Friday, 9 May 2014

        

 "মই আৰু তুমি"

নিশব্দতাই গোৱা গাথা, মালিতাবোৰ শুনিছানে ?
ইমান বিষাদ, ইমান কৰুণ ।
নিসঙ্গ হৃদয়ৰ গলিবোৰত হোৱা মোৰ পদশব্দই
টোপনিত ব্যাঘাত কৰেনে ?
নকৰে । জানো মই ।

আলোক সন্ধানী মই,
আৰু তুমি ? কি বিচৰা তুমি ? 
হাঁহি উঠি যায় ।
কিন্তু হাঁহিত মুকুতা নসৰে কিয় ?
কিয় দুচকুৰে কলিজাৰ তেজ নিগৰে ? 
চুই চোৱাচোন মোৰ দুহাত ।
চেঁচা । কিয় চেঁচা ?
ইমান অবুজ তুমি ।
আকৌ হাঁহি উঠি যায় মোৰ ।
অ' নিগৰে, প্রতিবাৰেই নিগৰে,
গোট মাৰি বৰফ হোৱা কলিজাৰ তেজ চকুলো হৈ ।

হৃদয় বিচৰা 'মই'ৰ ব্যথা নুবুজিবা ।
কাৰণ ? কাৰণ তুমি যে তুমি হৈয়েই থাকিলা ।
তুমিতো তুমি বিচৰাবোৰৰহে বিচাৰিলা ।
মোক জানো বিচাৰিলা ?

আমি-- উহু নহয়, মই আৰু তুমি,
ভুল কৰিলো নেকি ?
ভুল বাটেৰে আহি বাট হেৰুৱালোঁ নেকি ?
আগলৈ বৰ এন্ধাৰ,
একোচোন মনিবই নোৱাৰি ।। 
                            21.4.2014

No comments:

Post a Comment