Friday, 29 May 2015



-------: “মোৰ ক্ষেত্ৰত এনে হৈছিল” :----- 

চন্দামিতা দেৱী 
19/05/15

সৰুতে ‘টিংকল’ত ‘মোৰ ক্ষেত্ৰত এনে হৈছিল’ পঢ়োঁ আৰু ভাবোঁ – “ ‘মোৰো ক্ষেত্ৰতো’ যদি এই ধৰণৰ কিবা এটা উল্লেখযোগ্য ঘটনা ঘটে তেতিয়হ’লে ময়ো লিখিব পাৰোঁ ।“ পিছে যিমান আশা কৰাৰ পিছতো ‘হিলাই’ দিব পৰা একো নঘটিলেই । না কাৰোবাক ‘কিডনেপ’ হোৱাৰ পৰা বচাব পাৰিছিলোঁ, না বোলে চোৰ-ডকাইতকে ধৰাই দিব পাৰিছিলোঁ । মুঠতে একো ঘটনায় নাই । যিবিলাক ঘটিছিল সেইবিলাক যে ঘটনাৰ ভিতৰত নপৰিছিল । সেইবিলাক আছিল গতানুগতিক । যেনে ধৰক কোনোবা এটা ল’ৰাৰ লগত লাগিছোঁ । সি যদি মোক কৈছে –“ ঐ আপ্পি , তই অলপ বেছি বাঢ়িছ । এক থাপ্পৰত গাল ফালি দিম ।“ ময়ো এক মুহূৰ্ত পলম নকৰি উত্তৰ দিছোঁ—“ ঐ আপ্পা, মুখ চম্ভালি কথা কবি । গাত হাত লগাই চা মাত্ৰ , এক চৰত তোৰো দাঁত যাব ।“ মোৰ লগতে ঘৰৰ বাকীবোৰকো ‘হিলাই’ দিব পৰা এটাই ঘটনা ঘটিছিল মাজে মাজে । ঘটনাটো ঘটাৰ লগেলগে মোৰ যিটো চিঞৰ বাহিৰ হয়—“ মা-দেউতা, বাবলু , মইনা -- মোক খালে এইডালে ! গুচাই দে, গুচাই দে ।“ ঘৰৰ বাকীবোৰৰ লগতে কেতিয়াবা ওচৰ-চুবুৰীয়াও সজাগ হৈ যায়, কি বা ঘটিল বুলি । ঘৰৰ যি য’ত থাকে হাতৰ কাম-বন এৰি দৌৰি মোৰ ওচৰ পায়হি । তাৰ পিছতে আৰম্ভ –দেউতায় লাহেকে কয়, “জোকে খালে মানুহ নমৰে নহয় ।“ ময়ো লাহেকে শুনা-নুশুনাকে কন্দনামূৱা হৈ কওঁ, “ কোনে জানে, মৰিবও পাৰে ।“ দুই এটোপাল চকুৰে নিগৰেও তেতিয়ালে । মায়ে খং উঠি কয়,-“ তোৰ এই ‘আটাহ’ শুনি ভাজিখনো চৌকাৰ ওপৰতে এৰি আহিলোঁ । সেইভাগে জ্বলিল নে পুৰিল কোনে জানে ! বান্দৰী, ইমানেই যদি ভয় জঙ্ঘলত গছে-পাতে বগাব কিয় যাওঁ ?“ ইতিমধ্যে মোৰ দুই বীৰ ভাতৃ আৰু নিমখৰ কৃপাত জোকে সিপুৰী পায়গৈ । সৰু ভাইটি মইনায় কয়,-- “বেচেৰা জোক ! খাবও নাপালি ,এনেয়ে ‘বীৰগতি প্ৰাপ্ত’ হ’লি ।“ তেতিয়া টি ভিত মহাভাৰত, পৰমবীৰ চক্ৰ এইবোৰৰ ‘জামানা’ আছিল বাবে কিছুমান শব্দৰ ব্যৱহাৰ বেছি আছিল আমাৰ মাজত । সি আৰু কয়,--“ বাইদ, তই কিন্তু যিটোহে চিঞৰ মাৰিলি জোকডালৰ কিজানি কাণৰ পৰ্দা ফাটি-ফুটি শেষেই হৈছিল নিশ্চয় । আমি তোৰ গাৰ পৰা এৰুৱাই নানিলেও সি অলপ পিছত ‘হাৰ্ট-ফেইল’ হৈ এনেয়েও চেটেপ হ’লহেঁতেন । মিছাতে আমি বধৰ ভাগী হ’লোঁ । সি জোকে বুজা নাছিল যে খাদ্য বিচাৰি যমৰ গাত বগাই আছিল ।“ জোককে আদি কৰি ঘৰৰ বাকীবোৰৰ ওপৰতো খং উঠে যদিও সেই মৰ চিঞৰ মাৰি উঠাৰ পিছত কাকো একো কোৱাৰ ৰাস্তাও নোহোৱা হৈ যায় ।

কথা হ’ল এইবোৰ ঘটনা নহয় । সৰু-সুৰা নিত্য নৈমিত্তিকৰ ভিতৰতহে পৰে । প্ৰায়ে ঘটি থাকে । তাৰোপৰি এইবোৰত “মোৰ ক্ষেত্ৰত এনে হৈছিল” ধৰণৰ ‘ফিল’ বা ‘হিলাই’ দিব পৰা একো নাথাকে । তিনিবছৰমান আগত হঠাৎ লগ পোৱা মানুহ এজনৰ কথায় কিন্তু মোক ভিতৰলৈকে ‘হিলাই’ দিছিল । মানুহজনে যিসাৰ বাক্য কৈছিল মোৰ বিশ্বাস যি কোনো ‘লেডিজ’কে হিলাই দিব আৰু সদায়ে মনত পেলাই দুখ কৰিব আৰু ভাবিব “মোৰ ক্ষেত্ৰত এনে হৈছিল !” কথাটোৱে ‘বাৰ্থ’ডে’ৰ ওচৰ-পাজৰৰ দিন কেইটাত বৰ বেছিকৈ আমনি কৰে । ভাৱ হয়, “হায় ,হায় ! সেই দিশে আৰু এঢাপ আগুৱালো মানে ।“ (বি:দ্ৰ: - আজিকালি মানুহৰ জন্মদিন নাথাকে । ‘বাৰ্থ’ডে’ হে থাকে । মোৰো কলেজ পোৱাৰ আগলৈকে জন্মদিন বুলি কিবা এটা আছিল । এতিয়া নাই ) । 

এতিয়া আচল কথাটোলে আহোঁ । তিনিবছৰমান আগৰ কথা । মোৰ মানুহজন কিবা ‘অফিচিয়েল’ কামত দুমাহৰ বাবে এলাহবাদলৈ গৈছিল । গতিকে উপায় নোহোৱাত মই এলেহুৱাজনীয়ে কোনোমতে দোকানে-বজাৰে চম্ভালিছিলোঁ । সেই দিনবোৰৰে কথা । ভাইটি আৰু মই দেওবাৰ এটাত কাঁহিকুচিৰ সাপ্তাহিক বজাৰত পাচলি আনিব গৈছোঁ । মোক পাচলি ল’ব কৈ ভাইটিয়ে অলপ আঁতৰত ফল-মূল লবলৈ গ’ল । মই ৰাস্তাৰ কাষতে বহা বেপাৰী এটাৰ তাত পাচলি চাই আছোঁ এনেতে এজন মানুহে আহি –“আণ্টি থোৰা চাইদ দিজিয়েগা “ বুলি কলে । মই ঘূৰি চাই হতভম্ব । বোলো ই কি কাণ্ড ! আধা কেঁচা-পকা দাড়ি-চুলিৰে পঞ্চাছোৰ্দ্ধোৰ মানুহ এজনে মোক আণ্টি বুলি মাতিছে !(?) মই কোনোমতে একাষৰীয়া হৈ থিয় দি থৰ হৈ চাই থাকিলোঁ । চকুদুটা ডাঙৰ হৈ অমৰাগুটি যেন হৈছিল চাগে । মাত্ৰ মনতে ভাবিছোঁ ,”অ’ মোৰ মানে এই অৱস্থাহে হৈছেগে নে যে এনেকুৱা বয়সৰ মানুহেও ‘আণ্টি’ বুলি মাতে ? শাৰী-মখেলা কিবা পিন্ধা হ’লেও বেলেগ কথা আছিল । মইচোন চেলোৱাৰেই পিন্ধি আহিছোঁ, তথাপি ‘আণ্টি’ ? নে ‘জীনচ-স্কাৰ্ট’ জাতীয় কিবা এটাহে পিন্ধিব লাগিছিল ?” তেতিয়া মোৰ মনত ভাৱবোধক, প্ৰশ্নবোধক সকলো চিনৰে সঘন আহ-যাহ । থিক ধৰিব পৰা নাই কোনটো চিন উপযুক্ত হ’ব । মই পাচলি-চাচলি একো নলৈ জেগাতে ৰৈ থাকিলোঁ । মানুহজন পাচলি লৈ গুচিও গ’ল । এনেতে ভাইটি আহি –“ কি হ’ল তোৰ ? পাচলি লোৱা নাই যে ? “ মই কলোঁ, “অ’ বাবলু , মোতকৈ বয়সীয়া মানুহ এজনে নহয় মোক এই মাত্ৰ ‘আণ্টি’ বুলি মাতিছিল । “ বাবলুয়ে ক’লে, “ ক’ত গ’ল হা মানুহজন ? মই মানে ‘থেঙ্কিউ’ এটা দি আহোঁ । ইমান দিনে আমি কৈ থাকিলে নুশুন । খাই খাই হাতীপোৱালী যেন হৈছ । ভাল বুলি কিবা ক’লে আমাক কৈ থাক নহয় যে তই খাবলে হে জীয়াই আছ । তোৰ এই মানৱী জীৱন হেনো খাবৰ নিমিত্তেই । খা, খা । আৰু বেছিকে খা । পা এতিয়া মজা । দুদিনমান বাট চা, সেই মানুহজনে তোক ‘গ্ৰেন্নী’ বুলিও মাতিব ।“

ভাবিলে বৰ দুখ লাগি আহে । চাৰিওপিনৰ পৰা ‘আণ্টি’, ‘আণ্টি’, ‘গ্ৰেন্নী’, ‘গ্ৰেন্নী’ শুনিবলৈ পাওঁ । গাটো কিবা জিকাৰ খাই উঠে । ‘ফিলিং আপচেট’ । এই ‘বাৰ্থ’ডে’টো বাৰু কিয় দুখ দিবলৈ প্ৰতিবছৰে আহি থাকে অ’ !!(?) 
=ঘোষণা=
চন্দামিতা দেৱীৰ বলিষ্ঠ সম্পাদনাত প্ৰকাশ হৈ ওলাল সাহিত্য ডট্ অৰ্গৰ 'সংস্কৃতিৰ সংকৰায়ণ' সংখ্যা! আশা কৰোঁ, সাহিত্যৰ আন সংখ্যাবোৰৰ দৰে এই সংখ্যাটোও ৰাইজে আকোঁৱালি ল’ব।
সংখ্যাটো নিয়াৰিকৈ সম্পাদনা কৰি ৰাইজলৈ উলিয়াই দিয়া বাবে সম্পাদিকালৈ অভিনন্দনৰ লগতে সাহিত্য ডট অৰ্গৰ লগত অনলাইন আৰু অফলাইনযোগে জড়িত আটাইকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰা হ’ল।
অনিচ্ছাকৃত ভুল-ভ্ৰান্তিৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী; লগতে তেনে কোনো অনিচ্ছাকৃত ভুল দেখিলে ৰাইজে আমাক দেখুৱাই শুধৰাই দিলে আমি বাধিত হ’ম।
নিজেও পঢ়ক আৰু আনকো পঢ়ুৱাওক "সাহিত্য ডট্ অৰ্গ"!