আজি 'ভেলেণ্টাইনচ ডে'(Valentine's Day) ; মানে 'প্রেমৰ' দিন ।
'প্রেম' ? কি এই প্রেম ? প্রেমৰ প্রকৃত সংজ্ঞা কি ? হয়তো প্রেমক সংজ্ঞাৰে সজাব পৰা, বুজাব পৰাৰ পৰা বহুত বেলেগ হৃদয়ৰ পৰা কাৰোবাৰ প্রতি অনুভূত হোৱা এক ভাল লগা, বুজাব নোৱাৰা অনুভূতি ।
মোৰ বাবে 'প্রেম' কেবল মাত্র দুজন মানুহৰ মাজৰ আকৰ্ষণ নহয় ।'প্রেম' মানে এজনৰ আনজনৰ প্রতি থকা মৰম, ভালপোৱা, সন্মান, বন্ধুত্ব, বুজাপৰা, আকৰ্ষণ সকলোবোৰৰ এক সংমিশ্ৰিত ৰূপ, অনুভূতি ৷ যিজনৰ প্রতি এই অনুভূতি অনুভূত হয় তেওঁ হৈ পৰে ৰাতিপূৱা শুই উঠি আৰু ৰাতি শোৱাৰ সময়ত ইশ্বৰক জনোৱা প্রাৰ্থনাৰ এক অবিচ্ছেদ্য অংশ ।-----"হে প্রভূ মোৰ লগতে মোৰ মৰমৰ জনৰো আজিৰ দিনটো ভালে-কুশলে পাৰ কৰাই দিয়া ।" -----"আজিৰ দিনটোৰ বাবে তোমাক অশেষ ধন্যবাদ । আজিৰ দিনটোৰ দৰেই তেওঁৰ জীৱনৰ প্রতিটো দিন, প্রতিটো পল সুখেৰে পাৰ কৰাই দিয়া । তেওঁৰ ওঁঠত, চকুত লাগি থকা হাঁহিটো হেৰাই যাব নিদিবা । তেওঁৰ ভাগৰ দুখবোৰ মোক দি দিয়া ।"
মই জানো এয়া মোৰ স্বাৰ্থপৰতা । কাৰণ তেওঁৰ হাঁহিতেই মই বিচাৰি পাও মই হাঁহি থকাৰ প্রেৰণা । প্রেম চাগে এনেকুৱায় (অন্ততঃ মোৰ বাবে) ।14.02.2014

No comments:
Post a Comment