: ঠিকনা : ১৮/০৫/১৪
মৰমৰ,
মৰম লবা । আশাকৰোঁ ভালে আছা । জানো এয়া অবান্তৰ আশা । কিন্তু চিঠিৰ আৰম্ভণি যে এনেকুৱায় হয় সদায় । আজি চিঠি এখন লিখিবলৈ বৰ মন গৈ আছে । বহুদিন, নহয় বহুবছৰ হ'ল কাকো চিঠিৰ নামত এটা শব্দও নিলিখা । কালৈনো লিখিম চিঠি ? ঠিকনাবোৰেই যে হেৰাই গল । ক'ত হেৰাল বাৰু এই ঠিকনাবোৰ ?
আগতে যে লিখিছিলো সেই চিঠিবোৰৰ কথা মনত পৰে । তেতিয়া ঠিকনা আছিল বহুত, কিন্তু কথা আছিল কম । 'হোষ্টেল' বন্ধ হলেই ঘৰৰ পৰা লগৰ কেইজনীক যে কিমান চিঠি দিছিলোঁ । এতিয়াও মনত পৰে । ----" অই কি কৰি আছ ঘৰত ? ঠিকছে পঢ়িছা ন ? তই এইবাৰ কিজানি বেলেগ ৰিজাল্ট কৰিবি দেই ! মোৰ জানা পঢ়াত একেবাৰেই মন নবহা হৈছে । কিতাপ মেলি ললেই টোপনিয়ে হেঁচা মাৰি ধৰে । 'মেজৰ'তেই 'বেক' লাগিব কিজানি ভাই । কি যে হ'ব মোৰ ?" তেতিয়া সেই সৰু সৰু কথাবোৰেই ইমান ডাঙৰ যেন ভাব হৈছিল । নকলেই নহ'ব যেন লাগিছিলচোন । চিঠি দিবলে ঠিকনাওতো আছিল । আজিকালি সকলোৱে ইমান ব্যস্ত । কাৰ সময় আছে লিখিবলৈ আৰু কাৰ সময় আছে পঢ়িবলৈ । ঠিকনাবোৰ যে এতিয়া সলনি হৈ "@ ডট কম" হ'ল আৰু 'মেছেজ' দিবলে কিছুমান নম্বৰ । ব্যস্ততা আৰু আধুনিকতাৰ প্র্তিক । হয়তোবা ভালেই ! ঠিক নাজানো ।
মোৰ যে এই "@ ডট কম"বোৰ একদমেই ভাল নালাগে । ----" হেল্ল । হাউ আৰ ইউ ? আই এম ফাইন । হ'প ইউ আৰ অলছো এনজইং ইয়ৰ লাইফ ।" অসহ্যকৰ । ইমান উপৰুৱা কথা বতৰা !
ভিতৰখন কথাৰে ঠাহ খাই আছে জানানে ! অকল কথাই নে ! নহয় । এবুকু অব্যক্ত যন্ত্রনা । হাঁহিৰ আৰত, দায়িত্ব কৰ্তব্যৰ আৰত লুকাই থকা একাকিত্ব । মইজনীক হেৰুৱাই পেলোৱাৰ যন্ত্রনা । কেতিয়াবা বুকুখন গধুৰ গধুৰ লাগি বিষাই যায় । ঠিকনা এটা বিচাৰোঁ নিজক পাতলাবলৈ । পাম জানো ? নাপাওঁ । মই জানো ।সকলো জানো, সকলো বুজো । তথাপিও কিয় যে অবুজনৰ দৰে আচৰন কৰো । ঠিকনা এটা পোৱাৰ হাবিয়াস অহৰহ মনত কঢ়িয়াই লৈ ফুৰো ? বৰ আচৰিত মই আৰু মোৰ এই মনটো ।
"ডট কম" হৈ নোযৱা ঠিকনা এটাৰ অভাব বৰকৈ অনুভব কৰো । কেতিয়াবা ভাব হয় পালো চাগে বিচৰা ঠিকনাটো ।কিন্তু ভালকে চালে তাতো কেবল শূণ্যতাহে পাওঁ ।মিছা, সকলো মিছা, সকলো মনৰ ভ্রম মাত্র । ভ্রম এটাৰ আগত পাৰিনে নিজক উদঙাব ? নোৱাৰি । এয়া সম্ভব নহয় । নিজকে নিজে কও --"বাদ দিয়া মিছাৰ আগত নিজক ডাঙি ধৰাৰ চেষ্টা কৰা । অনুভব, অনুভতিবোৰে দুগুণ কষ্ট পাব ।
তুমিতো আছা সদায় মোৰ লগত মোৰ চিৰ লগৰী হৈ ।মোৰ সুখ-দুখ, হাঁহি-কান্দোনৰ সমভাগী । তোমাৰ আগততো একো গোপনতা নাই । নাই একো লুক ঢাক । তুমিয়েই মোৰ একমাত্র বিশ্বস্ত সহচৰী । জানো কাকো নকবা বুলি, তথাপি কওঁ, কাকো ভাগ নিদিবা মোৰ এই ব্যথাবোৰৰ । তোমাৰ আৰু মোৰ মাজতেই সীমাবদ্ধ থাকক দিয়া ফল্গুধাৰা ।
আজি আৰু নিলিখো দিয়া । ৰাতিও বহুত হ'ল । চিঠিখন বাৰু লিখিলোঁ । এতিয়া কোন ঠিকনাত দিওঁ ? ঠিকনা জানো অকল নাম, জিলা, ডাকঘৰতেই সীমাবদ্ধ ? ঠিকনা যে মনৰো থাকে । মোৰ ঠিকনাচোন কেতিয়াবাই হেৰাল । ঠিকনাবিহীন, অস্তিত্ববিহীন মই । হাঃ হাঃ ; হাঁহি উঠি যায় অ' । পাগলী হোৱা নাই মই । এনেই আৰু । চাগে এনেই হাঁহি থকাটো এটা মুদ্রাদোষ হ'ল । থাকক দিয়া । নুগুচাও এই মুদ্রাদোষটো । ভাল লাগে । নিজক আৰ কৰি ৰাখিব পাৰি যে এইটোৰে । আজিলৈ বিশেষ নাই । ইতি--
"মই"
বি: দ্র:--চিঠিৰ আৰম্ভনিতে অকল মৰমৰ হে লিখিলো । মৰমৰ 'মই' লিখি ইতিতো 'মই' লিখিব ভাল নালাগিব যে সেইবাবে ।
No comments:
Post a Comment