Monday, 11 August 2014

কিছু স্মৃতি: হোষ্টেলীয়া জীবন, বাছ যাত্রা, পুলিচ চেকিং.......ইত্যাদি...

---যোৱা দেওবাৰে ল'ৰা দুটাক 'আৰ্ট স্কুল'ৰ পৰা লৈ অনাৰ সময়ত ৰাস্তাত পুলিচে গাড়ীবোৰ ৰখাই ৰখাই পৰীক্ষা কৰা দেখিবলৈ পালো । প্ৰতিবছৰে ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীৰ আগে আগে দেখিবলৈ পোৱা সাধাৰণ দৃশ্য । আমি সকলোৱে জানো যে এই কামত পুলিচৰ লগত সহযোগ কৰিব লাগে । কিন্তু তথাপি কিয় জানো ভাল নালাগে । এই বেগ খুলি-মেলি পৰীক্ষা কৰা কামটোৱে এটা সময়ত আমাক বৰ জ্বলা-কলা দেখুৱাই থৈছে । আমি বুলি মই মোৰ লগত পঢ়া বান্ধৱীবোৰৰ কথাও কৈছোঁ । 

----মই গোৱালপাৰা কলেজত স্নাতক মহলাত পঢ়ি থকা সময়ৰ কথা । তেতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত নৰনাৰায়ণ সেতু বনোৱা সম্পূৰ্ণ হোৱাই নাছিল । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ যাবৰ বাবে ( যোগিঘোপাৰ পৰা পঞ্চৰত্ন ) নাও নহলে জাহাজত যাব লাগিছিল । সেই সময়ত কলেজ খুলিলে বা বন্ধ হলে আমি লগত এটা 'এটাচি'(VIP বুলিহে কৈছিলোঁ) আৰু দুখন বেগ লৈ ঘৰৰ পৰা হোষ্টেল/হোষ্টেলৰ পৰা ঘৰ গৈছিলো । এখন বেগ পিঠিত আৰু বাকী হাতত । ঘৰত পঢ়োঁ বা নপঢ়োঁ প্ৰায় সকলো কিতাপ লগত ভাৰ বৈ নিয়াটো নিয়মৰ দৰে আছিল । (কেতিয়া বা কি পঢ়িব মন যায় কবতো নোৱাৰি । পঢ়িব মন অৱশ্যে কেতিয়াও নগৈছিল ।) 'VIP'টোত কাপোৰে কিতাপে হেঁচি ঠেলি সোমোৱাই দিওঁ । নিজে বন্ধ কৰিব নোৱাৰিলে লগৰ কোনোবাজনীয়ে আঁঠুৰে হেঁচি ধৰি  বন্ধ কৰাত সহায় কৰি দিয়ে । 

---এনেকে হেঁচি হেঁচি বস্তু সোমোৱাই অনা বেগবোৰ যেতিয়া জাহাজ ঘাটত, বাছৰ ভিতৰত 'চেকিঙৰ' নামত খুলি খুলি দেখুৱাবলগীয়া হয় তেতিয়া কেনেকুৱা লাগে ভুক্তভোগীয়েহে জানিব । হোষ্টেলৰ পৰা ঘৰত যাওঁতে লগৰ কোনোবা কোনোবা থাকে সহায় কৰি দিবলে । কিন্তু যেতিয়া ঘৰৰ পৰা  হোষ্টেল যাওঁ তেতিয়াহে মজাটো বাহিৰ হয় । মোক আকৌ মা-দেউতায় বেছিভাগে ঘৰৰ পৰা অকলে হোষ্টেল যাব দিছিল সাহসী হ'বৰ বাবে । 

----আমি পঢ়ি থকা সময়ত বাছে-জাহাজে, বেগে-বেডিঙে 'আলফা' বিচৰাৰ 'চিজন'(season) চলি আছিল । গতিকে বাৰুকৈয়ে ভুগিছো সেই দিনবোৰত । তেনে দিনবোৰতে এবাৰ বাছত আৰ্মি উঠিল পৰীক্ষা কৰাৰ বাবে । মই ঘৰৰ পৰা হোষ্টেল গৈ আছিলো । আৰ্মি এজনে মোৰ বেগ দুটা চাই উঠি  'VIP'টোও খুলিব কলে । কিতাপহে আছে বুলি কওঁতেও নামানিলে । মই কলো বহুত কিতাপ আছে গতিকে খুলিলে অকলে বন্ধ কৰিব নোৱাৰিম । মোক বন্ধ কৰাত সহায় কৰি দিব লাগিব । আৰ্মিজনে হ'ব বুলি কলে । 'VIP'টো চাই উঠি তেওঁ যাব ওলাল । ময়ো পিছ পিনৰ পৰা কলো---" ভাইয়া আপনে বলা থা না হেল্প কৰ দোগে । অভি এইচে কেইচে যা ৰহে হেই ? "মোৰ কথা শুনি বাছৰ মানুহবোৰে এবাৰ মোৰ পিনে আৰু এবাৰ ইজনে সিজনৰ মুখৰ পিনে  চায় । মোৰ মাত শুনি আৰ্মিজনে কিন্তু ঘুৰি আহি 'VIP'টো বন্ধ কৰি দিছিল আৰু "আচ্ছে চে পঢ়াই কৰনা" বুলি কৈ বাছৰ পৰা নামি গৈছিল । 

---আন এবাৰ ঘৰৰ পৰা অহাৰ সময়ত বাছত উঠি বেগ আৰু 'VIP'টো বাছৰ ডিকিত দি পিঠিত লোৱা বেগটো বাছৰ ভিতৰত আনি কণ্ডাক্টৰক বাছৰ ভিতৰত থকা বাংকাৰত(?) ৰাখি দিব কলো । কণ্ডাক্টৰে তলত ৰাখিলেও হ’ব বুলি কলে । ময়ো বেগ লেতেৰা হলে তেওঁৰ দোষ হ’ব বুলি কৈ ভৰিৰ কাষত ৰাখি থলোঁ । মোৰো যে সিদিনাখন কি দুৰ্ভাগ্য আছিল নাজানো বাছ চলাৰ পিছত মোৰ ঠিক পিছৰ চটিত বহা এজনে বমি কৰা আৰম্ভ কৰিলে । বমি কৰা শব্দ শুনিলে মোৰ বৰ ঘিণ লাগে আৰু মোৰো বমি ওলাব খোজে । বমিৰ শব্দ শুনি মই চকু মুদি অলপ কায়দাৰে কাণ বন্ধ কৰি ভাবিছোঁ—“ মই একো শুনা নাই । মোৰ ঘিণো লাগি নাই । বমিও ওলাব বিচৰা নাই ।“ লগত থকা বেগৰ কথা একেবাৰে মনত নাই ।বাছৰ পৰা নামিব লওঁতেহে দেখোঁ বেগটোত বমিৰ চিটিকণি । মোৰ দুখে, ঘিণে অবস্থা নাই । কি কৰোঁ কি নকৰোঁ ভাবি ৰৈ আছো ।কণ্ডাক্টৰজনে “ভণ্টি কি হল” বুলি সোধাত কলোঁ “আপোনাৰ বাবে মোৰ বেগটো লেতেৰা হল । মোৰ বেগটো চাফা কৰি দিওক ।“ তেওঁও বেচেৰা বেগটো নমাই আনি ওপৰে ওপৰে পানী মাৰি চাফা কৰি দিলে । ভাগ্য বেগটো পানী নসৰকা (ৱাটাৰ প্ৰুফ) আছিল বাবে কাপোৰ নিতিতিল । তথাপি ঘিণতে বেগটো নিজে নাদাঙি কুলিৰ সহায়ত জাহাজ ঘাটলৈ নিছিলো । গোটেই কলেজীয়া জীবনত সেইবাৰেই প্ৰথম আৰু শেষবাৰৰ বাবে কাৰোবাৰ হতুৱাই নিজৰ বেগ দাঙোৱাই পাইছো । বৰ বেয়া লাগিছিল মনে মনে । আমি কাৰোবাৰ হতুৱাই নিজৰ বেগ দাঙোৱাটো নিজৰ বাবে অপমানজনক যেন পাইছিলো । কিছু পৰিমানে সেইটো ভাব এতিয়াও নিজৰ মাজত কৰোবাত ৰৈ গৈছে যেন ভাব হয় । 


-----টিকট কাটি জাহাজত উঠাৰ সময়ত মহিলা পুলিচে বেগ চাব লওঁতে কলোঁ দুটা বেগ বাৰু মই খুলি দিম কিন্তু তৃতীয় বেগটোৰ ওপৰত কোনোবাই বাছত বমি কৰিছে বাবে খুলিব ভাল নাপাম । বেগটোত অকল কাপোৰহে আছে বুলিও কলোঁ । তেওঁলোকে মোৰ এটাও বেগ পৰীক্ষা নকৰিলে আৰু যাব দিলে । হোষ্টেলত কটোৱা সেই দিনবোৰ নানান ভাল লগা, বেয়া লগা সৰু-সুৰা ঘটনা, অভিজ্ঞতাৰে পৰিপূৰ্ণ আছিল । হোষ্টেলত কটোৱা সেই বছৰকেইটায় পিছৰ জীবনত সহায় হোৱাকে বহু কথায় শিকাইছে ।
------------------------------------------------------------------------------------