Friday, 18 July 2014

-----: সপোন :-----

-----: সপোন :-----

----- কৃষ্ণচূড়াৰ প্ৰেমত পৰাৰ বয়সৰ পৰাই প্ৰেমত পৰিছিলোঁ জালুকবাৰীৰ । সপোন দেখিছিলোঁ জালুকবাৰীৰ । হাজাৰ জনৰ দৰে মোৰো স্বপ্ন গুৱাহাটী বিশ্ববিদ্যালয় । গল্প, কবিতা, উপন্যাস সকলোৱে মোৰ সপোনৰ জালুকবাৰীক কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙাই তুলিছিল । আসঃ, কিমান  সুন্দৰ এই ৰঙীন সপোন ! 

----- জালুকবাৰীক দুভাগ কৰা পথটোৰে সপোনত খোজ কাঢ়িছো অজস্ৰবাৰ । দুয়োকাষ মোৰ প্ৰিয় গছে শাৰী পতা এই পথ সচাঁকৈয়ে খুব ধুনীয়া । যিমানেই ভাবোঁ, যিমানেই দেখোঁ বেছিহে নিমজ্জিত হওঁ গভীৰ প্ৰেমত । কেনেকৈ হ'ব পাৰে কোনো ঠাই ইমান আকৰ্ষণীয় ! 

----- সপোন দেখাৰ মূহুৰ্ত্তবোৰত তুমিওতো আছিলা মোৰ সতেই । তুমিওতো মোৰ সপোনৰে অংশ । সপোনবোৰ বৰ ভাল লগা নহয়নে ? সোণাৰুবুলীয়া হাঁহি, এজাৰফুলীয়া স্বপ্ন, সকলোবোৰ কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন । 

----- বৰ ভাল লাগে মোৰ সোণাৰু ফুল । ইমান উজ্বল । ৰঙেৰে যেন কৈ যায় --"হাঁহি থাকা । সদায়ে হাঁহি থাকা । হাঁহি হাঁহি পাৰ কৰা জীৱনৰ সকলো জটিলতা ।" সোণাৰুৰ থোপাত ওলমি থকা বৰষুণৰ মুকুতা যেন সোনত সুৱগা চৰোৱা । প্ৰেৰণাময় এই ৰঙৰ উজ্বলতা, স্নিগ্ধ এই বৰষুণৰ মুকুতা । এজাৰফুলীয়া সপোন, কৃষ্ণচূড়াৰ বৰষুণ ! কি সুন্দৰ এই সপোন ! তেতিয়া তুমিওতো আছিলা মোৰ সতে । মনত পৰেনে (!)? কিমান দিন যে খোজ কাঢ়িলোঁ হাতত হাত থৈ । অন্তহীন কথা আৰু ক'ত মান অভিমান । 

----- সপোনবোৰ যেন ভাঙিবৰ বাবেই । সাৰ পালেই সপোনে লগ এৰা দিয়ে । সাৰ পাবই খোজা নাছিলোঁ মই । জানিছিলো এই ঠুনুকা সপোনবোৰৰ কথা । 

----- এতিয়াও পাৰ হওঁ এই সপোন যেন লগা সোণাৰু, এজাৰ, কৃষ্ণচূড়াৰে ঢকা পথটোৰে । তাত তুমিও নাথাকা, ময়ো নাথাকোঁ । আমাৰ অস্তিত্ব সপোনতহে । কিন্তু তথাপি কৃষ্ণচূড়াৰ বৰষুণত হাতত হাত থৈ তিতি থকা হাজাৰজনৰ  মাজত আমাক দুয়োকো দেখোঁ । কিছুমান ঠাই চাগে সদায়ে সপোনেৰে আৱৰা ! সপোনবোৰ বাৰু ভাঙে নে ইজনৰ পৰা সিজনলৈ বাগৰে !! 

---------------------------------------------------------------------------------------
                                                                    চন্দামিতা দেবী 

Tuesday, 15 July 2014

---: আশীৰ্বাদ :---

জুলাই মাহৰ অনুৰাগত (www.onurag.org) প্ৰকাশ হোৱা মোৰ গল্প----
(7 july)
আশীৰ্বাদ [চন্দামিতা দেৱী]

: আই, অ’ আই। ঘৰত কোনোবা আছেনে?
: বা কোনোবা আহিছে বাহিৰত। মই চাই আহোঁ ৰ’বা।
: কোন আহিছে মাইনা?
: বা ভিক্ষাৰী।
: ইমান জোৰে ভিক্ষাৰী বুলি কয় নেকি!
: কিয় নকয়? হয়েই চোন ভিক্ষাৰী।
: আই মই ভিক্ষাৰীয়েই হয়। দিয়া আই কিবা এটা।
: ৰ’বা মই আনি আছোঁ।
: মাইনা ইমান এটেমা চাউল ভিক্ষাৰীক নিদিয়ে নহয়।
: কিয়?
: তোমাৰ মায়ে আহি গম পালে মোকহে গালি দিব। সৌ প্লেটখনেৰেহে দিব দিয়ে ভিক্ষা।
: মাক নক’বা আকৌ তুমি। ময়ো নকওঁ। দেখা নাই ভিক্ষাৰীজন কিমান বুঢ়া হৈছে।
: তেনেকৈ বাৰে বাৰে ভিক্ষাৰী ভিক্ষাৰী কৈ নাথাকে নহয়! বেয়া কথা।
: কি ক’ম তেন্তে?
: এনেয়ে একো ক’ব নালাগে, কিন্তু কথা ক’লে কিবা এটা বুলি মাতিবা আৰু।
: হ’ব দিয়া। দি আহোঁ ৰ’বা চাউলখিনি।
: আই পানী এগিলাচ দিবানে? বৰ পিয়াহ লাগিছে।
: ৰ’বা দি আছোঁ।
: মাইনা তুমি নালাগে। ময়ে আনি দিওঁ।
: তুমিনো মাটিত কিয় বহিছা? মই মুঢ়াটো আনি দিওঁ ৰ’বা।
: নালাগে অ’ আইজনী। ঈশ্বৰে তোমালোকক কুশলে ৰাখক।
: অ’ বা, এই ভিক্ষাৰীজনৰ ঘৰ ক’ত বাৰু? কাপোৰবোৰ একদম ফটা-চিটা ন! আৰু চেণ্ডেলযোৰো ছিঙা।
: দুখীয়া যে সেইবাবে এনেকুৱা। তুমি এতিয়া অকলে অকলে খেলা। মই কাম কৰোঁ।
‘‘মানুহবোৰযে কিয় দুখীয়া হয়! আমিতো দুখীয়া নহয়। আমি ফটা কাপোৰো নিপিন্ধোঁ। ভাল চেণ্ডেল পিন্ধোঁ। মোৰতো জোতাও আছে দুযোৰ।
ভিক্ষাৰীজন; অ, বায়ে মানা কৰিছে ভিক্ষাৰী ক’ব। কি ক’ম? কিবা এটা! কিবা এটা মানে কি কিবা এটা ক’ম? চুলি পকিছে, দাঁত এটাও ভাগিছে, ককা বুলি মাতিলেই ভাল হ’ব চাগে’। বাক সুধি লওঁচোন। বায়ে যে বহুকথায় জানে।’’
: বা, অ’ বা, মই বাৰু ভিক্ষাৰীজনক ককা বুলি মাতিম নে?
: ভিক্ষাৰী মানুহ, এদিন আহিছে, আৰু বা আহে নে নাই, ককা মাতিবলৈ আকৌ ক’তনো লগ পাবা। তুমি পুতলাবোৰ লৈ খেলাচোন দেই। মোৰ কাম আছে। আৰু নহ’লে ছবিত ৰং কৰা।
: নহয়, মানে আৰু আহিলে মাতিব লাগিব যে সেইবাবে হে সুধিছোঁ।

ছমাহমান পিছৰ কথা:
: আই, অ’ আই। ঘৰত কোনোবা আছেনে? কিবা এটা দিয়ক।
: অ’ ককা তুমি আহিছা? ৰ’বা মই মুঢ়াটো দিওঁ। বহা।
: মাইনা কোন আহিছে নো?
: বা সেই ককাজন। যোৱা তুমি চাউল আনা। আৰু পানীও আনিবা। ককা তুমি বাৰু বহু দূৰৈত থাকা নেকি?
: কিয় আইজনী?
: নহয়, মানে তুমি বহুদিন অহাই নাছিলা যে সেইবাবে সুধিছোঁ। মই বাক সোধোতে বায়ে তোমাৰ ঘৰ বহু দূৰত বুলি ক’লে আৰু সেইবাবে ঘনকৈ আহিব নোৱাৰা। তোমাৰ ঘৰত কোনো নাই নেকি?
: মোৰ ঘৰ অলপ দূৰতে দিয়া আইজনী। ঘৰত বুঢ়ী, মানে তোমাৰ আইতাজনী আছে।
: আৰু কোনো নাই?
: আমাৰ ল’ৰা এটা আছে। তোমাৰ সমান নাতি ল’ৰা এটিও আছে। সিহঁত আজিকালি ইয়াত নাথাকে। মেঘালয়ত গৈছে কাম কৰিব। তাতে থাকে। বহুদিনেই হ’ল ঘৰলৈ নহা।
: আইতাজনীয়ে তোমাক ইমান ৰ’দত ঘূৰি ফুৰিব দিয়ে? তোমাৰে ভাল। মোক যে কোনেও ৰ’দত ওলাবই নিদিয়ে। তুমি কিয় ভিক্ষা কৰানো?
: আগতে তোমাৰ আইতা আৰু মই দুয়ো কাম কৰিয়েই খাইছিলো। এতিয়া বুঢ়া হ’লো বাবে কাম কৰিব নোৱৰা হ’লো। ল’ৰাটো যিমান দিন ঘৰত আছিল সিয়ে কৰি খুৱাইছিল। ময়ো বেমাৰী, তোমাৰ আইতাজনীও বেমাৰী। সেয়ে খুজি-মাগি কোনোমতে খাই জীয়াই আছোঁ।
: তোমাৰ দুপৰীয়া ভোক নালাগে নেকি? দিনত ক’ত ভাত খোৱা তুমি?
: আইজনী ক’তনো ভাত পাম? কেতিয়াবা কোনোবাই কিবা দিলে খাওঁ। নহ’লে ৰাতি ঘৰত গৈ বুঢ়ীজনীৰ লগতে কিবা এটা বনাই খাওঁ।
: অ’, তাৰমানে তুমি একো নোখোৱাকৈ থাকা! আমাৰ ঘৰত বায়ে চাহ বনাই দিলে খাবানে? আলহী আহিলে বায়ে চাহ বনাই দিয়েতো! ৰ’বা মই বাক কৈ আহোঁ চাহ বনাই দিবলে’।
মাইনাই ভিতৰলৈ দৌৰ মাৰি গৈ বায়েকক ক’লে—
: বা, অ’ বা, তুমি ককাজনক চাহ বনাই দিয়ানা।
: তোমাৰ মাই এনেকে অচিনাকি ভিক্ষাৰীক চাহ বনাই দিয়া জানিলে মোকহে গালি দিব। আজি নিদিওঁ দিয়া মাইনা। মা থকাত আহিলে মাক সুধি বনাই দিম দেই।
: দিয়ানা বা। মাক নক’বা না। তুমিচোন মই দুষ্টামি কৰিলেও মাক কৈ নিদিয়া। এইটোও নক’বা। মাই গমেই নাপাব।
: গাখীৰ দেখিলে গম পাই যাব।
: তুমি মোৰ গাখীৰখিনিৰে বনাই দিয়া।
: তুমি বৰ জেদি অ’ মাইনা। মই বনাই দি আছোঁ যোৱা।
: ককা তুমি বহাচোঁন দেই। বায়ে চাহ বনাই আনিব এতিয়াই।
: ঈশ্বৰে তোমাক কুশলে ৰাখক আইজনী।
: তুমি মাজে মাজে আহি থাকিবা দেই ককা।
: আহিম আইজনী।

এনেকৈয়ে প্ৰতি মাহে দুমাহে আহি থকা মাইনা আৰু ককাৰ বন্ধুত্ব আৰু মৰমবোৰ আগুৱাই গৈ থাকে। এবছৰ পিছৰ কথা—
: ককা তুমি আজি আহিলা ভালেই হ’ল। কেইদিনমান পিছত আহিলে আমাক লগেই নাপালাহেঁতেন।
: কিয় অ’ আইজনী?
: আমি ইয়াত আৰু বেছিদিন নাথাকোঁ নহয়। দেউতাই গুৱাহাটীত এটা ডাঙৰ ঘৰ বনাইছে। আমি তাতে যাম। আৰু নাহোঁ ইয়ালৈ।
: হয় নেকি আইজনী! বৰ ভাল কথা। গুৱাহাটী বহুত ডাঙৰ ঠাই।
: তুমি কেতিয়াবা যাবা নেকি তাত?
: নাযাওঁ অ’ আইজনী।
: তোমাকচোন মই আৰু লগেই নাপাম তেতিয়াহ’লে?
: একো নহয় আইজনী। তুমি তাত গৈ ভালদৰে পঢ়া-শুনা কৰিবা। মা-দেউতাৰ কথা শুনি ভাল ছোৱালী হ’বা। আশীৰ্বাদ কৰিছোঁ ঈশ্বৰে তোমাক সদায় কুশলে ৰাখক। জীবনত সুখী হোৱা, সফল হোৱা। যাওঁদেই আইজনী। সদায়ে ভালে থাকিবা।
: ককা তুমি কান্দিছা? নাকান্দিবা না। মোৰো কান্দোন ওলাব।
: নাই কন্দা আইজনী। বুঢ়া হৈছোঁ যে এনেয়ে চকুপানী ওলাইছে আই।
: অ’ বা, ককাক আৰু কেতিয়াও লগ নাপাম ন? মোক যে ইমান মৰম কৰে ককায়ে। বা, তুমিওচোন কান্দিছা? মোৰো ইমান কান্দিব মন গৈছে।

প্ৰায় সাতাইস বছৰ পিছৰ কথা—
: বাপধন বাক চাবলৈ কোৱাচোন বাহিৰত কোন আহিছে?
: মা ভিক্ষাৰী এজন আহিছে।
: ববিতা, আমাৰ শোৱা ৰুমৰ টেবুলত দুটকা থোৱা আছে। তুমি দি আহাচোন মানুহজনক।
: মা মই দিওঁনে?
: তুমি দিবা? বাৰু দি আহাগৈ যোৱা।
: মা মানুহজনে কৈছে তেওঁৰ পানী পিয়াহ লাগিছে হেনো।
: ৰ’বা, বায়ে দি আহিব।
: অ’ মা, মই তেওঁ কি খাইছে বুলি সোধোঁতে একো খোৱা নাই বুলি কৈছে। তুমি তেওঁক আলহীক দিয়াৰ দৰে চাহ খাবলৈ দিবানে?
বাপধনৰ কথাই মাকক আজি সাতাইস বছৰ আগৰ আইজনীলৈ মনত পেলাই দিলে। মূৰত অনুভৱ কৰিলে শোটোৰাপৰা এখন হাতৰ মৰমৰ স্পৰ্শ। দূৰৈৰ পৰা ভাহি অহা আশীৰ্বাদ— “ঈশ্বৰে তোমাক সদায় কুশলে ৰাখক। জীৱনত সুখী হোৱা, সফল হোৱা” আশীৰ্বাদ ফলিয়ায়। অন্তৰৰ পৰা কৰা আশীৰ্বাদ সঁচাকৈয়ে ফলিয়ায়।
: মা তুমি একো নক’লা যে? বেয়া পাইছা মোক?
: নাই পোৱা সোণটো। তুমি মুঢ়াটো লৈ ককাজনক বহিব দিয়াচোঁন। মই চাহ লৈ গৈ আছোঁ।

Saturday, 12 July 2014

     ------: বৰষুণৰ সতে :------

ৰিমঝিম বৰষুণজাকে লৈ যায় মোক সপোনৰ দেশলৈ ।
দূৰৈৰ পৰাই দেখোঁ অপেক্ষাৰত তোমাক ।

তিতোঁ আহা সপোনৰ বৰষুণজাকত ।
হাতত হাত থৈ খোজ কাঢ়ো বৰষুণৰ সতে ।

আজি কথা নাপাতো দিয়া ।
আহা শুনো বৰষুণে গোৱা প্ৰেমৰ গান ।
ইমান মধুৰ,
ইমান আবেগিক ।
ঠিক যেন তোমাৰ ওঁঠৰ প্ৰথম স্পৰ্শ মোৰ ওঁঠত ।
শিহৰিত হওঁ,
কঁপি যাওঁ আভ্যন্তৰলৈ ।

চোৱাচোন ৰাস্তাৰ কাষৰ শেৱালি জোপালৈ ।
শেৱালিৰ আগমণ শৰততহে !
তেন্তে এই দুপাহ !!
প্ৰকৃতিয়েও জানে শেৱালি মোৰ প্ৰিয় বুলি  ।
তোমাক দিবলৈকে চাগে এই দুপাহ  বৃষ্টিস্নাতা ।

হাতখন ধৰিবা ভালকৈ,
উজুটি খাব নিদিবা মোক ।
স্বপ্নলোকৰ সহচৰ,
বলা সপোনৰ দেশলৈ আগুৱাও
সপোনৰ অন্তহীন বাটেৰে । 

-----: খেলৰ অন্য এক অধ্যায় :---

------: খেলৰ অন্য এক অধ্যায় :---
(6 july)

চাৰিওপিনে কেবল বিশ্বকাপ ফুটবলৰ কথা । আজি কাৰ কাৰ মাজত খেল, কোন জিকিব কোন হাৰিব, কোন মাৰিব বিজয়ৰ শেষ হাঁহি-- কি এক উৎকণ্ঠা ভৰা বাতাবৰণ । ফুটবল পিছে ময়ো একেবাৰে নেখেলাকৈ থকা নাই । কিন্তু খেলৰ নিয়মবোৰ আয়ত্ত কৰিব পৰা হোৱাৰ আগতে ফুটবল খেলুৱৈ হোৱাৰ চিন্তা বাদ দিলো । সেয়া এক অন্য ইতিহাস । এই ফুটবল খেলৰ প্ৰতিযোগিতাময় পৰিবেশত মোৰ জীৱনৰ অন্য এক খেল প্ৰতিযোগিতাৰ কথা মনত পৰিছে ।

মই তেতিয়া সপ্তম শ্ৰেণীত পঢ়ো । 'হেড চাৰে' এদিন কলে যে আমাৰ অঞ্চলৰ সকলো মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কাবাডী খেলৰ প্ৰতিযোগিতা হব আৰু যিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী চুড়ান্ত বিজয়ী হ'ব সিহঁত জিলা ভিত্তিত হবলগীয়া প্ৰতিযোগিতাত যোগদান কৰিব পাৰিব । আমিও আমাৰ মাজৰ পৰা ছোৱালী বাচি বিচাৰি দল এটা বনালোঁ । সেই দলটোৰ ময়ো এজনী উল্লেখযোগ্য খেলুবৈ । নিৰ্দিষ্ট দিনত ৰাতিপুৱাই সকলো চাৰ-বাইদেউৰ লগত আমি ল'ৰা ছোৱালীবোৰো গলো খেলিবলৈ । প্ৰথমখন খেলত কেনেকে জিকিলোঁ গমেই নাপালো । আচল খেল আৰম্ভ হ'ল দ্বিতীয়খনতহে । আমাৰ দলটোত থকা ছোৱালীবোৰৰ চেহেৰাৰ তুলনাত বিপক্ষৰ দলৰ দুজনীমানৰ চেহেৰা বেচ মজবুত বুলিয়েই কব লাগিব । দুয়ো দলৰ মাজত আৰম্ভণিতে খেলখন বেচ ৰোমাঞ্চকৰেই আছিল । এবাৰ যদি আমাৰ এজনী মৰিছে ('আউট' হোৱাটোক আমি মৰা বুলি কৈছিলোঁ ), এবাৰ সিহঁতৰ । তেনেকে আমাৰ এজনী উঠিছে , আনবাৰ সিহঁতৰ । বিপক্ষৰ এজনী আমাৰ কোৰ্টত কাবাডী কাবাডী বুলি আহোতে সকলোৱে মিলি মৰণ পণ কৰি হেঁচি-পোটকি মাৰিছোঁ, তেনেকে আমাৰ কোনোবাজনীক সিহঁতৰ কোৰ্টত মাজৰ আঁচডাল পোৱাৰ আগতে চোঁচৰাই নি মাৰিছে । মুঠতে বেচ ভাল খেল । শেষৰ পিনে কেনেকে কি হ'ল আমাৰ দলত মই আৰু লগতে আৰু এজনী সহ মাত্ৰ দুজনী ৰলোগৈ আৰু বিপক্ষৰ দলত তিনিজনী । আমাৰ যোৱাৰ পাল পৰাত লগৰজনী গলগৈ কাবাডী কাবাডীকে । তাই গল যি গলেই । তিনিজনীয়ে মিলি এনেকে হেঁচুকি ধৰিলে যে তাই কোৰ্টৰ বাহিৰতহে ৰলগে আৰু । এইবাৰ পৰিল মোৰ পাল । বিপক্ষৰ পৰা আটাইতকৈ যিজনী মজবুত, তেতিয়াৰ মোৰ তুলনাত প্ৰকান্ড, তাই আহিল কাবাডী কাবাডী বুলি । মই তেতিয়া ইমানেই ক্ষীণ-মীণ আছিলো যে তাইৰ ওচৰত মোৰ চেহেৰাটো "ৎ" যেন দেখা গৈছিল । সেই মূহুৰ্তত মোৰ বা কি মুৰত খেলিল মই সিদ্ধান্ত ললোঁ যে পাৰো বা নোৱাৰোঁ এইক গবা মাৰি ধৰিবই লাগিব । এই যদি মৰে তেতিয়া আমাৰ এজনী উঠিব আৰু তেতিয়া আমি আৰু খেলিব পাৰিম । যেনে ভাব তেনে কাম । তাই কোৰ্টত অহাৰ লগে লগে বেছি ভবা গুণা নকৰি ধৰিলোঁ গবা মাৰি । ক'ত ধৰিম ভাবিছিলোঁ কব নোৱাৰো কিন্তু ককালতে ধৰি পালো । মই ভাবিছো তাইৰ নিস্তাৰ নাই এইবাৰ মোৰ হাতৰ পৰা । কিন্তু পিছ মূহুৰ্ত্ততে মন কৰিলো তাইতো ৰোৱা নাই । তাই বেচ গহীন গহীন খোজত কাবাডী কাবাডীকে নিজৰ কোৰ্টৰ পিনে গৈ আছে আৰু মই তাইৰ ককালত ধৰি চুচৰি চুচৰি গৈ আছো । চাৰিওপিনে খেল চোৱা মানুহবোৰৰ গিৰ্জনি মৰা হাঁহি । বৰ লাজ লাগিছিল জানে । দুখো লাগিছিল । মানুহবোৰে কৈ আছিল হাতীৰ গাত মাখি উঠিছে । ভাবিলে এতিয়াও লাজ লাগে । মোক কিহে পাইছিল সেই মস্তজনীক ধৰিবলৈ বুলি এতিয়া হাঁহিও উঠে নিজৰ ওপৰত । লগৰবোৰে যে বহুদিন জোঁকাইছিল মোক ।

----: অস্ত্র : অৰ্থৰ সন্ধানত :---

----: অস্ত্র : অৰ্থৰ সন্ধানত :---

: মা, অস্ত্র মানে কি ?

পঢ়াত বহিছিলহে মাত্র । চতুৰ্থ শ্রেণীত পঢ়া নুমলীয়া পো'টোৱে সুধিলে । সি ইংৰাজী মাধ্যমৰ 'কনভেণ্ট স্কুলত' পঢ়ে । অসমীয়া তৃতীয় ভাষা ।

পটককে অৰ্থটো মনলৈ নাহিল, আহিল উদাহৰণহে---- বন্দুক, বোমা ইত্যাদি । ঠিক অৰ্থটো মই ভাবি নাপালোঁ ।
: অভিধানখন আনচোন ।

ডাঙৰটো ল'ৰা উঠি গৈ ইংৰাজী অভিধানখন লৈ আহিল । পঢ়া টেবুলৰ পৰা উঠিব পৰা সুবৰ্ণ সুযোগ গ্রহন নকৰাৰ কথায় নাহে ।
: অভিধানখন আন, 'ডিকছনেৰী'খন নহয় ।
: মানে মা শব্দকোষ ?

''অসমীয়া তৃতীয় ভাষাৰ মৰ্যদা যথাৰ্থ" মনে মনে ভাবিলো । এনেও চুবুৰীটোত কোনো ল'ৰা-ছোৱালীয়ে অসমীয়াত কথা নাপাতে । দাবি ধমকী দিলে বৰ বেছি সন্মুখত থকা সময়খিনি অসমীয়াত কথা পাতিব তাৰ পিছত পিছমুৱা হোৱাৰ লগে লগে আকৌ নিজৰ মতে হিন্দীতে কথা পতা আৰম্ভ কৰি দিয়ে ।

: অসমীয়া 'ডিকছনেৰি' অ’ ।

এইবাৰ সি ৰুমৰ পৰা ওলাই গল । মোৰ সন্মুখত অসমীয়া কথা বতৰাৰ লিখা এটা আছে । লিখাটোত ‘লাইক, কমেণ্টৰ” দীঘলীয়া শাৰী । ময়ো ‘লাইক’ত ‘ক্লিক’ কৰি দিলো । পঢ়িবৰ নহল পিছে । পিছত সময় পালে পঢ়িম ।

পুনৰ অস্ত্রৰ অৰ্থৰ জগতলৈ সোমাই যাবলৈ চেষ্টা কৰিলোঁ । মনত ভাহি আহিল বিভিন্ন ধৰণৰ অস্ত্র ---যাদুঘৰৰ পিয়লি ফুকনৰ বন্দুক, আহোম ৰজাৰ হিলৈ ,হেংদাং ইত্যাদি । নাই বেছি পিছলৈ গৈছো । নতুনকৈ চিন্তা কৰিলোঁ --- এ কে ৪৭, মেচিনগান,----। নাই, বেয়া কথা । এইবোৰৰ নাম ওলালে ভয়হে লাগে কিবা । এইবোৰে কত কাৰ ঘৰ উচন কৰে ঠিকনা নাই ।

এইবাৰ অলপ বেলেগ ধৰণে ভাবিব ধৰিলোঁ । মানুহ নামাৰিলে অস্ত্র নহয় নেকি ? নাৰীৰ চকুপানী হেনো অব্যৰ্থ অস্ত্র ! 'ইউৰেকা' ! বিৰাট কিবা এটা উদ্ধাৰ কৰা যেন লাগিল । নিজৰ পৰাই ভবা আৰম্ভ কৰিলোঁ । 'নিজ' মানে মই আৰু মোৰ মানুহজন । শেহতীয়াকৈ কি অস্ত্র প্ৰয়োগ হৈছিল এওঁৰ ওপৰত ? ---মনত পৰিল । যোৱা পিকখিনিত স্ফুৰ্তি পানীবিধ ধৰিবলৈ এজনে মাতিছিল । ময়ো লগে লগে যাওক বুলি কলো । তেখেত কিন্তু নগল । মোৰ চকুত হেনো ভয়ঙ্কৰ কিবা দেখা পাইছিল । মানে ঘৰত অহাৰ পিছত নিৰ্ঘাত বিস্ফোৰণ হোৱাৰ সংকেত । মোৰ চকুযোৰ তাৰমানে অস্ত্র !! আৰু কিবা আছে নেকি ---নিজৰ অস্ত্র ভাণ্ডাৰৰ 'অডিট' লব মন গ'ল । মোৰ এজনী বান্ধবী আছে । বিয়া হোৱা নাই । দেখিবলৈও ধুনীয়া । ইয়াতে কিবা 'প্ৰাইভেট কোম্পানিত' চাকৰি কৰে । আমাৰ ঘৰত অহা যোৱাও সঘন । এওঁৰ লগৰবোৰে এওঁক 'লাকী' বুলি কয়---- "বোলো তোৰ খুলশালি নাই যদিও খুলশালিৰ অভাব অনুভব কৰিবলগীয়া হোৱা নাই দে । তোৰ 'লাক' মানিছোঁ দেই 'দোস্ত' ।" কথাবোৰ মোৰ কাণত পৰি মনত লাগি থাকে আকৌ । সিদিনা তাই আহিছিল । বাইকৰ পিছফালে । মানে মানুহজনৰ বাইক । একো নকলোঁ । দুদিন । মৌনব্ৰত । সাংঘাতিক অস্ত্র । মহাত্মা গান্ধীৰ 'চইচ' ভাল আছিল । একো নোকোৱাকৈ বহুত কিবা কিবি কাম হৈ যায় ।

মানুহজনৰ কথাই আকৌ ভাবিলোঁ । বৰ অদ্ভুতভাবে অস্ত্রৰ চক্রবেহুত ঘেৰা ---মৌনব্ৰতৰ পৰা শব্দৰ সুসংযত প্রয়োগলৈকে । প্ৰতিবিধেই মাৰাত্মকভাবে কাৰ্য্যকৰী । মুঠতে অস্ত্রৰ ঝনঝননিত তেখেতৰ অবস্থা যুদ্ধত পৰাভূত হোৱা আত্মসমৰ্পণকাৰী বন্দীৰ দৰে । নিজকে কিবা বিখ্যাত পৰাক্ৰমী সেনাপতি যেন লাগি যায় দেই । বিশেষকৈ 'পাৰ্টি', বিয়া সবাহ আদিত যোৱাৰ সময়ত । 'এটিকেট' ৰক্ষা কৰি চলা তেখেত যেন এজন দেহৰক্ষী ।

অৱশ্যে কেতিয়াবা প্ৰত্যাক্ৰমণ নচলাও নহয় --চলে । মোৰ ভাইটিৰ বিয়া উপলক্ষে দহ দিন আগতে মাৰ ঘৰত গৈছিলোঁ । কৈ যোৱা আছিল এওঁ বিয়াৰ কমেও পাঁচদিনৰ আগতে যাব । পিছে তেখেতে এবিধ অস্ত্র প্রয়োগ কৰিলে মবাইলত--"অফিচত ছুটি নিদিয়ে । এদিন আগতে আহিম ।" মহাভাৰতৰ যুদ্ধলৈ মনত পৰিল---এজনে শৰ এৰে আনজনে কাটি পেলায় । ময়ো মবাইলত 'টাইপ' কৰিলো--"দৰাৰ ভিনিয়েক হ'বলৈ অইন কাৰোবাক কম । ভোজৰ দিন আহিলেও হ'ব ।" নকলেও হ'ব --ছুটি নোপোৱা মানুহজন মই ধৰি দিয়া সময়তেই আহি ওলাইছিল ।

কিন্তু মইচোন এতিয়াও অস্ত্রৰ প্রকাৰতে ব্যস্ত ! অৰ্থ বহু দূৰত । কি হ'ব পাৰে---মানুহক মাৰিব পৰা যন্ত্র নে মানুহক ভয় দেখুৱাব পৰা যন্ত্র । হাতৰ কিতাপখন---! বহুবাৰ পঢ়াৰ টেবুলত প্রয়োগ কৰি পাইছো । হয়-- কিতাপো অস্ত্র হ'ব পাৰে । গণতন্ত্ৰত হেনো কলমেই আটাইতকৈ শক্তিশালী অস্ত্র ।

পুৰণি ঘটনা এটা মনত পৰিল । এজন নামজ্বলা ডাক্তৰ--পেছত, নিচাত--লেখক । ভাল লিখে । আলোচনীবোৰত প্রায়েই তেখেতৰ লিখনি প্রকাশ পায় । ৰোগী পিছে তেখেতৰ ভয়ত থৰহৰি কম্পমান । কেতিয়া কিহত বিতুষ্ট হয় কব নোৱৰি । গালি নামৰ অস্ত্রবিধৰ প্রয়োগত তেখেতে অকণো কৃপাণালী নকৰে । দুৰ্কপাল, ময়ো যাব লগা হ'ল তেখেতৰ 'চেম্বাৰত' । প্রথমবাৰ ঠিকেই গল । দ্বিতীয়বাৰতহে লেঠা লাগিল । নিৰ্ধাৰিত দিনতকৈ দুদিন পিছত যোৱা হ'ল । লগে লগেই সুমধুৰ(!?) শব্দেৰে কোঠালীটো ভৰি পৰিল । এনে ধৰণৰ এটা শব্দও মোৰ মানুহজনে মোৰ ওপৰত প্রয়োগ কৰিলে কি হ'ব সেয়া কোৱা টান যদিও অচিন দেশত নিজৰ শত্রুক বশ কৰাৰ পন্থা বিচাৰি নিশ্চুপ হৈ ৰলোঁ । বৰ্ষণমূখৰ সম্পূৰ্ণ পাঁচটা মিনিটৰ পিছত ডাক্টৰচাহাব অকণমান ৰ'ল । ইতিমধ্যে ময়ো প্ৰত্যাক্ৰমণ বাট বিচাৰি পাইছিলোঁ ।
: ছাৰ আপোনাৰ লিখা বহুদিন পোৱা নাই অসমীয়া কথা বতৰাত ।
: তুমি পঢ়া নেকি ?
: পঢ়ো । বৰ ভাল পাওঁ পঢ়ি । বিশেষকে আপোনাৰ লিখনি মোৰ বৰ ভাল লাগে । "অনামিকাৰ চকুলো”ৰ নাৰী চৰিত্রটোৱে পঢ়ি থাকোতে উশাহ চুটি কৰি দিয়ে ।

ৰুমৰ পৰিবেশ তেতিয়া শান্ত । অলপ আগৰ ধুমুহা-ঢেৰেকনিৰ অকণো চিন-চাব নাই । আধা ঘণ্টামানৰ সাহিত্য চৰ্চাৰ পিছত চাহ আৰু বিনামূলীয়া 'প্ৰেছ্ক্ৰিপছন্' লাভ ।

নাই, এনেকে নহব । অস্ত্রৰ অৰ্থ পোৱা নাই এতিয়াও । অভিধানখন ? সৰু সুপুত্র ইতিমধ্যে পঢ়া টেবুল এৰি টিভিৰ সন্মুখত । বৰপুত্রও অভধানেই বিচাৰি আছে ---টিভিৰ সন্মুখত বহি । টিভিৰ ৰুমৰ পৰা ভাহি আহিছে---" ভীম, ভীম, ভীম চোটা ভীম----"।
-------------------------------------------------------------------------------------------

---------: আলহী :--------

Chandamita Devi
June 15
---------: আলহী :--------

: অনিমা, বাহিৰত কোনে কলিংবেল বজাইছে চাচোন ।
: বা, দুজন মানুহ আহিছে । মই চিনি নাপাওঁ । গ্রীল'ৰ দুৱাৰ খুলি দিয়া নাই । তুমি গৈ সুধি আহা ।
: হেই, কোন আহিল নো এই দুপৰীয়াখন । শান্তিত শুবও নোৱাৰি । ক'ত গল মোৰ দুপাত্তাখন ?

বিচনা এৰিবলগীয়া হোৱাৰ বাবে অশান্তিত মূখখন ফুলাই দুপাত্তাখন গাত ঠিককে লৈ বাৰান্দাত গৈ গ্রীল খুলি আগন্তুকক সুধিলে—
: নমস্কাৰ । কাক বিচাৰিছে আপোনালোকে ?
: এইটো বিজয় বৰ্মনৰ ঘৰ হয়নে ?
: হয় । দেউতা এতিয়া ঘৰত নাই । কৰ পৰা আহিছিল আপোনালোক ?
: বঙাইগাঁওৰ পৰা আহিছিলোঁ আমি ।

বিজয় বৰ্মনৰ ডাঙৰ আৰু একমাত্র ছোৱালী প্রণামিকা লগে লগে উৎফুল্লিত হৈ কলে--
: আপোনালোক আহিব পাৰে বুলি দেউতায় কৈছিল । কিন্তু আপোনালোকে অহা দেওবাৰ মানেহে অহাৰ কথা আছিল চাগে ? আহক ভিতৰত বহিব ।
--এইবুলি কৈ আথে বেথে তেওঁলোকক ভিতৰত মাতি বহিব দিলে ।
: আমি ওচৰতে চিনাকী মানুহ এজনৰ ঘৰত আহিছিলোঁ । সেইবাবে ভাবিলোঁ আপোনাৰ মা-দেউতাৰ লগতো চিনাকী হৈ যাওঁ ।
: মা-দেউতা দুয়ো অফিচত গৈছে । আহোঁতে পলম হ'ব । মা-দেউতাক আপোনালোক অহাৰ কথা কম বাৰু মই । তেওঁলোকে শুনি বৰ ভাল পাব । বহকচোন অকণমান । মই পানী আনি আছোঁ ৰব ।

প্রণামিকা পানী আনিব ভিতৰলৈ যোৱাত সিহঁতৰ ঘৰত কাম কৰা ছোৱালী অনিমায় কোন মানুহ বুলি সুধিলে ।

----তাই কলে বগা ধুনীয়াকে ল'ৰাজন দেউতাকৰ চিনাকী মানুহ এজনৰ ল'ৰা । যোৱাটো দেওবাৰে দেউতাৰ চিনাকী মানুহজনে তাইৰ বান্ধবী মামণিক নিজৰ ল'ৰাৰ বাবে চাব আহিছিল । আৰু অহা দেওবাৰ মানে ল'ৰাজনেও তাইক চাব আহিব পাৰে বুলি কৈছিল ।

অনিমাই আকৌ সুধিলে--
: বা, তুমি কেনেকে চিনি পোৱা ? আৰু লগৰজন কোন হয় ?
: মই ল'ৰাজনক চিনি নাপাওঁ । তেওঁৰ সৰু ভাইটিহে মোৰ লগত পঢ়ে । দেখাত মিল আছে দুই ভেয়েকৰ বুজিলি । লগৰজন বন্ধু হ'ব নিশ্চয় । আৰু একো সুধি থাকিব নালাগে । বাকীবোৰ পিছত কম । এতিয়া ভাল কাঁচৰ গিলাচ দুটাত পানী দুগিলাচ দে । নতুন ট্রে'খনত দিবি গিলাচ দুটা । আৰু শুন, পিছপিনেদি মনে মনে গৈ অপূৰ্বক মই মাতিছোঁ বুলি কৈ মাতি লৈ আহ । দোকানত যাব দিম তাক । যা সোনকালে ।

প্রণামিকায় আলহীক পানী দি অলপ আঁতৰত থকা ডিভানখনত বহি ললে । ধুনীয়া দাদাজনে তাইৰ নাম, তাই কত পঢ়ে, কি পঢ়ে, কোন হোষ্টেলত থাকে সকলো সুধিলে । লগৰজনে মুখেৰে একো নামাতি বাৰে বাৰে ইফালে সিফালে চাই আছে । মাজতে এবাৰ মাত্র কলে--
: আমি আজি উঠো নেকি । দেৰি নকৰোঁ আৰু । ঘৰতো কোনো নাই ।

তাই লগে লগে দৌৰা দৌৰিকে কলে--
: দাদা বহক । চাহ খাই যাব ।

তাই মনে মনে ভাবিব ধৰিলে--" কি যে অদ্ভুত বন্ধু লগত লৈ আহিছে এই দাদাজনে । একেবাৰে 'বেল' যেন দেখি । 'পেণ্ট-চাৰ্টৰো' যি হে 'চইচ' । দেখিলেই গম পায় 'আনৰ্স্মাট' বুলি । ইফালে সিফালে, দুৱাৰে বেৰে কি চাই আছে মানুহজনে ? জেঠী নে মকৰাৰ জাল বিচাৰি আছে ? হাঁহি উঠি যায় । বাদ দে ; মামণিৰতো এই 'বেল'টোৰ লগত বিয়া নহয় না । দাদাজন কিন্তু বেচ ধুনীয়া দেই । মামণিৰ লগত বিৰাট শুৱাব । দাদায় অকল মোৰ কথাহে সুধি আছে । মামণিৰ কথা কেতিয়া সুধিব ? বোধহয় অসুবিধা পাই আছে সুধিব । সোনকালে সুধিলেই হয় । মই যে তাইৰ কথা কব ৰৈ আছোঁ । ইমান ফূৰ্তি লাগিব তাইৰ বিয়া হলে । ভাইটি স্কুলৰ পৰা আহিলে তাৰ লগত আজি আবেলিয়ে তাইৰ ঘৰত যাম । তাইক জকাই মজা লাগিব । লগতে ল'ৰায় চাব আহিলে কেনেকুৱা লাগে তাকো সুধিব লাগিব । কেনেকুৱা লাগিব পাৰে বাৰু ?! অপূৰ্ব আহিল কিযানি । যাওঁ চাহ আনোগৈ । নহলে আৰু যাওঁ যাওঁ লগাব 'বেল'টোৱে । মই বাৰু আজি এই কলা ফুল থকা কাপোযোৰহে পিন্ধি থাকিব লাগেনে ? মায়ে খং কৰিব গম পালে । কলা ৰং হেনো শুভ কামত বেয়া । দোপাত্তাখনো কলাহে লৈ পালো । ইস ৰাম ! মোৰ চুলিখিনিও মেলি থোৱা আছে । মুৰ ধুই চুলিখিনি আচোঁৰাও নাই । মামণিক চাব অহা ল'ৰাৰ আগত এনেকে ভূতূনীৰ দৰে আছিলো বুলি জানিলে মায় নেৰে মোক । চুলি মেলি থাকিলে মায় এনেয়েও বেয়ায় পায় ।

তাই দুয়ো আলহীকে পেপাৰ আৰু আলোচনী কিছুমান চাব দি অলপ বহিব কৈ ভিতৰত গল । অপূৰ্বক আলহীক দিবৰ বাবে 'দুলাল খুৰাৰ' দোকানৰ পৰা ভাল মিঠাই, সন্দেশ আৰু ৰাজুৰ দোকানৰ পৰা 'ক্রীম বিস্কুট' আৰু ভুজিয়া আনিব দিলে । কোনোবা বিশেষ আলহী আহিলে যাতে ভালদৰে চাহ পানী দিব অসুবিধা নহয় তাৰ বাবে এই দোকান দুখনৰ পৰা যেতিয়াই যি লাগে লৈ আহিলেই হ'ল । কৈ থোৱা আছে । পইচা পিছত প্রণামিকাৰ দেউতাকে দিয়ে । ভায়েক ঘৰত নাথাকিলে ওচৰৰ কাকতিৰ ঘৰৰ কামকৰা লৰা অপূৰ্বক পথিয়াই তাই যি লাগে অনাই লয় ।

আলহীক দিবৰ বাবে চাহ তাই নিজে গাখীৰ বেছি দি লগতে ইলাচি দি বঢ়িয়াকে বনালে । যিমান যি হলেও আটাইতকে ভাল বান্ধবীক চাব অহা ল'ৰাজনক চাহ দিয়াৰ কথা অলপ 'স্পেচিয়েল'কেতো বনাবই লাগিব ।

আলহীক চাহ খাব দি তাই পুনৰ ডিভানখনত বহি ললে । দাদাজনৰ লগত অহা বন্ধুজনে বাৰে বাৰে ৰুমালেৰে মুখ মচি থকা দেখি তাইৰ খঙে চুলিৰ আগ পাইছিল । তাই মনে মনে ভাবে---" ইমান গৰম নথকা অবস্থাতো মানুহজনে ৰুমালেৰে কি বাৰে বাৰে ঘাম মচি থাকে । বিৰক্তিকৰ মানুহ দেই এইজন । যি মন যায় মচি থাক । মোৰ কি আহি যায় । কিন্তু মানুহজনে পিটিক পাটাককে মোৰ পিনে কিয় চায় ? দিম বাপ্পেকে চকু ফুটাই । দাদায় এইপাতক কিয় ডিঙিত ওলোমাই লৈ আহিছিল বাৰু ? অইন কোনো বন্ধু নাপালে আৰু লগত আনিবলে । এইপাতৰ পিনে নাচালেনো মোৰ কি যাব । 'বেল' যি 'বেলেই' আৰু ।"
এইবাৰ তাই মুখ ঘূৰাই দাদাজনক সুধিলে----
: দাদা প্রাঞ্জল ঘৰত আছে নে কৰবাত ফুৰিব গৈছে ? তাকো লৈ আহিলে ভাল লাগিলহেঁতেন ।
: প্রাঞ্জল ! কোন প্রাঞ্জল ?
: আপোনাৰ ভাইটি । আমি একেলগে পঢ়ো । সি মোৰ ভাল বন্ধু । আপোনাক কোৱা নাই নেকি প্রাঞ্জলে ?
: মোৰতো কোনো ভাইটি নাই ।
: ভাইটি নাই ? আপুনি প্রাঞ্জলৰ দাদা নহয় ? আপোনালোক জানো মামণিহঁতৰ ঘৰত অহা নাই আজি ?
: মইতো প্রাঞ্জলৰ দাদা নহয় । কোন প্রাঞ্জল মই চিনিয়ে নাপাওঁ । আমি ইয়াত দীপক দাসৰ ঘৰতহে আহিছিলোঁ । তেখেত মোৰ লগত একেলগে ব্যবসায় কৰে ।

তেতিয়ালৈকে তেওঁলোকৰ চাহ খোৱা শেষেই হৈছিল ।

তাই আচৰিত হৈ সুধিলে--
: প্রাঞ্জলৰ দাদা নহয় যদি কোন হয় আপুনি ? মইতো আপোনাক প্রাঞ্জলৰ দাদা বুলিয়েই ভাবি আছোঁ ।
: মোৰ নাম অবিনাশ মেধি । এখেত মোৰ বন্ধু । এখেত বঙাইগাঁও কলেজৰ অৰ্থনীতিৰ অধ্যাপক,--

এনেতে বন্ধুজনে পুনৰ কলে--
: মেধি, আমি উঠোৱেই নেকি ? বহু দেৰি হ'ল । বাছ নাপাম নহলে যাবলৈ ।

তাই ভাবিব ধৰিলে "বঙাইগাঁও কলেজৰ অৰ্থনীতিৰ অধ্যাপক" এইবোৰ কথা তাই আগতেও শুনিছে কৰবাত । তাই সুধিলে--
: এখেত কোন বুলি কলে ?
: এখেত বঙাইগাঁও কলেজৰ অৰ্থনীতিৰ অধ্যাপক সুধীৰ ৰায় ।

নাম শুনাৰ লাগে লগে চক খাই উঠা যেন হৈ তাই কোনোমতে নিজক চম্ভালি "আহি আছো ৰব" বুলি কৈ ভিতৰলৈ গল ।

প্রণামিকাৰ মনত পৰি গল কেইদিনমান আগতে মাকৰ বান্ধবী ববিতা মাহীয়ে তাইৰ ওচৰৰ ৰূমটোত সৰু সৰু মাতেৰে মাকৰ লগত বঙাইগাঁও কলেজৰ অৰ্থনীতিৰ অধ্যাপক আৰু সুধীৰ ৰায় নামটো কৈ কিবা কথা পাতি আছিল । লগতে তাইৰ নামটোও মাহীয়েকে কৈ আছিল । সেইদিনেই তাই ভাবিছিল মাহীয়েকে প্রায়ে কোনোবা নহয় কোনোবা ল'ৰাৰ খবৰ আনি মাকৰ মুৰত তাইৰ বিয়াৰ পোক সোমোৱাই দিয়াৰ দৰেই কিবা এটা কৰি আছে বুলি । তাই এইবোৰ এনেয়ে মুখেৰে কৈ থকা কথা বুলি কোনো পাত্তা দিয়া নাছিল । কিন্তু কোনে জানিছিল যে মুখৰ কথায় এনেকে মানুহ ৰুপ লৈও আহি যাব পাৰে বুলি ।

নিজৰ ৰূমত সোমাই বিচনাৰ ষ্টেণ্ডডালত ধৰি ভাবিব ধৰিলে--" আগতে যদি জানিলোঁহেতেন এই বদমাচ মানুহ দুটায় মামণিক নহয় মোকহে চাব আহিছে সিহঁতক মই চাহ দিয়া তো দূৰত থকক দুৱাৰেই খুলি নিদিলোহেঁতেন । কলা ফুল থকা কাপোৰ পিন্ধি নহয় গোটেই গাতে কাজল সানি ওলালোঁহেঁতেন । বেয়া মানুহ কৰবাৰ । আহিয়ে নিজৰ নাম কব নোৱাৰে নেকি ? লাজ নালাগে অচিনাকি মানুহৰ ঘৰত বহি চাহে মিঠাইয়ে খাব । মিছাতে অনোৱালো অতসোপা বস্তু । মইয়ে এক নম্বৰ মূৰ্খ হয় । সেই পিটিক পাটাককে চাই থকাটোৰ চকু দুটা ফুটাই টেটু চেপি মাৰি পেলাব পোৱা হ'লে শান্তি পালোহয় । আজি মা'কো মজা দিম । যাৰে তাৰে আগত মোৰ বিয়াৰ কথা কব আৰু কৰ কৰ পৰা এইসোপা আহিব । নহওঁ মই বিয়া-চিয়া । এই মাহীকো যদি মই আজিৰ পৰা চাহ বনাই খুৱাও মোৰ নিজৰ নাম ওলোটাই থম । "

অনিমায় তাইৰ ওচৰত আহি তাইৰ মূৰ্তি দেখি ভয়ে ভয়ে সুধিল--
: অ' বা, কি হৈছে তোমাৰ ? মূখখন ইমান ৰঙা কিয় পৰিছে তোমাৰ ? বা, তোমাৰ বন্ধুৰ দাদা যাব ওলাইছে । তোমাক মাতি আছে ।
: চুপ থাক । কোনে কৈছে সেইবোৰ মোৰ বন্ধুৰ দাদা বুলি ? কৰ কৰ পৰা আহে যা তা মানুহ । যাওক যত যায় । ক'ত মৰে মৰকগৈ ।- - -ৰবি, মই গৈ আছো । মইতো আৰু সিহঁতৰ দৰে ভদ্রতা নজনা হ'ব নোৱাৰো না । যা কাপ-প্লেট'বোৰ লৈ আহ । আৰু শুন, মাজৰ প্লেটত ৰোৱা বিস্কুটবোৰ থব নালাগে । দূৰত পেলাই দিবি । বিস্কুটবোৰ কুকুৰটোকো খাব নিদিবি বুজিলি । কাপ-প্লেট'বোৰ বেছিকে চাবন দি ঘঁহি ঘঁহি ধুই পেলাবি ।

----:ব্যক্তিগত অনুভব মাত্র :---

Chandamita Devi ( চন্দামিতা দেৱী )
June 3 · Edited
----:ব্যক্তিগত অনুভব মাত্র :---

গোৱালপাৰা জিলাৰ যোগীঘোপাৰ ওচৰৰ কাবাইটাৰী এটুকুৰা সৰু অথচ খুবেই ব্যস্ততাপূৰ্ণ ঠাই । মেঘালয়ৰ পৰা ট্রাকে ট্রাকে আনি দমাই থোৱা কয়লাৰ স্তুপ, বিশৃংখলভাবে ৰৈ থকা আৰু একেই বিশৃংখলভাবে অগা-পিচা কৰি থকা কিছুসংখ্যক ট্রাক, খিচিৰি মাত কথাৰে ট্রাকবোৰ খালী আৰু ভৰ্তি কৰি থকা সদাব্যস্ত কিছু মানুহ--- যেতিয়াই এই ৰাস্তাটোৰে পাৰ হৈছো প্ৰত্যেকবাৰেই দেখিবলৈ পোৱা এই ঠাইটুকুৰাৰ এটা স্বাভাৱিক ৰূপ । কেতিয়াবা কেতিয়াবা এই বিশৃংখলভাবে ৰখাই থোৱা ট্রাকৰ বাবে সৃষ্টি হোৱা যান-জঁটৰ বাবে দহ মিনিটত পাৰ হ'বলগীয়া ৰাস্তা ডেৰ-দুঘণ্টাত পাৰ হ'বলগীয়াত পৰিছোঁ । এনে পৰিস্তিতিত পৰি কেতিয়াবা খং আৰু লগতে বিৰক্তিও উপজিছিল । কিন্তু তাত একো অস্বাভাৱিকতা অনুভব হোৱা নাছিল ।

কিছুদিন আগতে সেই একেটা ৰাস্তাৰে যাওঁতে ঠাইটুকুৰা আচৰিতভাবে নিস্তদ্ধ হৈ পৰা যেন অনুভৱ হ'ল । মেঘালয়ত কয়লা কটা আৰু সৰবৰাহ বন্ধ হৈ যোৱাৰ বাবে তাত নাই কোনো মানুহৰ হাই-উৰুমি আৰু নাই কোনো মানুহৰ ব্যস্ততাপূৰ্ণ চলাচল । যত তত দমাই থোৱা কয়লাৰ স্তুপবোৰো নাই । কয়লা দমাই ৰখাৰ চিন হিচাপে মাত্র ঠাইবোৰহে কয়লাৰ দাগ লাগি কলা পৰি আছে । বহুত বেছি নহয় যদিও বেচ কিছুসংখ্যক ট্রাক শাৰী শাৰীকে ৰাস্তাৰ পৰা কিছু নিলগত মুকলি ঠাইত থিয় কৰাই থোৱা আছে । 


সদায় একো ঝামেলা নোপোৱাকে, গাড়ীৰ গতিবেগ নকমোৱাকে পাৰ হ'বলৈ আশা কৰি থকা ঠাইটুকুৰা যেতিয়া সচাঁকৈয়ে তেনেকে পাৰ হলোঁ মনটো কিন্তু আনন্দত ভৰি নুঠিল । কিবা এক খালী খালী আৰু অদ্ভুত বিষাদেহে চানি ধৰিল । সদাচঞ্চল, সদাব্যস্ত, জীৱন্ত ঠাইটুকুৰা যেন মৃত হৈ পৰিছে । মনটোৱে কৰবাত যেন কৈ উঠিল ইমান নিস্তদ্ধ এই পৰিবেশতকে আগৰ বিশৃংখলতাৰে জীৱন্ত হৈ থকা ঠাইটুকুৰাহে বেছি ভাল আছিল ।