Sunday, 17 January 2016

December 10. 2015

----: ওৰাঙত এদিন :----
অৰণ্য বুলি ক’লে সাধাৰণতে মনলৈ ওখ-চাপৰ নানান ধৰণৰ গছ-গছনিৰে ভৰপূৰ ঠাই এখনৰ ছবি মনলৈ আহে। প্ৰতিখন সৰু-বৰ ঠাই সম্পূৰ্ণ নিজস্ব বৈশিষ্ট্যতাৰে এখনৰ পৰা আনখন পৃথক হোৱাৰ দৰে প্ৰতিখন অৰণ্যও এখনৰ পৰা আনখন পৃথক। প্ৰতিখন অৰণ্যৰে থাকে নিজা বুৰঞ্জী, কাহিনী, কিম্বদন্তি। প্ৰতিখন অৰণ্যৰে নিজস্ব এখনি ছবি থাকে। থাকে নিজা আকৰ্ষণ, নিজৰ সমৃদ্ধ সেউজীয়াৰে দেহ-মন সজীৱ কৰি তুলিব পৰা অদ্ভুত ক্ষমতা।
৭ নৱেম্বৰ, ২০১৫ চনত সপৰিয়ালে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ফুৰিবলৈ গৈছিলোঁ। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দৰং জিলাত অৱস্থিত। মাত্ৰ ৭৮ বৰ্গকিলোমিটাৰ মাটি কালিৰে আগুৰি থকা এই ৰাষ্ট্ৰীয় উদ্যানখন বাকী ৰাষ্ট্ৰীয় উদ্যানৰ তুলনাত যথেষ্ট সৰু যদিও জৈৱ-বৈচিত্ৰ্যৰ দিশৰ পৰা কিন্তু আনতকৈ কোনো গুণে কম নহয়। ১৯৮৫ চনত চৰকাৰে ইয়াক অভয়াৰণ্য ঘোষণা কৰে আৰু ১৩ এপ্ৰিল, ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান অনেক প্ৰজাতিৰ উদ্ভিদ তথা জীৱ-জন্তুৰ বাসভূমি। ওৰাঙত এশিঙীয়া গঁড়ৰ উপৰি নল-গাহৰি, বনৰীয়া গাহৰি,হাতী,বনৰীয়া ম’হ, যথেষ্টসংখ্যক হৰিণা, ঢেঁকীয়াপতীয়া বাঘ দেখিবলৈ পোৱা যায়। ওৰাং পশুৰ লগতে নানা তৰহৰ পক্ষীকুলৰো বাসভূমি। ওৰাঙলৈ প্ৰতিবছৰে নানা ধৰণৰ পৰিভ্ৰমী চৰায়ো অহা দেখিবলৈ পোৱা যায়।

আমি ৭ নৱেম্বৰৰ পুৱা গুৱাহাটীৰ পৰা ওৰাঙলৈ গৈ আগতে ঠিক কৰি ৰখা অনুসৰি জীপেৰে (Jeep Safari) অৰণ্যৰ ভিতৰলৈ গৈছিলোঁ। এইবছৰ বাৰিষা কালটো অলপ দীঘলীয়া হোৱা বাবে তেতিয়াও ঘাঁহনিবোৰ যথেষ্ট ওখ আৰু ঘন হৈ আছিল বাবে বৰ বেছি জীৱ-জন্তু নেদেখিলোঁ। কেইটামান হৰিণা আৰু বনৰীয়া গাহৰি (wild boar) ওচৰৰ পৰা দেখিবলৈ পালোঁ আৰু দূৰৈৰ ঘাঁহনিত চৰি থকা গঁড় কেইটামান দেখিলোঁ। অৰণ্যৰ মাজত থকা জলাশয়ত থলুৱাৰ লগতে পৰিভ্ৰমী চৰাইৰ জাক দেখিছিলোঁ।
অৰণ্যৰ জীৱ-জন্তুতকৈও বেছিকৈ আকৰ্ষণ কৰে তাত থকা গছ-গছনি আৰু ফুলবোৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান প্ৰাকৃতিক সৌন্দৰ্যত অতুলনীয়। এই উদ্যানখন নাম জনা-নজনা বিভিন্ন প্ৰজাতিৰ গছ-লতিকাৰে পৰিপূৰ্ণ। নৱেম্বৰত অৰণ্যৰ ভিতৰ ভাগ বগাকৈ ফুলি থকা কামিনীকাঞ্চনেৰে ভৰি থাকে। কাজিৰঙা, পবিতৰা বা মানাহ ৰাষ্ট্ৰীয় উদ্যানত ইমানসংখ্যক কামিনীকাঞ্চনৰ গছ দেখা নাই। কাজিৰঙা এটা সময়ত শিমলুৰে ৰঙা, পবিতৰা এজাৰেৰে বেঙুনীয়া হোৱাৰ দৰে ওৰাং নিয়ৰ আৰু শীতক সাবটি কামিনীকাঞ্চন ফুলেৰে বগা হৈ পৰে। অৰণ্যৰ ভিতৰত জীপ যোৱা ৰাস্তাৰ মাজে মাজে থকা সৰু কাঠৰ দলং আৰু ৰাস্তাৰ দুয়োকাষে থকা গছবোৰে, ডাঠ ঘাঁহনিৰ মাজেৰে জীপ যোৱা একা-বেঁকা ৰাস্তাটোৱে ‘জীপ চাফাৰীৰ’ সময়খিনি মোহাচ্ছন্ন কৰি ৰাখে। ওৰাঙত আগতে নেদেখা ধৰণৰ নিলাজী বন এবিধ দেখিবলৈ পাইছিলোঁ। সাধাৰণতে দেখা নিলাজী বনতকৈ এইবিধ যথেষ্ট ওখ আছিল। সচৰাচৰ দেখা নিলাজী বনৰ দৰে এইবিধ প্ৰজাতিৰ পাতৰ ৰং সিমান ডাঠ সেউজীয়া নাছিল। বহু ডাঙৰ ডাঙৰ গছ বিভিন্ন প্ৰজাতিৰ কপৌফুলেৰে (Orchid ) ভৰি আছিল। কপৌফুলৰ গছবোৰ দেখি ফুল ফুলাৰ সময়ত এই হাবিয়ে সাধুকথাত পঢ়া ‘নন্দন কানন’ৰ ৰূপ ল’ব যেন ভাৱ হয়।

ওৰাঙক “মানুহে সজা অভয়াৰণ্য” (Man Made Sanctuary) বুলিও কোৱা হয়। ইয়াৰো এক ইতিহাস আছে। ওৰাং এসময়ত অৰণ্য নাছিল। ১৯০০ চনলৈকে ওৰাং স্থানীয় জনজাতীয় লোকে বাস কৰা জনবসতিপূৰ্ণ অঞ্চল আছিল। ওঠৰশ শতিকাৰ মাজভাগত মহামাৰীয়ে সংহাৰ ৰূপ ধাৰণ কৰাত এই অঞ্চলৰ বহু লোকৰ মৃত্যু হয়। ফলত জীৱিত বাকী মানুহখিনিয়ে সেই ঠাই পৰিত্যাগ কৰি আন ঠাইলৈ গুচি যায় আৰু কালক্ৰমত সেই পৰিত্যক্ত ঠাইখনেই হাবিৰ ৰূপ লয় আৰু তাত নানা তৰহৰ জীৱ-জন্তু আহি থাকিবলৈ লয়। অৰণ্যৰ ভিতৰত দেখিবলৈ পোৱা সেই সময়ত মানুহে নিৰ্মাণ কৰা পুখুৰী, মন্দিৰ আদিয়ে আজিও একালত সেই ঠাইত মানুহ বসতি কৰি থকাৰ সাক্ষৰ বহন কৰে।
ওৰাঙক “ওৰাং ৰাষ্ট্ৰীয় উদ্যান” বুলি কোৱাত কি অসুবিধা পাই “ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান” নামেৰে নামকৰণ কৰা হ’ল বুজি নাপাওঁ। নিজা নাম, ইতিহাস আৰু প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ ঠাইবোৰক যেতিয়া আন এটা উপৰুৱা, একো সম্পৰ্ক নথকা নাম দিয়া হয় তেতিয়া কৈ বা শুনি একো ভাল নালাগে। নতুন নামকৰণ কৰা আদি বিষয়বোৰত গুৰুত্ব দিয়াতকৈ চৰকাৰে যদি সেই ঠাইবোৰলৈ যোৱা ৰাস্তা-ঘাটৰ লগতে আনুসাঙ্গিক সুবিধাবোৰ উন্নত কৰাত গুৰুত্ব দিয়াহেঁতেন চাগে আমাৰ পৰ্যটন ক্ষেত্ৰখনৰ অধিক উন্নত হ’লহেঁতেন।
যি ঠাইখিনিৰ পৰা ৰাস্তাটো ভাঙি উদ্যানলৈ সোমাই গৈছে সেই ঠাইখনত থকা নাম আৰু নিৰ্দেশনাৰ ফলকখন চিনি পাবলৈ মানুহে আগৰে পৰাই জানিব লাগিব যে ফলকখন ক’ত আছে। মাটিত থেকেচা মাৰি বহুৱাই থোৱাৰ নিচিনাকৈ ৰখা, ৰং এৰাই লিখাবোৰ অস্পষ্ট হোৱা ফলকখন বিচাৰি পোৱা কষ্টসাধ্য কাম যেনেই লাগিছিল। ভাগ্যে সেই অঞ্চলৰ মানুহখিনি ভাল বাবে যাক য’ত যেনেকৈ যি সুধিছোঁ বুজাই, দেখুৱাই দিছে।
October 27, 2015 

-----: সংজ্ঞা :----
: আৰু কোৱা !
: কি ক’ম ?
: যি মন যায় । 
: একো এটা নোসোধাকৈ কি কওঁ ?
: তোমাৰ কথা কোৱা । তোমাৰ নিজৰ কথা ।
:মোৰ নিজৰ বুলিবলৈ একো বিশেষ কথা নাই ।
: তথাপি । তুমি কি কৰা ? কি কৰি ভাল পোৱা ?
: পুৱা উঠি দাঁত মাজি দিনটো আৰম্ভ কৰোঁ আৰু ৰাতি দাঁত মাজি শুবলৈ বিছনাত উঠি দিনটোৰ সামৰণি মাৰোঁ । মাজৰ খিনি গতানুগতিক, পৌনঃপুনিক । কি কৰি ভাল পাওঁ ? নাই , মনত নাই ।
: পাহৰিলা ?
: চাগে পাহৰিলোঁ ।
: সঁচাকৈয়ে পাহৰিছা নে ?
: নাজানো সঁচা-মিছা । অযথা প্ৰশ্নবোৰ কৰি বিৰক্ত নকৰিবা ।
: তোমাৰ নামটো সুধিব পাহৰিছিলোঁ । কি নাম বাৰু তোমাৰ ?
: নাম ! মোৰ নাম ? নাম আছিল জানো মোৰ ? তুমিয়েই কোৱাচোন মোৰ নাম আছিল নেকি ? মই গমেই নাপাওঁ মোৰ কিবা নাম আছিল নে নাই । নাছিলেই চাগে মোৰ একো নাম ! নাম ধৰি মাতিব বিচাৰিছা যদি নিজে দি ল’বা কিবা এটা নাম ।
: তোমাৰ অনুমতি নোলোৱাকৈয়ে তোমাক তুমি তুমি বুলি কৈ আছোঁ । বেয়া পালা নেকি বাৰু ?
: উহু , নাই পোৱা । বৰং কথা পাতিব সহজ লাগিছে ।
: খিৰিকীখন খুলি দিয়াচোন । মুকলি বতাহ আহক অকণমান । কোঠাটোৰ বতাহখিনি আবদ্ধ হোৱা যেন লাগি গৈছে ।
: আবদ্ধ ? অ’ অ’ , সঁচাকৈয়ে আবদ্ধ যেন লাগি গৈছে । চেপি আনিছে একেবাৰে । এহঃ, নহ’লে থাকক দিয়া । একো নহয় । নোখোলোঁ খিৰিকী । বৰষুণ আহিব পাৰে । এছাৰেকণিয়ে তিয়াব পাৰে মিছাতে ।
: তোমাৰো যে ভয়বোৰ ! কিহলৈ ভয় নকৰা তুমি ?
: ভয় কৰোঁ !
: ভালকৈ কথা ক’বও নাজানা তুমি ।
: জানোঁ । তুমি ভালকৈ সোধাচোন ।
: আচ্ছা কোৱাচোন সুখৰ সংজ্ঞা কি ?
: সুখৰ নো কি সংজ্ঞা থাকিব পাৰে ? সুখ সুখেই । সুখ এটা ধাৰণা মাত্ৰ । ভাবিলে সুখ , নভাবিলে একো নাই ।
: তথাপি তোমাৰ নিজা মতামত বা ধাৰণাটো কোৱা ? তুমি সুখীনে ?
: সুখ প্ৰাচুৰ্যত থাকে নে প্ৰাপ্তিত ? ক’তো নাথাকে । প্ৰাচুৰ্য যদি তোমাৰ আকাঙ্ক্ষিত নহয় তাত সুখ নাথাকে । অভাৱ মানুহৰ জীৱন ব্যাপ্ত । য’ত অভাৱ সীমাহীন তাত প্ৰাপ্তিৰ জানো সীমা আছে ? মই সুখী নে দুখী সেয়া অৰ্থহীন প্ৰশ্ন । সুখ দুখ সকলো গতিশীল । সকলো সাময়িক । আহে, যায় । আছে, নাই । ঠিক তোমাৰ দৰে, মোৰ দৰে । সুখৰ লগত দুখ আহে । দুখৰ মাজত সুখ থাকে । ঠিক তোমাৰ লগত মই থকাৰ দৰে আৰু মোৰ মাজত তুমি থকাৰ দৰে ।
: একো কথাৰে চিধা উত্তৰ নিদিয়া তুমি । ভাল নালাগে গা এৰা দিয়া কথা বতৰা ।
: চিধা যে একো নাই । সকলো কেৱল এৰা-ধৰা , বুজা-পৰা । হা হা হা !
: হাঁহিছা কিয় ? কি আচৰিত !
: এনেই হাঁহিলোঁ । হাঁহিৰে সকলো সামৰিব পাৰি নিজৰ মাজত । ভাল লাগে । ঈশ্বৰৰ যে কি অপূৰ্ব দান এই হাঁহি ।
: - - - - - -
: তুমি কিয় ইমান ঘনাই আহি থাকা দিগদাৰি দিবলৈ । নাহিবা । যোৱা এতিয়া ।
: তোমাক এৰি ক’ত যাম মই ? পাৰিবা জানো মোক তোমাৰ পৰা নিলগাই থব ?
: চাওঁ, বাট এৰি দিয়া । উৰিব মন গৈছে মোৰ আকাশত, বতাহত, শূন্যতাত । উৰি থকাই ভাল । ৰৈ দিলেই সুবিধা বুজি জোকাৰি দিয়া । অযথা, অযথা, অযথা ।।
---------------------------------------------------------------------

September 4 
----:বাঁহীটো বজোৱাচোন আকৌ । 
---:বাঁহী ! মইতো বাঁহী বজাব নাজানোঁ । 
---:কোনে বজাইছিল তেন্তে ? বাঁহীৰ সুৰেই মোক টানিছিল ইয়ালৈ । 
---: - - - - - - - - 
---:যাওঁৱেই নেকি মই ?
---:যাবা ! যাবা জানোঁ ?
---:ৰবলৈও কোৱা নাইচোন তুমি ।
---: - - - - - - - -
---:কিন্তু ক’ত যাম ? আগুৱাম নে উভতিম ?
---:বাঁহীৰ সুৰ বিচাৰি যাবা নেকি তুমি ?
---:উহু ; নাযাওঁ আৰু একো বিচাৰি । ক’তো নাই বাঁহীৰ সুৰ । মই শুনা বুলি ভুল কৰিছিলোঁ কিজানি । সব কিবা খেলি-মেলি ।
---:বাঁহীৰ সুৰ ভাল পোৱা তুমি ?
---:নাজানো ভাল পাওঁ নে নাই । শুনা যেন লাগিছিল । কিন্তু শুনিব বিচাৰিছিলোঁ ।
---:যাবা এতিয়া ?
---:কব নোৱাৰোঁ। যাবওঁ যে নোৱাৰা হ’লোঁ ।
---:- - - - - - - - -
---:তুমি বিচৰা জানো মই ৰৈ যোৱাটো ?
---:নাজানো মই ।
---:মই জানিছিলোঁ তুমি যে নাজানা । বুজোঁ তোমাৰ ব্যস্ততা , উৱলা পৃষ্ঠাত সমাধিস্থতা । 

Friday, 29 May 2015



-------: “মোৰ ক্ষেত্ৰত এনে হৈছিল” :----- 

চন্দামিতা দেৱী 
19/05/15

সৰুতে ‘টিংকল’ত ‘মোৰ ক্ষেত্ৰত এনে হৈছিল’ পঢ়োঁ আৰু ভাবোঁ – “ ‘মোৰো ক্ষেত্ৰতো’ যদি এই ধৰণৰ কিবা এটা উল্লেখযোগ্য ঘটনা ঘটে তেতিয়হ’লে ময়ো লিখিব পাৰোঁ ।“ পিছে যিমান আশা কৰাৰ পিছতো ‘হিলাই’ দিব পৰা একো নঘটিলেই । না কাৰোবাক ‘কিডনেপ’ হোৱাৰ পৰা বচাব পাৰিছিলোঁ, না বোলে চোৰ-ডকাইতকে ধৰাই দিব পাৰিছিলোঁ । মুঠতে একো ঘটনায় নাই । যিবিলাক ঘটিছিল সেইবিলাক যে ঘটনাৰ ভিতৰত নপৰিছিল । সেইবিলাক আছিল গতানুগতিক । যেনে ধৰক কোনোবা এটা ল’ৰাৰ লগত লাগিছোঁ । সি যদি মোক কৈছে –“ ঐ আপ্পি , তই অলপ বেছি বাঢ়িছ । এক থাপ্পৰত গাল ফালি দিম ।“ ময়ো এক মুহূৰ্ত পলম নকৰি উত্তৰ দিছোঁ—“ ঐ আপ্পা, মুখ চম্ভালি কথা কবি । গাত হাত লগাই চা মাত্ৰ , এক চৰত তোৰো দাঁত যাব ।“ মোৰ লগতে ঘৰৰ বাকীবোৰকো ‘হিলাই’ দিব পৰা এটাই ঘটনা ঘটিছিল মাজে মাজে । ঘটনাটো ঘটাৰ লগেলগে মোৰ যিটো চিঞৰ বাহিৰ হয়—“ মা-দেউতা, বাবলু , মইনা -- মোক খালে এইডালে ! গুচাই দে, গুচাই দে ।“ ঘৰৰ বাকীবোৰৰ লগতে কেতিয়াবা ওচৰ-চুবুৰীয়াও সজাগ হৈ যায়, কি বা ঘটিল বুলি । ঘৰৰ যি য’ত থাকে হাতৰ কাম-বন এৰি দৌৰি মোৰ ওচৰ পায়হি । তাৰ পিছতে আৰম্ভ –দেউতায় লাহেকে কয়, “জোকে খালে মানুহ নমৰে নহয় ।“ ময়ো লাহেকে শুনা-নুশুনাকে কন্দনামূৱা হৈ কওঁ, “ কোনে জানে, মৰিবও পাৰে ।“ দুই এটোপাল চকুৰে নিগৰেও তেতিয়ালে । মায়ে খং উঠি কয়,-“ তোৰ এই ‘আটাহ’ শুনি ভাজিখনো চৌকাৰ ওপৰতে এৰি আহিলোঁ । সেইভাগে জ্বলিল নে পুৰিল কোনে জানে ! বান্দৰী, ইমানেই যদি ভয় জঙ্ঘলত গছে-পাতে বগাব কিয় যাওঁ ?“ ইতিমধ্যে মোৰ দুই বীৰ ভাতৃ আৰু নিমখৰ কৃপাত জোকে সিপুৰী পায়গৈ । সৰু ভাইটি মইনায় কয়,-- “বেচেৰা জোক ! খাবও নাপালি ,এনেয়ে ‘বীৰগতি প্ৰাপ্ত’ হ’লি ।“ তেতিয়া টি ভিত মহাভাৰত, পৰমবীৰ চক্ৰ এইবোৰৰ ‘জামানা’ আছিল বাবে কিছুমান শব্দৰ ব্যৱহাৰ বেছি আছিল আমাৰ মাজত । সি আৰু কয়,--“ বাইদ, তই কিন্তু যিটোহে চিঞৰ মাৰিলি জোকডালৰ কিজানি কাণৰ পৰ্দা ফাটি-ফুটি শেষেই হৈছিল নিশ্চয় । আমি তোৰ গাৰ পৰা এৰুৱাই নানিলেও সি অলপ পিছত ‘হাৰ্ট-ফেইল’ হৈ এনেয়েও চেটেপ হ’লহেঁতেন । মিছাতে আমি বধৰ ভাগী হ’লোঁ । সি জোকে বুজা নাছিল যে খাদ্য বিচাৰি যমৰ গাত বগাই আছিল ।“ জোককে আদি কৰি ঘৰৰ বাকীবোৰৰ ওপৰতো খং উঠে যদিও সেই মৰ চিঞৰ মাৰি উঠাৰ পিছত কাকো একো কোৱাৰ ৰাস্তাও নোহোৱা হৈ যায় ।

কথা হ’ল এইবোৰ ঘটনা নহয় । সৰু-সুৰা নিত্য নৈমিত্তিকৰ ভিতৰতহে পৰে । প্ৰায়ে ঘটি থাকে । তাৰোপৰি এইবোৰত “মোৰ ক্ষেত্ৰত এনে হৈছিল” ধৰণৰ ‘ফিল’ বা ‘হিলাই’ দিব পৰা একো নাথাকে । তিনিবছৰমান আগত হঠাৎ লগ পোৱা মানুহ এজনৰ কথায় কিন্তু মোক ভিতৰলৈকে ‘হিলাই’ দিছিল । মানুহজনে যিসাৰ বাক্য কৈছিল মোৰ বিশ্বাস যি কোনো ‘লেডিজ’কে হিলাই দিব আৰু সদায়ে মনত পেলাই দুখ কৰিব আৰু ভাবিব “মোৰ ক্ষেত্ৰত এনে হৈছিল !” কথাটোৱে ‘বাৰ্থ’ডে’ৰ ওচৰ-পাজৰৰ দিন কেইটাত বৰ বেছিকৈ আমনি কৰে । ভাৱ হয়, “হায় ,হায় ! সেই দিশে আৰু এঢাপ আগুৱালো মানে ।“ (বি:দ্ৰ: - আজিকালি মানুহৰ জন্মদিন নাথাকে । ‘বাৰ্থ’ডে’ হে থাকে । মোৰো কলেজ পোৱাৰ আগলৈকে জন্মদিন বুলি কিবা এটা আছিল । এতিয়া নাই ) । 

এতিয়া আচল কথাটোলে আহোঁ । তিনিবছৰমান আগৰ কথা । মোৰ মানুহজন কিবা ‘অফিচিয়েল’ কামত দুমাহৰ বাবে এলাহবাদলৈ গৈছিল । গতিকে উপায় নোহোৱাত মই এলেহুৱাজনীয়ে কোনোমতে দোকানে-বজাৰে চম্ভালিছিলোঁ । সেই দিনবোৰৰে কথা । ভাইটি আৰু মই দেওবাৰ এটাত কাঁহিকুচিৰ সাপ্তাহিক বজাৰত পাচলি আনিব গৈছোঁ । মোক পাচলি ল’ব কৈ ভাইটিয়ে অলপ আঁতৰত ফল-মূল লবলৈ গ’ল । মই ৰাস্তাৰ কাষতে বহা বেপাৰী এটাৰ তাত পাচলি চাই আছোঁ এনেতে এজন মানুহে আহি –“আণ্টি থোৰা চাইদ দিজিয়েগা “ বুলি কলে । মই ঘূৰি চাই হতভম্ব । বোলো ই কি কাণ্ড ! আধা কেঁচা-পকা দাড়ি-চুলিৰে পঞ্চাছোৰ্দ্ধোৰ মানুহ এজনে মোক আণ্টি বুলি মাতিছে !(?) মই কোনোমতে একাষৰীয়া হৈ থিয় দি থৰ হৈ চাই থাকিলোঁ । চকুদুটা ডাঙৰ হৈ অমৰাগুটি যেন হৈছিল চাগে । মাত্ৰ মনতে ভাবিছোঁ ,”অ’ মোৰ মানে এই অৱস্থাহে হৈছেগে নে যে এনেকুৱা বয়সৰ মানুহেও ‘আণ্টি’ বুলি মাতে ? শাৰী-মখেলা কিবা পিন্ধা হ’লেও বেলেগ কথা আছিল । মইচোন চেলোৱাৰেই পিন্ধি আহিছোঁ, তথাপি ‘আণ্টি’ ? নে ‘জীনচ-স্কাৰ্ট’ জাতীয় কিবা এটাহে পিন্ধিব লাগিছিল ?” তেতিয়া মোৰ মনত ভাৱবোধক, প্ৰশ্নবোধক সকলো চিনৰে সঘন আহ-যাহ । থিক ধৰিব পৰা নাই কোনটো চিন উপযুক্ত হ’ব । মই পাচলি-চাচলি একো নলৈ জেগাতে ৰৈ থাকিলোঁ । মানুহজন পাচলি লৈ গুচিও গ’ল । এনেতে ভাইটি আহি –“ কি হ’ল তোৰ ? পাচলি লোৱা নাই যে ? “ মই কলোঁ, “অ’ বাবলু , মোতকৈ বয়সীয়া মানুহ এজনে নহয় মোক এই মাত্ৰ ‘আণ্টি’ বুলি মাতিছিল । “ বাবলুয়ে ক’লে, “ ক’ত গ’ল হা মানুহজন ? মই মানে ‘থেঙ্কিউ’ এটা দি আহোঁ । ইমান দিনে আমি কৈ থাকিলে নুশুন । খাই খাই হাতীপোৱালী যেন হৈছ । ভাল বুলি কিবা ক’লে আমাক কৈ থাক নহয় যে তই খাবলে হে জীয়াই আছ । তোৰ এই মানৱী জীৱন হেনো খাবৰ নিমিত্তেই । খা, খা । আৰু বেছিকে খা । পা এতিয়া মজা । দুদিনমান বাট চা, সেই মানুহজনে তোক ‘গ্ৰেন্নী’ বুলিও মাতিব ।“

ভাবিলে বৰ দুখ লাগি আহে । চাৰিওপিনৰ পৰা ‘আণ্টি’, ‘আণ্টি’, ‘গ্ৰেন্নী’, ‘গ্ৰেন্নী’ শুনিবলৈ পাওঁ । গাটো কিবা জিকাৰ খাই উঠে । ‘ফিলিং আপচেট’ । এই ‘বাৰ্থ’ডে’টো বাৰু কিয় দুখ দিবলৈ প্ৰতিবছৰে আহি থাকে অ’ !!(?) 
=ঘোষণা=
চন্দামিতা দেৱীৰ বলিষ্ঠ সম্পাদনাত প্ৰকাশ হৈ ওলাল সাহিত্য ডট্ অৰ্গৰ 'সংস্কৃতিৰ সংকৰায়ণ' সংখ্যা! আশা কৰোঁ, সাহিত্যৰ আন সংখ্যাবোৰৰ দৰে এই সংখ্যাটোও ৰাইজে আকোঁৱালি ল’ব।
সংখ্যাটো নিয়াৰিকৈ সম্পাদনা কৰি ৰাইজলৈ উলিয়াই দিয়া বাবে সম্পাদিকালৈ অভিনন্দনৰ লগতে সাহিত্য ডট অৰ্গৰ লগত অনলাইন আৰু অফলাইনযোগে জড়িত আটাইকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰা হ’ল।
অনিচ্ছাকৃত ভুল-ভ্ৰান্তিৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী; লগতে তেনে কোনো অনিচ্ছাকৃত ভুল দেখিলে ৰাইজে আমাক দেখুৱাই শুধৰাই দিলে আমি বাধিত হ’ম।
নিজেও পঢ়ক আৰু আনকো পঢ়ুৱাওক "সাহিত্য ডট্ অৰ্গ"!

Friday, 10 April 2015

----: সিদ্ধান্ত :----
-----: সিদ্ধান্ত :----
: অই, তোক যে কৈছিলোঁ কথাটো, কি কৰিবি ? যাবি নে নাই এবাৰ ক'বলে ?
: ভাবি আছো কি কৰোঁ ।
: কিমান দিন ভাবি কটাবি ? সবে মিলি দিন-বাৰ ঠিকহে কৰিব আৰু । থাক তই ভাবি ।
: - - - - - - -
: কি হ'ল ? চুপ হৈ গলি যে ? আৰে তই এবাৰ আহিবি তো আমাৰ ঘৰলে । বাকীখিনি আমি দুয়ো মিলি জুলি কম দে । তই এবাৰ মাত্ৰ আহি ঘৰৰ সবৰে আগত আমাৰ কথাটো ক । তাৰ পিছত মোক কোনে কালৈ বিয়া দিয়ে চাই থাক ।
: কথাবোৰ আচলতে তই ভবাৰ দৰে সহজ নহয় অ । মোৰ এতিয়াও পঢ়া শেষেই হোৱা নাই । পঢ়া শেষ হ'লেও যে লগে লগে কিবা এটা চাকৰি-বাকৰি পাম তাৰো ঠিকনা নাই । তইয়ো নো কিমান দিন ৰবি মোলৈ ?
: মই কিমান দিন ৰম সেইটো তই ভাবিব নালাগে । মই জানো মই কিমান দিন ৰম । তই নিজৰ কথা ক । কেতিয়া আহিবি আমাৰ ঘৰলে ? আহিবিনে নাই ?
: চা, তই ছোৱালী মানুহ । ভাল ল'ৰা পাইছ, বিয়া হৈ ল । ঘৰৰ মানুহে তোৰ বেয়াটো নাভাৱে নহয় । আৰু চা, পিছলে যদি তোৰ মোক ভাল নলগা হয় তেতিয়া ?
: মোৰ আকৌ তোক কিয় ভাল নালাগিব ? পিছৰটো পিছত ভাবিবি দে । এতিয়াৰটো ক ভালকে ।
: মোৰো যদি দুবছৰমান পিছত তোক ভাল নলগা হয় তেতিয়া ? মানুহৰ মনৰ কি ঠিকনা আছে ?
--- কিমান দিন আগৰ বাৰু কথাবোৰৰ ? সাত বছৰ হ'ল । অথচ ৰূপালীৰ কিছুদিনৰ আগৰ কথা যেনেই লাগি থাকে । দিন কাৰো বাবে ৰৈ নাথাকে । ভাল বেয়া সকলো দিন পাৰ হৈ যায় । বিয়াৰ তিনি বছৰমান পিছত কাৰোবাৰ পৰা তাইৰ মোবাইল নম্বৰ লৈ সি ফোন কৰিছিল কেইদিনমান । তেতিয়ালৈকে সকলো ঢাকিব জনা হৈ গৈছিল তাই । শিকি লৈছিল । খুব সাধাৰণভাবে কথা পাতিছিল তাই । এদিন সি কৈছিল, " কিয় নৰলি মোলৈ ?" তাই একো কোৱা নাছিল । কিছুদিন পিছতে সলাই পেলাইছিল তাইৰ মোবাইল নম্বৰটো । ৰূপালীয়ে ৰশ্মিৰ পৰা গম পাইছিল সি পিছত ভাল পোৱা ছোৱালীজনী অইন এজনৰ লগত পলাই যোৱাৰ কথাটো । দুখ পাইছিল হেনো সি । মুখেৰে একো কোৱা নাছিল যদিও কথাটো শুনি খুব সুখী হৈছিল তাই । কিবা যেন এক বুজাব নোৱাৰা তৃপ্তি পাইছিল । ভালপোৱাজনৰ মন সলনি হোৱাৰ বেদনা যে কি সেইটো সি অনুভব কৰাটোৰ বাবে যেন তাই সদায়েই বাট চাই আছিল । বিবেকে তাইক নিষ্ঠুৰ বুলি কৈছিল । তথাপি তাই নিজকে সুখী অনুভব কৰাৰ পৰা ৰখাব পৰা নাছিল ।
--- কম্পিউটাৰত ফেচবুক খুলি লোৱাৰ লগে লগে পোৱা বিশেষ ফ্ৰেইণ্ড ৰিকুৱেষ্টটোৱে পাহৰিব খোজা সকলো স্মৃতি আকৌ মেলি ধৰিলে ৰূপালীৰ সন্মুখত । নাচাও বুলি ভাবিও খুলি ললে তাৰ প্ৰফাইলটো । ফটোখন চাই ভাবিলে, "অলপ শকত হৈছে সি । আগতকে বেছি ভাল লগা হৈছে দেখিব। কভাৰ ফটোত এইজনী তাৰ ঘৈণী আৰু কেঁচুৱাটো চাগে । ৰশ্মিয়ে কৈছিল তাৰ বিয়াৰ কথাটো । তাৰ মুখখনেই পাইছে কেঁচুৱাটোৱে । বৰ মৰমলগা হৈছে । ইশ্বৰে তোক কুশলে ৰাখক বাচা ।" খন্তেক ৰৈ ভাবি চালে কি কৰিব তাই । এক্চেপ্ট কৰিবনে নকৰে ৰুবুল নামৰ বহুদিন আগতে চিনি পোৱা আৰু অচিনাকী হৈ যোৱা মানুহজনৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট ? একদম অচিনাকী হ'লে তথাপি চিনাকী হ'ব পাৰি, বন্ধুত্ব কৰিব পাৰি । কিন্তু এনেকুৱা হ'লে কি ধৰণৰ হ'বগৈ পাৰে তাইৰ ধাৰণাৰ বাহিৰত ।
--- শোৱাৰূমৰ পৰা অহা মোবাইলৰ ৰিংটোৱে চিন্তাত যতি পেলালে তাইৰ । বিজয়ৰ ফোন । ৰূপালীৰ স্বামী । দুপৰীয়া সদায়ে লান্স ব্ৰেকত এবাৰ ফোন কৰি তাই ভাত খালেনে নাই খবৰ লোৱাটো তেওঁৰ এটা অভ্যাসেই । কথা পাতি উঠি তাই ভাবিলে, "কোনে কয় বিয়া হ'বলে হ'লে আগতে প্ৰেম কৰিবই লাগিব ? প্ৰেম কৰি বিয়া হৈ পিছত প্ৰেমক হত্যা কৰি গোটেই জীৱন প্ৰেমৰ শৱ কঢ়িওৱাতকে হাজাৰ গুণে ভাল এই পূৰ্বপ্ৰেমবিহীনভৱে আৰম্ভ হোৱা বুজা-বুজি, মৰম-ভালপোৱা, সন্মানেৰে ভৰি পৰা এই সৰু ঘৰখনি ।"
--- কম্পিউটাৰৰ ওচৰলে আহি দিলিট ৰিকুৱেষ্টটোত ক্লিক কৰিবলে তাইৰ এবাৰো ভাবিবলগীয়া নহল । কিছুমান সিদ্ধান্ত জীৱনে বহু আগতেই লৈ থয় । মাত্ৰ আমি মানি লব জানিলেই সহজ হৈ পৰে । মনটো তাইৰ পাতল পাতল লাগিল । এই মাত্ৰ ঘৰৰ ভিতৰত ওলমি থকা মকৰা জালবোৰ নমাই ঘৰৰ চুক-কোণৰ পৰা এসোপা জাবৰ সাৰি-পুচি উলিয়াই ডাষ্টবিনত পেলাই ঘৰটো পৰিস্কাৰ কৰি উঠা যেন লাগিল তাইৰ ।
নাৰী স্বাধীনতা, সম-অধিকাৰ ইত্যাদি-----
নাৰী স্বাধীনতা, সম-অধিকাৰ ইত্যাদি-----
-----নাৰী নিৰ্যাতন, ধৰ্ষণ আদিৰ দৰে ঘটনাবোৰৰ বাবে আমি সাধাৰণতে সেই বিশেষ ঘটনাটোৰ লগত জড়িত ব্যক্তি বা ব্যক্তিসকলকহে জগৰীয়া কৰো । কিন্তু এই ঘটনাবোৰৰ বাবে আমাৰ সমাজৰ কিছুমান কথা, চলি অহা প্ৰচলিত ধাৰণা, শিক্ষাও সমানে দায়ী ।
----নাৰী দিবস বুলি মেলে-মিটিঙে বিভিন্ন জনে নাৰীক বিভিন্ন ধৰণে বিভূষিত কৰে । ফেচবুক, হোৱাটচ-এপপ নাৰী দিবস উপলক্ষে ধুনীয়া ধুনীয়া শুভেচ্ছা বাণীৰে ভৰপূৰ হয়। নাৰী কিমান মহীয়সী, গৰীয়সী সেইটো বুজোৱাৰ এক অঘোষিত প্ৰতিযোগিতাহে যেন । আচলতে এই বেছিকে নাৰী নাৰী কৰি থকাটোৱে এটা ডাঙৰ ভুল বুলি মই ভাবো । আমি সমাজত নাৰী আৰু পুৰুষ এই দুটা পৃথক শ্ৰেণী বনোৱাত আৰু তাক সেইভাবে লালন পালন কৰাত গুৰুত্ব দিওঁ । আৰু মূল সমস্যাটোও তাতেই । আমি কাকো মানুহ হ'ব নকও বা মানুহ নবনাও । নাৰীক নাৰী আৰু পুৰুষক পুৰুষ বনাও ।
----সমাজৰ সকলো স্তৰতে নাৰীৰ বাবে এক নিয়ম আৰু পুৰুষৰ বাবে এক নিয়ম । নাৰী স্বাধীনতা, সম অধিকাৰ এই শব্দবোৰ মেল-মিটিং, ভাষণ-লেখনৰ পৰা বাহিৰলে আহি বাস্তবত ৰূপায়িত হ'বলে হ'লে নাৰী আৰু পুৰুষৰ বাবে সকলো ক্ষেত্ৰতে একে নিয়ম হ'ব লাগিব । সকলোৱে মানুহ হ'ব লাগিব । যিটো কথা বা কাম বেয়া সেইটো নাৰী-পুৰুষ নিৰ্বিশেষৰ বাবে বেয়া আৰু ভালটো বা কৰণীয়টো উভয়ৰে বাবে কৰণীয় হ'ব লাগিব । ছোৱালীয়ে মদ-চিগাৰেট খোৱা দেখি চকু ডাঙৰ, ভ্ৰু কুঞ্চিত কৰিলেই নহব, ল'ৰা এজনৰ বাবেও যে ই সমানে বেয়া বা ক্ষতিকাৰক সেইটোহে উপলব্ধি কৰিব লাগিব । মাজ নিশা 'পাবৰ' পৰা মদ খাই ওলোৱা যুবতীৰ ৰাজপথত বিচৰণ যিদৰে অশোভনীয়, ল’ৰাৰ বাবেও মাজ নিশা ঘৰৰ বাহিৰত দোৰোল খোৱা জিভা আৰু পাক খোৱা ভৰিৰ অসংযত খোজ কাটল গ্ৰহণযোগ্য হোৱা উচিত নহয় । কিছুমান কাম ল'ৰাৰ বাবে কম বেয়া, ছোৱালীৰ বাবে বেছি বেয়া হ'ব নালাগে । এজনৰ বাবে এটা , আনজনৰ বাবে আন এটা নিয়ম যেতিয়ালৈকে থাকিব তেতিয়ালৈকে নাৰী স্বাধীনতা, নাৰীৰ সম অধিকাৰ এইবোৰ অন্তহীন আন্দোলনৰ ৰূপতেই চলি থাকিব । আৰু এচামে ৰংচঙীয়া বেলুনত বতাহ সোমোৱাই সৰু ল'ৰা-ছোৱালীক নিচুকোৱাৰ দৰে মহীয়সী, গৰীয়সী এই শব্দবোৰৰ ৰংচঙীয়া বেলুন বনাই নিচুকাই থাকিব ।
----আমি যদি বিচাৰোঁ যে আমাৰ ছোৱালী, ভনী ৰাস্তা-ঘাট, অফিচ-কাছাৰীত সুৰক্ষিত হওক বা বৈষম্যমূলক আচৰণৰ সন্মুখীন নহওক তাৰ বাবে উপযুক্তভাবে গঢ় দিব আগিব আমাৰ ল'ৰা সন্তানবোৰকহে । পুৰুষসকলে ঘৰত মাকক, পত্নীক হেয়জ্ঞান, তুচ্ছ-তাচ্ছিল্য নকৰাকে উপযুক্ত সন্মান দি কথা কলে, ব্যৱহাৰ কৰিলে তাক দেখি শুনিয়েই ল'ৰায় সৰুৰে পৰা নাৰীক কিদৰে সন্মান, মৰ্যদা দিব লাগে শিকি লব । যি ল'ৰায় এই শিক্ষা সৰুৰে পৰা নিজৰ ঘৰত দেখি-শুনি আৰ্হিৰূপে শিকি লব সেই ল'ৰায় কেতিয়াও কোনো ধৰণে নাৰীক অপদস্থ কৰিব বা নিজতকে তলত বুলি ভাবিবই নোৱাৰিব ।
----ঘৰৰ চাৰিবেৰৰ বাহিৰৰ কৰ্মক্ষেত্ৰখনৰ কামবোৰত নাৰী বা পুৰুষ বুলি কোনো ভেদাভেদ নাথাকে । ডক্টৰ, অধ্যাপক, শিক্ষক বা যি কোনো পদবীত থকা পুৰুষ এজনে যি কাম কৰিব মহিলা এগৰাকীয়েও সেই কামেই কৰিব । তেনেদৰে ঘৰুৱা কামবোৰৰ ক্ষেত্ৰতো যদি এইটো পুৰুষৰ কাম, সেইটো মহিলাৰ কাম বুলি পাৰ্থক্য নথকা পৰিবেশ এটা আনিব পাৰো তেতিয়াহে যদি আমাৰ উত্তৰ পুৰুষক আমি উপযুক্তভাবে গঢ়ি তুলিব পাৰিম ।
----ল'ৰা ছোৱালীক কেতিয়াও ল'ৰায় এনেকুৱা নকৰে, ছোৱালীয়ে তেনেকুৱা নকৰে বুলি কব নালাগে । ল'ৰা হৈ ছোৱালীৰ দৰে কান্দে নেকি, ছোৱালীৰ দৰে লাজ কৰে নেকি, ঘৰত সোমাই থাকে নেকি, আমুকটো কৰে নেকি, তমুকটো কৰে নেকি, এইবোৰ কথায় ল'ৰাৰ মনত “ছোৱালীবোৰ ল’ৰাৰ তুলনাত হীন” এনেকুৱা ধাৰণা এটাৰ জন্ম দিয়ে । ছোৱালীজনীকো কেৱল ছোৱালী বুলিয়েই পায়-নাপায়, কৰ-নকৰিবি এইবোৰেৰে বান্ধিব নালাগে । ঘৰত দেখা, শুনা আৰু পাই অহা প্ৰতিটো কথা, শিক্ষাই পিছৰ জীৱনত দেখুওৱা আচৰণক প্ৰভাবান্বিত কৰে ।
----আমি ল'ৰা-ছোৱালীক আজি দিয়া শিক্ষাৰেহে কাইলৈৰ লিঙ্গবৈষম্যহীন এখন সমাজ গঢ় লৈ উঠিব । আমাৰ লক্ষ্য, উদ্দেশ্য নাৰী স্বাধীনতা, নাৰীৰ সম অধিকাৰ হোৱাতকে লিঙ্গবৈষম্যহীন এখন সমাজৰ সৃষ্টিহে হোৱা উচিত । মানুহে গঢ়া মানুহৰ সুস্থ, সুন্দৰ সমাজ ।