ফাগুন
ফাগুন আহিলেই না ! ফাগুন কেনেকুৱা লাগে তোমাৰ ?
একো ভাল নালাগে । ইমান শুকান শুকান লাগে গা, ওঠবোৰ ।
কি যে না তুমি ! ফাগুন যে মোৰ বৰ ভাল লাগে ; আগতেও, এতিয়াও ।
কি ভাল লাগে ? কিয় ভাল লাগে ?
কি, কিয় এইবোৰৰ উত্তৰ দিব নোৱাৰিম । কিন্তু ভাল লাগে । ফাগুনৰ বতাহজাকে যেন সুহুৰি মাৰি কাণে কাণে কৈ যায়--- "বাহিৰলৈ চোৱা । কেনেকুৱা ৰঙেৰে ৰঙীন হৈছে পৃথিৱীখন ।" কোনোবা যেন আহি আছে মোৰ বাবে তাৰেই বতৰা দি যায় বতাহজাকে ।ৰঙাকৈ ফুলি শিমলু ফুলবোৰো যেন তেওঁৰ স্বাগতমৰ বাবেই সাজু হৈছে । ৰঙীন পলাশবোৰেওচোন মোৰ অপেক্ষা অধীৰ চকুযুৰিলৈ লাজ নমাই আনে । এনে লাগে বাউলী বতাহজাকৰ সতে ময়ো যেন দীঘল চুলিটাৰ বতাহত উৰুৱাই লৰি যাম তেওঁৰ কাষলৈ ।
তেওঁ ! তেওঁনো কোন ?
কোনো নহয় । তুমিয়েই । তোমাৰ হাতত ধৰি যেন বিচাৰি যাম তোমাকেই । মই যদি কবি হলোঁহেঁতেন ইমান ধুনীয়াকে যে সজালোহেতেন এই ফাগুনক ! নহলো যে কবি । সেয়ে এনেকৈয়েই মনৰ মাজত থাকি যায় ফাগুন আৰু ফাগুন-ফাগুন ভাববোৰ ।
পাগলী হয় তুমি । ইমান অদ্ভুত কথা, কল্পনা ।
হয় চাগে অকণমান পাগলী । বেয়াওচোন নালাগে পাগলী হৈ । ফাগুনো জানো এনেকুৱায় নহয় !
নালাগে তুমি ফাগুনৰ উতনুৱা বতাহজাকৰ সতে চুলিটাৰী মেলি বাউলী হব । কোমল চুলি ৰুক্ষ হব । তেতিয়া যে তোমাৰ চেম্পূ কৰা আধাতিতা চুলি চুই, গোন্ধ লৈ ভাল নালাগিব । তোমাৰ চুলিৰ গোন্ধটো আৰু কোমলতাখিনি মোৰহে । নোৱাৰো ফাগুনক নিব দিব ।
মই বাৰু পাগলী, বুজি পালো । এতিয়া কোৱাচোন তুমি কি ?
মই ! তোমাৰ ফাগুনে কঢ়িয়াই অনা বতৰা ।।
12.02.2014
*******************************************************************

No comments:
Post a Comment