Tuesday, 15 July 2014

---: আশীৰ্বাদ :---

জুলাই মাহৰ অনুৰাগত (www.onurag.org) প্ৰকাশ হোৱা মোৰ গল্প----
(7 july)
আশীৰ্বাদ [চন্দামিতা দেৱী]

: আই, অ’ আই। ঘৰত কোনোবা আছেনে?
: বা কোনোবা আহিছে বাহিৰত। মই চাই আহোঁ ৰ’বা।
: কোন আহিছে মাইনা?
: বা ভিক্ষাৰী।
: ইমান জোৰে ভিক্ষাৰী বুলি কয় নেকি!
: কিয় নকয়? হয়েই চোন ভিক্ষাৰী।
: আই মই ভিক্ষাৰীয়েই হয়। দিয়া আই কিবা এটা।
: ৰ’বা মই আনি আছোঁ।
: মাইনা ইমান এটেমা চাউল ভিক্ষাৰীক নিদিয়ে নহয়।
: কিয়?
: তোমাৰ মায়ে আহি গম পালে মোকহে গালি দিব। সৌ প্লেটখনেৰেহে দিব দিয়ে ভিক্ষা।
: মাক নক’বা আকৌ তুমি। ময়ো নকওঁ। দেখা নাই ভিক্ষাৰীজন কিমান বুঢ়া হৈছে।
: তেনেকৈ বাৰে বাৰে ভিক্ষাৰী ভিক্ষাৰী কৈ নাথাকে নহয়! বেয়া কথা।
: কি ক’ম তেন্তে?
: এনেয়ে একো ক’ব নালাগে, কিন্তু কথা ক’লে কিবা এটা বুলি মাতিবা আৰু।
: হ’ব দিয়া। দি আহোঁ ৰ’বা চাউলখিনি।
: আই পানী এগিলাচ দিবানে? বৰ পিয়াহ লাগিছে।
: ৰ’বা দি আছোঁ।
: মাইনা তুমি নালাগে। ময়ে আনি দিওঁ।
: তুমিনো মাটিত কিয় বহিছা? মই মুঢ়াটো আনি দিওঁ ৰ’বা।
: নালাগে অ’ আইজনী। ঈশ্বৰে তোমালোকক কুশলে ৰাখক।
: অ’ বা, এই ভিক্ষাৰীজনৰ ঘৰ ক’ত বাৰু? কাপোৰবোৰ একদম ফটা-চিটা ন! আৰু চেণ্ডেলযোৰো ছিঙা।
: দুখীয়া যে সেইবাবে এনেকুৱা। তুমি এতিয়া অকলে অকলে খেলা। মই কাম কৰোঁ।
‘‘মানুহবোৰযে কিয় দুখীয়া হয়! আমিতো দুখীয়া নহয়। আমি ফটা কাপোৰো নিপিন্ধোঁ। ভাল চেণ্ডেল পিন্ধোঁ। মোৰতো জোতাও আছে দুযোৰ।
ভিক্ষাৰীজন; অ, বায়ে মানা কৰিছে ভিক্ষাৰী ক’ব। কি ক’ম? কিবা এটা! কিবা এটা মানে কি কিবা এটা ক’ম? চুলি পকিছে, দাঁত এটাও ভাগিছে, ককা বুলি মাতিলেই ভাল হ’ব চাগে’। বাক সুধি লওঁচোন। বায়ে যে বহুকথায় জানে।’’
: বা, অ’ বা, মই বাৰু ভিক্ষাৰীজনক ককা বুলি মাতিম নে?
: ভিক্ষাৰী মানুহ, এদিন আহিছে, আৰু বা আহে নে নাই, ককা মাতিবলৈ আকৌ ক’তনো লগ পাবা। তুমি পুতলাবোৰ লৈ খেলাচোন দেই। মোৰ কাম আছে। আৰু নহ’লে ছবিত ৰং কৰা।
: নহয়, মানে আৰু আহিলে মাতিব লাগিব যে সেইবাবে হে সুধিছোঁ।

ছমাহমান পিছৰ কথা:
: আই, অ’ আই। ঘৰত কোনোবা আছেনে? কিবা এটা দিয়ক।
: অ’ ককা তুমি আহিছা? ৰ’বা মই মুঢ়াটো দিওঁ। বহা।
: মাইনা কোন আহিছে নো?
: বা সেই ককাজন। যোৱা তুমি চাউল আনা। আৰু পানীও আনিবা। ককা তুমি বাৰু বহু দূৰৈত থাকা নেকি?
: কিয় আইজনী?
: নহয়, মানে তুমি বহুদিন অহাই নাছিলা যে সেইবাবে সুধিছোঁ। মই বাক সোধোতে বায়ে তোমাৰ ঘৰ বহু দূৰত বুলি ক’লে আৰু সেইবাবে ঘনকৈ আহিব নোৱাৰা। তোমাৰ ঘৰত কোনো নাই নেকি?
: মোৰ ঘৰ অলপ দূৰতে দিয়া আইজনী। ঘৰত বুঢ়ী, মানে তোমাৰ আইতাজনী আছে।
: আৰু কোনো নাই?
: আমাৰ ল’ৰা এটা আছে। তোমাৰ সমান নাতি ল’ৰা এটিও আছে। সিহঁত আজিকালি ইয়াত নাথাকে। মেঘালয়ত গৈছে কাম কৰিব। তাতে থাকে। বহুদিনেই হ’ল ঘৰলৈ নহা।
: আইতাজনীয়ে তোমাক ইমান ৰ’দত ঘূৰি ফুৰিব দিয়ে? তোমাৰে ভাল। মোক যে কোনেও ৰ’দত ওলাবই নিদিয়ে। তুমি কিয় ভিক্ষা কৰানো?
: আগতে তোমাৰ আইতা আৰু মই দুয়ো কাম কৰিয়েই খাইছিলো। এতিয়া বুঢ়া হ’লো বাবে কাম কৰিব নোৱৰা হ’লো। ল’ৰাটো যিমান দিন ঘৰত আছিল সিয়ে কৰি খুৱাইছিল। ময়ো বেমাৰী, তোমাৰ আইতাজনীও বেমাৰী। সেয়ে খুজি-মাগি কোনোমতে খাই জীয়াই আছোঁ।
: তোমাৰ দুপৰীয়া ভোক নালাগে নেকি? দিনত ক’ত ভাত খোৱা তুমি?
: আইজনী ক’তনো ভাত পাম? কেতিয়াবা কোনোবাই কিবা দিলে খাওঁ। নহ’লে ৰাতি ঘৰত গৈ বুঢ়ীজনীৰ লগতে কিবা এটা বনাই খাওঁ।
: অ’, তাৰমানে তুমি একো নোখোৱাকৈ থাকা! আমাৰ ঘৰত বায়ে চাহ বনাই দিলে খাবানে? আলহী আহিলে বায়ে চাহ বনাই দিয়েতো! ৰ’বা মই বাক কৈ আহোঁ চাহ বনাই দিবলে’।
মাইনাই ভিতৰলৈ দৌৰ মাৰি গৈ বায়েকক ক’লে—
: বা, অ’ বা, তুমি ককাজনক চাহ বনাই দিয়ানা।
: তোমাৰ মাই এনেকে অচিনাকি ভিক্ষাৰীক চাহ বনাই দিয়া জানিলে মোকহে গালি দিব। আজি নিদিওঁ দিয়া মাইনা। মা থকাত আহিলে মাক সুধি বনাই দিম দেই।
: দিয়ানা বা। মাক নক’বা না। তুমিচোন মই দুষ্টামি কৰিলেও মাক কৈ নিদিয়া। এইটোও নক’বা। মাই গমেই নাপাব।
: গাখীৰ দেখিলে গম পাই যাব।
: তুমি মোৰ গাখীৰখিনিৰে বনাই দিয়া।
: তুমি বৰ জেদি অ’ মাইনা। মই বনাই দি আছোঁ যোৱা।
: ককা তুমি বহাচোঁন দেই। বায়ে চাহ বনাই আনিব এতিয়াই।
: ঈশ্বৰে তোমাক কুশলে ৰাখক আইজনী।
: তুমি মাজে মাজে আহি থাকিবা দেই ককা।
: আহিম আইজনী।

এনেকৈয়ে প্ৰতি মাহে দুমাহে আহি থকা মাইনা আৰু ককাৰ বন্ধুত্ব আৰু মৰমবোৰ আগুৱাই গৈ থাকে। এবছৰ পিছৰ কথা—
: ককা তুমি আজি আহিলা ভালেই হ’ল। কেইদিনমান পিছত আহিলে আমাক লগেই নাপালাহেঁতেন।
: কিয় অ’ আইজনী?
: আমি ইয়াত আৰু বেছিদিন নাথাকোঁ নহয়। দেউতাই গুৱাহাটীত এটা ডাঙৰ ঘৰ বনাইছে। আমি তাতে যাম। আৰু নাহোঁ ইয়ালৈ।
: হয় নেকি আইজনী! বৰ ভাল কথা। গুৱাহাটী বহুত ডাঙৰ ঠাই।
: তুমি কেতিয়াবা যাবা নেকি তাত?
: নাযাওঁ অ’ আইজনী।
: তোমাকচোন মই আৰু লগেই নাপাম তেতিয়াহ’লে?
: একো নহয় আইজনী। তুমি তাত গৈ ভালদৰে পঢ়া-শুনা কৰিবা। মা-দেউতাৰ কথা শুনি ভাল ছোৱালী হ’বা। আশীৰ্বাদ কৰিছোঁ ঈশ্বৰে তোমাক সদায় কুশলে ৰাখক। জীবনত সুখী হোৱা, সফল হোৱা। যাওঁদেই আইজনী। সদায়ে ভালে থাকিবা।
: ককা তুমি কান্দিছা? নাকান্দিবা না। মোৰো কান্দোন ওলাব।
: নাই কন্দা আইজনী। বুঢ়া হৈছোঁ যে এনেয়ে চকুপানী ওলাইছে আই।
: অ’ বা, ককাক আৰু কেতিয়াও লগ নাপাম ন? মোক যে ইমান মৰম কৰে ককায়ে। বা, তুমিওচোন কান্দিছা? মোৰো ইমান কান্দিব মন গৈছে।

প্ৰায় সাতাইস বছৰ পিছৰ কথা—
: বাপধন বাক চাবলৈ কোৱাচোন বাহিৰত কোন আহিছে?
: মা ভিক্ষাৰী এজন আহিছে।
: ববিতা, আমাৰ শোৱা ৰুমৰ টেবুলত দুটকা থোৱা আছে। তুমি দি আহাচোন মানুহজনক।
: মা মই দিওঁনে?
: তুমি দিবা? বাৰু দি আহাগৈ যোৱা।
: মা মানুহজনে কৈছে তেওঁৰ পানী পিয়াহ লাগিছে হেনো।
: ৰ’বা, বায়ে দি আহিব।
: অ’ মা, মই তেওঁ কি খাইছে বুলি সোধোঁতে একো খোৱা নাই বুলি কৈছে। তুমি তেওঁক আলহীক দিয়াৰ দৰে চাহ খাবলৈ দিবানে?
বাপধনৰ কথাই মাকক আজি সাতাইস বছৰ আগৰ আইজনীলৈ মনত পেলাই দিলে। মূৰত অনুভৱ কৰিলে শোটোৰাপৰা এখন হাতৰ মৰমৰ স্পৰ্শ। দূৰৈৰ পৰা ভাহি অহা আশীৰ্বাদ— “ঈশ্বৰে তোমাক সদায় কুশলে ৰাখক। জীৱনত সুখী হোৱা, সফল হোৱা” আশীৰ্বাদ ফলিয়ায়। অন্তৰৰ পৰা কৰা আশীৰ্বাদ সঁচাকৈয়ে ফলিয়ায়।
: মা তুমি একো নক’লা যে? বেয়া পাইছা মোক?
: নাই পোৱা সোণটো। তুমি মুঢ়াটো লৈ ককাজনক বহিব দিয়াচোঁন। মই চাহ লৈ গৈ আছোঁ।

No comments:

Post a Comment