Wednesday, 28 May 2014



---------: পুৱাৰ অপেক্ষাত :-------

----তোমাৰ চিঠি এখন আহিছে অফিচৰ ঠিকনাত । এইখন লোৱা ।"
----"চিঠি ? কোনে দিছে ?"
----"তোমাৰ চিঠি । কোনে দিছে চাই লোৱা ।"এইবুলি কৈ চিঠিখন ডাইনিং টেবুলত থৈ এওঁ গা ধুবলৈ গ'ল ।
    কাৰ চিঠি হ'ব পাৰে ? খুলি চাওচোন এতিয়াও কোন পাগল আছে  এই  পৃথিৱীত চিঠি লিখিব পৰাকে । আৰে ! এইখন চোন অঞ্জনাৰ চিঠি । অত বছৰৰ পিছত কেনেকে মনত পেলালে তাই !!
----"কোনে দিলে নো পিছে চিঠিখন ?" মই চিঠিখন পঢ়ি উঠাৰ পিছতে এওঁ বাথৰুমৰ পৰা আহি সুধিলে ।
----"অঞ্জনাৰ চিঠি । মোৰ কলেজত পঢ়া দিনৰে বান্ধবী । আমি একেখন 'হোষ্টেলতে' আছিলো । তাই এই মাহৰ ৩০ তাৰিখে আহিব আমাৰ ঘৰত । বৰ ভাল ছোৱালী জানা । তুমি তাইক লগ পাই ভাল পাবা ।"
----"জানো দিয়া তাইক ।"
----"কেনেকৈ জানা তাইক ? তাইকতো তুমি কেতিয়াও লগেই পোৱা নাই ।"
----"তোমাৰ লগৰ কাকনো নজনাকে থাকিব দিছা এতিয়ালৈকে ? এই পোন্ধৰ বছৰত প্রায় সকলোৰে নাম, ধাম, স্বভাৱ, গাৰ ৰং আদি কৰি কোনটো কথা মুখস্থ নোহোৱাকৈ এৰিছা । মই বুলিহে পাৰিছোঁ বুজিছা । অইন কোনোবা হোৱা হ'লে কেতিয়াবাই পগলা ফাটেক পালেগৈহেঁতেন ।"
----"হ'ব দিয়া । তুমি অলপ বেছিয়ে কৰা ।"
----"সঁচা কৈছোঁ তো মই । তোমাৰ বন্ধু-বান্ধবী কাৰোবাক বাটে-ঘাটে দেখিলেও মই কব পাৰিম-- আপুনি অমুক নহয় ? আপোনাৰ চুলিখিনি সৰি তপা হ'ল । আৰু আপুনি অমুকী নহয়নে ? আগতকে বহুত শকত হ'ল আপুনি । মোৰ শ্ৰীমতীৰ বৰ্ণনাত আপোনাৰ মুৰত ঘন কলা চুলি আৰু আপোনাক 'শ্লিম' দেখিছিলো ।"
----"বৰ একেবাৰে । সুবিধা এটা পাইছা বুলি কথা শুনাই থাকিব নালাগে । আজিৰ পৰা কথা কবই এৰি দিম তোমাৰ লগত । আইনাখন আগত লৈ  নিজৰ লগতে কথা পাতি থাকিবা ।"
----"হেৰি নহয়, কি বুলি কয়, তোমাৰ আগতনো ক'ত কেতিয়া কথা কব মুখ মেলিব সুবিধা পাওঁ সোনজনী । চকু দুটা ট ট কে মেলি তোমাৰ কথা শুনি থাকোতে নিজে কিবা কম বুলি ভাবি থাকিলেও পিছত মনতেই পেলাব নোৱাৰো । হাজাৰ হওক মানুহৰহে মগজু ; যিমানবোৰ নতুন নতুন 'ডাটা' দিয়া সেইবোৰ লওঁতে লওঁতে নিজৰ পুৰণিবোৰ নিজে নিজে 'ডিলিট' হৈ যায় ।"
----“হ'ব । বহুত কলা আৰু আজি । অফিচৰ পৰা আহি আহিয়েই মোৰ লগত লাগি লব নালাগে । চাহ খোৱা আৰু টি, ভি, খুলি দিনৰ দিনটো ‘নিউজ চেনেল’বোৰে ফেনেকি থকা বাতৰিবোৰকে চাই থাকাগে । কোনেও মোৰ লগত কথা কবও নালাগে আৰু শুনিবও নালাগে । বৰ একেবাৰে । হুহ । আহি আছে মোৰো বান্ধবী । তাইৰ লগতে কথা পাতিম । কাকো ইমান খাতিৰ নকৰোঁ ।“

  এই মানুহজনৰ লগত নোৱাৰি আৰু । অঞ্জনা বাৰু হঠাতে কিয় আহি আছে ? চিঠিখনতো বিশেষ একো লিখা নাই । মই তাইৰ মাকৰ ঘৰৰ ঠিকনাত চাৰি বছৰমান আগতে মোৰ ঠিকনা জনাই দিয়া চিঠিখনৰ তাই কোনো উত্তৰ দিয়া নাছিল । মইতো চিঠিখন নোপোৱা বুলিহে ভাবি আছিলো । মোৰ ঠিকনা জনাৰ পিছতো তাই কিয় মোৰ লগত কোন যোগাযোগ ৰখা নাছিল ? বৰ আচৰিত কথা ! তাই আহিলেহে যদি সকলো গম পাম ।

  মোৰ বিয়াৰ দুবছৰৰ পিছতে তাইৰ বিয়া হৈছিল । মাজনী সৰু হৈ থকা বাবে মই যাব পৰা নাছিলো বিয়াত । মানুহজন তাইতকে দহ বছৰমান ডাঙৰ যদিও খুব ভাল মানুহ বুলি শুনিছিলোঁ । কেন্দ্রীয় চৰকাৰৰ উচ্চপদস্থ বিষয়া হেনো । বিয়াৰ পিছৰে পৰা অসমৰ বাহিৰতে থাকে । সেয়ে লগো পোৱা নাই ইমান বছৰে । লগৰ এজনৰ মুখত তাইৰ লৰা হোৱা বুলি শুনিছিলোঁ । পঢ়ি থাকোতে ইমান ভাল বান্ধবী আছিলো । এটা কথাও নুলুকুৱাইছিলোঁ ইজনীয়ে সিজনীৰ পৰা । কিমান যে কথা পাতিছিলোঁ ৰাতি ৰাতি । সেই দিনবোৰ ভাবিলে এতিয়াও দুখ লাগে । বিয়াৰ পিছত যে ছোৱালীৰ গোটেই জীৱনটোৱেই সলনি হৈ যায় । নতুন বহুত কিবা কিবি পোৱা যায় যদিও মনটোৱে তথাপি আগৰ দিনবোৰলৈ ঢাপলি মেলে ।

    চাওঁতে চাওঁতেই তাই অহাৰ দিনটো আহি পালেহি । তাইৰ পচন্দৰ খাৰ দিয়া মাটিমাহৰ ডাইল আৰু পায়স বনাই থৈছো । তাই শুবলগীয়া বিচনাখনত তাই ভাল পোৱা ধৰণৰ বগাত সৰু সৰু নীলা ফুলৰ বিচনাচাদৰ পাৰিছোঁ । অট'খনৰ পৰা নামিয়েই মোক সাবটি ধৰি কলে--"বহুদিনৰ পিছত লগ পালো ন ! ভালে আছ তই ?" তেতিয়ালৈ দুয়োজনীৰে চকুত চকুপানী আহিয়েই গৈছিল । মাজনীয়ে স্কুলৰ পৰা আহি মাহী মাহীকে তাইৰ লগেই নেৰে । ইমান যে কথা পাতে এই ছোৱালীজনীয়ে । এওঁৰ লগতো অফিচৰ পৰা অহাৰ পিছত সন্ধিয়াহে চিনাকী হৈ কথা বতৰা পাতিছে । ৰাতি অঞ্জনা আৰু মই একেলগে শুলো কথা পাতিবলৈ । আগতেও কথা পাতিবলৈ আমি একেলগে শুইছিলো ।

     মই কলো---"ক' এতিয়া তোৰ খবৰ বাতৰি । দিনতটো কথা পাতিবলৈকে নহ'ল । ইমান বছৰ একো খ-খবৰ নাই আৰু আজি হঠাতে আহি ওলালি, তাকো অকলে । ল'ৰাটোক কাৰ লগত এৰি আহিছ ? "
-----"সকলো কম লাহে লাহে । কম বুলিয়েইতো আহিছো । তোৰ কথা কচোন শুনো ।"
-----"মোৰনো কি বিশেষ খবৰ আছে । যি দেখিছ সেয়াই । ছোৱালী আৰু বাপেকৰ আগে-পিছে ঘুৰোতে, চিঞৰতে দিনবোৰ পাৰ হৈ যায় ।"
-----"ভালেই দে । তোক দেখিলেই গম পোৱা যায় সুখী গৃহিণী বুলি । তোৰ ছোৱালীজনীও বৰ মৰমলগা আৰু মানুহৰ লগত মিলাবিধৰ হৈছে । তোৰ মানুহজনৰ দৰেই হৈছে ন তাই ?"
-----"নকবি আৰু, তাই একেবাৰে বাপেকৰ জীয়েক হৈছে । বাপেকেও তাইক এনেকে মূৰত উঠাই ৰাখে যেন সদায় কেঁচুৱাজনী বনায়ে ৰাখিব । কচোন এতিয়া তোৰ খবৰ ? তোৰ মানুহজনৰ, লৰাটোৰ, তোৰ সংসাৰৰ কথা ক ? তোক দেখিলেই কিন্তু ধৰিব পাৰি দেই তই যে একদম 'হাই-ফাই চচাইটিট হাই-ফাই লাইফষ্টাইল মেইনটেইন' ক'ৰ । তোৰ সেই আগৰ দীঘল চুলিটাৰিও নাই । চুটি চুলিৰেও তোক ধুনীয়ায় লাগিছে আৰু চুলিৰ ৰংটোৱেও গাৰ ৰংৰ লগত বৰকে শুৱাইছে । হলেও তোৰ দীঘল চুলিখিনি মই বৰ ভাল পাইছিলো । সদায়ে আশা কৰিছিলোঁ তোৰ দৰে দীঘল চুলি পাবলৈ ।"
-----"ভালে হৈছে তই মোৰ দৰে একো পোৱা নাই । নহলে কষ্টখিনিও যদি মোৰ দৰে পালিহেঁতেন ভাল নালাগিল হেঁতেন । তোক সুখী দেখিয়েই ভাল লাগিছে অ' । অন্ততঃ মোৰ দৰে কৃত্ৰিম একো নাই তোৰ জীৱনত ।"
-----"কি হৈছে অ' অঞ্জনা তোৰ কচোন খুলি ? অহাৰ পৰাই তোক মন কৰিছোঁ তই যেন কিবা কষ্টত চেপা খাই আছ । কি হৈছে তোৰ ক না মোক ? একো কৰিব নোৱাৰিলেও শুনিবতো পাৰিম, বুজিতো পাম তোৰ কষ্টখিনি । মইতো তোক ইমানদিনে এখন সুন্দৰ, সুখী সংসাৰৰ গৰাকীনী বুলিহে ভাবি আছিলো ।"
-----"কম, কম । তোক সকলো কম বুলিয়েইতো তোৰ ঘৰত আহিছোঁ । কাকো মোৰ দুখৰ ছবিখন নেদেখুৱাম বুলিয়েই সকলোৰে পৰা আঁতৰি আছিলো । সেইবাবে তোৰ লগতো কোনো যোগাযোগ ৰখা নাছিলো । আৰু সহ্য কৰিব নোৱাৰা হৈছো । ঘৰৰ মানুহে ঠিক কৰি দিয়া ভাল মানুহজনৰ লগতেই বিয়া হলোঁ । বিয়াৰ পিছত ফুলশয্যাৰ নিশাতেই গম পালো সপোন ভোগাৰ যন্ত্ৰণা কি আৰু কেনেকুৱা হ'ব পাৰে ।"
-----" তাৰ মানে ?"
-----"তাৰ মানে আৰু কি হ'ব ! সকলো ছোৱালীৰ দৰে ময়ো এজন মৰমীয়াল, কথা-বতৰা খুলি কোৱা স্বামী আশা কৰিছিলোঁ । বিয়াৰ প্রথম নিশাটিক লৈ মোৰো আছিল কিছুমান ভাল লগা সপোন, কল্পনা । কিন্তু বাস্তৱত যেতিয়া ৰূমত সোমোৱাৰ লগে লগে একো কথা বতৰাৰ অৱতাৰণা নকৰাকে মানুহজনে অকল --"তুমি বৰ ধুনীয়া। 'ইউ আৰ হেভিং এন এপিলিং ফিগাৰ' " বুলি গাৰ কাপোৰ আজুৰি খুলি ধৰ্ষিতা হোৱাৰ অনুভব কৰাই দিয়ে তাৰ পিছতো জানো কিবা সপোন জীয়াই থাকে ? সেই নিশাটোত মোৰ হঁহা-কন্দা সকলো শক্তিয়েই যেন শেষ হৈ গৈছিল । কাকো একো নোকোৱাকৈ তেনেকৈয়ে এটা মাহ শহুৰৰ ঘৰত কটাই মানুহজনৰ লগত পুনেত গৈছিলো ।

    টকা-পইচা একোৰে অভাৱ নাছিল মোৰ । তেওঁৰ লগতে 'জইণ্ট একাউণ্ট" খুলি দিছিল । লগতে বজাৰ কৰিবৰ সুবিধাৰ বাবে 'ক্রেডিট কাৰ্ড', ঘুৰা-ফিৰাৰ বাবে মোৰ নিজাকে গাড়ী, ড্রাইভাৰ সকলো সুবিধা কৰি দিছিল । আমাৰ দুজনীয়া সংসাৰত এজনী 'পাৰ্ট-টাইম' কৰা বাই, ৰান্ধনী, মালী সকলো আছিল । নাছিল মাত্র মই বিচৰা মানুহজন । বিয়াৰ এবছৰ পিছতে বাবাটো আমাৰ মাজত আহিল । তেওঁ বিচৰা নাছিল ইমান সোনকালে আমাৰ মাজত তৃতীয়জনক । মই অলপ জোৰকৈয়ে আনিলো তাক । তাৰ বাবে মই মোৰ শাহুৰ সহায় লৈছিলো । শহুৰ-শাহুৱে মোক বৰ মৰম কৰে । তেওঁলোক লগত থকা হ'লে হয়তো জীৱনটো অলপ বেলেগ হ'লহেঁতেন । তেখেতে বিচৰা ধৰণে মই তেওঁলোকৰ 'অফিচাৰ চচাইটিত ফিট' হোৱাকে সলাই পেলালোঁ । চুটি চুলি, অত্যাধুনিক পোচাক কৰি আখৈফুটাদি 'ষ্টাইলত' ইংৰাজী কোৱা সকলো শিকিলো । 'পাৰ্লাৰ'ত গৈ 'ফেচিয়েল, পেডিকিওৰ, মেনিকিওৰ' আৰু যত যি আছে সকলো কৰোৱাব শিকিলো । বেলেগ কামতো নাছিলেই, আনকি নিজৰ হাত-ভৰিৰ নখ কেইটাও নিজে কাটিব নালাগে । যিমানেই মই সেইখন সমাজৰ লগত খাপ খোৱাকে আধুনিক হলো সিমানেই ভিতৰি নিসঙ্গ হৈ গলো । তেখেতৰ সঘনাই 'ট্ৰেন্সফাৰ' হৈ থাকে বাবে দুবছৰৰ আগতে 'ক্লাচ ফাইভ'ত বাবাটোকো দিল্লীৰ 'বৰ্ডিং স্কুল' এখনত থলে । মই কিমান বাধা দিছিলো বাবাক 'বৰ্ডিং'ত নথবৰ বাবে, কিন্তু তেখেতে নামানিলে । এওঁৰো 'প্রমোচন' হোৱাত কাম আৰু 'টুৰৰ' পৰিমাণ বাঢ়ি গল । ঘৰত কম আৰু অফিচৰ কামত বাহিৰতেই বেচিকৈ থকা হ'ল । অকলশৰীয়া ঘৰটোত থাকি ভাল নলগা হোৱাত 'এন জি অ' এটাতে সোমাই ললোঁ । 'এন জি অ'টোত সোমাইহে মই ভালকৈ উশাহ লব পৰা যেন হলো ।"
-----"আৰু তই 'এন জি অ'ৰ কামতেই ইয়াত আহিছ তাৰ মানে ?"
-----"'এন জি অ'ৰ কামতেই আহিছো । কিন্তু এইবাৰ নিজৰ পৰা পলাবৰ বাবেহে আহিছোঁ ।"
-----"নুবুজিলো ।"
-----"কৈ আছো । কলেই সকলো বুজি পাবি । যোৱা বছৰৰ কথা , 'এন জি অ'ৰ কিবা এটা 'প্রজেক্ট'ৰ ওপৰত আমি তিনিজন, মই, লীনা নামৰ এজনী ছোৱলী আৰু অৰ্ণিবানে এটা 'টিম' হিচাবে কাম কৰা আৰম্ভ কৰিছিলোঁ । অৰ্ণিবান মুম্বাইৰ পৰা বিশেষকৈ সেই  'প্রজেক্ট'ৰ ওপৰত কাম কৰাৰ বাবেই আহিছিল । দুয়ো মোতকে সৰু আছিল । লীনাৰ গা বেয়া বেয়া হোৱা বাবে মাজতে বেচ কিছুদিন চুটিত আছিল । তাইৰ ভাগৰ কামবোৰ আমি, বেছিকে অৰ্ণিবানে চাইছিল । মাৰ্জিত কথা বতৰাৰ লৰাজন কামত বৰ ভাল আছিল । লাহে লাহে আমাৰ মাজত বেচ বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা হ'ল । বয়সত সৰু আছিল যদিও সি সদায় সমান সমনীয়াৰ দৰেই ব্যৱহাৰ কৰিছিল । লাহে লাহে মোৰ ভাব হোৱা হ'ল সি যেন মোৰ ভাল লগা, বেয়া লগা সকলো লৈ বেছ সজাগ আৰু যত্নপৰ হৈ উঠিল । ভিতৰি যথেষ্ট সংবেদনশীল লৰাটোৱে এদিন হঠাতে কলে--"আপোনাৰ চকুদুটি ইমান বিষন্ন কিয় ? কিহৰ ইমান কষ্ট কঢ়িয়াই লৈ ফুৰে মনত ? ইমান ধুনীয়া চকুদুটিক কষ্টৰ বোজা বোৱা দেখিলে দুখ লাগে । আপোনাৰ চকুদুটি দেখিলে মোৰ সদায়ে ভাব হয় আপোনাৰ নাম 'অঞ্জনা' নহয় 'নীলাঞ্জনা'হে হ'ব লাগিছিল ।" তাৰ কথা শুনি মই বৰ আচৰিত হৈছিলো । কি কয় লৰাটোৱে । মইতো কেতিয়াও কাৰো লগতে মোৰ ব্যক্তিগত কথা পতা নাই, তেন্তে কিয় কলে তেনেকে । অফিচত মোক কোনেও মন মাৰি থকাও নেদেখে । বেচ ভালদৰেই হাঁহি মাতি থাকো । মই তাক মাত্র কলো যে তেনেকুৱা একো নাই আৰু সি এনেয়ে বেচি ভাবিছে ।

   তাৰ পিছত আৰু সেই সম্পৰ্কে কোনো কথা পতা নাছিলো । কিন্তু তাৰ মাজত ক্রমাত কিবা যেন এক পৰিবৰ্তন অনুভৱ কৰিছিলোঁ । একো নোকোৱাকৈ বহু কথায় কৈ গৈছিল তাৰ অভিব্যক্তিয়ে । ময়ো যেন ভিতৰি এক অদ্ভুত অনুভূতি অনুভৱ কৰিছিলো নিজৰ মাজত । কি সেই অনুভৱ তাৰ কোনো সঠিক বাখ্যা নাছিল মোৰ লগত । আমাৰ এবছৰীয়া 'প্রজেক্টৰ' কাম শেষ হ'বলৈ তেতিয়াও প্রায় চাৰিমাহ মান বাকী আছিল ।  'প্রজেক্টৰ' কামত আমি কৰবাত কৰবাত যাবও লাগিছিল । যদিও গাড়ী আৰু 'ড্রাইভাৰ' অফিচৰে আছিল তথাপি সি সদায় মোক আৰু লীনাক নিজৰ নিজৰ ঘৰত থৈহে তাৰ ৰূমলৈ গৈছিল । কেতিয়াবা লীনা নগলে আমি দুয়ো গৈছিলো এই কামবোৰত । তেতিয়া যেন সি অধিক যত্নপৰ হৈছিল মোৰ বাবে । তোৰ আগত মিছা নকওঁ, মোৰো কৰবাত ভাল লাগিছিল এই যত্ন, এই গুৰুত্ব । যেন বহুদিনৰ পৰা মনে বিচাৰি থকা পৰম আকাঙ্খীত কিবা এটা পাইছো । প্রতি মূহুৰ্ত্ততে বিবেক সকীয়াই থাকে--"তাক ৰখাই দে ইমানতে", কিন্তু মনে কয়--"একো নহয় । ইমানকে নাভাবিবি । সিতো কেতিয়াও তোৰ শৰীৰ স্পৰ্শ কৰা নাই।" প্রতিটো মূহুৰ্ততে মই মোৰ মনটোত তাৰ স্পৰ্শ অনুভৱ কৰি আছিলো । সি মোক বন্ধুত্ব দিছে, মই বিচৰা সহচাৰ্য্য দিছে । তিলে তিলে শুকাই মৰুভুমি হ'ব ধৰা মোৰ ভিতৰখনক সি জীয়াই তুলিছে । লগে লগে বাঢ়ি আহিছিল এক অনামী ভয় । মই প্রতিমাহে যেতিয়া বাবাক লগ কৰিব দিল্লীলৈ যাব ওলাওঁ সিও যাব বিচাৰে মোৰ লগত । মই  প্রতিবাৰেই তাক কওঁ--"এইবাৰ নালাগে, অহাবাৰ যাবা ।" মই তাক নহয়, নিজকে ভয় কৰা হৈছিলো ।

      'প্রজেক্টৰ' কাম শেষৰ পিনে অহাত আমি তিনিওজনে অফিচত প্রায়ে ৰাতি নটা মানলৈকে কাম কৰিবলগীয়া হৈছিল । ''প্রজেক্ট ৰিপোৰ্ট'বোৰ জমা দিবলে মাত্র এসপ্তাহ মানহে আছে তেনাকুৱাতে এদিন লীনা তাইৰ স্বামীৰ লগত সাতটা মানত অফিচৰ পৰা গৈছিল । আমি তিনিও সিদিনাখন এসপ্তাহ পিছত যে লগ এৰা এৰি হ'ম সেই বিষয়ে কথা পাতিছিলোঁ আৰু স্বভাবিকতেই আমাৰ মনবোৰ বিষন্ন হৈ আছিল । নমান বজাত মই আৰু অণিৰ্বান যেতিয়া ঘৰত যাব ওলাইছিলোঁ তেতিয়া হঠাতে সি মোৰ হাতত ধৰি তাৰ ওচৰ চপাই কলে---"নীলাঞ্জনা, মই তোমাক এৰি থাকিব নোৱাৰিম । মই আৰু মুম্বাইলৈ ঘুৰি নাযাও । আমি আৰু কিবা 'প্রজেক্টৰ' ওপৰত এনেকৈয়ে একেলগে কাম কৰি থাকিম । 'প্লিজ' মোক না নকবা ।" ইয়াৰ আগতে সি কেতিয়াও মোক নীলাঞ্জনা বা তুমি বুলি মতা নাছিল । মোৰো জানো কি হ'ল কব নোৱাৰো তাৰ আৰু ওচৰ চাপি গৈ কলো---"নালাগে যাব কতো । আকৌ অকলশৰীয়া হৈ যাম মই । থাকা সদায় এনেকৈয়েই মোৰ লগত ।" আৰু তাৰ বুকুত মুখ গুজি চকুপানীৰে তিয়াই দিলো তাৰ চাৰ্ট । হয়তোবা বহুদিনৰ পৰা ওলাব বাট বিচাৰি থকা চকুপানীবোৰে নিৰ্ভৰযোগ্য বুকু এখনৰ অপেক্ষাতেই আছিল । পিছ মূহুৰ্ততে মোৰ বিবেকে সাৰ পাই মোক জোকাৰি কলে---- "তই নীলাঞ্জনা নহয়, তই অঞ্জনাহে । এজনৰ বিবাহিতা স্ত্রী । এটা সন্তানৰ মাতৃ । অইনৰ বুকুত আশ্রয় বিচৰাৰ অধিকাৰ তোৰ নাই ।" অণিৰ্বানৰ পৰা আঁতৰি আহি মাত্র কলো---"বলা যাওঁ । বহু ৰাতি হ'ল । মই মোৰ ঘৰত যাব লাগে ।" পিছত আৰু 'প্রজেক্ট' জমা দিবৰ বাবে মই অফিচ নগলো । লীনাক মাতি আনি বাকীথকা কামবোৰ বুজাই দি দুয়োকে জমা দিবলৈ কৈ অসুখ বুলি চুটি ল'লো । কিছুদিন পিছত অফিচ গৈ গম পালো অণিৰ্বানে হেনো জয়পুৰতে থাকিব বুলি মুম্বাইৰ অফিচত দৰ্খাস্ত দিব গৈছে । এই খবৰ পোৱা মাত্রকে ময়ো 'এন জি অ'টোৰ মাজুলীত আৰম্ভ হ'বলগীয়া নতুন  'প্রজেক্ট' এটাত কাম কৰিবৰ বাবে দৰ্খাস্ত দিলো । আৰু সি আহি পোৱাৰ আগতে হাতে হাতে অফিচৰ পৰা 'অৰ্ডাৰ' লৈ অসম পালোহি । অহাকালি ইয়াৰে 'হেড অফিচত জইন' কৰি মাজুলীলৈ যাম । মই এবছৰৰ বাবে আহিছো । আশাকৰোঁ এই এবছৰত মোৰ মনৰ পৰা অণিৰ্বান গুচাব পাৰিম । মই যে পাৰিবই লাগিব । আশাকৰোঁ মাজুলীয়ে মোক সহায় কৰিব ।"

    ইমান পৰে মই যেন কোনোবা এক বেলেগ গ্রহত দূৰৈৰ পৰা ভাহি অহা কথা কিছুমানৰ মাজতহে আছিলো । বেচেৰী মোৰ মৰমৰ বান্ধবীজনী ইমান বছৰৰ পৰা অত কষ্টৰ বোজা বুকুত লৈ আছিল আৰু মই তাইক সুখী জীবন কটোৱা বুলি ভাবি আছিলো । এই মূহুৰ্তত তাইক কবৰ বাবে একোৱেই বিচাৰি পোৱা নাই । তাইৰো চাগে নিজক খালী কৰিবলে আৰু একো বাকী নাই । কথাবোৰ তাই মোক কৈ নিজক পাতলালে নে নিজেই নিজৰ ওচৰত স্বীকাৰোক্তি দিলে ! ওচৰতে নিঃশব্দে পৰি থকা মবাইলটো চালো । ৰাতি তেতিয়া তিনি বাজি চল্লিচ মিনিট । মই তাই কলো---"ৰাতিটো শেষ হ'বলৈ আৰু বেছি সময় নাই । শুই লওঁ দিয়া অকণমান ।"
 ----" অ' শুবই লাগিব । ৰাতিটো শেষ হলেহে ৰাতিপুৱাটো দেখিবলৈ পাম । ৰাতিটোক যে বিদায় দিবই লাগিব ।"

   ইশ্বৰৰ ওচৰত প্রাৰ্থনা কৰিলোঁ---- "মোৰ বান্ধবীজনীক এটা সুন্দৰ পুৱা এটা উপহাৰ দিয়া প্রভূ । তাই বিচৰা ধৰণৰ পুৱা ।"

---------------------------------------------------------------------------------------------

No comments:

Post a Comment