"ফেচবুক, ইণ্টাৰনেট আৰু আমি":---
: আহিলা । তোমাৰ 'লেপটপটো' দিয়াচোন অকণমান ।
: অফিচৰ পৰা আহি পাইছোহে মাত্র । চাহ অকণ দি লোৱাচোন আগতে । মূৰটো বৰকে টিং টিঙাইছে ।
: দি আছো ৰবা । আগতে 'ফেচবুকত কিবা এটা 'কমেণ্ট' দি লওঁ । মোৰ মোবাইলৰ 'নেট পেক' আজিয়েই শেষ হ'ল আৰু 'বেলেন্চো' বেছি নাই ।
: ইমান জৰুৰী কি হ'লনো যে 'কমেণ্ট' নিদিয়াকে চাহকাপো দিব নোৱাৰা হলা ?
: আমাৰ 'কলনি'ৰ বৰুৱানীৰ আজি চিৰিৰ পৰা পৰি ভৰিত বেয়াকে দুখ পাইছে । 'ফ্রেক্সাৰে'ই হইছে চাগে । তেওঁলোকৰ ওচৰত থাকে যে মিছেচ কাকতি তেওঁ 'ফেচবুক'ত 'ষ্টেটাচ্ আপডেট' দিচে হেনো ।
: তোমাক কোনে কলে ?
: আমাৰ 'বিল্ডিঙ'ৰ কাকলীয়ে কৈছে । আমি আটাই কেইজনী একেটা 'কিটি গ্রুপ'ৰ আৰু লগতে 'ফেচবুক ফ্ৰেণ্ডছ' হয় । মিছেচ কাকতিয়ে হেনো বৰকে 'চেণ্টি ফালি' লিখিছে কিবা কিবি ---' ফিলিং চেড , গেট ওৱেল চুন, এম প্রেইং গড ফৰ ইয়ৰ কুইক ৰিকভাৰি' । হুহ ! জনা আছে বৰ একেবাৰে 'গডক প্রে' কৰাজনী ! মানুহৰ বেয়াৰ বাহিৰে ভাল চিন্তা কৰি নোপোৱা জনীয়ে আকৌ 'প্রে' কৰে !
: তেখেতে যেনিবা লিখিলেই কিবা এটা তাত তোমাৰ ইমানকে বকিবলৈ কি হ'ল পিছে ?
: তাইৰ আচলতে 'চচিয়েলি' কিমান 'কনচাৰ্ণ' সেইটো দেখুওৱাৰ 'ফাণ্ডা' । তুমি নুবুজিবা সেইবোৰ । দিয়া অ' তোমাৰ 'লেপটপটো' সোনকালে । সকলোৰে চাগে 'লাইক, কমেণ্ট' দিয়া শেষেই হ'ল । মোক সবেই হাঁহিব এতিয়া 'আনস্মাৰ্ট, লেজী' বুলি ।
: কোনোবাই দুখ পাইছে তাত আকৌ 'লাইক' কৰিবলগীয়া কি আছে ? তোমাৰ যদি চিন্তা বা বেয়া লাগিছে তুমিচোন এবাৰ গৈও খবৰ এটা লৈ আহিব পাৰিলাহেঁতেন ? নাইবা ফোন এটাও কৰিব পাৰাচোন ?
: মই যেনিবা গলোৱেই খবৰ লব বৰুৱানীয়ে জানো 'ফেচবুক'ত লিখিব সেইটো । আৰু ফোনৰ ক্ষেত্ৰতো একেই কথা । ইয়াত 'কমেণ্ট' এটা দিলে কমচেকম সকলোৱে দেখিব । তুমি সেইবিলাক নুবুজিবা দিয়া । তোমাৰ কোনো 'চছিয়েল নলেজ' নাই । অফিচ, ঘৰ আৰু খোৱাৰ বাহিৰে কি জানা তুমি ? এতিয়াও 'বেক ডেটেদ' হৈয়েই আছা তুমি । ৰবা 'অন' কৰি লওঁ এইটো । এহঃ , কি যে এসোপা সোমোৱাই থৈছা ইয়াত ? নুখুলেহে নুখুলে । তোমাৰ এই 'লেপটপ'ডালো তোমাৰ দৰেই 'বৰিং' । একদম এচাৰি ভাঙিম যেন লাগি যায় । মোৰ কাৰণে দামী চাই এটা 'লেপটপ'ৰ 'অৰ্ডাৰ' দিবাচোন । মোবাইলটোত অসুবিধা হয় 'ফেচবুক' কৰিব । 'থেংক গড' , খুলিছে ৰবা , ৰক্ষা !
: অকল 'ফেচবুক' কৰিবৰ বাবে 'লেপটপ' লাগে তোমাক ?
: নহয় অ' । মাজে মাজে " মিণ্ট্রা , জেবং , স্নেপডিল " এই 'অনলাইন স্বোপ'বোৰত খউব ভাল ভাল 'অফাৰ' দি থাকে । 'লেপটপ' এটা থাকিলে ভালকৈ চাই মেলি 'অৰ্ডাৰ' দিব সুবিধা হয় । তুমি মিছাতে চিন্তা নকৰিবা বস্তু নাহিব বুলি । মই 'চি অ ডি'হে কৰিম ।
: মানে ?
: 'কেস অন ডেলিভাৰী' । মানে বস্তু আহি পালেহে টকা দিম । ইমান মানে নুবুজিলেও হ'ব তুমি । মই যি কৈছো তাকে কৰা মাত্র । বাকী যি বুজিব লাগে মই বুজিম ।
: হেৰা , আজি পিছে চাহ পামনে ?
: পাবা অ' । নাপাবা কিয় ? ইমান চিন্তা নকৰিবা না তুমি । মই আছো তো । তুমি 'ড্রেচ চেঞ্ছ' কৰি ভৰি হাত ধুই মাত্র চেনী চাহপাত কেইটা দি চাহখিনি বহাই দিয়া । মই মোৰ এই কামখিনি কৰি আজৰি হৈ তোমাৰ চাহখিনি চেকি দি আছো । অ' জানটো ,আৰু এটা কথা শুনাচোন । চাহৰ লগত কি বিস্কুট খাবা প্লেট এখনত উলিয়াই লবানা 'প্লিজ' । 04.05.2014.

No comments:
Post a Comment