Friday, 29 May 2015



-------: “মোৰ ক্ষেত্ৰত এনে হৈছিল” :----- 

চন্দামিতা দেৱী 
19/05/15

সৰুতে ‘টিংকল’ত ‘মোৰ ক্ষেত্ৰত এনে হৈছিল’ পঢ়োঁ আৰু ভাবোঁ – “ ‘মোৰো ক্ষেত্ৰতো’ যদি এই ধৰণৰ কিবা এটা উল্লেখযোগ্য ঘটনা ঘটে তেতিয়হ’লে ময়ো লিখিব পাৰোঁ ।“ পিছে যিমান আশা কৰাৰ পিছতো ‘হিলাই’ দিব পৰা একো নঘটিলেই । না কাৰোবাক ‘কিডনেপ’ হোৱাৰ পৰা বচাব পাৰিছিলোঁ, না বোলে চোৰ-ডকাইতকে ধৰাই দিব পাৰিছিলোঁ । মুঠতে একো ঘটনায় নাই । যিবিলাক ঘটিছিল সেইবিলাক যে ঘটনাৰ ভিতৰত নপৰিছিল । সেইবিলাক আছিল গতানুগতিক । যেনে ধৰক কোনোবা এটা ল’ৰাৰ লগত লাগিছোঁ । সি যদি মোক কৈছে –“ ঐ আপ্পি , তই অলপ বেছি বাঢ়িছ । এক থাপ্পৰত গাল ফালি দিম ।“ ময়ো এক মুহূৰ্ত পলম নকৰি উত্তৰ দিছোঁ—“ ঐ আপ্পা, মুখ চম্ভালি কথা কবি । গাত হাত লগাই চা মাত্ৰ , এক চৰত তোৰো দাঁত যাব ।“ মোৰ লগতে ঘৰৰ বাকীবোৰকো ‘হিলাই’ দিব পৰা এটাই ঘটনা ঘটিছিল মাজে মাজে । ঘটনাটো ঘটাৰ লগেলগে মোৰ যিটো চিঞৰ বাহিৰ হয়—“ মা-দেউতা, বাবলু , মইনা -- মোক খালে এইডালে ! গুচাই দে, গুচাই দে ।“ ঘৰৰ বাকীবোৰৰ লগতে কেতিয়াবা ওচৰ-চুবুৰীয়াও সজাগ হৈ যায়, কি বা ঘটিল বুলি । ঘৰৰ যি য’ত থাকে হাতৰ কাম-বন এৰি দৌৰি মোৰ ওচৰ পায়হি । তাৰ পিছতে আৰম্ভ –দেউতায় লাহেকে কয়, “জোকে খালে মানুহ নমৰে নহয় ।“ ময়ো লাহেকে শুনা-নুশুনাকে কন্দনামূৱা হৈ কওঁ, “ কোনে জানে, মৰিবও পাৰে ।“ দুই এটোপাল চকুৰে নিগৰেও তেতিয়ালে । মায়ে খং উঠি কয়,-“ তোৰ এই ‘আটাহ’ শুনি ভাজিখনো চৌকাৰ ওপৰতে এৰি আহিলোঁ । সেইভাগে জ্বলিল নে পুৰিল কোনে জানে ! বান্দৰী, ইমানেই যদি ভয় জঙ্ঘলত গছে-পাতে বগাব কিয় যাওঁ ?“ ইতিমধ্যে মোৰ দুই বীৰ ভাতৃ আৰু নিমখৰ কৃপাত জোকে সিপুৰী পায়গৈ । সৰু ভাইটি মইনায় কয়,-- “বেচেৰা জোক ! খাবও নাপালি ,এনেয়ে ‘বীৰগতি প্ৰাপ্ত’ হ’লি ।“ তেতিয়া টি ভিত মহাভাৰত, পৰমবীৰ চক্ৰ এইবোৰৰ ‘জামানা’ আছিল বাবে কিছুমান শব্দৰ ব্যৱহাৰ বেছি আছিল আমাৰ মাজত । সি আৰু কয়,--“ বাইদ, তই কিন্তু যিটোহে চিঞৰ মাৰিলি জোকডালৰ কিজানি কাণৰ পৰ্দা ফাটি-ফুটি শেষেই হৈছিল নিশ্চয় । আমি তোৰ গাৰ পৰা এৰুৱাই নানিলেও সি অলপ পিছত ‘হাৰ্ট-ফেইল’ হৈ এনেয়েও চেটেপ হ’লহেঁতেন । মিছাতে আমি বধৰ ভাগী হ’লোঁ । সি জোকে বুজা নাছিল যে খাদ্য বিচাৰি যমৰ গাত বগাই আছিল ।“ জোককে আদি কৰি ঘৰৰ বাকীবোৰৰ ওপৰতো খং উঠে যদিও সেই মৰ চিঞৰ মাৰি উঠাৰ পিছত কাকো একো কোৱাৰ ৰাস্তাও নোহোৱা হৈ যায় ।

কথা হ’ল এইবোৰ ঘটনা নহয় । সৰু-সুৰা নিত্য নৈমিত্তিকৰ ভিতৰতহে পৰে । প্ৰায়ে ঘটি থাকে । তাৰোপৰি এইবোৰত “মোৰ ক্ষেত্ৰত এনে হৈছিল” ধৰণৰ ‘ফিল’ বা ‘হিলাই’ দিব পৰা একো নাথাকে । তিনিবছৰমান আগত হঠাৎ লগ পোৱা মানুহ এজনৰ কথায় কিন্তু মোক ভিতৰলৈকে ‘হিলাই’ দিছিল । মানুহজনে যিসাৰ বাক্য কৈছিল মোৰ বিশ্বাস যি কোনো ‘লেডিজ’কে হিলাই দিব আৰু সদায়ে মনত পেলাই দুখ কৰিব আৰু ভাবিব “মোৰ ক্ষেত্ৰত এনে হৈছিল !” কথাটোৱে ‘বাৰ্থ’ডে’ৰ ওচৰ-পাজৰৰ দিন কেইটাত বৰ বেছিকৈ আমনি কৰে । ভাৱ হয়, “হায় ,হায় ! সেই দিশে আৰু এঢাপ আগুৱালো মানে ।“ (বি:দ্ৰ: - আজিকালি মানুহৰ জন্মদিন নাথাকে । ‘বাৰ্থ’ডে’ হে থাকে । মোৰো কলেজ পোৱাৰ আগলৈকে জন্মদিন বুলি কিবা এটা আছিল । এতিয়া নাই ) । 

এতিয়া আচল কথাটোলে আহোঁ । তিনিবছৰমান আগৰ কথা । মোৰ মানুহজন কিবা ‘অফিচিয়েল’ কামত দুমাহৰ বাবে এলাহবাদলৈ গৈছিল । গতিকে উপায় নোহোৱাত মই এলেহুৱাজনীয়ে কোনোমতে দোকানে-বজাৰে চম্ভালিছিলোঁ । সেই দিনবোৰৰে কথা । ভাইটি আৰু মই দেওবাৰ এটাত কাঁহিকুচিৰ সাপ্তাহিক বজাৰত পাচলি আনিব গৈছোঁ । মোক পাচলি ল’ব কৈ ভাইটিয়ে অলপ আঁতৰত ফল-মূল লবলৈ গ’ল । মই ৰাস্তাৰ কাষতে বহা বেপাৰী এটাৰ তাত পাচলি চাই আছোঁ এনেতে এজন মানুহে আহি –“আণ্টি থোৰা চাইদ দিজিয়েগা “ বুলি কলে । মই ঘূৰি চাই হতভম্ব । বোলো ই কি কাণ্ড ! আধা কেঁচা-পকা দাড়ি-চুলিৰে পঞ্চাছোৰ্দ্ধোৰ মানুহ এজনে মোক আণ্টি বুলি মাতিছে !(?) মই কোনোমতে একাষৰীয়া হৈ থিয় দি থৰ হৈ চাই থাকিলোঁ । চকুদুটা ডাঙৰ হৈ অমৰাগুটি যেন হৈছিল চাগে । মাত্ৰ মনতে ভাবিছোঁ ,”অ’ মোৰ মানে এই অৱস্থাহে হৈছেগে নে যে এনেকুৱা বয়সৰ মানুহেও ‘আণ্টি’ বুলি মাতে ? শাৰী-মখেলা কিবা পিন্ধা হ’লেও বেলেগ কথা আছিল । মইচোন চেলোৱাৰেই পিন্ধি আহিছোঁ, তথাপি ‘আণ্টি’ ? নে ‘জীনচ-স্কাৰ্ট’ জাতীয় কিবা এটাহে পিন্ধিব লাগিছিল ?” তেতিয়া মোৰ মনত ভাৱবোধক, প্ৰশ্নবোধক সকলো চিনৰে সঘন আহ-যাহ । থিক ধৰিব পৰা নাই কোনটো চিন উপযুক্ত হ’ব । মই পাচলি-চাচলি একো নলৈ জেগাতে ৰৈ থাকিলোঁ । মানুহজন পাচলি লৈ গুচিও গ’ল । এনেতে ভাইটি আহি –“ কি হ’ল তোৰ ? পাচলি লোৱা নাই যে ? “ মই কলোঁ, “অ’ বাবলু , মোতকৈ বয়সীয়া মানুহ এজনে নহয় মোক এই মাত্ৰ ‘আণ্টি’ বুলি মাতিছিল । “ বাবলুয়ে ক’লে, “ ক’ত গ’ল হা মানুহজন ? মই মানে ‘থেঙ্কিউ’ এটা দি আহোঁ । ইমান দিনে আমি কৈ থাকিলে নুশুন । খাই খাই হাতীপোৱালী যেন হৈছ । ভাল বুলি কিবা ক’লে আমাক কৈ থাক নহয় যে তই খাবলে হে জীয়াই আছ । তোৰ এই মানৱী জীৱন হেনো খাবৰ নিমিত্তেই । খা, খা । আৰু বেছিকে খা । পা এতিয়া মজা । দুদিনমান বাট চা, সেই মানুহজনে তোক ‘গ্ৰেন্নী’ বুলিও মাতিব ।“

ভাবিলে বৰ দুখ লাগি আহে । চাৰিওপিনৰ পৰা ‘আণ্টি’, ‘আণ্টি’, ‘গ্ৰেন্নী’, ‘গ্ৰেন্নী’ শুনিবলৈ পাওঁ । গাটো কিবা জিকাৰ খাই উঠে । ‘ফিলিং আপচেট’ । এই ‘বাৰ্থ’ডে’টো বাৰু কিয় দুখ দিবলৈ প্ৰতিবছৰে আহি থাকে অ’ !!(?) 
=ঘোষণা=
চন্দামিতা দেৱীৰ বলিষ্ঠ সম্পাদনাত প্ৰকাশ হৈ ওলাল সাহিত্য ডট্ অৰ্গৰ 'সংস্কৃতিৰ সংকৰায়ণ' সংখ্যা! আশা কৰোঁ, সাহিত্যৰ আন সংখ্যাবোৰৰ দৰে এই সংখ্যাটোও ৰাইজে আকোঁৱালি ল’ব।
সংখ্যাটো নিয়াৰিকৈ সম্পাদনা কৰি ৰাইজলৈ উলিয়াই দিয়া বাবে সম্পাদিকালৈ অভিনন্দনৰ লগতে সাহিত্য ডট অৰ্গৰ লগত অনলাইন আৰু অফলাইনযোগে জড়িত আটাইকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰা হ’ল।
অনিচ্ছাকৃত ভুল-ভ্ৰান্তিৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী; লগতে তেনে কোনো অনিচ্ছাকৃত ভুল দেখিলে ৰাইজে আমাক দেখুৱাই শুধৰাই দিলে আমি বাধিত হ’ম।
নিজেও পঢ়ক আৰু আনকো পঢ়ুৱাওক "সাহিত্য ডট্ অৰ্গ"!

Friday, 10 April 2015

----: সিদ্ধান্ত :----
-----: সিদ্ধান্ত :----
: অই, তোক যে কৈছিলোঁ কথাটো, কি কৰিবি ? যাবি নে নাই এবাৰ ক'বলে ?
: ভাবি আছো কি কৰোঁ ।
: কিমান দিন ভাবি কটাবি ? সবে মিলি দিন-বাৰ ঠিকহে কৰিব আৰু । থাক তই ভাবি ।
: - - - - - - -
: কি হ'ল ? চুপ হৈ গলি যে ? আৰে তই এবাৰ আহিবি তো আমাৰ ঘৰলে । বাকীখিনি আমি দুয়ো মিলি জুলি কম দে । তই এবাৰ মাত্ৰ আহি ঘৰৰ সবৰে আগত আমাৰ কথাটো ক । তাৰ পিছত মোক কোনে কালৈ বিয়া দিয়ে চাই থাক ।
: কথাবোৰ আচলতে তই ভবাৰ দৰে সহজ নহয় অ । মোৰ এতিয়াও পঢ়া শেষেই হোৱা নাই । পঢ়া শেষ হ'লেও যে লগে লগে কিবা এটা চাকৰি-বাকৰি পাম তাৰো ঠিকনা নাই । তইয়ো নো কিমান দিন ৰবি মোলৈ ?
: মই কিমান দিন ৰম সেইটো তই ভাবিব নালাগে । মই জানো মই কিমান দিন ৰম । তই নিজৰ কথা ক । কেতিয়া আহিবি আমাৰ ঘৰলে ? আহিবিনে নাই ?
: চা, তই ছোৱালী মানুহ । ভাল ল'ৰা পাইছ, বিয়া হৈ ল । ঘৰৰ মানুহে তোৰ বেয়াটো নাভাৱে নহয় । আৰু চা, পিছলে যদি তোৰ মোক ভাল নলগা হয় তেতিয়া ?
: মোৰ আকৌ তোক কিয় ভাল নালাগিব ? পিছৰটো পিছত ভাবিবি দে । এতিয়াৰটো ক ভালকে ।
: মোৰো যদি দুবছৰমান পিছত তোক ভাল নলগা হয় তেতিয়া ? মানুহৰ মনৰ কি ঠিকনা আছে ?
--- কিমান দিন আগৰ বাৰু কথাবোৰৰ ? সাত বছৰ হ'ল । অথচ ৰূপালীৰ কিছুদিনৰ আগৰ কথা যেনেই লাগি থাকে । দিন কাৰো বাবে ৰৈ নাথাকে । ভাল বেয়া সকলো দিন পাৰ হৈ যায় । বিয়াৰ তিনি বছৰমান পিছত কাৰোবাৰ পৰা তাইৰ মোবাইল নম্বৰ লৈ সি ফোন কৰিছিল কেইদিনমান । তেতিয়ালৈকে সকলো ঢাকিব জনা হৈ গৈছিল তাই । শিকি লৈছিল । খুব সাধাৰণভাবে কথা পাতিছিল তাই । এদিন সি কৈছিল, " কিয় নৰলি মোলৈ ?" তাই একো কোৱা নাছিল । কিছুদিন পিছতে সলাই পেলাইছিল তাইৰ মোবাইল নম্বৰটো । ৰূপালীয়ে ৰশ্মিৰ পৰা গম পাইছিল সি পিছত ভাল পোৱা ছোৱালীজনী অইন এজনৰ লগত পলাই যোৱাৰ কথাটো । দুখ পাইছিল হেনো সি । মুখেৰে একো কোৱা নাছিল যদিও কথাটো শুনি খুব সুখী হৈছিল তাই । কিবা যেন এক বুজাব নোৱাৰা তৃপ্তি পাইছিল । ভালপোৱাজনৰ মন সলনি হোৱাৰ বেদনা যে কি সেইটো সি অনুভব কৰাটোৰ বাবে যেন তাই সদায়েই বাট চাই আছিল । বিবেকে তাইক নিষ্ঠুৰ বুলি কৈছিল । তথাপি তাই নিজকে সুখী অনুভব কৰাৰ পৰা ৰখাব পৰা নাছিল ।
--- কম্পিউটাৰত ফেচবুক খুলি লোৱাৰ লগে লগে পোৱা বিশেষ ফ্ৰেইণ্ড ৰিকুৱেষ্টটোৱে পাহৰিব খোজা সকলো স্মৃতি আকৌ মেলি ধৰিলে ৰূপালীৰ সন্মুখত । নাচাও বুলি ভাবিও খুলি ললে তাৰ প্ৰফাইলটো । ফটোখন চাই ভাবিলে, "অলপ শকত হৈছে সি । আগতকে বেছি ভাল লগা হৈছে দেখিব। কভাৰ ফটোত এইজনী তাৰ ঘৈণী আৰু কেঁচুৱাটো চাগে । ৰশ্মিয়ে কৈছিল তাৰ বিয়াৰ কথাটো । তাৰ মুখখনেই পাইছে কেঁচুৱাটোৱে । বৰ মৰমলগা হৈছে । ইশ্বৰে তোক কুশলে ৰাখক বাচা ।" খন্তেক ৰৈ ভাবি চালে কি কৰিব তাই । এক্চেপ্ট কৰিবনে নকৰে ৰুবুল নামৰ বহুদিন আগতে চিনি পোৱা আৰু অচিনাকী হৈ যোৱা মানুহজনৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট ? একদম অচিনাকী হ'লে তথাপি চিনাকী হ'ব পাৰি, বন্ধুত্ব কৰিব পাৰি । কিন্তু এনেকুৱা হ'লে কি ধৰণৰ হ'বগৈ পাৰে তাইৰ ধাৰণাৰ বাহিৰত ।
--- শোৱাৰূমৰ পৰা অহা মোবাইলৰ ৰিংটোৱে চিন্তাত যতি পেলালে তাইৰ । বিজয়ৰ ফোন । ৰূপালীৰ স্বামী । দুপৰীয়া সদায়ে লান্স ব্ৰেকত এবাৰ ফোন কৰি তাই ভাত খালেনে নাই খবৰ লোৱাটো তেওঁৰ এটা অভ্যাসেই । কথা পাতি উঠি তাই ভাবিলে, "কোনে কয় বিয়া হ'বলে হ'লে আগতে প্ৰেম কৰিবই লাগিব ? প্ৰেম কৰি বিয়া হৈ পিছত প্ৰেমক হত্যা কৰি গোটেই জীৱন প্ৰেমৰ শৱ কঢ়িওৱাতকে হাজাৰ গুণে ভাল এই পূৰ্বপ্ৰেমবিহীনভৱে আৰম্ভ হোৱা বুজা-বুজি, মৰম-ভালপোৱা, সন্মানেৰে ভৰি পৰা এই সৰু ঘৰখনি ।"
--- কম্পিউটাৰৰ ওচৰলে আহি দিলিট ৰিকুৱেষ্টটোত ক্লিক কৰিবলে তাইৰ এবাৰো ভাবিবলগীয়া নহল । কিছুমান সিদ্ধান্ত জীৱনে বহু আগতেই লৈ থয় । মাত্ৰ আমি মানি লব জানিলেই সহজ হৈ পৰে । মনটো তাইৰ পাতল পাতল লাগিল । এই মাত্ৰ ঘৰৰ ভিতৰত ওলমি থকা মকৰা জালবোৰ নমাই ঘৰৰ চুক-কোণৰ পৰা এসোপা জাবৰ সাৰি-পুচি উলিয়াই ডাষ্টবিনত পেলাই ঘৰটো পৰিস্কাৰ কৰি উঠা যেন লাগিল তাইৰ ।
নাৰী স্বাধীনতা, সম-অধিকাৰ ইত্যাদি-----
নাৰী স্বাধীনতা, সম-অধিকাৰ ইত্যাদি-----
-----নাৰী নিৰ্যাতন, ধৰ্ষণ আদিৰ দৰে ঘটনাবোৰৰ বাবে আমি সাধাৰণতে সেই বিশেষ ঘটনাটোৰ লগত জড়িত ব্যক্তি বা ব্যক্তিসকলকহে জগৰীয়া কৰো । কিন্তু এই ঘটনাবোৰৰ বাবে আমাৰ সমাজৰ কিছুমান কথা, চলি অহা প্ৰচলিত ধাৰণা, শিক্ষাও সমানে দায়ী ।
----নাৰী দিবস বুলি মেলে-মিটিঙে বিভিন্ন জনে নাৰীক বিভিন্ন ধৰণে বিভূষিত কৰে । ফেচবুক, হোৱাটচ-এপপ নাৰী দিবস উপলক্ষে ধুনীয়া ধুনীয়া শুভেচ্ছা বাণীৰে ভৰপূৰ হয়। নাৰী কিমান মহীয়সী, গৰীয়সী সেইটো বুজোৱাৰ এক অঘোষিত প্ৰতিযোগিতাহে যেন । আচলতে এই বেছিকে নাৰী নাৰী কৰি থকাটোৱে এটা ডাঙৰ ভুল বুলি মই ভাবো । আমি সমাজত নাৰী আৰু পুৰুষ এই দুটা পৃথক শ্ৰেণী বনোৱাত আৰু তাক সেইভাবে লালন পালন কৰাত গুৰুত্ব দিওঁ । আৰু মূল সমস্যাটোও তাতেই । আমি কাকো মানুহ হ'ব নকও বা মানুহ নবনাও । নাৰীক নাৰী আৰু পুৰুষক পুৰুষ বনাও ।
----সমাজৰ সকলো স্তৰতে নাৰীৰ বাবে এক নিয়ম আৰু পুৰুষৰ বাবে এক নিয়ম । নাৰী স্বাধীনতা, সম অধিকাৰ এই শব্দবোৰ মেল-মিটিং, ভাষণ-লেখনৰ পৰা বাহিৰলে আহি বাস্তবত ৰূপায়িত হ'বলে হ'লে নাৰী আৰু পুৰুষৰ বাবে সকলো ক্ষেত্ৰতে একে নিয়ম হ'ব লাগিব । সকলোৱে মানুহ হ'ব লাগিব । যিটো কথা বা কাম বেয়া সেইটো নাৰী-পুৰুষ নিৰ্বিশেষৰ বাবে বেয়া আৰু ভালটো বা কৰণীয়টো উভয়ৰে বাবে কৰণীয় হ'ব লাগিব । ছোৱালীয়ে মদ-চিগাৰেট খোৱা দেখি চকু ডাঙৰ, ভ্ৰু কুঞ্চিত কৰিলেই নহব, ল'ৰা এজনৰ বাবেও যে ই সমানে বেয়া বা ক্ষতিকাৰক সেইটোহে উপলব্ধি কৰিব লাগিব । মাজ নিশা 'পাবৰ' পৰা মদ খাই ওলোৱা যুবতীৰ ৰাজপথত বিচৰণ যিদৰে অশোভনীয়, ল’ৰাৰ বাবেও মাজ নিশা ঘৰৰ বাহিৰত দোৰোল খোৱা জিভা আৰু পাক খোৱা ভৰিৰ অসংযত খোজ কাটল গ্ৰহণযোগ্য হোৱা উচিত নহয় । কিছুমান কাম ল'ৰাৰ বাবে কম বেয়া, ছোৱালীৰ বাবে বেছি বেয়া হ'ব নালাগে । এজনৰ বাবে এটা , আনজনৰ বাবে আন এটা নিয়ম যেতিয়ালৈকে থাকিব তেতিয়ালৈকে নাৰী স্বাধীনতা, নাৰীৰ সম অধিকাৰ এইবোৰ অন্তহীন আন্দোলনৰ ৰূপতেই চলি থাকিব । আৰু এচামে ৰংচঙীয়া বেলুনত বতাহ সোমোৱাই সৰু ল'ৰা-ছোৱালীক নিচুকোৱাৰ দৰে মহীয়সী, গৰীয়সী এই শব্দবোৰৰ ৰংচঙীয়া বেলুন বনাই নিচুকাই থাকিব ।
----আমি যদি বিচাৰোঁ যে আমাৰ ছোৱালী, ভনী ৰাস্তা-ঘাট, অফিচ-কাছাৰীত সুৰক্ষিত হওক বা বৈষম্যমূলক আচৰণৰ সন্মুখীন নহওক তাৰ বাবে উপযুক্তভাবে গঢ় দিব আগিব আমাৰ ল'ৰা সন্তানবোৰকহে । পুৰুষসকলে ঘৰত মাকক, পত্নীক হেয়জ্ঞান, তুচ্ছ-তাচ্ছিল্য নকৰাকে উপযুক্ত সন্মান দি কথা কলে, ব্যৱহাৰ কৰিলে তাক দেখি শুনিয়েই ল'ৰায় সৰুৰে পৰা নাৰীক কিদৰে সন্মান, মৰ্যদা দিব লাগে শিকি লব । যি ল'ৰায় এই শিক্ষা সৰুৰে পৰা নিজৰ ঘৰত দেখি-শুনি আৰ্হিৰূপে শিকি লব সেই ল'ৰায় কেতিয়াও কোনো ধৰণে নাৰীক অপদস্থ কৰিব বা নিজতকে তলত বুলি ভাবিবই নোৱাৰিব ।
----ঘৰৰ চাৰিবেৰৰ বাহিৰৰ কৰ্মক্ষেত্ৰখনৰ কামবোৰত নাৰী বা পুৰুষ বুলি কোনো ভেদাভেদ নাথাকে । ডক্টৰ, অধ্যাপক, শিক্ষক বা যি কোনো পদবীত থকা পুৰুষ এজনে যি কাম কৰিব মহিলা এগৰাকীয়েও সেই কামেই কৰিব । তেনেদৰে ঘৰুৱা কামবোৰৰ ক্ষেত্ৰতো যদি এইটো পুৰুষৰ কাম, সেইটো মহিলাৰ কাম বুলি পাৰ্থক্য নথকা পৰিবেশ এটা আনিব পাৰো তেতিয়াহে যদি আমাৰ উত্তৰ পুৰুষক আমি উপযুক্তভাবে গঢ়ি তুলিব পাৰিম ।
----ল'ৰা ছোৱালীক কেতিয়াও ল'ৰায় এনেকুৱা নকৰে, ছোৱালীয়ে তেনেকুৱা নকৰে বুলি কব নালাগে । ল'ৰা হৈ ছোৱালীৰ দৰে কান্দে নেকি, ছোৱালীৰ দৰে লাজ কৰে নেকি, ঘৰত সোমাই থাকে নেকি, আমুকটো কৰে নেকি, তমুকটো কৰে নেকি, এইবোৰ কথায় ল'ৰাৰ মনত “ছোৱালীবোৰ ল’ৰাৰ তুলনাত হীন” এনেকুৱা ধাৰণা এটাৰ জন্ম দিয়ে । ছোৱালীজনীকো কেৱল ছোৱালী বুলিয়েই পায়-নাপায়, কৰ-নকৰিবি এইবোৰেৰে বান্ধিব নালাগে । ঘৰত দেখা, শুনা আৰু পাই অহা প্ৰতিটো কথা, শিক্ষাই পিছৰ জীৱনত দেখুওৱা আচৰণক প্ৰভাবান্বিত কৰে ।
----আমি ল'ৰা-ছোৱালীক আজি দিয়া শিক্ষাৰেহে কাইলৈৰ লিঙ্গবৈষম্যহীন এখন সমাজ গঢ় লৈ উঠিব । আমাৰ লক্ষ্য, উদ্দেশ্য নাৰী স্বাধীনতা, নাৰীৰ সম অধিকাৰ হোৱাতকে লিঙ্গবৈষম্যহীন এখন সমাজৰ সৃষ্টিহে হোৱা উচিত । মানুহে গঢ়া মানুহৰ সুস্থ, সুন্দৰ সমাজ ।
“টোকোৰা বাহৰ সোণৰ বেজী”--- অৰূপা পটঙ্গীয়া কলিতাৰ এখন সুখপাঠ্য উপন্যাস
March 3 · Edited · 
“টোকোৰা বাহৰ সোণৰ বেজী”--- অৰূপা পটঙ্গীয়া কলিতাৰ এখন সুখপাঠ্য উপন্যাস
-----অৰূপা পটঙ্গীয়া কলিতা মোৰ এগৰাকী অন্যতম প্ৰিয় লেখিকা । তেখেতৰ সকলোবোৰ গল্প, উপন্যাস পঢ়া নাই যদিও পঢ়াখিনিৰ মাজত "অয়নান্ত" আৰু "ফেলানি" এই দুখন বৰ ভাল লাগে । তেখেতৰ শেহতীয়া উপন্যাস (প্ৰথম প্ৰকাশ: ডিচেম্বৰ ২০১৪) "টোকোৰা বাহৰ সোণৰ বেজী"খন পঢ়িলো । বেলেগ বেলেগ শিৰোনামাৰে, "(১)অন্য এক দীপাৱলী, (২)দাৰুমাৰ চকুৰ পতা চাহগছ হ'ল ,(৩)ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী (৪)- - -" এনেকৈ, পঞ্চাছ(৫০)টা অধ্যায়ত লিখা ৪৩০ পৃষ্ঠাৰ উপন্যাসখনে সামৰি লৈছে বৃটিছৰ শাসনৰ পৰা স্বাধীনতা লৈকে, স্বাধীনতাৰ পৰা প্ৰায় আজিৰ সময়লৈকে এক দীঘলীয়া সময়ত হোৱা সামাজিক, অৰ্থনৈতিক, প্ৰাকৃতিক পৰিৱৰ্তনৰ কাহিনী । তেখেতৰ উপন্যাসৰ কাহিনী আগ বাঢ়িছে এখন সৰু অনগ্রসৰ ঠাইৰ পৰিৱৰ্তনৰ ইতিহাসক লৈ । সেই ঠাইৰ কাহিনীভাগৰ মাজেৰেই যেন বৰ্ণিত হৈছে গোটেই অসমৰ কাহিনী । কোনখিনিত কৰা কাৰ কি ভুলৰ পাৰিণতিত তাহানিৰ মানুহে মানুহক ভয় কৰিব নজনা, অবিশ্বাস নকৰা সমাজখনৰ পৰিবৰ্তন হৈ কোনেও কাকো নমনা, নসহা, ইজনে সিজনক সন্দেহৰ চকুৰে চোৱা আজিৰ কন্দলপূৰ্ণ অসমৰ সৃষ্টি হ'ল তাৰো কাৰণবোৰ এই উপন্যাসৰ কাহিনীভাগতেই সন্নিবিষ্ট হৈ আছে ।
-----বৃটিছৰ অধীনত থকা মৌসৰা মৌজাৰ মৌজাদাৰ চৌধুৰী পৰিয়ালৰ তিনিটা পুৰুষক সামৰি আগবঢ়া কাহিনীভাগে সেই অনুন্নত, পিছপৰা অঞ্চলৰ সাধাৰণ মানুহখিনিৰ ক্রমান্বয়ে পৰিবৰ্তিত জীবন আৰু জীবন সংগ্ৰামৰ ছবিখন দাঙি ধৰে । মৌসৰা মৌজা আৰু ইয়াৰ আশ-পাশৰ ঠাইবোৰ নদী-নিজৰা, গছ-গছনি, অটব্য হাবি, হাতী, বাঘ, ভালুক আদি কৰি নানান প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ আছিল । সময়ৰ সতে মানুহৰ হাতত হোৱা প্ৰকৃতিৰ অবাধ লুণ্ঠনে এই সম্পন্ন আৰু সমৃদ্ধ প্ৰকৃতি ক্ৰমান্বয়ে নিঃস্ব হৈ পৰিছিল । মৌজাদাৰ বনমালী চৌধুৰীৰ ককাকে দহ টকা চিকাৰূপ দি বগা চাহাবৰ পৰা মৌসৰা মৌজাৰ দায়িত্ব লৈছিল । উপন্যাসখনত মৌজাদাৰ পৰিয়ালৰ কাহিনীৰ লগে লগে গতি লাভ কৰিছে ইয়াত বাস কৰা মানুহখিনিৰো কাহিনীবোৰে । বৃটিছ চৰকাৰে ক্ৰমাগতভাৱে বৃদ্ধি কৰা কৰ-কাটলৰ চাপত পৰি সাধাৰণ মানুহখিনিৰ দুৰ্ভোগ আৰু অসহায় অৱস্থাৰ বাস্তৱিক চিত্ৰ এখনি অঙ্কিত হৈছে উপন্যাসখনত । সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষ জুৰি চলা স্বাধীনতা আন্দোলনৰ প্ৰভাব সমগ্ৰ অসমৰ লগতে মৌসৰা মৌজাতো পৰিছিল । মৌজাদাৰ বনমালী চৌধুৰীৰ প্ৰথমা পত্নীৰ যমজ সন্তান প্ৰিয়নাথ আৰু চন্দ্ৰনাথৰ স্বাধীনতা সংগ্ৰামত কৰা যোগদানে জোকাৰি গৈছিল মৌজাদাৰৰ হাউলীকো । স্বাধীনতা প্ৰাপ্তিৰ লগে লগে আৰম্ভ হোৱা নানান সামাজিক পৰিৱৰ্তন আৰু লগে লগে বাঢ়ি অহা অন্যান্য সমস্যা আৰু বৈষম্যবোৰে সৃষ্টি কৰা সংঘাতে ক্ৰমান্বয়ে সংগ্রামৰ ৰূপ লোৱাৰ নিৰ্ভুল চিত্ৰও স্পষ্টভাৱে ফুটি উঠিছে উপন্যাসখনৰ কাহিনীভাগৰ মাজেৰে । চীনৰ অসম আক্ৰমণ, বড়ো আন্দোল, আলফা, ছালফা, হিংস, বিদ্ৰোহ, অসন্তুষ্টি সকলোবোৰেই সন্নিবিষ্ট হৈ আছে উপন্যাসখনত । এইখন যেন মাত্ৰ এখন উপন্যাস নহয়, যেন সামাজিক পৰিৱৰ্তনৰ ইতিহাসহে ।
----উপন্যাসখনৰ আটাইতকৈ ভাল লগা দিশটো হৈছে বৰ্ণনা কৰাৰ ধৰণ । শব্দ আৰু ভাষা অতুলনীয় । প্ৰতিটো দৃশ্য, মানুহ, ঠাই, ঘটনাক বৰ্ণাবলৈ প্ৰয়োগ কৰা শব্দ আৰু বাক্যবোৰে উপন্যাসখনক অনন্য মাত্ৰা প্ৰদান কৰিছে । প্ৰতিটো বৰ্ণনাই যেন লৈ যায় সেই সময়লৈ আৰু প্ৰতিটো দৃশ্য চকুৰ আগত জীৱন্ত কৰি তুলি ধৰে । যেনে -----“সোৱা পাহাৰৰ মাজৰ পৰা বেলিটো ওলাই আহিছে, কুৱঁলীৰ ধূসৰ ৰঙৰ তাঁত এখনত যেন কোনোবাই সোনালী সূতাৰ মহুৰা এটা ৰাচ এখনত ভৰাই চলাইহে দিলে । ধূসৰ আৰু সোনালী দীঘে বাণিয়ে মিলি কোমল ৰেচমৰ কাপোৰ এখনহে যেন কেউফালে মেল খাই গ’ল ।“--- “বগা চাহাব আহি গোটেইখন পিত পিতাই ক’ত কি আছে চুলিৰ মাজত ওকণি বছা দি বাছি পেলালে ।“---“ভলুকা বাঁহৰ দৰে ডেকা ল’ৰাটো কম সময়তে বৰফান্দী হ’ল, লতাৰে মেৰাই ধৰা গছ এজোপাৰ দৰে হ’ল ।“
----মৌজাদাৰৰ ঘৰৰ লগত হাতীৰ ওতপ্ৰোত সম্বন্ধ । এই উপন্যাসখনত মৌজাদাৰৰ হাউলীত হাতী মহল বা ডিপো আৰম্ভ হোৱাৰ সময়ত হোৱা পূজাৰে পৰা আদি কৰি হাতী চিকাৰ,হাতী পোহ মনোৱাৰ কৌশল,হাতীৰ চিকিৎসা আৰু পৰিচৰ্য্যা আদিৰ বিষয়ে মনোগ্ৰাহীকে বৰ্ণোৱা আছে । মাউতে গোৱা বিভিন্ন হাতীৰ গীতৰ লগতে অন্যান্য লোকগীতো সন্নিবিষ্ট আছে। যেনে---
হাতীৰ গান---
“আগেত যাৰে বেটা
আস্তে আস্তে আগেত যা,
পৰ্বতত আছিলি বেটা লতা লুহৰি খাই
ভৈয়ামত আছিলি তই ৰচীৰ বান্ধ খাই ।
লালৰে লাল দুৰ্গাপুৰি লাল
তই হবি মহাজনৰ মাল ----“
হাতীক শিকোৱাৰ সময়ত গোৱা গান---
“হয় হয় বেটা
ইয়াকে বোলে ধাত
চাব্বাচ বেটা চাব্বাচ ।
ইয়াকে বোলে আগেত-----“
ৰাতি হাতী ধুৰাত জুইত ধুনা গছৰ ঠানি সুমুৱাই দি জুইৰ চাৰিওকাষে বহি মাউতে গোৱা গানবোৰে প্ৰকাশ কৰে নিজ নিজ ঘৰত ন-বিবাহিতা পত্নী , মাক-বাপেক,ভায়েক-ভনীয়েককে ধৰি খেতি-খোলাৰে এৰি অহা ঘৰখনৰ বিচ্ছেদ বেদনা ----
“আই চাৰিলং বাপ চাৰিলং
চাৰিলং সোনাৰ বাৰী
বিবাহ কৰিয়া চাৰিয়া চাৰি আহিলুং
অল্প বয়চেৰ নাৰীৰে
হায়,হায়ৰে
কাৰ ঘৰেনো ৰঙ্গাল বিলাই ঐ ।“
----সমগ্ৰ উপন্যাস জুৰি সিচঁৰতি হৈ আছে নানান লোক কাহিনী, জনবিশ্বাস, জাত জাত সাধুকথা আৰু লোক জীৱনত চলিত গীত-পদবোৰ । প্ৰতিখন ঠাইৰ নামৰ সৃষ্টিৰ আঁৰত কাহিনী, নদীৰ নামৰ আঁৰত কাহিনী, ডফলা পোতা টিলাৰ কাহিনী, বৰফান্দীৰ শিহৰণকাৰী হাতী চিকাৰৰ কাহিনী, মৰগান চাহাব আৰু অপ্সৰাৰ কাহিনী, সৰু পুখুৰীৰ পাৰত ওলোৱা জোনাকী পৰুৱাবোৰ তেজৰ টোপালৰ দৰে ৰং লোৱাৰ কাহিনী । প্ৰতিজন মানুহৰ মাজতো যেন ঠাহ খাই আছে অজস্ৰ কাহিনী । চীনা মিস্ত্ৰী এমং বুঢ়াৰ ভিতৰতো আছিল ‘নাচন ডুবিত’ মৰগান বাহাবে গঢ়া চাহ বাগিচাৰ আৰম্ভণিৰ কাহিনী । এমং বুঢ়াই মৌজাদাৰক কৈছিল ‘দাৰুমা’ নামৰ চীন দেশৰ ধৰ্মগুৰুৰ কাটি পেলোৱা চকুৰ পতাৰ পৰা সৃষ্টি হোৱা সেউজীয়া লহপহীয়া চাহ গছৰ চীনদেশীয় কাহিনী । এই কাহিনীবোৰ বাগৰে ইজনৰ পৰা সিজনলৈ । লাহে লাহে সেই মানুহবোৰো হৈ পৰে অইন কাৰোবাৰ বাবে কাহিনী । কাহিনীবোৰৰ মাজেৰেই আগুৱাই যায় উপন্যাসৰ কাহিনীভাগ ।
-----উপন্যাসখনৰ নামটো ,“টোকোৰা বাহৰ সোণৰ বেজী”, ইও এটা লোক কাহিনীয়েই । টোকোৰা চৰাইৰ বাহ এটা কুটাবোৰ এটুকুৰাও নিছিগাকৈ খুলিব পাৰিলে তাত তেনেই অকণমানি খালী চকুৰে নেদেখা, হাতৰ তলুৱাত ললে ৰ’দত চিকমিকাই থকা সোণৰ বেজী পোৱা যায় । তেনে সোণৰ বেজী পোৱাটো এটা অসম্ভৱ কথা । কিন্তু তথাপি যেন সবেই নিজৰ হাতৰ তলুৱাত পাব খোজে সেই চিকমিকাই থকা বেজীটো । এয়াই চাগে আশাবাদ । আৰু এই আশবাদেই মানুহক হাতত ধৰি সকলো দুখ কষ্টক অতিক্ৰম কৰি আগুৱাই যোৱাত সহায় কৰে । এই উপন্যাসখনৰ চৰিত্ৰবোৰৰ চালিকা শক্তিও এই আশাবাদেই । সেয়ে চাগে উপন্যাসখনৰ নামো ,“টোকোৰা বাহৰ সোণৰ বেজী” ।
--------------------------------------------------------------------------
ঈশ্বৰ: মোৰ বাবে ----
February 12 · 
ঈশ্বৰ: মোৰ বাবে ----
ঈশ্বৰ আছেনে নাই নাজানো । সেইটো লৈ বুজা হোৱাৰ পৰা কাকো বিশেষ প্ৰশ্ন কৰাও মনত নপৰে । নিজৰ অজানিতে মনত ধাৰণ কৰিছোঁ ঈশ্বৰক । সৰু বৰ প্ৰতিটো সংকটত তেখেতক স্মৰণ কৰি পৰিস্থিতিৰ সতে মোকাবিলা কৰিব পৰাকে মনত সাহস পাইছোঁ । চাগে ঈশ্বৰ মানে সাহস, বিশ্বাস ।
পূজা-পাতল কৰি বৰ এটা ভাল নাপাওঁ । বহুতে ভাবে এয়া নাস্তিকতা ।(এনেকুৱাও নহয় যে পূজা একেবাৰে নকৰো।) কিন্তু মই নিজে জানো যে মই নাস্তিক নহয় ।এজন মানুহ কিমানখিনি যুক্তিবাদী বা আত্মবিশ্বাসী বা কি হ’লে নাস্তিক হ’ব পাৰে নাজানো ।আচলতে মানুহ কিয় নাস্তিক হয় বা নিজকে নাস্তিক বুলি কয় তাৰো সঠিক ব্যাখ্যা নাজানো ।
দেউতায় সৰুতে কৈছিল মানুহে নিজৰ কাম ফাঁকি নিদিয়াকে নিয়াৰিকে কৰাটো আৰু আনৰ বেয়া চিন্তা নকৰাটোৱেই হৈছে প্ৰকৃত পূজা । ঈশ্বৰ মন্দিৰত নাথাকে । পূজা কৰিলেও ঈশ্বৰক পাব নোৱাৰি । ঈশ্বৰ থাকে নিজৰ কৰ্মত, নিজৰ সততাত । সৰুৰে পৰা ঈশ্বৰ আৰু পূজা সম্বন্ধে এই কথাখিনিয়েই মানি আহিছো
আমিবোৰে বাৰু কিয় কেবল “হে ভগবান, মোক অমুকটো লাগে, মোৰ অমুকটো কষ্ট দুৰ কৰি দিয়া” বুলি কবৰ বাবে হাতযোৰ কৰোঁ ? কেতিয়াবা যিখিনি পাইছো সেইখিনিৰ বাবে কৃতজ্ঞতা জনাইও হাতযোৰ কৰিব নোৱাৰোনে ? ঈশ্বৰ আছে নে নাই, ঈশ্বৰে কিবা দিয়ে নে নিদিয়ে সেয়া এক উত্তৰবিহীন প্ৰশ্ন । কিন্তু ঈশ্বৰৰ ওপৰত বিশ্বাস থাকিলে বহু সময়ত মনোবল পোৱা যায় ।
(ব্যক্তিগত অনুভব মাত্ৰ)
সোণোৱালী দিনবোৰৰ স্মৃতিত......
January 28 · 
সোণোৱালী দিনবোৰৰ স্মৃতিত......
মোৰ প্ৰিয় শব্দ আকাশ, সাগৰ আৰু পখিলা । প্ৰিয় ৰং নীলা । আকাশৰ নীলা, সাগৰৰ নীলা । বিশাল আকাশ, পাৰাপাৰহীন সাগৰ আৰু সুগভীৰ নীলা ।
সৰুতে আকাশলে চাওঁ আৰু ভাবোঁ---- "কিমানডাল বাঁহ, ইডালৰ ওপৰত সিডালকে, জোৰা দি উঠিলে আকাশখন চুই চাব পাৰিম ? চাগে তিনিডালমান বাঁহেৰেই হৈ যাব । আকাশখন চুই চাব কেনেকুৱা লাগিব বাৰু ? বাঁহবোৰ জোৰা দি দি বেছি দীঘল হ'লে যদি আকাশৰ গাত খোঁচ খায় টুকুৰা টুকুৰকে ভাগি পাৰিব নেকি বাৰু আকাশখন ? সঁচাকে যদি আকাশখন ভাগি আহে সেই ঠাইখিনি দেখিবলে বৰ বেয়া হব চাগে ? নাই নাই অলপ সাবধান হ'ব লাগিব যাতে আকাশৰ গাত খোঁচটো নালাগে । মেঘবোৰ বাৰু ক'ত ক'ত যায় এনেদৰে উৰি উৰি ? মেঘবোৰৰ কিছু মজা দেই এনেদৰে উৰি উৰি যাব পাৰে । সিহঁতে আকাশো চুব পাৰে । ময়ো এনেদৰে মেঘৰ দৰে উৰি যাব পৰা হ'লে !"
সকলোৰে ল'ৰালিৰ কল্পনাৰ জগতখনত চাগে আকাশ আৰু মেঘবোৰ থাকেই ।
সন্ধিয়াৰ আকাশৰ ঘৰমুৱা হোৱা বগা বগা বগলীবোৰো মোৰ কল্পনাৰ অন্যতম ভাললগা সঙ্গী । সকলোৱে মিলি বগলীৰ পৰা বিচাৰোঁ হাতৰ নখত বগা বগা ফুট । বগলীবোৰ নেদেখা হোৱাৰ লগে লগে নিজৰ নিজৰ নখত থকা সৰু বগা বগা ফুটবোৰ সংখ্যা আগদিনতকে বাঢ়িল নে নাই গন্তি কৰি চাওঁ । সদায়ে কিন্তু নিজৰ নখত বগা ফুটবোৰ বঢ়া আৰু আনৰ নখত কমি যোৱা বা একেই থকা দেখোঁ । এতিয়া ভাবিলে হাঁহিও উঠে আৰু ভালো লাগে । কি যে সুন্দৰ আছিল তাহানিৰ নিজৰ পৃথিৱীখন । এতিয়াও মোৰ নখত মাজে মাজে হোৱা বগা বগা ফুটবোৰ দেখি ভাল পাওঁ । খন্তেকৰ বাবে নিজৰ মাজত পুনৰায় উদযাপন কৰো ল'ৰালিৰ সণোৱালীখিনি । কেতিয়াবা ভগাই লওঁ সেই দিনবোৰ মোৰ ল'ৰা দুটাৰ সতে আৰু কেতিয়াবা উদযাপন কৰোঁ নিজৰ সতে, সংগোপনে ।
PK(Hindi movie):---
January 2 · 
 - -চোৱাসকলৰ বাবে বহু পুৰণি হ'ল যদিও মই মোৰ বান্ধবী দুজনীৰ লগত ল'ৰা-ছোৱালীৰে সৈতে আজিহে 'পিকে' খন চালো । চাৰিওপিনে 'পিকে'ৰ চৰ্চ্চা, বিতৰ্ক শুনি শুনি চিনেমাখন চাব মন গৈ আছিল । তাতে আমিৰ খানৰ চিনেমা বুলি কলে আগ্ৰহটো সদায়ে অলপ বেছিয়েই হয় । চিনেমাখন চাই ভাল লাগিল । ভাল 'মেছেজ' থকা, চিন্তা কৰাৰ বাবে কিবা এটা দিব পৰা চিনেমা । 
- - -আমিৰ খানে অভিনয় কৰা চিনেমা বুলি কলে সদায়ে কিবা এটা নতুনত্ব, বিশেষ বিশেষত্ব থাকিব বুলি আশা কৰি চিনেমাখন চোৱা হয় । 'পিকে' খন চাই পিছে আমিৰ খানৰ চিনেমাৰপৰা আশা কৰা ধৰণৰ সিমান একো নাপালোঁ । চিনেমাখনত সম্পূৰ্ণ নিজস্বতাতকে অইন চিনেমাৰ প্ৰতিফলনহে বেছি দেখা যেন লাগিল ।
- - -চিনেমাখন চাই তাত বিতৰ্ক হ'বলগীয়া কিবা আছে বুলি মনে নধৰিল । যিবিলাক মানুহে এইখন চিনেমা চাই বিতৰ্ক কৰে তেওঁলোক আছলতে ধৰ্ম, ভগবান এইবোৰত বিশ্বাসী নে এই ধৰ্ম বিক্ৰী কৰা বাবা, গুৰু এইবোৰত বিশ্বাসী ? চিন্তনীয় বিষয় । চাগে এই ধৰণৰ মানুহখিনিৰ বাবেই বৰ্তমান সমাজত এই ফু-বাবা, বিভূতি-বাবা, হেন বাবা, তেন বাবা এইবোৰৰ আবিৰ্ভাব আৰু উপদ্ৰৱ বাঢ়ি গৈ আছে ।
: ঠাণ্ডা দিনৰ অনুভব :
: ঠাণ্ডা দিনৰ অনুভব :
কেইদিনমান আগৰ কথা । মই দুপৰীয়া খিৰিকিয়েদি অহা ৰ'দ গাত লৈ লৈ বিছনাত বহি কিতাপ এখন পঢ়ি আছো । তেনেতে সৰু ভাইটিয়ে দিল্লীৰ পৰা "হোৱটচাএপপ"ত 'মেছেজ' দিছে----" বাইদ, আমাৰ ইয়াত বিৰাট ঠাণ্ডা । মই কঁপি আছো জানা ।" ইস ৰাম ! তাত ইমান বেছি ঠাণ্ডানে বুলি ভাবি তাক "ভালকৈ গৰম কাপোৰ পিন্ধি থাকিবি" বুলি 'মেছেজ'ৰ উত্তৰ দি দিলো । লগতে আৰু কিবা-কিবি উপদেশ এসোপা । মই ডাঙৰ বাবে সুবিধা পালেই সিহঁতক এবকলা উপদেশ নিদিয়াকে নেৰোঁ ।
পিছৰদিন ৰাতিপুৱা উঠি পাকঘৰৰ খিৰিকিয়েদি বাহিৰলে চাই দেখোঁ যে গোটেই বাহিৰখন কুঁৱলীৰে বগা হৈ আছে । ল'ৰাক স্কুলত খুৱাই পঠিয়াবৰ বাবে পানীৰ টেপ খুলি চাউল ডাইল ধুব লৈছোঁহে মাত্ৰ আঙুলিকেইটা এক মুহুৰ্ত্ততে বিষাই শূণ্যপ্ৰায় হৈ পৰিল । মুখেৰে আপোনা-আপোনি ওলাই আহিল "অ মা ! কি ঠাণ্ডা পানী ঐ । গল যা মোৰ আঙুলি কেইটা ।" চকুপানীয়েই ওলাব যেন লাগি যায় । মোৰ লগে লগে দিল্লীত থকা ভাইটিটোৰ কথা মনত পৰি গল । কোনোমতে ল'ৰাৰ বাবে দাইল-চাউল ধুই দুটা 'চুলাত' বহাই দি আগদিনাখন ভাইটিয়ে দিয়া 'মেছজ'টো আকৌ এবাৰ উলিয়াই পঢ়ি চালো । 'নেট অন' কৰি তাক ‘হোৱাটচ এপ’ত 'মেছেজ' দিলো--- "মইনা, ঠাণ্ডা অলপ কমিছেনে তাত ? ঠাণ্ডা পানী নুচুবি । ঠাণ্ডা পানীৰে গা নুধুবি । বাহী পানী বৰ ঠাণ্ডা ।" 'মেছেজ'টো তাক পঠিয়াই দিলো কিন্তু মাত্ৰ এটা 'ৰাইট' চিন(tick mark) হৈ থাকিল । দুটা 'ৰাইট' চিন নহল । মানে সি এতিয়াও লেপ-কম্বল গাত লৈ আৰামত শুই আছে । তাৰ প্ৰতি অনুভব হোৱা দুখটো অলপ কমি নিজৰ বাবেহে দুখ হ'ল । সবেই আৰামত শুই আছে । মইহে এই ঠাণ্ডাখনত টেঙ্কিৰ বাহী পানীৰে কাম কৰি আছো । ল'ৰা দুটাৰ লগত মানুহজনো আৰামত লেপৰ উম লৈ শুই আছে । "মানুহজন আৰামত শুই আছে" --এই ভাবটো মনলে অহাৰ লগে লগে মানুহজনলে ঈৰ্ষাহে হ'ল । আমাৰ বিল্ডিঙত থকা মোৰ বান্ধবী কেইজনীৰ কথাও লগে লগে মনলৈ আহিল । জোনালী, ৰুণা , ৰাগিনী , ৰিতা, বেলা সবেইতো মোৰদৰে ঠাণ্ডা পানীৰেই কাম কৰি লৰা-ছোৱালীক স্কুলত পঠিওৱাৰ যোগাৰত ব্যস্ত আছে । হওক তথাপি, মনটো অলপ পাতল লাগিল । ঠাণ্ডা আৰু দুখবোধ দুয়োটাই অলপ কমা যেন ভাব হ'ল । মই মানে এই যাত্ৰাত একদম অকলশৰীয়া নহয় ।
এই ঠাণ্ডাত গা ধোৱাটোও কম কষ্টকৰ কাম নহয় কিন্তু । হ'লেও উপায় নাই নুধুৱাকেও থাকিব নোৱাৰো । অভ্যাস হৈ গলতো । কু নে সু অভ্যাস বা ? গৰমৰ দিনত সু অভ্যাস যেনেই লাগে । কিন্তু ঠাণ্ডাৰ দিনবোৰত সন্দেহ হয় । এনেকুৱা ঠাণ্ডাৰ দিনবোৰত মনটো সৰুকালিলৈ উৰা মাৰে । কি যে সুখৰ দিন আছিল সেইবোৰ ! দিনৰ পিছত দিন একেৰাহে গা-নোধোৱাকে থাকি পৃথিৱীৰ জলসংকট দুৰ কৰাত অৰিহণা যোগাব পাৰিছিলোঁ । স্কুলত মোৰ ভাল বান্ধবীজনীয়ে আধা তিতা চুলি দেখি সোধে---“সদায় সদায় মুৰ তিয়াই কেনেকে গা ধোৱ অ তই ? মইচোন সদায় চুলি তিওৱাৰ কথা ভাবিবও নোৱাৰো । কোনোমতে গাত দুমগ পানী ঢালি গা ধোৱাৰ নামটো কৰি থওঁ ।“ মই বোলো—“মই যেনেদৰে কৰো তয়ো কৰিবি তেতিয়া পাৰিবি । বাথৰুমত সোমাই মগেৰে শব্দ কৰি পানী পেলাই পেলাই ভৰি হাত ধুই থাকিবি আৰু উহুহু ইমান ঠাণ্ডা, ইমান ঠাণ্ডাকে বাহিৰৰ পৰা শুনা পোৱাকে কৈ থাকিবি । তাৰ পিছত ভৰি হাত ভালকে মচি গামোচাখন পানীত তিয়াই কমকৈ আঁতি লৈ মুৰত বান্ধি লৈ ওলাই আহিবি । অ, তাৰ আগতে মূৰটো অকণমান আগলৈ হাওলাই লৈ এচলু পানী তালুত দি লবি । নিজৰ কাপোৰ কেইটা ধোৱ যদি থিকে আছে আৰু যদি নোধোও পানীত ভালকে তিয়াই থৈহে বাথৰুমৰ পৰা ওলাবি ।“ এই ‘টেকনিক’ খটাওতে জোৰে জোৰে ঠাণ্ডা ঠাণ্ডা কৈ থকাটো আৰু পানী পেলাওতে শব্দ কৰাটো নিজৰ সুৰক্ষাৰ বাবে খুবেই জৰুৰী । মাবোৰ জানো ‘চি,আই, ডি’তকে কম ? গম পালে সুদায় নেৰে । এই ‘টেকনিক’ খটুৱাই বহুদিন গা-নোধোৱাকে আমি দুই বান্ধবীয়ে ঠাণ্ডাৰ দিনকেইটা সুখৰে কটাইছিলো । বেলেগে পিছে নাজানিছিল এই গোপন কিটিপ । আমাৰো মান-সন্মান বোলা বস্তু এটা আছিল তো ।
উচ্চতৰ মাধ্যমিকলৈকে এই উপায়টোৱে বৰ কামত দিছিল । হাইস্কুল, উচ্চতৰ মাধ্যমিক স্কুল এৰি যেতিয়া স্নাতক মহলাত পঢ়িবৰ বাবে হোষ্টেল পালোগে তেতিয়াহে সংগদোষত(?!) পৰি এইহেন সুন্দৰ কিটিপ এৰিবলগীয়াত পৰিছিলোঁ । হোষ্টেলত বেছিভাগ ছোৱালীয়ে সদায় গা ধুইছিল আৰু গা ধুবৰ বাবে বাথৰুমত কাপোৰ থৈ থৈ এজনীৰ পিছত আনজনীকে নম্বৰ লগাইছিল । মোৰ ৰুমমেটজনীয়ে নিজৰ লগতে মোৰো কাপোৰ কেইটাও বাথৰুমত থৈ দুয়োৰে নম্বৰ লগাইছিল । নিজে গা ধুই আহি সেই পূৱাতে মোকো কব—“অই উঠ । আঠটা বাজিল । অমুক নম্বৰ বাথৰুমত তোৰ কাপোৰ আছে । অমুকীৰ পিছত তোৰ নম্বৰ । তাই সোমাইছে কিন্তু গা ধুবলৈ । সোনকালে দাঁতকেইটা মাজি গা ধুই আহ ।“ অলপ দেৰি বিছনাৰ পৰা নুঠা যেন পালে আকৌ চিঞৰিব—“অই উঠ না ৰে । নটা পোন্ধৰত তোৰ ‘মেজৰ’ৰ ক্লাচ নাই জানো ? ৰ এইবাৰ মাহী(মোৰ মা) আহিলে তোৰ কথা কৈ দিম । শুবলে পালে উঠাৰ নাম নলওঁ না ? দিব মজা তোক ।“ সেই পুৱাতে উঠি গা ধোৱা কামটো কিমান কষ্টকৰ আছিল বুজোতাইহে বুজি পাব । হোষ্টেলৰ বাথৰুমৰ মজিয়াবোৰো জানো কম লেতেৰা আছিল । এবাৰ সোমালে গা নোধোৱাকে ওলাব নোৱাৰি । কিবা ঘিন ঘিন লাগে । সেই তেতিয়াৰে পৰা নিজে উদ্ভাৱন কৰা সুন্দৰ কিটিপ এৰি সদায় গা ধোৱাৰ দৰে ভয়ানক অভ্যাস এটা গঢ় লৈ উঠিছিল । সেই অভ্যাসে এতিয়া ঠাণ্ডাৰ দিনকেইটা আৰু কষ্টকৰ কৰি তোলে ।
কিছু ঠাণ্ডা পৰিছে কিন্তু দেই ।
----------- : আজৰা(আজাৰা), ভিআপি(ভি আই পি), মিজ্জা(মিৰ্জা), ছইগাওঁ(ছয়গাওঁ)- - -খালী গাড়ী, খালী গাড়ী : ---------
----খালী গাড়ী, খালী গাড়ী- - -আজৰা(আজাৰা), ভিআপি(ভি আই পি), মিজ্জা(মিৰ্জা), ছইগাওঁ(ছয়গাওঁ)- - - বাইদেউ ক'ত যাব ?
----ৰাণী গেইট ।
----উঠক বাইদেউ ।
----একেবাৰেই খালী চোন ? বেছি দেৰি হ'ব নেকি যাওঁতে ।
----নহয় বাইদেউ । আৰু দুজনমান উঠিলে যাওঁৱেই আৰু ।
"জানে জানা দীৱানা, তেৰা নাম ৰখ দিয়া,
তেৰা নাম ৰখ দিয়া - - -"
বহুদিনৰ পিছত শুনিলোঁ গানটো । এসময়ৰ 'হিট' গান । মনটো ভল লাগি গল । গানটোৱে মিচিকিয়া হাঁহি এটা আনি দিলে নিজৰ অজানিতে । এসময়ৰ গান যে !
আৰু কেইজনমান যাত্ৰী উঠিল মেজিকখনত । মোৰ সন্মুখত বহা মানুহজনীয়ে চকুৱে চকুৱে পৰাত অকণমান হাঁহিলে । ময়ো হাঁহিলো প্ৰত্যুত্তৰত । অচিনাকিজনৰ লগত হোৱা ক্ষন্তেকীয়া হাঁহিৰ বিনিময়েওচোন মনলৈ কিবা এক ভাল লগা ভাব আনি দিয়ে । ভাল লাগি গল । আবেলি সময় । সকলোৰে ঘৰমুৱা অভিযান । শৰীৰত ক্লান্তিৰ চাপ বিৰাজমান যদিও "ঘৰ গৈ পাম আৰু" এই ভাবৰ সন্তুষ্টিও যেন লাগি আছে চকুৱে-মুখে ।
সকলো চিট ভৰিছেই । মাত্ৰ মোৰ সন্মুখৰ চিটটোত চাৰিৰ ঠাইত তিনিজন বহি আছে । এজনী মহিলা গাড়ীত উঠিব খুজিও ৰৈ দিলে । খালী চিটটো ওলোটামুৱাকে আছে । তেখেতৰ হেনো সন্মুখৰ পিনে পিঠি দি বহিলে বমি ভাব আহে । এনেতে মোৰ ওচৰত বহা এজনে সেই চিটটোত বহি মানুহজনীক বহাত সুবিধা কৰি দিলে ।
গাড়ী চলিব ধৰিলে । মোৰ লগত আৰু সন্মুখত বহা মহিলা দুগৰাকীয়ে ইতিমধ্যে নিজৰ মাজত কথা পতা আৰম্ভ কৰি দিছে । দুয়ো অফিচ চুটিৰ পিছত ঘৰমুৱা হৈছে । মোৰ লগত বহা গৰাকীৰ ঘৰ ছয়গাওঁত আৰু আনগৰাকীৰ মিৰ্জাত । মোৰ লগত বহাগৰাকী অফিচৰ কিবা মিটিং থকা বাবে দুদিন নলবাৰীত আছিল । দুয়ো ৰাতিয়ে টোপনি ক্ষতি । মুৰটো সিমান ভাল লাগি নাই হেনো । সেইবাবে বমি হোৱাৰ ভয়ত ওলোটাকে নবহিল । আনগৰাকীৰ তেনে কোনো সমস্যা নাই । তেখেতৰ সৰুজনী জীয়েকৰহে আগতে গাড়ীত উঠিলেই বমি হৈছিল । এতিয়া পিছে ঠিক হৈ গল । তাই এতিয়া অকলে উৰাজাহাজতো যাব পাৰে । গাড়ীত উঠিলে সাধাৰণতে কাৰো লগত কথা বতৰা নাপাতো যদিও আনৰ এই টুকুৰা-টকুৰ খবৰ আৰু কথা-বতৰা শুনি ভাল লাগে ।
"বাদলমে চুপ ৰহা হে চান্দ কিউ - - -"
গাড়ীৰ 'মিউজিক চিষ্টেমৰ' পৰা ভাহি অহা গানটো এসময়ত বৰ ভাল লাগিছিল । যিমান শুনিলেও তেতিয়া হেঁপাহ নপলাইছিল । কিমান দিনৰ পিছত শুনিলো বাৰু গানটো ? গানটোৱে মনটোক ক্ষন্তেকৰ বাবে স্মৃতি হৈ যোৱা দিনবোৰলৈ মনত পেলেই দিলে । চকু দুটা গাড়ীৰ খিৰিকিৰে আকাশলৈ গল । চাগে মেঘৰ আঁৰত চন্দ্ৰটোক কৰবাত দেখোঁ বুলিয়েই । চন্দ্ৰ নাই । শৰতৰ ধুনীয়া আবেলিৰ সুন্দৰ আকাশ এখনহে আছে চকুৰ আগত । শৰতৰ আকাশ এনেয়েও অনন্য । পশ্চিমত ডুবিব লোৱা ৰঙা বেলিটিয়ে পুব আকাশৰ শুকুলা মেঘত অপূৰ্ব ৰঙৰ আভা চৰাইছে । সময়ৰ লগত জীৱনে আৰু ঋতুৰ লগত আকাশে ৰং-ৰূপ সকলো সলায় । কোনো ৰূপেই যে কাৰো লগত তুলনা নহয় ।
বিশ্ববিদ্যালয় গেইট পালোঁ । এজন যাত্ৰী নামিল আৰু এজনী ছোৱালী উঠিল । জীনচ-টপ পৰিহিতা ধুনীয়া গঢ়ৰ মৰমলগা ছোৱালী এজনী । দেখিলেই গম পায় বিশ্ববিদ্যালয়ৰ ছাত্ৰী বুলি । পুৱা সাঁজি-কাচি ওলাই অহাৰ সাক্ষী বহন কৰিছে প্ৰায় মোচ খাই যোৱা দুচকুৰ ডাঠ কাজল আৰু ৰং পাতল হৈ যোৱা ওঠৰ লিপষ্টিকে । তথাপিও ভাল লাগিছে তাইক । কি আছে চকুযুৰিত ?! ভবিষ্যতৰ সপোন নে এইমাত্ৰ 'বাই' বুলি কৈ গাড়ীত উঠাই দি যোৱাজনক কাইলৈ পুনৰ লগ পোৱাৰ হেঁপাহ ! কিয় বা মনটোৱে কৈ উঠিল --"পূৰণ হওক তাইৰ দুচকুৰ সপোন, হেঁপাহ ।" গাড়ীত ভাড়া দি তাই "কৈলাচ নগৰ" বুলি কলে । আজিকালিৰ উচ্চাৰণ 'কৈলাশ' গৈ 'কৈলাচ' হ,ল । মনতে অলপ হাঁহিলো । মোৰ সন্মুখত বহা মানুহগৰাকীয়ে তাইক ভাড়াঘৰত থাকে নেকি বুলি সুধিলে । তাই 'প্ৰাইভেট হোষ্টেলত' থকাৰ কথা কলে । পাঁচমিনিটমানৰ পিছতেই তাই তাইৰ 'ষ্টপেজ' পালে । নমাৰ সময়ত তাই মিচিকিয়াই মানুহগৰাকীক " আহোঁ" বুলি মাত লগাই গল । কিয় বাৰু মানুহবোৰে আজিকালিৰ সকলো ল'ৰা-ছোৱালীক শিষ্টাচাৰ-ব্যবহাৰ একো নাজানে বুলি কয় ? আমি চাওঁতাবোৰে চাগে অকল বেয়াটোহে চাব বিচাৰোঁ ,সেয়ে ভালবোৰ চকুতেই নপৰে ।
মোৰো ষ্টপেজ' আহি পাবৰ হৈছেই আৰু । মনে মনে সাজু হৈছো নামিবৰ বাবে । বহুদিনৰ পিছত অকলে ওলাই গৈছিলো । ঘৰটো আহি নাপাব যেনেই লাগি গৈছে । মোলৈ বাট চাই ৰৈ আছে চাগে ল'ৰাদুটায়, মানুহজনে । গাড়ীৰ পৰা নামি চকলেট দুটা লব লাগিব ইহঁত দুটালে । ভাল লাগি যায় যেতিয়া দুয়ো পিনৰ পৰা দুটায় আহি হুলস্থুল লগায়--" মা মোৰ পৰা আগতে এটা 'বাইট' খোৱা না । মোৰ পৰা আগতে খোৱা ।" চাগে জীৱন এয়ায় আৰু সুখো । মানহজনে ৰাৰু চাহকাপ বনাই খালেনে ? গাড়ীত এতিয়া বাজি আছে---
"তু মিলে, দিল খিলে, ওউৰ জিনে কো ক্যেয়া চাহিয়ে - - -"
----বাইদেউ ৰাণী গেইট, ৰাণী গেইট ।