল মৰমৰ হে লিখিলো । মৰমৰ 'মই' লিখি ইতিতো 'মই' লিখিব ভাল নালাগিব যে সেইবাবে ।

      ----:  বিস্মৃতি :---

কেতিয়াবা বৰকৈ হেপাহ জাগে  বিস্মৃতিলৈ ।
বিস্মৃতিক বোকোচাত বান্ধি
নীল আকাশত চৰাইৰ সতে ডেউকা মেলি
উৰি যাম যেন মনৰ পৰিধি বিচাৰি ।
জানো সম্ভৱ নহয় ।
তথাপি ভাবোতে কি যায় !

কিয় ভয় লাগে !
কি হেৰুৱাব ভয় লাগে !
কিবা আছে জানো নিজাকে ?
নিজেইচোন নহওঁ নিজৰ ?
                                   ২৩।০৫।২০১৪

-------------------------------


----: শব্দ :----

বৰষুণ আহিব চাগে আজি !
অপেক্ষাতেই আছিলো
এজাক দবাপিটা বৰষুণৰ ।
বৰষুণৰ শব্দই ভৰাই তোলক
চৌপাশৰ নিস্তব্ধতা ।

মৌন কিয় তুমি ?
ক'ত গল তোমাৰ সেই প্রগলভতা ?
নে কেৱল মোৰ বাবেই শব্দহীন তুমি ?

মোক শব্দ লাগে ।
মোৰ বাবে উচ্চাৰিত হোৱা শব্দ ।

স্মৃতিৰ প্রতিচ্ছবি নবনাবা মোক ।
মোক হত্যা কৰাৰ অধিকাৰ কাকো দিয়া নাই ।
তোমাৰো নাই সেই অধিকাৰ ।।

Friday, 9 May 2014

"ফেচবুক, ইণ্টাৰনেট আৰু আমি":--- 

: আহিলা । তোমাৰ 'লেপটপটো' দিয়াচোন অকণমান । 
: অফিচৰ পৰা আহি পাইছোহে মাত্র । চাহ অকণ দি লোৱাচোন আগতে । মূৰটো বৰকে টিং টিঙাইছে । 
: দি আছো ৰবা । আগতে 'ফেচবুকত কিবা এটা 'কমেণ্ট' দি লওঁ । মোৰ মোবাইলৰ 'নেট পেক' আজিয়েই শেষ হ'ল আৰু 'বেলেন্চো' বেছি নাই । 
: ইমান জৰুৰী কি হ'লনো যে 'কমেণ্ট' নিদিয়াকে চাহকাপো দিব নোৱাৰা হলা ?
: আমাৰ 'কলনি'ৰ বৰুৱানীৰ আজি চিৰিৰ পৰা পৰি ভৰিত বেয়াকে দুখ পাইছে । 'ফ্রেক্সাৰে'ই হইছে চাগে । তেওঁলোকৰ ওচৰত থাকে যে মিছেচ কাকতি তেওঁ 'ফেচবুক'ত 'ষ্টেটাচ্ আপডেট' দিচে হেনো ।
: তোমাক কোনে কলে ?
: আমাৰ 'বিল্ডিঙ'ৰ কাকলীয়ে কৈছে । আমি আটাই কেইজনী একেটা 'কিটি গ্রুপ'ৰ আৰু লগতে 'ফেচবুক ফ্ৰেণ্ডছ' হয় । মিছেচ কাকতিয়ে হেনো বৰকে 'চেণ্টি ফালি' লিখিছে কিবা কিবি ---' ফিলিং চেড , গেট ওৱেল চুন, এম প্রেইং গড ফৰ ইয়ৰ কুইক ৰিকভাৰি' । হুহ ! জনা আছে বৰ একেবাৰে 'গডক প্রে' কৰাজনী ! মানুহৰ বেয়াৰ বাহিৰে ভাল চিন্তা কৰি নোপোৱা জনীয়ে আকৌ 'প্রে' কৰে !
: তেখেতে যেনিবা লিখিলেই কিবা এটা তাত তোমাৰ ইমানকে বকিবলৈ কি হ'ল পিছে ?
: তাইৰ আচলতে 'চচিয়েলি' কিমান 'কনচাৰ্ণ' সেইটো দেখুওৱাৰ 'ফাণ্ডা' । তুমি নুবুজিবা সেইবোৰ । দিয়া অ' তোমাৰ 'লেপটপটো' সোনকালে । সকলোৰে চাগে 'লাইক, কমেণ্ট' দিয়া শেষেই হ'ল । মোক সবেই হাঁহিব এতিয়া 'আনস্মাৰ্ট, লেজী' বুলি ।
: কোনোবাই দুখ পাইছে তাত আকৌ 'লাইক' কৰিবলগীয়া কি আছে ? তোমাৰ যদি চিন্তা বা বেয়া লাগিছে তুমিচোন এবাৰ গৈও খবৰ এটা লৈ আহিব পাৰিলাহেঁতেন ? নাইবা ফোন এটাও কৰিব পাৰাচোন ?
: মই যেনিবা গলোৱেই খবৰ লব বৰুৱানীয়ে জানো 'ফেচবুক'ত লিখিব সেইটো । আৰু ফোনৰ ক্ষেত্ৰতো একেই কথা । ইয়াত 'কমেণ্ট' এটা দিলে কমচেকম সকলোৱে দেখিব । তুমি সেইবিলাক নুবুজিবা দিয়া । তোমাৰ কোনো 'চছিয়েল নলেজ' নাই । অফিচ, ঘৰ আৰু খোৱাৰ বাহিৰে কি জানা তুমি ? এতিয়াও 'বেক ডেটেদ' হৈয়েই আছা তুমি । ৰবা 'অন' কৰি লওঁ এইটো । এহঃ , কি যে এসোপা সোমোৱাই থৈছা ইয়াত ? নুখুলেহে নুখুলে । তোমাৰ এই 'লেপটপ'ডালো তোমাৰ দৰেই 'বৰিং' । একদম এচাৰি ভাঙিম যেন লাগি যায় । মোৰ কাৰণে দামী চাই এটা 'লেপটপ'ৰ 'অৰ্ডাৰ' দিবাচোন । মোবাইলটোত অসুবিধা হয় 'ফেচবুক' কৰিব । 'থেংক গড' , খুলিছে ৰবা , ৰক্ষা !
: অকল 'ফেচবুক' কৰিবৰ বাবে 'লেপটপ' লাগে তোমাক ?
: নহয় অ' । মাজে মাজে " মিণ্ট্রা , জেবং , স্নেপডিল " এই 'অনলাইন স্বোপ'বোৰত খউব ভাল ভাল 'অফাৰ' দি থাকে । 'লেপটপ' এটা থাকিলে ভালকৈ চাই মেলি 'অৰ্ডাৰ' দিব সুবিধা হয় । তুমি মিছাতে চিন্তা নকৰিবা বস্তু নাহিব বুলি । মই 'চি অ ডি'হে কৰিম ।
: মানে ?
: 'কেস অন ডেলিভাৰী' । মানে বস্তু আহি পালেহে টকা দিম । ইমান মানে নুবুজিলেও হ'ব তুমি । মই যি কৈছো তাকে কৰা মাত্র । বাকী যি বুজিব লাগে মই বুজিম ।
: হেৰা , আজি পিছে চাহ পামনে ?
: পাবা অ' । নাপাবা কিয় ? ইমান চিন্তা নকৰিবা না তুমি । মই আছো তো । তুমি 'ড্রেচ চেঞ্ছ' কৰি ভৰি হাত ধুই মাত্র চেনী চাহপাত কেইটা দি চাহখিনি বহাই দিয়া । মই মোৰ এই কামখিনি কৰি আজৰি হৈ তোমাৰ চাহখিনি চেকি দি আছো । অ' জানটো ,আৰু এটা কথা শুনাচোন । চাহৰ লগত কি বিস্কুট খাবা প্লেট এখনত উলিয়াই লবানা 'প্লিজ' ।    04.05.2014.
        

 "মই আৰু তুমি"

নিশব্দতাই গোৱা গাথা, মালিতাবোৰ শুনিছানে ?
ইমান বিষাদ, ইমান কৰুণ ।
নিসঙ্গ হৃদয়ৰ গলিবোৰত হোৱা মোৰ পদশব্দই
টোপনিত ব্যাঘাত কৰেনে ?
নকৰে । জানো মই ।

আলোক সন্ধানী মই,
আৰু তুমি ? কি বিচৰা তুমি ? 
হাঁহি উঠি যায় ।
কিন্তু হাঁহিত মুকুতা নসৰে কিয় ?
কিয় দুচকুৰে কলিজাৰ তেজ নিগৰে ? 
চুই চোৱাচোন মোৰ দুহাত ।
চেঁচা । কিয় চেঁচা ?
ইমান অবুজ তুমি ।
আকৌ হাঁহি উঠি যায় মোৰ ।
অ' নিগৰে, প্রতিবাৰেই নিগৰে,
গোট মাৰি বৰফ হোৱা কলিজাৰ তেজ চকুলো হৈ ।

হৃদয় বিচৰা 'মই'ৰ ব্যথা নুবুজিবা ।
কাৰণ ? কাৰণ তুমি যে তুমি হৈয়েই থাকিলা ।
তুমিতো তুমি বিচৰাবোৰৰহে বিচাৰিলা ।
মোক জানো বিচাৰিলা ?

আমি-- উহু নহয়, মই আৰু তুমি,
ভুল কৰিলো নেকি ?
ভুল বাটেৰে আহি বাট হেৰুৱালোঁ নেকি ?
আগলৈ বৰ এন্ধাৰ,
একোচোন মনিবই নোৱাৰি ।। 
                            21.4.2014

Sunday, 20 April 2014

মেঘবোৰ

বৰষিব খোজা তোমাৰ আকাশৰ মেঘবোৰ দেখিছো
মোৰো আছে এটুকুৰা মেঘ ।
আপ্রাণ চেষ্টা মোৰ নীলাৰ মাজত লুকুৱাই ৰখাৰ ।
অবাধ্য হব খোজে জানানে !

পথাৰ হবৰ মন যায় ,
তোমাৰ মেঘে অনা বৰষুণৰ
চন্দ, কবিতা, আকুলতা, 
উন্মাদনাক সাবটি লবলে ।

          19.4.2014

Friday, 21 March 2014

গল্প নহয়, অভিজ্ঞতা

"গল্প নহয়, অভিজ্ঞতা "
মানুহজনৰ চাকৰি সূত্ৰে বিয়াৰ পিছৰে পৰা উড়িষ্যাৰ ভুৱনেশ্বৰত থাকিব লৈছিলো । প্রথম অৱস্থাত বৰ ভাল লাগিছিল থাকি ।নতুন ঠাই, নতুন সংসাৰ, সকলো নতুন আৰু সকলোতে কেৱল ভাললগা আৰু ভালপোৱা । ভুৱনেশ্বৰত ঘূৰি ফুৰি কেতিয়াবা ভাব হয় যেন 'অনুৰাধাৰ দেশ'ৰ অনুৰাধা জনীক কৰবাত লগ পাই যাম । কেতিয়াবা নিজকে অনুৰাধা হোৱা যেনো লাগে । মুঠতে একো বেয়া নালাগে ।
দিন বাগৰাৰ লগে লগে কিন্তু কথাবোৰ সিমান এটা ভাল লগা হৈ নাথাকিল । প্রথম অৱস্থাত মন গলেই বছৰত দুই তিনিবাৰ ঘৰত যাব পাৰিছিলোঁ । এবাৰ ঘৰৰ পৰা অহাৰ পিছতে পিছৰ বাৰৰ বাবে দুই তিনিটা তাৰিখৰ ৰেলৰ টিকট কৰি থৈ দিওঁ । যি তাৰিখত মানুহজনে অফিচৰ চুটি পায় সেই তাৰিখৰ টিকটখন ৰাখি বাকীবোৰ 'কেনচেল' কৰি দিওঁ । পিছত যেতিয়া দুজনৰ পৰা তিনিজন হলো সই সুবিধা নোহোৱা হ'ল । সৰু ল'ৰা লগত লৈতো বছৰত তিনি বাৰ ইমান দীঘলীয়া ৰেল যাত্রা সম্ভৱ নহয় ।
লাহে লাহে মই তাত থাকি বিৰক্তি পোৱা হব ধৰিলো । এখেতো হৈছে কম কথা কোৱা মানুহ আৰু মই নিজেও বেছিকে ইয়াৰ তাৰ ঘৰত গৈ কথা পাতি থাকিব ভাল নাপাওঁ । তাতে আকৌ মূখ খূলিয়েই হিন্দী, বঙালী আৰু সময় সাপেক্ষে ‘ইয়েচ, ন, ভেৰি গুড টাইপ’ ইংৰাজীত কথা পাতি ‘ব’ৰ’ পোৱা হলো ।নিজৰ ভাষাত কথা পাতিব হলেও ‘এচ টি ডি(STD) বিল’ ভৰিহে কথা পাতিব লাগে ।সেয়াওতো খা-খবৰ লোৱাতকে বেছি দীঘলীয়া কৰিব নোৱাৰি । তাৰোপৰি ঘৰৰ কাম, ল'ৰাৰ পিছত দৌৰা এইবোৰটো আছেই । উপায় নাপাই এওঁকেই অভিযোগ কৰি থাকো—“আপোনাৰ লগত এনেকে কথা –বতৰা নোকোৱাকে থাকি থাকি হয় মই বোবা হৈ যাম আৰু নহলে নিজৰ মাত-কথা সকলো পাহৰিম । আমি কেতিয়া যাম ইয়াৰ পৰা ‘ট্ৰেন্সফাৰ’ হৈ । মই অসমত যাম । নোৱাৰো এনেকে থাকিব মই ।“ মুঠতে একেখিনি কথাকে সদায় বেলেগ বেলেগ ধৰণে কৈ থকা হলো ।
এনেতে এদিন ভাড়াঘৰৰ মালিকনী ‘আণ্টীৰ’ লগত ওচৰৰ মন্দিৰ এটাৰ বছৰেকীয়া উৎসৱ এটাত গলো । তাত বহি থাকোতে মোৰ পৰা অলপ আঁতৰত সৌভাগ্য(দুৰ্ভাগ্য ?!) ক্রমে মহিলা এজনীয়ে আঠ/ন বছৰীয়া ছোৱালী এজনীৰ লগত অসমীয়াত কথা পাতি থকা শুনিলোঁ । অসমীয়া মাত শুনি মই ফূৰ্তিত ৰব নোৱাৰা, কব নোৱাৰা হৈ বাইদেউ বাইদেউ বুলি আগধৰি চিনাকি হৈ কথা বতৰা পাতিলো । সেই মূহুৰ্তত মোৰ নিজৰ কোনোবা আপোন বাইদেউক লগ পোৱা যেনহে লাগিছিল ।অহাৰ সময়ত তেখেতক আমি থকা ঘৰটোৰ ঠিকনাটো ভালকৈ বুজাই দি পিছদিনাখন আহিবলৈ টানি অনুৰোধ কৰি আহিলো । ঘৰত আহি প্রথমতে এওঁক ৰাজ্য জয় কৰি অহাৰ দৰে সুখবৰটো দিলো । লগতে কলো ল'ৰা লৈ মই বাইদেউজনীক চাহৰ লগত দিব একো বনাব নোৱাৰিম,গতিকে তেওঁ যাতে ‘খট্টা-মিঠা’ নামৰ দোকানখনৰ পৰা ভাল কিবা কিবি আনি থৈহে অফিচ যায় । মোৰ আচলতে কিবা বনাব ললে কৰবাত কথা পাতিব সময় কম হব বুলি ভাবি ভয়হে আছিল ।
প্রথমদিন আহিল ভালেই লাগিল । সেইদিনৰ কথা বতৰা পা-পৰিচয় আদিতে শেষ । মাইকী মানুহৰ পৰিচয় পৰ্ব আকৌ ঘৰ পৰিয়ালতেই সীমাবদ্ধ নাথাকে । বংশ পৰিয়াল সকলো সাঙুৰি লোৱা হয় তাত । সেয়ে অলপ দীঘলীয়া হয় আৰু । বাইদেউজনীক মাজে মাজে আহি থাকিব কলো আৰু তেখেতেও ছোৱালীক লৈ আহি থকা হল । মোৰো ভালেই লাগে । তেখেতৰ মানুহজনে তাতে কিবা চাকৰি কৰে আৰু অকলে থাকে । বাইদেউজনী অসমতে ল'ৰা-ছোৱালী লৈ থাকে ।ছোৱালীৰ বছৰেকীয়া পৰীক্ষা শেষ হোৱা বাবে কিছুদিনৰ বাবেহে ফুৰিব আহিছে । আমি থকা ঘৰটোৰ পৰা অলপ আতৰতে থাকে তেওঁলোক । পিছলৈ যেনিবা তেখেত সদায় আবেলী আবেলী আহে । ময়ো মনৰ উলাহতে বিয়াৰ পিছত কি কি নতুনকে বনাব শিকিছো সেইবোৰ দুই এটাকে বনাই খুৱাই ভাল পোৱা হলো । যিমান যি হলেও মই যে বনাব জনা হৈছো ঘৰৰ মানুহৰ আগত যহাব নোৱাৰিলেও নিজৰ ঠাইৰ কাৰোবাক অন্তত বনাই খুৱাব পাৰিছোঁ মোৰ বাবে সেইটোও এটা ডাঙৰ কথা । লাহেকে তেখেত দিনত দুবাৰকে আহিব ললে আমাৰ ঘৰত ।লাহে লাহে মই তেখেতৰ কথা বতৰাবোৰো বৰ এটা সুবিধাজনক নোপোৱা যেন হলো । আজি যদি কাৰোবাৰ কথা কয়,কালি আন এজনৰ কথা ।এদিন কয় উড়িয়া মানুহে ভালকৈ খোৱা বস্তু বনাব নাজানে, কোনোবা বিহাৰীয়ে হেনো ব্যৱহাৰ নাজানে। কোনোবাই হেনো ভাত খাব মাতি অকল মাংস আৰু মাছৰ জোল হে দিলে, ভজা মাছ এডোখৰকেও নিদিলে ।আৰু কোনোবাই চাহৰ লগত সৰু ‘চাইজৰ’ মিঠাই দিলে । মুঠতে মানুহৰ নামত লানি নিচিগা অভিযোগনামা । কথাবোৰ শুনি ময়ো মনে মনে ভাবিব ললো মই কেতিয়া কেতিয়া কি কি খুৱাইছিলোঁ আৰু ভাবি ভয় লগা হল মোৰ কথা বা কত কত কি গাইছে বুলি । কথাবোৰটো এওঁকো কব নোৱাৰো । পিছলৈ মোৰ অসমীয়াত কথা কব পৰাৰ আনন্দ কৰবাত উৰি গৈ মনত সন্ত্রাসৰ হে সৃস্তি হল । তাতে মানুহজনৰো সহ্যৰ সীমা পাৰ হৈ অভিযোগ আৰম্ভ হল---“তুমি বাৰু সদায় দুয়ো বেলায় আলহীয়ে সুধি থাকিবা নে ল'ৰা আৰু মোকো অলপ সময় দিবা । মানুহ ইমানো পাগল হ’ব নাপায় দেই ।“ মোৰো ভাব হল কথাটো নোহোৱাও নহয় ।
মোৰ অৱস্থা দুই নাওত নুই ভৰিৰ দৰে । এৰিবও নোৱাৰো আৰু বেৰিবও নোৱাৰো । মই লাহেকে ভগবানক হে খাটিব ললো—“হল আৰু প্রভূ , মোৰ মাতৃভাষাত কথা কোৱাৰ চখ পলাইছে । কথা কব নাপাই বোবা হলেও হম ,তথাপি তুমি এই বাইদেউজনীক সোনকালে অসমলৈ উভতাই নিয়া ।“ লাহেকে এদিন সুধিলোৱে—“বাইদেউ, আপোনালোকৰ চাগে ঘৰলৈ যাবৰ হলেই আৰু নহয় ? মোৰ যে ইমান বেয়া লাগিব ।“মনে মনে ভাবিছো-“গলেই বাচি যাওঁ । কিহে পাইছিল মোক এই জঞ্জাল চপাই লব !’’ মাজতে আকৌ তেখেতে পিছৰদিনেই ঘূৰাই দিম বুলি কৈ মোৰ পৰা ৩০০ টকাও ললে । মোৰো সেই পিছৰ দিনটোলৈ বাট চাওঁতেই গল ঘূৰাই হ’লে নাপালোঁ ।
বিদেশত থাকি নিজৰ মাত কথা আৰু ঠাইৰ মানুহ বিচৰাৰ মজা বাৰুকৈয়ে পাব ধৰিলো । এনেতে যেনিবা তেওঁলোক যাব ওলোৱাৰ শুভ দিনতোও আহি পালে আৰু ময়ো ডেৰ মাহৰ পৰা নিজে গাত মেৰিয়াই লোৱা জালখনৰ পৰা মুক্তি পালো ।
মোৰ তেতিয়া নতুনকৈ ভাব হোৱা হল—“কিনো বেয়া বঙালী, হিন্দীত কথা পাতি থকাটো । বেয়াওচোন নালাগে ভাষাবোৰ । ভালহে, নিজৰ ভাষাৰ লগতে অইন ভাষাতো কথা পতাত ‘এক্সপাৰ্ট হৈ যাম । ওড়িয়া ভাষা বুজি পোৱাতো হৈছোৱেই,পাৰিলে এতিয়া অকল ভিক্ষাৰী আৰু ‘সব্জিৱালাৰ’ লগত কোৱাৰ উপৰি আনৰ লগতো ওড়িয়াত কথা পতা কৰিব লাগিব । হাজাৰ হওক ভাষা যিমান শিকিলেও নিজলৈহে ভাল । নিজৰ মাতৃভাষাও কোনোবাই পাহৰে নেকি ! যিমান নোকোৱাকে থাকিলেও মনত থাকিব । আনৰটোহে বেছিকৈ চৰ্চ্চা কৰিব লাগে ।“
20.03.2014

কথিত ভাষা আৰু আমাৰ দায়বদ্ধতা:---

কথিত ভাষা আৰু আমাৰ দায়বদ্ধতা:---

আমি বহু সময়ত কেতিয়াবা নিজে আৰু কেতিয়াবা আনক আমাৰ সমাজত চলি থকা কথিত ভাষাবোৰ হেৰাই যাব ধৰিছে বুলি আক্ষেপ কৰো আৰু কৰা শুনিবলৈ পাওঁ । এইটো যদি আমি চিন্তনীয় বিষয় বুলি ভাবো তেতিয়াহে কি অকল আফচোচ, আক্ষেপ এইবোৰেই এই সমস্যাটোৰ সমাধান ? এই ক্ষেত্ৰত আমাৰ জানো একো কৰণীয় নাই ? কথিতই হওক বা লিখিতই হওক ভাষা আমাৰ, গতিকে ইয়াৰ ৰক্ষণাবেক্ষণৰ বাবে আমিয়েই দায়বদ্ধ হব লাগিব ।

অসমীয়া ভাষাটোৰ লিখিত ৰূপ এটা যদিও অসমত স্থানভেদে প্রচলিত কথিত ভাষা কিমান ধৰণৰ আছে হয়তো তাৰ সঠিক হিচাপ পোৱাটো সিমান উজু নহয় । এখন জিলা, এটা অঞ্চলতেই কথিত ভাষাৰ ভালেকেইটা ধৰণ শুনিবলৈ পোৱা যায় । নামনি অসমত কথিত আৰু লিখিত এই দুটা ভাষাৰ মাজত স্পষ্ট পাৰ্থক্য পৰিলক্ষিত হয় । (আমাৰ ঘৰ নামনি অসমত, সেয়ে এই কথাটো ভালদৰে জানো । অসমৰ বাকী ঠাইৰ লিখিত আৰু কথিত ভাষাৰ মাজত মিল বা পাৰ্থক্য কিমান আছে ভালদৰে নাজানো ।)

আজিকালি বহু মানুহৰ জীৱিকাৰ বাবে বা যি কোনো কাৰণতে দুখনকলৈ ঘৰ থাকে । সাধাৰণতে প্রথমখন থাকে গাওঁ বা সৰু চহৰ অঞ্চলত ।আমাৰ কথিত ভাষা এইবোৰ অঞ্চলতহে অধিক শুনিবলৈ পোৱা যায় ।

যেতিয়া মানুহবোৰে নিজৰ এই ঠাইবোৰ এৰি তুলনামূলকভাৱে ডাঙৰ চহৰ আদিত পৰিয়ালসহ থাকিবলৈ লয় তেতিয়া তেওঁলোকৰ বহুতৰে জীবন ধাৰণৰ পদ্ধতিৰ লগতে কথিত ভাষাটোও সলনি হয় । তেওঁলোকে নিজৰ এৰি অহা ঠাইৰ কথিত ভাষাটো পৰাপক্ষত নিজেও নকয় আৰু ল'ৰা-ছোৱালীকো কবলৈ উৎসাহিত নকৰে । তাৰ বহুত কাৰণ আৰু যুক্তি হয়তো সকলোৰে লগত থাকে । যাৰ ফলতেই এই ভাষাবোৰ নোহোৱা হোৱাৰ উপক্ৰম হয় । উদাহৰণ স্বৰূপে --- এজন মানুহ যদি ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ এইবোৰ অঞ্চলৰ পৰা আহি গুৱাহাটীত থাকিবলৈ লয় তেতিয়া তেওঁ বা তেওঁৰ ল'ৰা-ছোৱালীৰ মাত কথা শুনি বহুতে ভালদৰে বুজি নাপায় আৰু হাহেঁ । বহুতে আকৌ এখপ ওপৰলৈ গৈ উপলুঙা সূচক মন্তব্য দিয়ে । যাৰ ফলত বহুতে হীনমন্যতাত ভোগে আৰু ক্ৰমান্বয়ে নিজৰ কথিত ভাষাটো কব এৰিবলৈ ধৰে । কিন্তু মই ভাবো এইটো এটা হীনমন্যতাত ভূগিবলগীয়া কোনো বিষয়ে নহয় । মোৰ ঘৰত মই মোৰ ল'ৰা-ছোৱালী বা পৰিয়ালৰ লগত কি ভাষাত কথা পাতিছো সেইটো এটা আনে হহাঁৰ, ঠাট্টা কৰাৰ বিষয় হবই নোৱাৰে । কোনোবাই কাৰোবাৰ ভাষা বুজি নাপাব পাৰে কিন্তু সেইবুলি হহাঁৰো কোনো যুক্তি নাই ।এই ক্ষেত্রত আনৰ ভাষা শুনি হহাঁ জনহে হাঁহিয়াতৰ পাত্র । যিয়ে আনৰ ভাষাক তুচ্ছ-তাচ্ছিল্য কৰিব পাৰে তেওঁ নিজৰ ভাষাক প্রকৃতাৰ্থত কিমান সন্মান কৰিব পাৰিব সেইটো সন্দেহজনক ।

বেলেগ বেলেগ ঠাইভেদে থকা বেলেগ বেলেগ ভাষা আয়ত্ব কৰিব পৰাটো বৰ ভাল কথা আৰু ভাল গুণ । আমি যিখন ঠাইত থাকো সেই ঠাইখনৰ ভাষা যদি শিকি লওঁ তেতিয়াহে সেই ঠাইৰ সমাজৰ লগত মিলিবলৈ আমাৰ বাবে সহজ হয় আৰু যিটো দৰকাৰী । কিন্তু সেইবুলি আমি আমাৰ নিজৰ কথিত ভাষাটোও পাহৰিব নালাগে । লগতে নিজৰ ল'ৰা-ছোৱালীকো শিকাবলৈ যত্নপৰ হ'ব লাগে । ল'ৰা-ছোৱালীয়ে যদি নিজৰ কথিত ভাষাটো জানে আমি যেতিয়া নিজৰ আনখন ঘৰত যাওঁ তেতিয়া আমাৰ ল'ৰা-ছোৱালীয়ে তাৰে মানুহখিনিৰ লগত অধিক আত্মীয়তা অনুভৱ কৰিব পাৰিব । ভাষায়ে মানুহৰ মনবোৰ ওচৰ চপাই আনে আৰু সম্পৰ্ক সুদৃঢ় কৰাত সহায়ক হয় । আমি যদি আমাৰ আনখন ঘৰ বা গাওঁখনক আমাৰ শিপা বুলি কওঁ তেন্তে এই ভাষা হব আমাক শিপাৰ সৈতে যুক্ত কৰি ৰখাৰ প্রধান আহিলা । শিপাৰ সৈতে সংযুক্ত গছ এডালহে পিছলৈ ফলে-ফুলে জাতিষ্কাৰ ৰূপ লবগৈ পাৰে ।

সেয়ে মই ভাবো আমি সভা-সমিতি, কাকত-আলোচনী এইবোৰত আমাৰ বহুমূলীয়া কথিত ভাষা বিলুপ্ত হৈ গৈ আছে বুলি আক্ষেপ কৰাতকৈ নিজৰ ঘৰখনত তাৰ প্ৰচলনে অধিক কাৰ্য্যকৰী উপায় হব এই ভাষাবোৰৰ ৰক্ষণাবেক্ষণ আৰু আগুৱাই নিয়াৰ ক্ষেত্রত ।

08.03.2014