Friday, 21 March 2014

গল্প নহয়, অভিজ্ঞতা

"গল্প নহয়, অভিজ্ঞতা "
মানুহজনৰ চাকৰি সূত্ৰে বিয়াৰ পিছৰে পৰা উড়িষ্যাৰ ভুৱনেশ্বৰত থাকিব লৈছিলো । প্রথম অৱস্থাত বৰ ভাল লাগিছিল থাকি ।নতুন ঠাই, নতুন সংসাৰ, সকলো নতুন আৰু সকলোতে কেৱল ভাললগা আৰু ভালপোৱা । ভুৱনেশ্বৰত ঘূৰি ফুৰি কেতিয়াবা ভাব হয় যেন 'অনুৰাধাৰ দেশ'ৰ অনুৰাধা জনীক কৰবাত লগ পাই যাম । কেতিয়াবা নিজকে অনুৰাধা হোৱা যেনো লাগে । মুঠতে একো বেয়া নালাগে ।
দিন বাগৰাৰ লগে লগে কিন্তু কথাবোৰ সিমান এটা ভাল লগা হৈ নাথাকিল । প্রথম অৱস্থাত মন গলেই বছৰত দুই তিনিবাৰ ঘৰত যাব পাৰিছিলোঁ । এবাৰ ঘৰৰ পৰা অহাৰ পিছতে পিছৰ বাৰৰ বাবে দুই তিনিটা তাৰিখৰ ৰেলৰ টিকট কৰি থৈ দিওঁ । যি তাৰিখত মানুহজনে অফিচৰ চুটি পায় সেই তাৰিখৰ টিকটখন ৰাখি বাকীবোৰ 'কেনচেল' কৰি দিওঁ । পিছত যেতিয়া দুজনৰ পৰা তিনিজন হলো সই সুবিধা নোহোৱা হ'ল । সৰু ল'ৰা লগত লৈতো বছৰত তিনি বাৰ ইমান দীঘলীয়া ৰেল যাত্রা সম্ভৱ নহয় ।
লাহে লাহে মই তাত থাকি বিৰক্তি পোৱা হব ধৰিলো । এখেতো হৈছে কম কথা কোৱা মানুহ আৰু মই নিজেও বেছিকে ইয়াৰ তাৰ ঘৰত গৈ কথা পাতি থাকিব ভাল নাপাওঁ । তাতে আকৌ মূখ খূলিয়েই হিন্দী, বঙালী আৰু সময় সাপেক্ষে ‘ইয়েচ, ন, ভেৰি গুড টাইপ’ ইংৰাজীত কথা পাতি ‘ব’ৰ’ পোৱা হলো ।নিজৰ ভাষাত কথা পাতিব হলেও ‘এচ টি ডি(STD) বিল’ ভৰিহে কথা পাতিব লাগে ।সেয়াওতো খা-খবৰ লোৱাতকে বেছি দীঘলীয়া কৰিব নোৱাৰি । তাৰোপৰি ঘৰৰ কাম, ল'ৰাৰ পিছত দৌৰা এইবোৰটো আছেই । উপায় নাপাই এওঁকেই অভিযোগ কৰি থাকো—“আপোনাৰ লগত এনেকে কথা –বতৰা নোকোৱাকে থাকি থাকি হয় মই বোবা হৈ যাম আৰু নহলে নিজৰ মাত-কথা সকলো পাহৰিম । আমি কেতিয়া যাম ইয়াৰ পৰা ‘ট্ৰেন্সফাৰ’ হৈ । মই অসমত যাম । নোৱাৰো এনেকে থাকিব মই ।“ মুঠতে একেখিনি কথাকে সদায় বেলেগ বেলেগ ধৰণে কৈ থকা হলো ।
এনেতে এদিন ভাড়াঘৰৰ মালিকনী ‘আণ্টীৰ’ লগত ওচৰৰ মন্দিৰ এটাৰ বছৰেকীয়া উৎসৱ এটাত গলো । তাত বহি থাকোতে মোৰ পৰা অলপ আঁতৰত সৌভাগ্য(দুৰ্ভাগ্য ?!) ক্রমে মহিলা এজনীয়ে আঠ/ন বছৰীয়া ছোৱালী এজনীৰ লগত অসমীয়াত কথা পাতি থকা শুনিলোঁ । অসমীয়া মাত শুনি মই ফূৰ্তিত ৰব নোৱাৰা, কব নোৱাৰা হৈ বাইদেউ বাইদেউ বুলি আগধৰি চিনাকি হৈ কথা বতৰা পাতিলো । সেই মূহুৰ্তত মোৰ নিজৰ কোনোবা আপোন বাইদেউক লগ পোৱা যেনহে লাগিছিল ।অহাৰ সময়ত তেখেতক আমি থকা ঘৰটোৰ ঠিকনাটো ভালকৈ বুজাই দি পিছদিনাখন আহিবলৈ টানি অনুৰোধ কৰি আহিলো । ঘৰত আহি প্রথমতে এওঁক ৰাজ্য জয় কৰি অহাৰ দৰে সুখবৰটো দিলো । লগতে কলো ল'ৰা লৈ মই বাইদেউজনীক চাহৰ লগত দিব একো বনাব নোৱাৰিম,গতিকে তেওঁ যাতে ‘খট্টা-মিঠা’ নামৰ দোকানখনৰ পৰা ভাল কিবা কিবি আনি থৈহে অফিচ যায় । মোৰ আচলতে কিবা বনাব ললে কৰবাত কথা পাতিব সময় কম হব বুলি ভাবি ভয়হে আছিল ।
প্রথমদিন আহিল ভালেই লাগিল । সেইদিনৰ কথা বতৰা পা-পৰিচয় আদিতে শেষ । মাইকী মানুহৰ পৰিচয় পৰ্ব আকৌ ঘৰ পৰিয়ালতেই সীমাবদ্ধ নাথাকে । বংশ পৰিয়াল সকলো সাঙুৰি লোৱা হয় তাত । সেয়ে অলপ দীঘলীয়া হয় আৰু । বাইদেউজনীক মাজে মাজে আহি থাকিব কলো আৰু তেখেতেও ছোৱালীক লৈ আহি থকা হল । মোৰো ভালেই লাগে । তেখেতৰ মানুহজনে তাতে কিবা চাকৰি কৰে আৰু অকলে থাকে । বাইদেউজনী অসমতে ল'ৰা-ছোৱালী লৈ থাকে ।ছোৱালীৰ বছৰেকীয়া পৰীক্ষা শেষ হোৱা বাবে কিছুদিনৰ বাবেহে ফুৰিব আহিছে । আমি থকা ঘৰটোৰ পৰা অলপ আতৰতে থাকে তেওঁলোক । পিছলৈ যেনিবা তেখেত সদায় আবেলী আবেলী আহে । ময়ো মনৰ উলাহতে বিয়াৰ পিছত কি কি নতুনকে বনাব শিকিছো সেইবোৰ দুই এটাকে বনাই খুৱাই ভাল পোৱা হলো । যিমান যি হলেও মই যে বনাব জনা হৈছো ঘৰৰ মানুহৰ আগত যহাব নোৱাৰিলেও নিজৰ ঠাইৰ কাৰোবাক অন্তত বনাই খুৱাব পাৰিছোঁ মোৰ বাবে সেইটোও এটা ডাঙৰ কথা । লাহেকে তেখেত দিনত দুবাৰকে আহিব ললে আমাৰ ঘৰত ।লাহে লাহে মই তেখেতৰ কথা বতৰাবোৰো বৰ এটা সুবিধাজনক নোপোৱা যেন হলো । আজি যদি কাৰোবাৰ কথা কয়,কালি আন এজনৰ কথা ।এদিন কয় উড়িয়া মানুহে ভালকৈ খোৱা বস্তু বনাব নাজানে, কোনোবা বিহাৰীয়ে হেনো ব্যৱহাৰ নাজানে। কোনোবাই হেনো ভাত খাব মাতি অকল মাংস আৰু মাছৰ জোল হে দিলে, ভজা মাছ এডোখৰকেও নিদিলে ।আৰু কোনোবাই চাহৰ লগত সৰু ‘চাইজৰ’ মিঠাই দিলে । মুঠতে মানুহৰ নামত লানি নিচিগা অভিযোগনামা । কথাবোৰ শুনি ময়ো মনে মনে ভাবিব ললো মই কেতিয়া কেতিয়া কি কি খুৱাইছিলোঁ আৰু ভাবি ভয় লগা হল মোৰ কথা বা কত কত কি গাইছে বুলি । কথাবোৰটো এওঁকো কব নোৱাৰো । পিছলৈ মোৰ অসমীয়াত কথা কব পৰাৰ আনন্দ কৰবাত উৰি গৈ মনত সন্ত্রাসৰ হে সৃস্তি হল । তাতে মানুহজনৰো সহ্যৰ সীমা পাৰ হৈ অভিযোগ আৰম্ভ হল---“তুমি বাৰু সদায় দুয়ো বেলায় আলহীয়ে সুধি থাকিবা নে ল'ৰা আৰু মোকো অলপ সময় দিবা । মানুহ ইমানো পাগল হ’ব নাপায় দেই ।“ মোৰো ভাব হল কথাটো নোহোৱাও নহয় ।
মোৰ অৱস্থা দুই নাওত নুই ভৰিৰ দৰে । এৰিবও নোৱাৰো আৰু বেৰিবও নোৱাৰো । মই লাহেকে ভগবানক হে খাটিব ললো—“হল আৰু প্রভূ , মোৰ মাতৃভাষাত কথা কোৱাৰ চখ পলাইছে । কথা কব নাপাই বোবা হলেও হম ,তথাপি তুমি এই বাইদেউজনীক সোনকালে অসমলৈ উভতাই নিয়া ।“ লাহেকে এদিন সুধিলোৱে—“বাইদেউ, আপোনালোকৰ চাগে ঘৰলৈ যাবৰ হলেই আৰু নহয় ? মোৰ যে ইমান বেয়া লাগিব ।“মনে মনে ভাবিছো-“গলেই বাচি যাওঁ । কিহে পাইছিল মোক এই জঞ্জাল চপাই লব !’’ মাজতে আকৌ তেখেতে পিছৰদিনেই ঘূৰাই দিম বুলি কৈ মোৰ পৰা ৩০০ টকাও ললে । মোৰো সেই পিছৰ দিনটোলৈ বাট চাওঁতেই গল ঘূৰাই হ’লে নাপালোঁ ।
বিদেশত থাকি নিজৰ মাত কথা আৰু ঠাইৰ মানুহ বিচৰাৰ মজা বাৰুকৈয়ে পাব ধৰিলো । এনেতে যেনিবা তেওঁলোক যাব ওলোৱাৰ শুভ দিনতোও আহি পালে আৰু ময়ো ডেৰ মাহৰ পৰা নিজে গাত মেৰিয়াই লোৱা জালখনৰ পৰা মুক্তি পালো ।
মোৰ তেতিয়া নতুনকৈ ভাব হোৱা হল—“কিনো বেয়া বঙালী, হিন্দীত কথা পাতি থকাটো । বেয়াওচোন নালাগে ভাষাবোৰ । ভালহে, নিজৰ ভাষাৰ লগতে অইন ভাষাতো কথা পতাত ‘এক্সপাৰ্ট হৈ যাম । ওড়িয়া ভাষা বুজি পোৱাতো হৈছোৱেই,পাৰিলে এতিয়া অকল ভিক্ষাৰী আৰু ‘সব্জিৱালাৰ’ লগত কোৱাৰ উপৰি আনৰ লগতো ওড়িয়াত কথা পতা কৰিব লাগিব । হাজাৰ হওক ভাষা যিমান শিকিলেও নিজলৈহে ভাল । নিজৰ মাতৃভাষাও কোনোবাই পাহৰে নেকি ! যিমান নোকোৱাকে থাকিলেও মনত থাকিব । আনৰটোহে বেছিকৈ চৰ্চ্চা কৰিব লাগে ।“
20.03.2014

No comments:

Post a Comment