Sunday, 17 January 2016

December 10. 2015

----: ওৰাঙত এদিন :----
অৰণ্য বুলি ক’লে সাধাৰণতে মনলৈ ওখ-চাপৰ নানান ধৰণৰ গছ-গছনিৰে ভৰপূৰ ঠাই এখনৰ ছবি মনলৈ আহে। প্ৰতিখন সৰু-বৰ ঠাই সম্পূৰ্ণ নিজস্ব বৈশিষ্ট্যতাৰে এখনৰ পৰা আনখন পৃথক হোৱাৰ দৰে প্ৰতিখন অৰণ্যও এখনৰ পৰা আনখন পৃথক। প্ৰতিখন অৰণ্যৰে থাকে নিজা বুৰঞ্জী, কাহিনী, কিম্বদন্তি। প্ৰতিখন অৰণ্যৰে নিজস্ব এখনি ছবি থাকে। থাকে নিজা আকৰ্ষণ, নিজৰ সমৃদ্ধ সেউজীয়াৰে দেহ-মন সজীৱ কৰি তুলিব পৰা অদ্ভুত ক্ষমতা।
৭ নৱেম্বৰ, ২০১৫ চনত সপৰিয়ালে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ফুৰিবলৈ গৈছিলোঁ। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দৰং জিলাত অৱস্থিত। মাত্ৰ ৭৮ বৰ্গকিলোমিটাৰ মাটি কালিৰে আগুৰি থকা এই ৰাষ্ট্ৰীয় উদ্যানখন বাকী ৰাষ্ট্ৰীয় উদ্যানৰ তুলনাত যথেষ্ট সৰু যদিও জৈৱ-বৈচিত্ৰ্যৰ দিশৰ পৰা কিন্তু আনতকৈ কোনো গুণে কম নহয়। ১৯৮৫ চনত চৰকাৰে ইয়াক অভয়াৰণ্য ঘোষণা কৰে আৰু ১৩ এপ্ৰিল, ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান অনেক প্ৰজাতিৰ উদ্ভিদ তথা জীৱ-জন্তুৰ বাসভূমি। ওৰাঙত এশিঙীয়া গঁড়ৰ উপৰি নল-গাহৰি, বনৰীয়া গাহৰি,হাতী,বনৰীয়া ম’হ, যথেষ্টসংখ্যক হৰিণা, ঢেঁকীয়াপতীয়া বাঘ দেখিবলৈ পোৱা যায়। ওৰাং পশুৰ লগতে নানা তৰহৰ পক্ষীকুলৰো বাসভূমি। ওৰাঙলৈ প্ৰতিবছৰে নানা ধৰণৰ পৰিভ্ৰমী চৰায়ো অহা দেখিবলৈ পোৱা যায়।

আমি ৭ নৱেম্বৰৰ পুৱা গুৱাহাটীৰ পৰা ওৰাঙলৈ গৈ আগতে ঠিক কৰি ৰখা অনুসৰি জীপেৰে (Jeep Safari) অৰণ্যৰ ভিতৰলৈ গৈছিলোঁ। এইবছৰ বাৰিষা কালটো অলপ দীঘলীয়া হোৱা বাবে তেতিয়াও ঘাঁহনিবোৰ যথেষ্ট ওখ আৰু ঘন হৈ আছিল বাবে বৰ বেছি জীৱ-জন্তু নেদেখিলোঁ। কেইটামান হৰিণা আৰু বনৰীয়া গাহৰি (wild boar) ওচৰৰ পৰা দেখিবলৈ পালোঁ আৰু দূৰৈৰ ঘাঁহনিত চৰি থকা গঁড় কেইটামান দেখিলোঁ। অৰণ্যৰ মাজত থকা জলাশয়ত থলুৱাৰ লগতে পৰিভ্ৰমী চৰাইৰ জাক দেখিছিলোঁ।
অৰণ্যৰ জীৱ-জন্তুতকৈও বেছিকৈ আকৰ্ষণ কৰে তাত থকা গছ-গছনি আৰু ফুলবোৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান প্ৰাকৃতিক সৌন্দৰ্যত অতুলনীয়। এই উদ্যানখন নাম জনা-নজনা বিভিন্ন প্ৰজাতিৰ গছ-লতিকাৰে পৰিপূৰ্ণ। নৱেম্বৰত অৰণ্যৰ ভিতৰ ভাগ বগাকৈ ফুলি থকা কামিনীকাঞ্চনেৰে ভৰি থাকে। কাজিৰঙা, পবিতৰা বা মানাহ ৰাষ্ট্ৰীয় উদ্যানত ইমানসংখ্যক কামিনীকাঞ্চনৰ গছ দেখা নাই। কাজিৰঙা এটা সময়ত শিমলুৰে ৰঙা, পবিতৰা এজাৰেৰে বেঙুনীয়া হোৱাৰ দৰে ওৰাং নিয়ৰ আৰু শীতক সাবটি কামিনীকাঞ্চন ফুলেৰে বগা হৈ পৰে। অৰণ্যৰ ভিতৰত জীপ যোৱা ৰাস্তাৰ মাজে মাজে থকা সৰু কাঠৰ দলং আৰু ৰাস্তাৰ দুয়োকাষে থকা গছবোৰে, ডাঠ ঘাঁহনিৰ মাজেৰে জীপ যোৱা একা-বেঁকা ৰাস্তাটোৱে ‘জীপ চাফাৰীৰ’ সময়খিনি মোহাচ্ছন্ন কৰি ৰাখে। ওৰাঙত আগতে নেদেখা ধৰণৰ নিলাজী বন এবিধ দেখিবলৈ পাইছিলোঁ। সাধাৰণতে দেখা নিলাজী বনতকৈ এইবিধ যথেষ্ট ওখ আছিল। সচৰাচৰ দেখা নিলাজী বনৰ দৰে এইবিধ প্ৰজাতিৰ পাতৰ ৰং সিমান ডাঠ সেউজীয়া নাছিল। বহু ডাঙৰ ডাঙৰ গছ বিভিন্ন প্ৰজাতিৰ কপৌফুলেৰে (Orchid ) ভৰি আছিল। কপৌফুলৰ গছবোৰ দেখি ফুল ফুলাৰ সময়ত এই হাবিয়ে সাধুকথাত পঢ়া ‘নন্দন কানন’ৰ ৰূপ ল’ব যেন ভাৱ হয়।

ওৰাঙক “মানুহে সজা অভয়াৰণ্য” (Man Made Sanctuary) বুলিও কোৱা হয়। ইয়াৰো এক ইতিহাস আছে। ওৰাং এসময়ত অৰণ্য নাছিল। ১৯০০ চনলৈকে ওৰাং স্থানীয় জনজাতীয় লোকে বাস কৰা জনবসতিপূৰ্ণ অঞ্চল আছিল। ওঠৰশ শতিকাৰ মাজভাগত মহামাৰীয়ে সংহাৰ ৰূপ ধাৰণ কৰাত এই অঞ্চলৰ বহু লোকৰ মৃত্যু হয়। ফলত জীৱিত বাকী মানুহখিনিয়ে সেই ঠাই পৰিত্যাগ কৰি আন ঠাইলৈ গুচি যায় আৰু কালক্ৰমত সেই পৰিত্যক্ত ঠাইখনেই হাবিৰ ৰূপ লয় আৰু তাত নানা তৰহৰ জীৱ-জন্তু আহি থাকিবলৈ লয়। অৰণ্যৰ ভিতৰত দেখিবলৈ পোৱা সেই সময়ত মানুহে নিৰ্মাণ কৰা পুখুৰী, মন্দিৰ আদিয়ে আজিও একালত সেই ঠাইত মানুহ বসতি কৰি থকাৰ সাক্ষৰ বহন কৰে।
ওৰাঙক “ওৰাং ৰাষ্ট্ৰীয় উদ্যান” বুলি কোৱাত কি অসুবিধা পাই “ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান” নামেৰে নামকৰণ কৰা হ’ল বুজি নাপাওঁ। নিজা নাম, ইতিহাস আৰু প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ ঠাইবোৰক যেতিয়া আন এটা উপৰুৱা, একো সম্পৰ্ক নথকা নাম দিয়া হয় তেতিয়া কৈ বা শুনি একো ভাল নালাগে। নতুন নামকৰণ কৰা আদি বিষয়বোৰত গুৰুত্ব দিয়াতকৈ চৰকাৰে যদি সেই ঠাইবোৰলৈ যোৱা ৰাস্তা-ঘাটৰ লগতে আনুসাঙ্গিক সুবিধাবোৰ উন্নত কৰাত গুৰুত্ব দিয়াহেঁতেন চাগে আমাৰ পৰ্যটন ক্ষেত্ৰখনৰ অধিক উন্নত হ’লহেঁতেন।
যি ঠাইখিনিৰ পৰা ৰাস্তাটো ভাঙি উদ্যানলৈ সোমাই গৈছে সেই ঠাইখনত থকা নাম আৰু নিৰ্দেশনাৰ ফলকখন চিনি পাবলৈ মানুহে আগৰে পৰাই জানিব লাগিব যে ফলকখন ক’ত আছে। মাটিত থেকেচা মাৰি বহুৱাই থোৱাৰ নিচিনাকৈ ৰখা, ৰং এৰাই লিখাবোৰ অস্পষ্ট হোৱা ফলকখন বিচাৰি পোৱা কষ্টসাধ্য কাম যেনেই লাগিছিল। ভাগ্যে সেই অঞ্চলৰ মানুহখিনি ভাল বাবে যাক য’ত যেনেকৈ যি সুধিছোঁ বুজাই, দেখুৱাই দিছে।
October 27, 2015 

-----: সংজ্ঞা :----
: আৰু কোৱা !
: কি ক’ম ?
: যি মন যায় । 
: একো এটা নোসোধাকৈ কি কওঁ ?
: তোমাৰ কথা কোৱা । তোমাৰ নিজৰ কথা ।
:মোৰ নিজৰ বুলিবলৈ একো বিশেষ কথা নাই ।
: তথাপি । তুমি কি কৰা ? কি কৰি ভাল পোৱা ?
: পুৱা উঠি দাঁত মাজি দিনটো আৰম্ভ কৰোঁ আৰু ৰাতি দাঁত মাজি শুবলৈ বিছনাত উঠি দিনটোৰ সামৰণি মাৰোঁ । মাজৰ খিনি গতানুগতিক, পৌনঃপুনিক । কি কৰি ভাল পাওঁ ? নাই , মনত নাই ।
: পাহৰিলা ?
: চাগে পাহৰিলোঁ ।
: সঁচাকৈয়ে পাহৰিছা নে ?
: নাজানো সঁচা-মিছা । অযথা প্ৰশ্নবোৰ কৰি বিৰক্ত নকৰিবা ।
: তোমাৰ নামটো সুধিব পাহৰিছিলোঁ । কি নাম বাৰু তোমাৰ ?
: নাম ! মোৰ নাম ? নাম আছিল জানো মোৰ ? তুমিয়েই কোৱাচোন মোৰ নাম আছিল নেকি ? মই গমেই নাপাওঁ মোৰ কিবা নাম আছিল নে নাই । নাছিলেই চাগে মোৰ একো নাম ! নাম ধৰি মাতিব বিচাৰিছা যদি নিজে দি ল’বা কিবা এটা নাম ।
: তোমাৰ অনুমতি নোলোৱাকৈয়ে তোমাক তুমি তুমি বুলি কৈ আছোঁ । বেয়া পালা নেকি বাৰু ?
: উহু , নাই পোৱা । বৰং কথা পাতিব সহজ লাগিছে ।
: খিৰিকীখন খুলি দিয়াচোন । মুকলি বতাহ আহক অকণমান । কোঠাটোৰ বতাহখিনি আবদ্ধ হোৱা যেন লাগি গৈছে ।
: আবদ্ধ ? অ’ অ’ , সঁচাকৈয়ে আবদ্ধ যেন লাগি গৈছে । চেপি আনিছে একেবাৰে । এহঃ, নহ’লে থাকক দিয়া । একো নহয় । নোখোলোঁ খিৰিকী । বৰষুণ আহিব পাৰে । এছাৰেকণিয়ে তিয়াব পাৰে মিছাতে ।
: তোমাৰো যে ভয়বোৰ ! কিহলৈ ভয় নকৰা তুমি ?
: ভয় কৰোঁ !
: ভালকৈ কথা ক’বও নাজানা তুমি ।
: জানোঁ । তুমি ভালকৈ সোধাচোন ।
: আচ্ছা কোৱাচোন সুখৰ সংজ্ঞা কি ?
: সুখৰ নো কি সংজ্ঞা থাকিব পাৰে ? সুখ সুখেই । সুখ এটা ধাৰণা মাত্ৰ । ভাবিলে সুখ , নভাবিলে একো নাই ।
: তথাপি তোমাৰ নিজা মতামত বা ধাৰণাটো কোৱা ? তুমি সুখীনে ?
: সুখ প্ৰাচুৰ্যত থাকে নে প্ৰাপ্তিত ? ক’তো নাথাকে । প্ৰাচুৰ্য যদি তোমাৰ আকাঙ্ক্ষিত নহয় তাত সুখ নাথাকে । অভাৱ মানুহৰ জীৱন ব্যাপ্ত । য’ত অভাৱ সীমাহীন তাত প্ৰাপ্তিৰ জানো সীমা আছে ? মই সুখী নে দুখী সেয়া অৰ্থহীন প্ৰশ্ন । সুখ দুখ সকলো গতিশীল । সকলো সাময়িক । আহে, যায় । আছে, নাই । ঠিক তোমাৰ দৰে, মোৰ দৰে । সুখৰ লগত দুখ আহে । দুখৰ মাজত সুখ থাকে । ঠিক তোমাৰ লগত মই থকাৰ দৰে আৰু মোৰ মাজত তুমি থকাৰ দৰে ।
: একো কথাৰে চিধা উত্তৰ নিদিয়া তুমি । ভাল নালাগে গা এৰা দিয়া কথা বতৰা ।
: চিধা যে একো নাই । সকলো কেৱল এৰা-ধৰা , বুজা-পৰা । হা হা হা !
: হাঁহিছা কিয় ? কি আচৰিত !
: এনেই হাঁহিলোঁ । হাঁহিৰে সকলো সামৰিব পাৰি নিজৰ মাজত । ভাল লাগে । ঈশ্বৰৰ যে কি অপূৰ্ব দান এই হাঁহি ।
: - - - - - -
: তুমি কিয় ইমান ঘনাই আহি থাকা দিগদাৰি দিবলৈ । নাহিবা । যোৱা এতিয়া ।
: তোমাক এৰি ক’ত যাম মই ? পাৰিবা জানো মোক তোমাৰ পৰা নিলগাই থব ?
: চাওঁ, বাট এৰি দিয়া । উৰিব মন গৈছে মোৰ আকাশত, বতাহত, শূন্যতাত । উৰি থকাই ভাল । ৰৈ দিলেই সুবিধা বুজি জোকাৰি দিয়া । অযথা, অযথা, অযথা ।।
---------------------------------------------------------------------

September 4 
----:বাঁহীটো বজোৱাচোন আকৌ । 
---:বাঁহী ! মইতো বাঁহী বজাব নাজানোঁ । 
---:কোনে বজাইছিল তেন্তে ? বাঁহীৰ সুৰেই মোক টানিছিল ইয়ালৈ । 
---: - - - - - - - - 
---:যাওঁৱেই নেকি মই ?
---:যাবা ! যাবা জানোঁ ?
---:ৰবলৈও কোৱা নাইচোন তুমি ।
---: - - - - - - - -
---:কিন্তু ক’ত যাম ? আগুৱাম নে উভতিম ?
---:বাঁহীৰ সুৰ বিচাৰি যাবা নেকি তুমি ?
---:উহু ; নাযাওঁ আৰু একো বিচাৰি । ক’তো নাই বাঁহীৰ সুৰ । মই শুনা বুলি ভুল কৰিছিলোঁ কিজানি । সব কিবা খেলি-মেলি ।
---:বাঁহীৰ সুৰ ভাল পোৱা তুমি ?
---:নাজানো ভাল পাওঁ নে নাই । শুনা যেন লাগিছিল । কিন্তু শুনিব বিচাৰিছিলোঁ ।
---:যাবা এতিয়া ?
---:কব নোৱাৰোঁ। যাবওঁ যে নোৱাৰা হ’লোঁ ।
---:- - - - - - - - -
---:তুমি বিচৰা জানো মই ৰৈ যোৱাটো ?
---:নাজানো মই ।
---:মই জানিছিলোঁ তুমি যে নাজানা । বুজোঁ তোমাৰ ব্যস্ততা , উৱলা পৃষ্ঠাত সমাধিস্থতা ।