-----: সপোন :-----
----- কৃষ্ণচূড়াৰ প্ৰেমত পৰাৰ বয়সৰ পৰাই প্ৰেমত পৰিছিলোঁ জালুকবাৰীৰ । সপোন দেখিছিলোঁ জালুকবাৰীৰ । হাজাৰ জনৰ দৰে মোৰো স্বপ্ন গুৱাহাটী বিশ্ববিদ্যালয় । গল্প, কবিতা, উপন্যাস সকলোৱে মোৰ সপোনৰ জালুকবাৰীক কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙাই তুলিছিল । আসঃ, কিমান সুন্দৰ এই ৰঙীন সপোন !
----- জালুকবাৰীক দুভাগ কৰা পথটোৰে সপোনত খোজ কাঢ়িছো অজস্ৰবাৰ । দুয়োকাষ মোৰ প্ৰিয় গছে শাৰী পতা এই পথ সচাঁকৈয়ে খুব ধুনীয়া । যিমানেই ভাবোঁ, যিমানেই দেখোঁ বেছিহে নিমজ্জিত হওঁ গভীৰ প্ৰেমত । কেনেকৈ হ'ব পাৰে কোনো ঠাই ইমান আকৰ্ষণীয় !
----- সপোন দেখাৰ মূহুৰ্ত্তবোৰত তুমিওতো আছিলা মোৰ সতেই । তুমিওতো মোৰ সপোনৰে অংশ । সপোনবোৰ বৰ ভাল লগা নহয়নে ? সোণাৰুবুলীয়া হাঁহি, এজাৰফুলীয়া স্বপ্ন, সকলোবোৰ কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন ।
----- বৰ ভাল লাগে মোৰ সোণাৰু ফুল । ইমান উজ্বল । ৰঙেৰে যেন কৈ যায় --"হাঁহি থাকা । সদায়ে হাঁহি থাকা । হাঁহি হাঁহি পাৰ কৰা জীৱনৰ সকলো জটিলতা ।" সোণাৰুৰ থোপাত ওলমি থকা বৰষুণৰ মুকুতা যেন সোনত সুৱগা চৰোৱা । প্ৰেৰণাময় এই ৰঙৰ উজ্বলতা, স্নিগ্ধ এই বৰষুণৰ মুকুতা । এজাৰফুলীয়া সপোন, কৃষ্ণচূড়াৰ বৰষুণ ! কি সুন্দৰ এই সপোন ! তেতিয়া তুমিওতো আছিলা মোৰ সতে । মনত পৰেনে (!)? কিমান দিন যে খোজ কাঢ়িলোঁ হাতত হাত থৈ । অন্তহীন কথা আৰু ক'ত মান অভিমান ।
----- সপোনবোৰ যেন ভাঙিবৰ বাবেই । সাৰ পালেই সপোনে লগ এৰা দিয়ে । সাৰ পাবই খোজা নাছিলোঁ মই । জানিছিলো এই ঠুনুকা সপোনবোৰৰ কথা ।
----- এতিয়াও পাৰ হওঁ এই সপোন যেন লগা সোণাৰু, এজাৰ, কৃষ্ণচূড়াৰে ঢকা পথটোৰে । তাত তুমিও নাথাকা, ময়ো নাথাকোঁ । আমাৰ অস্তিত্ব সপোনতহে । কিন্তু তথাপি কৃষ্ণচূড়াৰ বৰষুণত হাতত হাত থৈ তিতি থকা হাজাৰজনৰ মাজত আমাক দুয়োকো দেখোঁ । কিছুমান ঠাই চাগে সদায়ে সপোনেৰে আৱৰা ! সপোনবোৰ বাৰু ভাঙে নে ইজনৰ পৰা সিজনলৈ বাগৰে !!
------------------------------ ------------------------------ ---------------------------
চন্দামিতা দেবী
No comments:
Post a Comment