----: বিস্মৃতি :---
কেতিয়াবা বৰকৈ হেপাহ জাগে বিস্মৃতিলৈ ।
বিস্মৃতিক বোকোচাত বান্ধি
নীল আকাশত চৰাইৰ সতে ডেউকা মেলি
উৰি যাম যেন মনৰ পৰিধি বিচাৰি ।
জানো সম্ভৱ নহয় ।
তথাপি ভাবোতে কি যায় !
কিয় ভয় লাগে !
কি হেৰুৱাব ভয় লাগে !
কিবা আছে জানো নিজাকে ?
নিজেইচোন নহওঁ নিজৰ ?
২৩।০৫।২০১৪
-------------------------------
No comments:
Post a Comment